• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality

ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত!

ভক্তিৰ প্রাসংগিকতা

by Sanjeev Kumar Nath
August 29, 2024
in Spirituality, Opinion, Spirituality
Reading Time: 7 mins read
0
ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত!
Share on FacebookShare on TwitterShare on LinkedIn

ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত!

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্তৰ বিষয়ে আলোচনা আৰম্ভ কৰাৰ আগেয়ে ভক্তি আৰু ভক্তৰ বিষয়ে অন্য দুই এটা কথাৰ অনুসন্ধান কৰা যাওক।

আধুনিক বিজ্ঞান, যুক্তিৰ দিনত ভক্তিৰ প্রাসংগিকতা কি?

প্রকৃত ভক্ত কোন? তেওঁৰ স্বভাৱ কেনেকুৱা?

ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত

        আজিৰ দিনত ভক্তিৰ প্রাসংগিকতাৰ প্রশ্ন তুলিলে আমি প্রথমে ঠিক কৰিব লাগিব যে ভক্তি কি?

সাধাৰণতে ভক্তিক বিশ্বাসৰ ওপৰত নির্ভৰশীল বুলি ভবা যায়, কিন্তু (ক) কেৱল ভক্তিৰ বাবেহে বিশ্বাসৰ প্রয়োজন নেকি? আৰু (খ) কেৱল বিশ্বাসেই ভক্তি নে বিশ্বাসৰ উপৰি ভক্তিৰ অন্য উপাদানো থাকে?

কেৱল ভক্তিৰ বাবেহে বিশ্বাস প্রয়োজন বুলি ভবাটো ভুল। বিশ্বাস অবিহনে আমাৰ জীৱন সম্ভৱ নে? প্রতি মুহূর্ততে আমি বিশ্বাস-নির্ভৰশীল নহয়নে? দিনৰ পিচত ৰাতি, ৰাতিৰ পিচত দিন কেনেকৈ হয় বিজ্ঞানে আমাক শিকাইছে, কিন্তু আজি ৰাতিৰ পিছত কাইলৈ দিন হ’ব বুলি নিশ্চয়তা কোনে দিব পাৰিব? সম্ভাৱনা খুব বেছি আছে, কিন্তু নিশ্চয়তা?

ৰাতিৰ পিছত দিন হোৱা অনেক যুগ ধৰি হৈ থকা এটা ঘটনা বাবে আমি বিশ্বাস কৰোঁ যে কাইলৈ, পৰহিলৈ, ভৱিষ্যতৰ বহু দূৰলৈ এই ঘটনা ঘটিয়েই থাকিব। কিন্তু সকলো মহাজাগতিক ঘটনাৰ পর্যবেক্ষণ কৰা বিজ্ঞানৰ যন্ত্র পাতিয়ে ধৰিব নোৱৰা মহাকাশৰ কোনো অজ্ঞাত স্থানৰ পৰা অহা এক প্রকাণ্ড শিলা খণ্ডৰ খুণ্ডাত আমাৰ পৃথিৱী কাইলৈ পুৱা হোৱাৰ আগতেই শেষ হৈ যোৱাৰ সম্ভাৱনা শূন্য হয় জানো?

কোনো বলিয়াই পাৰমানৱিক অস্ত্রেৰে কাইলে পুৱা হোৱাৰ আগতেই সমগ্র বিশ্ব শেষ কৰি দিব নোৱাৰে বুলি নিশ্চিত কৈ ক’ব পাৰি জানো? মই নিজে আজি ৰাতি বিছনাত পৰি কাইলৈ পুৱা সাৰ পোৱাৰ বিশ্বাস লৈয়ে শুবলৈ যাওঁ, কিন্তু শোৱাপাটীতেই মোৰ জীৱন অন্ত কৰিব পৰা কাৰক জানো এটা—ভূমিকম্প, বিষাক্ত সাপৰ দংশন, ডকাইতৰ গুলী…..?

পুৱা ওলাই যাওঁ সন্ধিয়া উভতি আহিম বুলি বিশ্বাস কৰি। উভতি অহাৰ সম্ভাৱনা প্রায় ১০০ শতাংশ, কিন্তু সম্পূর্ণ ১০০ শতাংশ হয় জানো? নিশ্চয়তা আছে জানো?

নাপিতৰ ওখ চকীত বহি নিজকে এৰি দিওঁ; বিশ্বাস কৰোঁ যে নাপিতে ডাড়ি চুলি কাটিব, ডিঙি নাকাটে, কিন্তু এলবেৰ’ কেমুৱে The First Man (Le Premier Homme) নামৰ গ্রন্থত দিয়া বর্ণনাৰ দৰে হঠাৎ যদি নাপিতৰ মানসিক ভাৰসাম্য নোহোৱা হৈ যায় (কাৰণ সুস্থ আৰু অসুস্থ মনৰ মাজত কেতিয়াবা পার্থক্য অতি কম) আৰু ক্ষুৰেৰে চুলি, ডাড়ি চোঁচাৰ সলনি ডিঙি কাটি দিয়ে? নাপিতে তেনে নকৰে বুলি বিশ্বাস কৰিয়েই আমি সেই ওখ চকীত বহোঁ।

সৰু, ডাঙৰ সকলো কাম কৰোঁতে আমি বিশ্বাস-নির্ভৰশীল। এই সর্বব্যাপী বিশ্বাস অবিহনে জীৱন অসম্ভৱ। এই বিশ্বাস হেৰুৱালে আমি মনোৰোগ বিশেষজ্ঞৰ ওচৰ চাপিব লাগিব। আৰু চিকিৎসকৰ ওচৰলৈয়ো আমি যাওঁ সুস্থ হোৱাৰ উপায় পোৱাৰ বিশ্বাসেৰে। কিন্তু অসম্ভৱ নহয় যে যি গৰাকী চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে গৈছোঁ তেওঁ নিজেই অসুস্থ।

ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত
বাৰট্রেণ্ড ৰাছেল

বিজ্ঞান জানো বিশ্বাস-নির্ভৰশীল নহয়? বাৰট্রেণ্ড ৰাছেল একাধাৰে নামজ্বলা দার্শনিক আৰু গণিতজ্ঞ আছিল। তেওঁ হেনো গণিতৰ প্রতি আকর্ষিত হোৱাৰ কাৰণ আছিল যে গণিতত নিশ্চয়তা আছে বুলি তেওঁ বিশ্বাস(!) কৰিছিল। কিন্তু অতি উচ্চ স্তৰৰ গণিতৰ অধ্যয়ন কৰোঁতে তেওঁ বুজিলে যে গণিততো অনিশ্চয়তাৰ অনেক কথা আছে; যে গণিতো বিশ্বাস-নির্ভৰশীল নহয় বুলিব নোৱাৰি। গণিত নহ’লে আধুনিক বিজ্ঞান অসম্ভৱ।

অনিশ্চয়তা, সম্ভাৱনা আদিৰে ভৰা গণিত-নির্ভৰশীল বিজ্ঞান বিশ্বাস-নির্ভৰশীল নহৈ নোৱাৰে। প্রকৃত বৈজ্ঞানিক চিন্তাত গোড়ামী নাই। বিজ্ঞানৰ চিন্তাত এটা tentativeness আছে—যে আজি আমি এনেকৈ বুজিছোঁ, কাইলৈ আৰু বেছি পৰীক্ষা নিৰীক্ষাৰ অন্তত অন্য ধৰণে বুজিব পাৰোঁ। সেইয়াই বিশ্বাস নহয় জানো—ঈশ্বৰত বিশ্বাস নহয়, কিন্তু উন্নতৰ পৰীক্ষা নিৰীক্ষাত বিশ্বাস?

ভক্তি মানে কেৱল বিশ্বাস নেকি? ভক্তিৰ বাবে বিশ্বাসৰ প্রয়োজন, কিন্তু বিশ্বাসেই ভক্তি নহয়। আচলতে সর্বশ্রেষ্ঠ ভক্তিক (যাক হিন্দু শাস্ত্রৰ ভাষাত “পৰা ভক্তি” বুলি কোৱা যায়) অন্য এটা শব্দেৰে বুজাব পাৰি—প্রেম, অনন্য প্রেম, অকাৰণ প্রেম। এইটো বিষয় এই আলোচনাৰ পিছলৈ স্পষ্ট হৈ পৰিব।

ভক্তিক জীৱন জীয়াই থকাৰ এক ধৰণৰ শৈলী বুলিও ক’ব পাৰি। ভক্তি এটা পজিটিভ অনুভূতি। জীৱনৰ বিভিন্ন ঘাত-প্রতিঘাত, বিভিন্ন ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ ভক্তিয়ে এক প্রকাৰৰ বাট দেখুৱায়। সকলোৰে পচন্দ নহ’ব পাৰে সেই বাট, কিন্তু মানুহ যদি সম্পূর্ণ যন্ত্র হৈ নপৰে তেন্তে প্রেম, ইর্ষা, দুখ, আনন্দৰ অনুভূতি যিদৰে থাকিব, সেইদৰে বহুতৰ বাবে ভক্তিৰ অনুভূতি আৰু প্রাসংগিকতা থাকিব।

ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত

প্রকৃত ভক্তৰ ভণ্ডামি নাথাকে। কোনো ধৰণৰ ভণ্ডামি থাকিলে তেওঁ বাহিৰৰ পৰা যিমানেই ভক্তি নেদেখুৱাওক, সেয়া মিথ্যাচাৰৰ বাদে অন্য একো নহয়। [যীশুৱে তেওঁৰ বিখ্যাত “Sermon on the Mount” নামৰ ধর্মোপদেশৰ এটা অংশত (Matthew 6: 1-6) ভণ্ড “ভক্ত”ৰ কথা কৈছে। তেওঁ কৈছে যে আনক দেখুৱাই দান দিয়াৰ দৰে ভাল কাম কৰা বা প্রার্থনা কৰা সকলে আন মানুহৰ প্রশংসা পাব পাৰে, কিন্তু তেনে লোকে পৰমেশ্বৰৰ আশীর্বাদৰ আশা কৰি লাভ নাই]

ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত চাৰি বিধ ভক্তৰ কথা কৈছে (অর্থার্থী, আর্ত, জিজ্ঞাসু, জ্ঞানী); কিন্তু তাৰ অর্থ এইটো নহয় যে এজন মানুহ কেৱল এক ধৰণৰ ভক্তহে হ’ব পাৰে। একেজন মানুহেই বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত অর্থার্থী বা আর্ত বা জিজ্ঞাসু ভক্ত হ’ব পাৰে। আৰু একেজন মানুহেই ক্রমাত অর্থার্থীৰ পৰা আর্ত, আর্তৰ পৰা জিজ্ঞাসু, জিজ্ঞাসুৰ পৰা জ্ঞানী ভক্ত হ’বৈগ পাৰে।

মূলতে ভগৱানে ভক্তৰ চাৰি বিধ মানসিক অৱস্থাৰ কথা কৈছে, আৰু এই অৱস্থা সমূহ যিকোনো ধর্ম-সংস্কৃতিৰ মানুহৰ ক্ষেত্রত শুদ্ধ হ’ব। সেইফালৰ পৰা চাবলৈ গ’লে যিকোনো ধর্মৰ মানুহৰ মাজতে এই চাৰি বিধ ভক্ত পোৱা যাব।

ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত

শ্রীমদ্ভগৱদ্ গীতাৰ সপ্তম অধ্যায়ৰ ষষ্ঠদশ শ্লোকত ভগৱান শ্রীকৃষ্ণই অর্জুনক কৈছে যে—

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन I
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ II 7.16 II

এই শ্লোকৰ সংস্কৃত শব্দ সমূহ ভাঙি যদি অসমীয়া আখৰত লেখা হয়, তেন্তে এনেকুৱা হ’ব–

চতুর্ৱিধা: ভজন্তে মাম্ জনা: সুকৃতিন: অর্জুন।

আর্ত: জিজ্ঞাসু: অর্থার্থী জ্ঞানী চ ভৰতষর্ভ

ইয়াত ভগৱান শ্রীকৃষ্ণই অর্জুনক কৈছে যে “হে ভৰতবংশীসকলৰ শ্রেষ্ঠ অর্জুন, উত্তম কর্ম কৰোঁতা চাৰি বিধ ভক্তই—অর্থার্থী, আর্ত, জিজ্ঞাসু, আৰু জ্ঞানী—মোক ভজে”।

        এই চাৰি বিধ ভক্তৰ সকলোৱেই “সুকৃতিন: জনা:”। যি সুকৃতী তেওঁ পুণ্যৱান, ধার্মিক আৰু ভাগ্যৱান (এই অর্থও আছে যে তেওঁ পুণ্যৱান, ধার্মিক হোৱাৰ বাবেই ভাগ্যৱান)। এনে মানুহে যি পুণ্য কর্ম কৰে সেয়া তেওঁৰ সুকৃতি।

ভক্তৰ প্রকাৰ : ভগৱান শ্রীকৃষ্ণই শ্রীমদ্ভগৱদ্ গীতাত উল্লেখ কৰা চাৰি বিধ ভক্ত

ভগৱানে কৈছে যে তেওঁৰ এই চাৰি বিধ ভক্তৰ প্রত্যেকেই পুণ্য কর্ম কৰা পুণ্যৱান। লগতে সেই পুণ্য কর্ম সুন্দৰকৈ সমাপন কৰাৰ অর্থও নিহিত হৈ আছে। (মন কৰিব লগীয়া যে গীতাত নিষ্কাম কর্মৰ আলোচনাত কর্মফলৰ প্রতি নিস্পৃহ হ’বলৈ কোৱা হৈছে যদিও কর্ম সুচাৰু ৰূপে সম্পাদন কৰাৰ কথাও কোৱা হৈছে। অনাসক্ত ভাৱে, কিন্তু সম্পূর্ণ মনোযোগেৰে কর্ম কৰাৰ কথা কোৱা হৈছে)।

“সুকৃতিন: জনা:” বুলি কোৱা এই চাৰি বিধ ভক্তই যে সুচাৰু ৰূপে পুণ্য কর্ম কৰে তাৰ পৰা এইটোও বুজিব লাগিব লাগে যে তেওঁলোকে কোনো নিষিদ্ধ কর্ম, পাপ কর্ম কৰাৰ প্রশ্নই নুঠে। এদিন পুণ্য কর্ম কৰি এদিন পাপ কর্ম কৰা জন সুকৃতী নহয়।

ভগৱান শ্রীকৃষ্ণই উল্লেখ কৰা এবিধ ভক্ত হ’ল অর্থার্থী ভক্ত। ধন, সম্পত্তি, সুখ, আনন্দ বিচাৰি যি জন পুণ্যৱান (সুকৃতী) লোকে ঈশ্বৰক খাটনি ধৰে তেওঁ অর্থার্থী ভক্ত। কেৱল ধনৰ লোভী জন অর্থার্থী ভক্ত নহয়। তেওঁ পুণ্যৱান হ’ব লাগিব আৰু সাংসাৰিক উন্নতিৰ বাবে ঈশ্বৰৰ ওচৰত সমর্পিত হ’ব লাগিব। বেদৰ কর্ম কাণ্ড অংশ এনে ভক্তই কৰিব লগীয়া পূজা পাতলৰ বর্ণনাৰে ভৰা।

        হিন্দু ধর্মত চাৰি পুৰুষার্থৰ কথা কোৱা হৈছে—ধর্ম, অর্থ, কাম, মোক্ষ। শাস্ত্র বাক্য মানি, বিধি সন্মত ভাবে অর্থ, কাম আদি প্রাপ্তিৰ বাবে কৰা চেষ্টাক এক বিশেষ মান্যতা দিয়া হৈছে। অর্থ প্রাপ্তিৰ বাবে কৰা চেষ্টাক আমি সকলো ধৰণৰ সাংসাৰিক আশা পূৰণৰ চেষ্টা বুলি বুজিব পাৰোঁ, কিন্তু ভগৱান শ্রীকৃষ্ণই কোৱা অর্থার্থী ভক্তৰ এনে চেষ্টা সদায় সৎ, নৈতিক চেষ্টা হ’ব বুলি বুজিব লাগিব। আনক ঠগি ধন পাবলৈ বিচৰা, আনৰ স্ত্রী বা পুৰুষৰ দৈহিক সঙ্গ বিচৰাৰ দৰে অসৎ, অনৈতিক কামনা অর্থার্থী ভক্তৰ লক্ষণ নহয়, পাষণ্ডৰ লক্ষণ।

