• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ভগদত্ত

হৰিনাৰায়ণ দত্তবৰুৱা

by Anjan Sarma
April 21, 2023
in History, Literature
Reading Time: 3 mins read
0
ভগদত্ত
Share on FacebookShare on TwitterShare on LinkedIn

ভগদত্ত

হৰিনাৰায়ণ দত্তবৰুৱা

bhagadatta2

ভগদত্ত নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰ।

এওঁ বৰ বাহুবলী পুৰুষ আছিল; আৰু পিতাকৰপৰা বৈষ্ণৱাস্ত্ৰ নামে এবিধ অমোঘ অস্ত্ৰ লাভ কৰিছিল। ভগদত্তৰ সময়ত প্ৰাগ্‌জ্যোতিষপুৰৰ গৌৰৱ চাৰিওফালে বিস্তাৰিত হৈছিল।

কথিত আছে, আমাৰ প্ৰাগ্‌জ্যোতিষপুৰাধিপতি ভগদত্তৰ শক্তি দেখি দেৱৰাজ ইন্দ্ৰে তেওঁৰ লগত সৌহাৰ্দ্দ্য স্থাপন কৰিছিল।

 ভগদত্তৰ ভানুমতী নামে এজনী গুণৱতী আৰু ৰূপৱতী ভনীয়েক আছিল। কুৰুৰাজ মদগৰ্ব্বী দুৰ্য্যোধনে ভানুমতীক বৰ আড়ম্বৰেৰে বিবাহ কৰিছিল। এই সূত্ৰে ভগদত্তৰ কুৰুবংশৰ লগতো মিত্ৰতা ঘটে।

 ভগদত্ত নিজে যেনে বীৰ আছিল, অন্য বীৰৰ বীৰত্ব দেখিও তেওঁ আনন্দ প্ৰকাশ কৰিছিল। পাণ্ডৱসকলে ৰাজসূয়-যজ্ঞ উপলক্ষ্যে যেতিয়া দিগ্বিজয় কৰি ফুৰে, সেই সময়ত অৰ্জ্জুন আমাৰ দেশ জয় কৰিবলৈ আহিছিল। অৰ্জ্জুনৰ লগত শাকলদ্বীপৰ মহাধনুৰ্দ্ধাৰী কেইজনমান ৰজাও আহিছিল। এওঁবিলাকে প্ৰাগ্‌জ্যোতিষ আক্ৰমণ কৰাত ভগদত্তে বাধা দিয়ে। ভগদত্তৰ কিৰাত, চীন আৰু সাগৰ-তীৰত থকা ৰণনিপুণ বহুত যুঁজাৰু আছিল। ভগদত্তৰ লগত অৰ্জ্জুনৰ যুদ্ধ হল।

এই যুদ্ধ একাদিক্ৰমে আঠদিন চলাৰ পাচতো অৰ্জ্জুনক অপৰিশ্ৰান্ত দেখি ভগদত্তই কলে—“মই মহেন্দ্ৰৰ সখা, যুদ্ধতে তেওঁতকৈ মই হীন নহওঁ, কিন্তু তুমি যুদ্ধত যেনে বীৰ্য্য প্ৰকাশ কৰিলা, তাক দেখি মই সন্তোষ পালোঁ। তোমাৰ অভিপ্ৰায় প্ৰকাশ কৰাঁ, তাক অৱশ্যে মই পালন কৰিম। ”

ভগদত্তৰ কথাত অৰ্জ্জুনে পৰম সন্তুষ্ট হৈ ৰাজসূয় যজ্ঞৰ কথা কৈ শেষত কলে—“আপুনি মোৰ পিতৃ-সখা, বিশেষ আপুনি মোৰ ওপৰত সন্তুষ্ট হৈছে, মই আপোনাক আদেশ কৰিব নোৱাৰোঁ। ধৰ্ম্মপুত্ৰ ৰজা যুধিষ্ঠিৰৰ যাতে সাম্ৰাজ্য লাভ হয়, সেই অৰ্থে আপুনি তেওঁক কৰ দিয়ক। ”

