-ডা: হেমন্ত কুমাৰ নাথ |
বতৰৰ পৰিৱৰ্তনৰ সময়ত এই ৰোগে একেলগে বহু মানুহক আক্ৰান্ত কৰে। ইন্ফ্লুয়েঞ্জা ভাইৰাছকে আদি কৰি কিছুমান RNA ভাইৰাছে এই ৰোগ উৎপন্ন কৰে। ভাইৰাছ আক্ৰমণৰ ১৬ৰপৰা ১৮ঘন্টাৰ পিছতেই ৰোগৰ লক্ষণ দেখা যায়। প্ৰথম অবস্থাত হাঁচি, চৰ্দি, ডিঙিৰ চৰ্চৰণি, নাক বন্ধ হোৱা, গাৰ বিষ, গাঠি আৰু মাংসপেশীৰ বিষ, ঠাণ্ডা অনুভৱ কৰা, চকুত গৰম ভাব লগা আৰু চলচলীয়া তথা ৰঙা হোৱা আদি লক্ষণ দেখা যায়। পিছলৈ মন্দৰপৰা তীব্ৰ জ্বৰৰ লগতে বমি বমি লগা বা বমি হোৱা, গা অত্যধিক দুৰ্বল হোৱা, অস্থিৰ অনুভৱ কৰা, ভোক নলগা, স্বৰভংগ হোৱা, কাহ, মূৰৰ বিষ, ডিঙিৰ বিষ, তীব্ৰ মাংসপেশীৰ বিষ ইত্যাদি লক্ষণ দেখা যায়। পেটত সংক্ৰমণ হ’লে বমি, পেটৰ বিষ, ডায়েৰিয়া আদি লক্ষণ দেখা যায়। যদিও স্বত: আৰোগ্য লাভ হয় তথাপি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে জীৱনলৈ ভাবুকি আহিব পাৰে। ৰোগীৰ সংস্পৰ্শলৈ আহিলে, আক্ৰান্তই সম্মুখত হাঁচিয়ালে বা কাহিলে বা হুমুনিয়াহ কাঢ়িলে ভাইৰাছে আক্ৰান্তৰ দেহৰপৰা ওলাই আনৰ শ্বাসৰ লগত সোমাই আক্ৰমণ কৰিব পাৰে। দুইসপ্তাহলৈ আক্ৰান্তই এই ৰোগ বিয়পোৱাৰ সম্ভাবনা থাকে। এই ৰোগবিধ বহু বেছি সংক্ৰামক যদিও প্ৰতিৰোধৰ ব্যবস্থা ল’লে সহজে হাত সাৰি থাকিব পাৰি।
আক্ৰান্ত ব্যক্তিৰ কৰণীয়
১. যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী খাওক, যাতে প্ৰস্ৰাৱৰ ৰঙ হালধীয়া হ’ব নোৱাৰে।
২. যথেষ্ট পৰিমাণে বিশ্ৰাম লওক।
৩. ভাল সুপাচ্য সুষম আহাৰ খাওক। খালী পেটত নাথাকিব। জলীয়াংশ পূৰ্তিৰ বাবে অ’ আৰ এছ মিহলোৱা পানী খাওক।
৪. চিকিৎসকৰ পৰামৰ্শমতে ঔষধ সেৱন কৰক যাতে ৰোগৰ লক্ষণসমূহৰ তীব্ৰতা কমি আহে। অৱশ্যে দুই-তিনিদিনমান পেৰাচিটেমল জাতীয় জ্বৰ বা গাৰ বিষ কমোৱা ঔষধ খাব পাৰে। এনেয়ে এন্টিবায়’টিকৰ প্ৰয়োজন নহয় বাবে জধে-মধে নাখাব।
৫. কাহোতে, হামিয়াওঁতে বা হাঁচিয়াওতে নাক আৰু মুখখন ঢাকি লওক যাতে আনৰ গাত সংক্ৰমণ হ’ব নোৱাৰে। এইক্ষেত্ৰত গৰ্ভৱতী মহিলা, কেঁচুৱা, প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তিৰপৰা প্ৰায় ৬মিটাৰমান দূৰত থাকিব লাগে।
৬.আক্ৰান্ত ব্যক্তি সদায় আছুতীয়া কক্ষত থাকিব লাগে আৰু কোঠালীৰ খিৰিকী আদি খুলি দি বায়ু অহা-যোৱা কৰিব পৰাকৈ ৰাখিব লাগে।
৭. শীতানুভৱ হ’লে পাতল কম্বল গাত ল’ব পাৰে।
৮. তীক্ষ্ণ, উষ্ণ গুণ থকা পানীয় বা ছ্যুপ আদি খালে আৰাম পাব পাৰে।
৯. নাক বন্ধ হলে এগিলাচ উতলা গৰম পানীত মেন্থল জাতীয় দ্ৰব্য মিহলাই তাৰ ভাপ নাকেৰে টানিলে আৰাম পোৱা যায়।
১০. গৰম পানীত নিমখ আৰু অলপ জালুকৰ গুৰি মিহলাই গাৰ্গল কৰিলে ডিঙিৰ বিষ কমি যায়।