Gita1

        সাধাৰণতে বেছিভাগ মানুহৰ কিবা নহয় কিবা কামনা পূর্তিৰ হেঁপাহ অনবৰতে থাকে। এই কামনা যদি অসৎ, অনৈতিক নহয় আৰু তাৰ পূৰণৰ বাবে যদি তেওঁ (নিজে কৰা চেষ্টাৰ উপৰি) ঈশ্বৰৰ ওচৰত ভক্তিৰে আর্জি দিয়ে তেন্তে তেওঁ অর্থার্থী ভক্ত। ভগৱান কৃষ্ণই অর্থাথী ভক্তৰ উদাহৰণেৰে মানুহৰ মনৰ সাধাৰণ প্রবৃত্তি সমূহকো নৈতিক, ধার্মিক কৰাৰ উপায় দেখুৱাইছে।

এনে অর্থার্থী ভক্তৰ ভক্তি যিমানে পৰিপক্ক হ’ব, সিমানে তেওঁৰ অর্থ-স্পৃহা নিজে নিজে কমি আহিব, আৰু এদিন কোনো কামনা বাসনা নথকা সম্পূর্ণ শান্ত, স্থিতপ্রজ্ঞ পৰাভক্ত বা জ্ঞানী হ’বগৈ। সেয়াই সকলো আধ্যাত্মিক সাধনাৰ পৰম সিদ্ধি। পুৰণি কাহিনীৰ আধাৰত ধ্রুৱ, সুগ্রীৱ, আদিক অর্থার্থী ভক্ত বুলি ধৰা হয়।

ভগৱান শ্রীকৃষ্ণই উল্লেখ কৰা আন এবিধ ভক্ত হৈছে আর্ত ভক্ত। মহা সংকটত পৰা সুকৃতী এজনে যেতিয়া সেই সংকটৰ পৰা মুক্তি বিচাৰি অতি তীব্র প্রার্থনা কৰে তেতিয়া সেয়া হয় আর্ত ভক্তি। চোৰ এটাই বিপদত ঈশ্বৰক মাতিলেও সি আর্ত ভক্ত নহয় কাৰণ ভগৱানে দিয়া সংজ্ঞা অনুযায়ী সি প্রথমে সুকৃতী হ’ব লাগিব। মিছলীয়া মানুহ এটা বা ডকাইত এটা বা ভণ্ড এটাই যিমানে ঈশ্বৰক নামাতক লাগিলে তেওঁ ভক্ত নহয় কাৰণ ভক্ত হ’বলৈ প্রথম, সাধাৰণ যোগ্যতাটোৱেই তেওঁৰ নাই।

        মহা সংকটত যে আমি পৰোঁ তাৰ কাৰণ কি? পৰম শক্তিমান আৰু পৰম কৰুণাময় এজন ঈশ্বৰ যদি আছে, তেন্তে তেওঁ দুখ, দুর্গতি, কষ্ট, সংকট এইবোৰ নথকা এক জগত সৃষ্টি কিয় নকৰিলে বা এই আপদ বোৰ সম্ভৱ হ’বলৈ তেওঁ কিয় দিয়ে? দুর্ঘটনা, বেমাৰ, বৃদ্ধাৱস্থাৰ শাস্তি, মৃত্যু, দুষ্ট দগবাজে দিয়া যাতনা আদি কিয় আছে?

সর্বশক্তিমান, পৰম কৰুণাময় ঈশ্বৰে এইবোৰ নোহোৱা কিয় নকৰিলে? এই প্রশ্নবোৰৰ সাধাৰণ ভাবে যুক্তিৰে বুজি পোৱা উত্তৰ পোৱা নাযায়। আওপকীয়া যুক্তি নথকা নহয়—কোনোৱে যদি কর্মফল, প্রাৰব্ধৰ কথা কয়, অন্য কোনোৱে “অ’ৰিজিনেল চিন”ৰ কথা কয়—কিন্তু এনেবোৰ “যুক্তি” আৰু বিশ্বাসৰ মাজত পার্থক্য নাই বুলি ক’ব পাৰি।

buddha2

দুখৰ কাৰণ যিয়েই নহওক, বা কাৰণ বুজি পোৱা যাওকেই বা নাযাওকেই, এইটো কিন্তু ঠিক যে দুখ আছে। এই দুখৰ পৰা পৰিত্রাণ বিচাৰিয়েই গৌতম বুদ্ধই তপস্যা কৰিছিল। সংসাৰত যে দুখ আছে, সেয়াই বৌদ্ধ ধর্মৰ প্রথম সত্য। বুদ্ধত্ব লাভৰ পিছত যেতিয়া ভগৱান বুদ্ধই দুখৰ পৰা পৰিত্রাণৰ মার্গ দেখুৱালে, সেই মার্গত চলা জন সকলো দুর্ঘটনা, ৰোগ, অত্যাচাৰ আদিৰ পৰা মুক্ত হৈ যায় নেকি? ভগৱান বুদ্ধই তেনে কোনো দাবী কৰা নাই।

এজন মানুহক যদি এডাল কাঁড়ে খোঁচে, তেন্তে তেওঁৰ ভীষণ কষ্ট হ’ব, কিন্তু এডাল কাঁড়ে খোঁচাৰ পিছতে যদি আন এডাল কাড়েঁও তেওঁক খোঁচে, তেন্তে তেওঁৰ অৱস্থা আৰু শোচনীয় হ’ব। ভগৱান বুদ্ধৰ মার্গত চলাজনে এই দ্বিতীয় কাঁড়ডালৰ খোঁচ নাখায়।

দুর্ঘটনা হ’ব পাৰে, কষ্ট হ’ব পাৰে, কিন্তু সেই কষ্টক আমি বহুত গুণে বেছি কষ্টকৰ কৰি পেলাওঁ তাৰ প্রতি আমাৰ প্রতিক্রিয়াৰে। শান্ত, সমাহিত মনৰ অধিকাৰী জনৰ কষ্ট কম হয়—এই বাবে নহয় যে কষ্টৰ সৈতে তেওঁৰ সম্বন্ধ আনতকৈ কম হয়, কিন্তু এই বাবে যে তেওঁৰ স্থিতপ্রজ্ঞতাই তেওঁক কষ্ট সহাৰ শক্তি দিয়ে।