ভগদত্তে অৰ্জ্জুনৰ বিনয়-বচনত তৃপ্ত হৈ কলে—“তুমি মোৰ যেনে প্ৰিয়পাত্ৰ, ৰজা যুধিষ্ঠিৰো তেনে, সেই বিষয়ে যি কৰিবলগীয়া হয় মই তাক কৰিম, তাৰ বাহিৰে আৰু কি কৰিব লাগে কোৱাঁ। ”

 ইয়াৰ কিছুকাল পাচত কুৰুক্ষেত্ৰ-সমৰ আৰম্ভ হয়। এই যুদ্ধত ভাৰতৰ বিখ্যাত ৰজা-মহাৰজাসকলে যোগ দিয়ে। কুৰুক্ষেত্ৰ-ৰণত ওঠৰ অক্ষৌহিণী সৈন্যৰ সমাবেশ হৈছিল; কৌৰৱৰ ফালে এঘাৰ অক্ষৌহিণী আৰু পাণ্ডৱৰ ফালে সাত অক্ষৌহিণী। ভগদত্ত কৌৰৱৰ কুটুম্ব; সেই কাৰণে দুৰ্য্যোধনৰ আমন্ত্ৰণত তেওঁ কৌৰৱৰ ফালে যোগ দিয়ে। ভগদত্ত আমাৰ দেশৰপৰা যাওঁতে এক অক্ষৌহিণী সেনাৰ নায়ক হৈ গৈছিল।

কথিত আছে, ভগদত্তে যি হাতীত উঠি যুদ্ধ কৰিছিল, সেই হাতীটো ঐৰাৱতজাতীয় আছিল আৰু সি ভালদৰে যুঁজিব জানিছিল।

bhagadatta1

 কুৰুক্ষেত্ৰ-সমৰত ভগদত্তে ভীমক আক্ৰমণ কৰোঁতে তেওঁৰ সেই বৃহৎ হাতীয়ে দুইভৰি আৰু শুড়েৰে ভীমক আক্ৰমণ কৰিছিল; আৰু তাৰ ফলত ঘোৰাৰে সৈতে ভীমৰ ৰথ চূৰ্ণ হৈছিল। ভীমে কৌশল কৰি পোনতে ৰক্ষা পৰে কিন্তু পাচত এই সুশিক্ষিত হাতীয়ে শুড়েৰে ভীমক ধৰি আঠুত কোব দিয়ে, আৰু শেষত ডিঙিত মেৰাই ধৰি তেওঁক বধ কৰিবলৈ যত্ন কৰে।

সেই সময়ত ভীমে ভয়ত আৰ্ত্তনাদ কৰি উঠাত আঁতৰত থকা পাণ্ডৱ- সৈন্য গৈ উপস্থিত হয়; তেতিয়াহে ভীমে ৰণ নকৰি আত্মৰক্ষা কৰিবলৈ সুবিধা পায়। এই সময়ত যুধিষ্ঠিৰ আদিয়ে বৃকোদৰ নিহত হোৱা বুলিয়েই ভাবিছিল; আৰু তাৰ পাচতেই বহুত পাণ্ডৱসৈন্যে ভগদত্তক বেঢ়ি ধৰিছিল। তেতিয়া পুনৰ ভগদত্তৰ লগত পাণ্ডৱ আৰু পাঞ্চাল সৈন্যৰ ৰণ হয়।

বনৰ মাজত জ্বলি-থকা জুইৰদৰে হাতীৰ ওপৰত থকা ভগদত্ত ৰথীবিলাকৰ মাজত জিলিকি উঠে; আৰু তাৰ পাচতে গৰখীয়াই এছাৰিৰে গৰু খেদি লৈ যোৱাৰ দৰে ভগদত্তে পুনৰ পাণ্ডৱ-সৈনাবোৰ খেদি নিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে পাণ্ডৱপক্ষীয় সৈন্য- বোৰৰ বেচি সংখ্যা মৰা পৰিল, আৰু কিছুমানে ৰণভূমি ত্যাগ কৰিলে।