১১. মানুহৰ ভিৰ থকা ঠাইত নাযাব।
১২. সদায় চাবোনেৰে ভালদৰে হাত ধুব।
১৩. নিজৰ মুখ-হাত মচা কাপোৰ আনক ব্যৱহাৰ কৰিবলৈ নিদিব।
১৪. এই সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় বাবে আন সংক্ৰামক ৰোগৰদ্বাৰা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ নাযাব।
১৫. নিয়মিত কুহুমীয়া গৰম পানীৰে গা ধুব।
১৬. জ্বৰৰ তীব্ৰতা বাঢ়িলে কুহুমীয়া গৰম পানীৰে গোটেই গা তিয়াই শৰীৰৰ উত্তাপ কমাই ল’ব।
১৭. কাৰোবাৰ ওচৰলৈ গ’লে নাক-মুখ ঢাকি লওক।
১৮. নাকত বৰ’প্লাচ জাতীয় এন্টিছেপ্টিক লগাওক যাতে শেঙুন (নাকৰ পানী) মুচোতে ছাল ৰঙা নপৰে।
১৯. নাক মচি হাত নুধুৱাকৈ নাথাকিব।
২০. পাচলিৰ গৰম জোল বা ছ্যুপ্, খিচিৰি আদি খালে বহুখিনি আৰাম পোৱা যায়।
কিদৰে হাত সাৰি থাকিব পাৰি?
১. এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত সদায় ভালদৰে চাবোনেৰে হাত ধুব। হাত নুধুৱাকৈ একো নাখাব বা নাক-মুখত স্পৰ্শ নকৰিব।
২. সদায় যথেষ্ট পৰিমাণে বীজাণুমুক্ত কুহুমীয়া গৰম পানী খাব। জলীয়াংশ পূৰ্তিৰ বাবে অ আৰ এছযুক্ত পানী খাব পাৰে।
৩.বিশেষ প্ৰয়োজন নহ’লে মানুহৰ ভিৰৰ মাজত নাযাব | মানুহ হাচিঁয়ালে বা কাহিঁলে উশাহ বন্ধ কৰি আতৰলৈ গুচি আহিব লাগে | এইক্ষেত্ৰত নাক-মুখ ভালদৰে ঢাকিব পৰাকৈ “ছাৰ্জিকেল মাস্ক্ ” বা “N95 ৰেস্পাইৰেটৰ মাস্ক্ “পৰিধান কৰিলে ভাইৰাছৰ সংক্ৰমনৰ পৰা ৰক্ষা পাব পাৰি |
৪.এনে সময়ত কেতিয়াও উপবাস বা লঘণে থাকিব নালাগে বা বহু সময়লৈ নখোৱাকৈ থাকিব নালাগে | সদায় নিয়মিত সুষম আহাৰ খাব লাগে |
৫.আক্ৰান্ত ৰোগীৰ পৰা অন্তত: ৬মিটাৰ আঁতৰত থাকি কথা পাতক | কেতিয়াও হেণ্ড্ শ্বেক্ নকৰিব |
৬.কেঁচুৱাক খুৱাওতে হাত তথা বাচন ভালদৰে ধুই লব |
৭. হাত মোচা টাৱেল বা গামোচাখন প্ৰতিদিনে ধুই ব্যবহাৰ কৰক |
৮. মহৰ কামোৰৰ পৰা ৰক্ষা পোৱাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহন কৰক | ঘৰৰ চৌপাশ পৰিস্কাৰ-পৰিপাটীকৈ ৰাখক |
৯.সদায় সদ্যপ্ৰস্তুত খাদ্যদ্ৰব্য গ্ৰহন কৰক | পৰাপক্ষত বাহিৰত নাখাব |
১০. ফুৰিবলৈ গলে লগত ঘৰত গৰম কৰা পানী লৈ যাওক | হাত চাফা ৰখাৰ বাবে ছেনিটাইজাৰ ব্যবহাৰ কৰিব পাৰে |
১১.গাড়ী-মটৰত ফুৰোতে সদায় নাকটো ঢাকি লব |
১২. বৰষুণত তিতাৰ পৰা বিৰত থাকক |
১৩.সুস্থ শিশুক আক্ৰান্ত শিশুৰ বা ব্যক্তিৰ লগত খেলাৰ পৰা বিৰত ৰাখক |
১৪.শিশুৰ নখ কটাৰ লগতে হাত ধোৱাৰ অভ্যাস কৰাব |
১৫. শিশুৰ কাপোৰ কানি পৃথককৈ ধুব |
১৬.শিশুক বৰষুণত তিতিবলৈ নিদিব |
১৭.টীকাকৰণৰ জৰিয়তেও ৰক্ষা পাব পাৰি | গতিকে টীকাকৰণৰ প্ৰতি সচেতন হওঁক |…….
সাবধান থাকক ….সুস্থ থাকক……