        দুখ, কষ্ট, দুর্ঘটনা নোহোৱা কৰিবলৈ আমি বিজ্ঞান, যুক্তিৰ ব্যৱহাৰেৰে যি পাৰো কৰা উচিত। কিন্তু তথাপিতো কিবা নহয় কিবা দুখ কষ্টৰ সৈতে মোকাবিলা কৰিব লগীয়া পৰিস্থিতি আহিবই। সেই পৰিস্থিতিত যি (সুকৃতী জনে) কাতৰ ভাৱে ঈশ্বৰক স্মৰণ কৰে, তেওঁ আর্ত ভক্ত।

সাধাৰণতে গজেন্দ্রৰ উদাহৰণেৰে আর্ত ভক্তৰ কথা কোৱা হয়। গ্রাহ-গজেন্দ্রৰ সাধুটোক ৰূপক হিচাপেও ল’ব পাৰি। ভক্তি পৰম্পৰাৰ মতে সংসাৰত গ্রাহ ৰূপী দুখ, কষ্ট, যাতনা অনবৰতে থাকে, আৰু তাৰ পৰা পৰিত্রাণৰ উপায় হ’ল গজেন্দ্রৰ দৰে আর্ত ভাৱে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হোৱা।

        আর্ত ভাৱে শৰণাপন্ন হোৱাৰ এইটো অর্থ নহয় যে নিজে কোনো চেষ্টা কৰিব নালাগিব। গজেন্দ্রই গ্রাহৰ মুখৰ পৰা নিজক বচাবলৈ যত্ন কৰি থকোঁতেই ঈশ্বৰৰ সহায় বিচাৰিছে। ৰোগ হ’লে চিকিৎসকৰ ওচৰলৈ নগৈ কেৱল ঈশ্বৰৰ ওচৰত আর্জি দিব পাৰি বা চিকিৎসকৰ পৰামর্শ মতে ঔষধ পাতি খায়ো ঈশ্বৰক আর্জি দিব পাৰি। নিশ্চয় বেছি ভাগ মানুহে দ্বিতীয় পন্থাটোকে ল’ব।

Herath Shiva

        মানুহে বিপদ আপদৰ পৰা বাচিবলৈ ঈশ্বৰৰ সহায় বিচৰাৰ মানসিকতাৰ বাবেই বিভিন্ন দেৱ-দেৱতাৰ বিভিন্ন বিঘ্নহৰ ৰূপ দেখা যায়—বিঘিনিৰ পৰা উদ্ধাৰ কৰোঁতা গনেশ, ভয়ানক দুর্গতিৰ পৰা বচোৱা দুর্গা, সাধাৰণতে “শান্ত” ভাৱত থকা বিষ্ণুৰ নৰসিংহ ৰূপ, সংকট মোচন হনুমান, আশুতোষ বুলি খ্যাত শিৱ আদি। বিপদৰ সময়ত ঈশ্বৰত শৰণাপন্ন হোৱা মানে এক প্রকাৰৰ মানসিক শান্তি লভা।

আর্ত ভাৱে শৰণাগত হৈ কিমান জন প্রকৃততে বিপদমুক্ত হ’ল আৰু কিমান জন নহ’ল তাৰ হিচাপ সাধাৰণতে কৰা নাযায়, কিন্তু দৈৱী কৃপাত চমকপ্রদ ফল পোৱাৰ কাহিনীও নথকা নহয়। অন্তত কিছুমান এনে কাহিনী মিছা বুলি ভাবিবৰ কোনো থল নাই। কিন্তু সদায় যে সহায় পোৱা নাযায়, সেয়াও সত্য।

সংস্কৃতৰ বিদগ্ধ পণ্ডিত জগদীশ শাস্ত্রীক যেতিয়া ডাক্তৰে ক’লে যে তেওঁৰ কেন্সাৰ এনে এটা পর্যায় পালেগৈ যে এতিয়া আৰু ৰোগ ভাল হোৱাৰ কোনো আশা নাই, তেতিয়া শাস্ত্রীয়ে “প্রপত্তি অষ্টকম” নামৰ এটা অপূর্ব ধুনীয়া প্রার্থনা লিখি ৰমণ মহর্ষিক (১৮৭৯-১৯৫০) দিছিল। প্রার্থনাটোত বাৰে বাৰে ব্যৱহাৰ হোৱা “প্রপত্তি” শব্দটোৰে তেওঁ মহর্ষিৰ ওচৰত শৰণাগত হোৱাকে বুজাইছে।

ramana6
ৰমণ মহর্ষি

সাধাৰণতে অষ্টকমত আঠটা শ্লোক থাকে, কিন্তু প্রপত্ত্যষ্টকমত ন টা শ্লোক আছে (যিদৰে সাধাৰণতে “ছনেট” এটাত ১৪ টা শাৰী থাকে, কিন্তু ১২টা বা ১৬টা শাৰী থকা ছনেটো আছে), আৰু এই নটা শ্লোকত জগদীশ শাস্ত্রীয়ে ৩২ বাৰ “প্রপত্তি” শব্দটোৰ ব্যৱহাৰ কৰিছে।