 অৰ্জ্জুনে দূৰৈৰ পৰা পাণ্ডৱসৈন্যৰ এনে অৱস্থা দেখি খেদি আহিল। অৰ্জ্জুনৰ সাৰথি শ্ৰীকৃষ্ণ। তেওঁ ভগদত্তৰ ওচৰলৈ ৰথ চলালে; কিন্তু বাটত অৰ্জ্জুনে অন্য এদল বিপক্ষীয় সৈন্যৰ লগত যুদ্ধ কৰিবলগা হল। অৰ্জ্জুনে এই দলক পৰাস্ত কৰিলে, আৰু পৰক্ষণতে গৈ ভগদত্তক আক্ৰমণ কৰিলে। অৰ্জ্জুন আৰু ভগদত্তৰ ভিতৰত তুমুল সংগ্ৰাম চলিল।

bhagadatta

ৰজা ভগদত্তে হস্তী- বাহনত থাকি মেঘ-বাহন ইন্দ্ৰৰ দৰে ধনঞ্জয়ৰ ওপৰত শৰ বৰষিবলৈ ধৰিলে; বীৰ্য্যৱন্ত সব্যসাচীয়েও শৰ বৰষি ভগদত্তৰ শৰক বাধা দিবলৈ ধৰিলে। ভগদত্তৰ খং উঠিল; তেওঁ ওপৰাউপৰিকৈ শৰ মাৰি অৰ্জ্জুন আৰু কৃষ্ণক বিন্ধিবলৈ ধৰিলে আৰু তেওঁলোকক মাৰিবলৈ গজৰাজক লগাই দিলে।

কৃষ্ণৰ ৰথচালনাৰ কৌশলত হাতীৰ আক্ৰমণৰপৰা দুয়ো ৰক্ষা পৰিল; কিন্তু কিছুমান কৃষ্ণ-লোনিৰ্ম্মিত সোণৰ পাখিথকা বাণে কৃষ্ণক বৰকৈ বিন্ধিলে।

তেতিয়া ধনঞ্জয়ৰ খঙে চুলি আগ পালে। কিছুমান অব্যৰ্থ শৰেৰে ভগদত্তৰ হাতীৰ বৰ্ম্ম নষ্ট কৰি হাতীটোক ক্ষতবিক্ষত কৰি পেলালে। ভগদত্তে তেতিয়া অৰ্জ্জুনলৈ বৈষ্ণৱাস্ত্ৰ প্ৰয়োগ কৰে।

এই অস্ত্ৰ অব্যৰ্থ—ইন্দ্ৰ, বৰুণ আদিও তাৰ অবধ্য নহয়। ভগদত্তে এই অস্ত্ৰ নিক্ষেপ কৰা দেখি শ্ৰীকৃষ্ণে তাক গ্ৰহণ কৰিলে—অস্ত্ৰ কৃষ্ণৰ বুকত পৰি বৈজয়ন্তী মালা হল।

কৃষ্ণ অৰ্জ্জুনৰ ৰথৰ সাৰথি হৈ নথকাহেঁতেন আমাৰ প্ৰাগজ্যোতিষ- পতিৰ এই বৈষ্ণৱাস্ত্ৰতেই কুৰুক্ষেত্ৰ যুদ্ধৰ ফল কি জানি অন্যৰূপ হলহেঁতেন।  তাৰ পাচত অৰ্জ্জুনে শ্ৰীকৃষ্ণৰ পৰামৰ্শতে ভগদত্তৰ যুদ্ধনিপুণ গজৰাজক বধ কৰে, আৰু তাৰ পাচতেই অৰ্দ্ধচন্দ্ৰ বাণেৰে ভগদত্তৰ হৃদয় ভেদ কৰে।

ইন্দ্ৰসখা ৰজা ভগদত্ত এইদৰে ইন্দ্ৰতনয় অৰ্জ্জুনৰ বাণত বিদ্ধ হই মাটিত পৰি গল। ইন্দ্ৰবিক্ৰম প্ৰাগ্‌জ্যোতিষপুৰাধিপতিৰ পতনত তেওঁৰ সৈন্যবাহিনীৰ ভিতৰত হাহাকাৰ লাগিল; ধুমুহা বতাহে গছ ভঙাৰ দৰে অৰ্জ্জুনে ভগদত্তক সংহাৰ কৰি জয়াকাঙক্ষী অন্যান্য বীৰসকলকো নিহত কৰিবলৈ ধৰিলে।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: নৰকাসুৰভগদত্ত
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

September 10, 2026
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d