ভাইৰাছ
• অৰবিন্দ ৰাভা
কৰ’নাৰ প্ৰভাৱৰ এতিয়াও অৱসান হোৱা নাই, আৰু এনে সময়তে নতুন এটা ভাইৰাছৰ আৱিৰ্ভাৱক লৈ আতংকৰ সূত্ৰপাত হৈছে উত্তৰ-পূৱ চীনৰ চাংচুনত। সেই ভাইৰাছৰ সংক্ৰমণ যাতে চীনৰ অইন অঞ্চললৈ বিয়পিব নোৱাৰে, সেই উদ্দেশ্যে চাংচুনৰ ৯০ লাখ মানুহক গৃহবন্দী কৰা হৈছে। পুনৰ জাৰী কৰা হৈছে লকডাউন।
গুৰুত্বপূৰ্ণ উদ্যোগিক নগৰ হৈছে চাংচুন। জিলিন প্ৰদেশৰ ৰাজধানী। সেই চাংচুনতেই নতুনকৈ আৱিৰ্ভাব হোৱা ভাইৰাছে এতিয়া চীনৰ চৰকাৰক চিন্তান্বিত কৰি তুলিছে।
‘এ-এফ-পি’য়ে প্ৰকাশ কৰা অনুসৰি, চীনৰ প্ৰশাসনে জাৰী কৰা এক নিৰ্দেশমৰ্মে চাংচুনৰ ক্ষেত্ৰত পৰিয়ালৰ এজন সদস্যৰ বাহিৰে অইনে ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰিব। তাকো দুদিনৰ ব্যৱধানত হে ওলাব পাৰিব এজন সদস্যই। তাৰোপৰি সমগ্ৰ নগৰবাসীয়ে তিনিটাকৈ পৰ্যায়ত শাৰীৰিক পৰীক্ষা কৰাব লাগিব। জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব।
এই সপ্তাহত চীনত পুনৰ কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। চাংহাই নগৰতো লকডাউনৰ প্ৰস্তুতি লোৱা হৈছে। যোৱাকালি শুক্ৰবাৰৰে পৰাই শিক্ষানুষ্ঠান সমূহ বন্ধ কৰি দিছে চাংহাই প্ৰশাসনে। চীনৰ ৰাজধানী বেইজিঙতো কোনো কোনো ঠাইত আংশিক, আৰু কোনো কোনো ঠাইত পূৰ্ণাংগ লকডাউন ঘোষণা কৰা হৈছে।
১২-০৩-২০২২