মহর্ষিৰ প্রতি কৰা এই প্রার্থনাত জগদীশ শাস্ত্রীয়ে ৰোগ মুক্ত হ’বলৈ বিচৰা বা অন্য কোনো কামনাৰ কথা কোৱা নাই, কিন্তু মহর্ষিৰ বিভিন্ন গুণ বর্ণনা কৰি তেওঁৰ ওচৰত শৰণাপন্ন হোৱাৰ কথাহে দোহাৰিছে। শাস্ত্রীয়ে কেন্সাৰৰ পৰা সম্পূর্ণ মুক্ত হৈ প্রপত্তি অষ্টকম লিখাৰ পৰা আৰু ৩৮ বছৰ সুস্থ, সক্ষম জীৱন জীয়াই থাকিল; লিখা-পঢ়া, বক্তৃতা দিয়া, আদি সকলো কাম অতি সুন্দৰকৈ কৰি থাকিল।

        ভগৱান শ্রীকৃষ্ণই জিজ্ঞাসু ভক্তৰো উল্লেখ কৰিছে, আৰু গীতাৰ উপদেশ গ্রহণ কৰোঁতা অর্জুনক এক শ্রেষ্ঠ জিজ্ঞাসু ভক্ত বুলি কোৱা হয়। অর্জুনে কৃষ্ণক সদায় নিজৰ সখা বুলিয়েই ভাবিছিল, বন্ধুৰ সৈতে যিদৰে ব্যৱহাৰ কৰা যায় তেওঁ কৃষ্ণৰ সৈতে সেইদৰে ব্যৱহাৰ কৰিছিল, কিন্তু কুৰুক্ষেত্র যুদ্ধৰ আগ মুহূর্তত স্বজন বধৰ ভয়ত ভাগি পৰা অর্জুনে উচিত উপদেশৰ বাবে, মার্গ-দর্শনৰ বাবে, জ্ঞানৰ বাবে কৃষ্ণৰ শৰণাগত হৈছে।

পিছত গীতাৰ বিভিন্ন ঠাইত তেওঁ কৰা প্রশ্ন সমূহৰ পৰাও তেওঁৰ বুদ্ধিদ্বীপ্ত জিজ্ঞাসাৰ উমান পোৱা যায়। গভীৰ ভাৱে গীতা অধ্যয়ন কৰা অনেকে ভাবে যে ভগৱান কৃষ্ণই গীতাৰ উপদেশৰ নিমিত্ত হিচাপে অর্জুনক বাচি লোৱাৰ কাৰণ হৈছে অর্জুনৰ পৰিষ্কাৰ, উপদেশ গ্রহণ কৰিবৰ বাবে সক্ষম, যোগ্য মন। “অর্জুন” শব্দটোৰ অর্থতে আছে উজ্জ্বলতা, নির্মলতা আদি গুণৰ সমাৱেশ।

        কুৰুক্ষেত্র যুদ্ধ আৰম্ভ হোৱাৰ মাত্র কিছু দিন আগতে, পাণ্ডৱৰ অজ্ঞাত বাস শেষ হ’বলৈ লোৱাৰ সময়ত মত্স্যদেশত অজ্ঞাত বাসত থকা বৃহন্নলা ৰূপী অর্জুনে ভয়ত আতুৰ হোৱা ৰাজ কুমাৰ উত্তৰ কুমাৰকে সাৰথি হিচাপে লৈ, অকলে সম্পূর্ণ কৌৰৱ সেনাক পৰাস্ত কৰিছিল। কুৰুক্ষেত্র যুদ্ধৰ আগতে মত্স্যদেশত হোৱা সেই যুদ্ধৰ বর্ণনাৰে শাস্ত্রকাৰে অর্জুনৰ অপৰাজেয় বীৰত্ব এনেয়ে দেখুৱা নাই।

Gita 8

কৃষ্ণ-সখা অর্জুনে সেই যুদ্ধত অকলে কৌৰৱৰ সেনাৰ যি গতি কৰিলে তাৰ বর্ণনা পঢ়িলে এনে লাগে যে অর্জুনেই কৃষ্ণ, অজেয়, অপৰাজেয়। বৃহন্নলাৰ বীৰত্বত স্তম্ভিত কৌৰৱে যেতিয়া সন্দেহ কৰিলে যে এয়া ছদ্মবেশী অর্জুন হ’ব পাৰে, তেতিয়া অহংকাৰী কর্ণই অর্জুনক হৰুৱাবই বুলি ফেপেৰি পাতিছিল, কিন্তু পিছ মুহূর্ততে প্রাণ লৈ পলাবলৈ বাধ্য হৈছিল। একেই অৱস্থা দুর্যোধনৰো হৈছিল।

        এনে হেন ক্ষত্রিয় বীৰ অর্জুনে কুৰুক্ষেত্র যুদ্ধৰ আগতে শোক-মোহত ভাগি পৰা সম্ভৱ নে? স্বজন-স্ববান্ধৱৰ  সৈতেহে যে এই যুদ্ধ হ’ব, সেই কথা তেওঁ আগেয়ে জনা নাছিল জানো? কিছুদিন আগতে যেতিয়া অকলে সমস্ত কৌৰৱ সেনাক পৰাস্ত কৰিছিল, তেতিয়াতো তেওঁ স্বজন-স্ববান্ধৱৰ বিৰুদ্ধেই যুদ্ধ কৰিছিল। এইবোৰ কাৰণতে অনেকে ভাবে যে গীতাৰ আৰম্ভণিত অর্জুনৰ শোকাগ্রস্ত, মোহাগ্রস্ত হোৱাৰ আঁৰতো কৃষ্ণ আছে।

ভগৱান কৃষ্ণই গীতাৰ উপদেশৰ নিমিত্ত হিচাপে অর্জুনক তৈয়াৰ কৰিছে এনেকৈয়ে। প্রথমে অর্জুন ব্যথিত হৈছে স্বজন-বধৰ সম্ভাৱনাৰ বাবে, আৰু পিছত শোকত জর্জৰিত এই অজেয় বীৰে শ্রীমদ্ভগৱদ্ গীতাৰ দ্বিতীয় অধ্যায়ৰ সপ্তম শ্লোকত কৃষ্ণক উপদেশ ভিক্ষা কৰিছে :

कार्पण्यदोषोपहतस्वभाव:
पृच्छामि त्वां धर्मसम्मूढचेता: |
यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 2.7 ||

অসমীয়া আখৰত—

কার্পণ্যদোষোপহতস্বভাৱ: পৃচ্ছামি ত্বাং ধর্মসংমূঢ়চেতা:।

যত্ শ্রেয়: স্যাত্ নিশ্চিতম্ ব্রুহি তন্মে শিষ্য: তে অহম্ শাধি মাম্ ত্বাম্ প্রপন্নম্।।

এই শ্লোকত অর্জুনে নিজকে “ধর্মসংমূঢ়চেতা:” বুলি কৈছে, অর্থাৎ তেওঁ স্বীকাৰ কৰিছে যে উচিত কি অনুচিত কি, তেওঁ কি কৰা উচিত, কি নকৰা উচিত—এইবোৰ বিষয়ত তেওঁ কোনো সুনিশ্চিত সিদ্ধান্তত উপনীত হ’ব পৰা নাই। নিজৰ এই অসহায়, দুর্বল অৱস্থাৰ কথা অকপটে স্বীকাৰ কৰি তেওঁ ভগৱানৰ পৰা শিক্ষা বিচাৰিছে : “শাধি মাম্ (মোক শিক্ষা দিয়া), আৰু ভগৱানৰ শৰণাগত হৈছে “ত্বাম্ প্রপন্নম্ (আপোনাৰ শৰণলৈ অহা)।

ত্বাম্ প্রপন্নম্ মাম্ শাধি ! অর্থাৎ “তোমাৰ শৰণাগত হোৱা মোক শিক্ষা দিয়া”; মই কি কৰা উচিত, মোক কোৱা। এইদৰে ঈশ্বৰৰ ওচৰত উচিত মার্গ-দর্শন ভিক্ষা কৰি শৰণাগত হোৱা জনেই হ’ল প্রকৃত জিজ্ঞাসু ভক্ত।

Nachiketa1
নচিকেতা, যমৰাজ

ৰজা পৰীক্ষিতে মৃত্যুৰ মুখামুখি হৈ পৰম তত্ত্বৰ উপদেশ পাবলৈ তীব্র হাবিয়াস কৰিছিল। সেয়া জিজ্ঞাসু ভক্তৰ লক্ষণ। কঠোপনিষদৰ কাহিনীত কোমল বয়সীয়া নচিকেতাক যমৰাজে ধন-সম্পত্তি, ৰাজ্য ভোগ আদিৰ লোভ দেখুৱাই বিচলিত কৰিব নোৱাৰিলে। সত্য জনাৰ বাবে নচিকেতাৰ যি দৃঢ়তা সেয়া জিজ্ঞাসু ভক্তৰ লক্ষণ। উদ্ধৱকো অতি শ্রেষ্ঠ জিজ্ঞাসু ভক্ত বুলি কোৱা যায়। শ্রীমদ্ভাগৱতৰ একাদশ স্কন্ধত অধ্যায় ৭ৰ পৰা ৩০লৈ ভগৱান শ্রীকৃষ্ণই উদ্ধৱক দিয়া উপদেশক উদ্ধৱ গীতা বুলি জনা যায়।

ভগৱান শ্রীকৃষ্ণই চতুর্থ বিধ ভক্তক জ্ঞানী ভক্ত বুলি কৈছে। বেদান্তৰ ভাষাত যাক কেৱল জ্ঞানী বুলি কোৱা যায়, তেৱেঁই জ্ঞানী ভক্ত। অর্থার্থী, আর্ত, জিজ্ঞাসু, জ্ঞানী এই চাৰিওবিধ ভক্তই ভগৱানৰ প্রিয়, আৰু চাৰিও বিধেই সুকৃতী, কিন্তু জ্ঞানী সর্বশ্রেষ্ঠ। ভক্তিৰ পৰাকাষ্ঠা জ্ঞানত। জ্ঞানী শ্রেষ্ঠ এইবাবে যে তেওঁৰ কোনো বাসনা নাই। তেওঁ পৰিপূর্ণ।

অর্থার্থী ভক্তৰ সংসাৰৰ সুখ-আনন্দৰ প্রতি আসক্তি থকা বাবেই সেইবোৰ পূৰণ কৰিবলৈ তেওঁ ঈশ্বৰক ভজে; আর্ত ভক্তই সাংসাৰিক কামনা বাসনা পুৰণৰ হেতু ঈশ্বৰক নাভাবে, তেওঁৰ অনাসক্তি অর্থার্থী ভক্ততকৈ বেছি উচ্চ খাপৰ, কিন্তু অন্তত বিপদৰ পৰা বাচিবলৈ তেওঁ ঈশ্বৰক ভজে; জিজ্ঞাসু ভক্তৰ সাংসাৰিক বাসনাও নাই আৰু বিপদ-আপদলৈও ভয় নাই কাৰণ ঈশ্বৰৰ ওচৰত তেওঁৰ নির্ভৰশীলতা আৰু বেছি পৰিপক্ক, তেওঁ কেৱল ঈশ্বৰক, সত্যক বুজিব, উপলব্ধি কৰিব বিচাৰে; যেতিয়া তেওঁৰ সেই উপলব্ধি হৈ যায়, তেতিয়া তেওঁক জ্ঞানী বুলি কোৱা হয়। জ্ঞানীৰ লক্ষণ হ’ল সকলো পৰিস্থিতিতে অবিচলিত ভাৱে ঈশ্বৰ বা পৰমাত্মাৰ স্থিৰ উপলব্ধি। ভক্ত প্রহ্লাদ এই শ্রেণী ভক্তৰ (জ্ঞানী) শ্রেষ্ঠ উদাহৰণ।

পৰাভক্ত বা জ্ঞানীৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য বোধকৰোঁ এইটোৱেই যে তেওঁৰ সান্নিধ্যত সকলো মানুহে শান্তি, সুখ অনুভৱ কৰে। শংকৰাচার্যৰ শিষ্য হস্তামলকৰ বিষয়ে কোৱা যায় যে তেওঁ জন্মতে জ্ঞানী আছিল। শৈশৱত বহু বছৰ মুখেৰে নমতাকৈ থকা এই শিশুৰ বিষয়ে কোৱা যায় যে তেওঁৰ মাতৃয়ে কিবা কাৰণত খং, দুখ আদিৰে ব্যথিত হ’লে শিশু হস্তামলকৰ কাষত বহেগৈ কাৰণ সেই শিশুৰ ওচৰত বহিলেই মনটো শান্ত হৈ যায়।

ramana 1
ৰমণ মহর্ষি

অনেক মানুহে ৰমণ মহর্ষিক লগ পোৱাৰ বর্ণনাত কৈছে যে নীৰৱে বহি থকা মহর্ষিৰ কাষত বহিয়েই তেওঁলোকে অনেক আধ্যাত্মিক প্রশ্নৰ উত্তৰ পাইছে বা তেওঁলোকৰ মনৰ শোক, ব্যথা আপোনা আপুনি নাইকীয়া হৈছে।

জ্ঞান আৰু ভক্তিক কেতিয়াবা পৰস্পৰ-বিৰোধী বুলি কোৱা যায়; কিন্তু সেইটো ধাৰণা শুদ্ধ নহয়। ভক্তিৰ পৰিপুর্ণতা জ্ঞানত। জ্ঞান আৰু পৰাভক্তিৰ মাজত পার্থক্য নাই। ভক্তি মানেই প্রেম। সেই প্রেম যেতিয়া অকাৰণ হয়, তেতিয়াই সি পৰাভক্তি হয়। অর্থার্থী ভক্তই যিহেতু অর্থ বিচাৰি, কামনা-পুর্ত্তি বিচাৰি ভক্তি কৰে তেওঁৰ ভক্তিৰ এটা কাৰণ আছে; আর্ত ভক্তই বিপদৰ পৰা মুক্তি বিচাৰি ঈশ্ৱৰাধনা কৰে, গতিকে তেওঁৰ ভক্তিৰো এটা কাৰণ আছে, যদিও সি অর্থার্থী ভক্তৰ কাৰণৰ সমান স্থুল নহয়।

জিজ্ঞাসু ভক্তই অন্য একো নিবিচাৰে যদিও ঈশ্বৰক বা পৰম সত্যক জানিব পাৰে, গতিকে তেওঁৰ সেই জ্ঞান-লীপ্সা তেওঁৰ ভক্তিৰ কাৰণ। কিন্তু জিজ্ঞাসুৰ জ্ঞান-লিপ্সাক সাধাৰণ কামন-বাসনাৰ সৈতে ৰিজাব নোৱাৰি। জ্ঞানীৰ কোনো ইচ্ছা নাই, কামনা নাই; তেওঁ তৃপ্ত, পৰিপূর্ণ। গতিকে তেওঁৰ ভক্তি সম্পূর্ণ অকাৰণ। হিন্দু ধর্মত মুক্তি বা মোক্ষক মানুহৰ পৰম ধ্যেয় বুলি কোৱা হৈছে, কিন্তু পৰাভক্তৰ ভক্তি এনেদৰে অকাৰণ হয় যে তেওঁ মুক্তিও নিবিচাৰে : “মুক্তিত নিস্পৃহ যিটো…..”

ভগৱান শ্রীকৃষ্ণই গীতাত চাৰি বিধ ভক্তৰ বর্ণনা দি নিজৰ উদাৰতাৰো পৰিচয় দিছে। কেৱল জ্ঞানী ভক্তৰ ভক্তি হে তেওঁ গ্রহণ কৰে, তেনে নহয়। আধ্যাত্মিকতাৰ বিভিন্ন স্তৰত থকা চাৰিও বিধ ভক্তৰেই তেওঁ প্রশংসা কৰিছে। অৱশ্যে জ্ঞানীৰ শ্রেষ্ঠতাৰ বিষয়েও তেওঁ স্পষ্টকৈ কৈছে। চাৰি বিধ ভক্তৰ বর্ণনা দিয়াৰ পিছৰ দুটা শ্লোকতে (গীতা অধ্যায় ৭, শ্লোক ১৭, ১৮) কৃষ্ণই এই চাৰি বিধ ভক্তৰ ভিতৰত জ্ঞানীয়েই শ্রেষ্ঠ আৰু তেওঁৰ আটাইতকৈ প্রিয় বুলি কৈছে।

gita10

sanjeevnath21@gmail.com 9476527719

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Understanding Visual Culture: Its Evolution and Social Influence
Culture

Understanding Visual Culture: Its Evolution and Social Influence

by Pradakshina Sarmah
July 19, 2026
0

Understanding Visual Culture: Its Evolution and Social Influence PRADAKSHINA SARMAH In an increasingly image-driven world, visual culture plays a crucial...

Read moreDetails
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
Cockroaches, Comedians, and Criminals

Cockroaches, Comedians, and Criminals

July 18, 2026
Be Kind, You Never Know!

Be Kind, You Never Know!

July 18, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d