-পৰিণীতা কলিতা |
: অই,আজি মোৰ জন্মদিন ৷ আমাৰ ঘৰলৈ আহিবিচোন?
:তই নামাতিলেও যাম দে ৷ কাৰণ তই মোৰ আটাইতকৈ ভাল বান্ধৱী ৷
তাই একো নোকোৱাকৈ মিছিকিয়াই হাঁহি ঘৰলৈ বাট ল’লে ৷
সন্ধিয়া অনুৰাগে শ্ৰেয়াহঁতৰ ঘৰ পালেগৈ ৷ আম -জামৰ চেকা লগা ফ্ৰকটোৰ ঠাইত বগা ফুলাম ফ্ৰকটোৰে তাইক দেখি সি সেইদিনা চমকি উঠিছিল ৷ আইতাকে গৰম দিনৰ সন্ধিয়াবোৰত তাক কৈ থকা পৰীৰ সাধুবোৰৰ পৰীজনী যেন লাগিছিল শ্ৰেয়াক ৷ চকলেট-বিস্কুটৰে ভৰি পৰা তাইৰ অকণমানি ৰুমটোলৈ তাক হাতত ধৰি টানি লৈ গৈ উপহাৰবোৰ এফালৰ পৰা দেখুৱাই গৈছিল ৷ লানি নিছিগাকৈ কথা কৈ যোৱা শ্ৰেয়াক ঘপককৈ সি সুধি দিছিল-
:অই,তইনো আজি মুখত কি লগাইছ? ইমান ধুনীয়া গোন্ধাইছে ৷
:তইয়ো লগাবি নেকি?ৰহ,লৈ আনো ৷
:নালাগে দে ৷ সেইবোৰ ঘঁহিলে মোৰ নিজকে ছোৱালী ছোৱালী লাগিব ৷
তাই হা: হা: কৈ হাঁহি উঠিছিল ৷ সি বেঙাটোৰ দৰে চাই ৰৈছিল তাইৰ অপূৰ্ব সৌন্দৰ্য সমাহিত মুখখনলৈ ৷
হাঁহি-কান্দোন, অভিমান-দুষ্টালিৰ মাজেৰে শৈশৱ পাৰ হৈ দুয়ো যৌৱনত ভৰি দিলে ৷ মনৰ কোঠালিত জমা হৈ গৈ থাকিল সিহঁতৰ কথাবোৰ-অনুভৱবোৰ ৷ দুখন ঘৰৰ মৰ্যদ্যাই দুয়োকে আগবাঢ়িব নিদিলে আগলৈ ৷ মনৰ কথাবোৰ মনতে ঢাকি লৈ থাকোতে দুয়ো কলেজৰ শিক্ষাও পূৰ্ণ কৰিলে ৷
এতিয়া অনুৰাগে ঘৰতে দুটামান টিউচন কৰে ৷ অৱশ্য চাকৰিৰ বাবে ইণ্টাৰভিউবোৰো দি নথকা নহয় ৷ শ্ৰেয়াকো আগৰ দৰে সি লগ নোপোৱা হ’ল ৷ তাইৰ ঘৰত বিয়াৰ কথা-বতৰা চলিছে বুলি মাজে -সময়ে শুনে ৷ক’ৰবাৰ পৰা বিষ এটাই আহি বুকুত বিন্ধে ৷ শ্ৰেয়াৰ আগত কথাবোৰ খুলি ক’বলৈ তাৰ বৰ মন যায় ৷ কিন্তু তাইৰ আগত কথাবোৰ খুলি ক’লেই যেন শেষ হৈ যাব সিহঁতৰ মূল্যৱান বন্ধুত্বৰ সম্পৰ্কটোৰ লগতে ঘৰখনৰ মিতিৰালীবোৰ ৷ গোপনে গোপনে তাৰ বুকুৰ বিষটো ক্ৰমে বাঢ়ি আহে ৷
দিনটোৰ ব্যস্ততাৰ শেষত ফেচবুকটো খুলিয়েই তাইৰ প্ৰফাইলটো চায় ৷ অনলাইন দেখিয়েই দিওঁ-নিদিওঁকৈ সি মেছেজ এটা পঠিয়ায় ৷
:এই ৰাতিখন তই কাৰ মূৰটো কৰি আছ বান্দৰী?
:তোক কিয় লাগে বান্দৰ? মোৰ খবৰ এটা লবলৈ সময় নাপাৱ তই ৷ এতিয়া মই কাৰ লগত কথা পাতিছো কেলেই লাগে তোক?
:হ’ব হ’ব বান্দৰী ৷কাইলৈ এপাক যাম দে তোৰ খবৰ ল’বলৈ ৷
:পাক্কা আহিবিতো?
:যাম তো ৷
: অই শুন? অহাকালি মোক ল’ৰা এজনে চাব আহিব ৷
তাইৰ মেছেজটো দেখিয়েই অফলাইন হৈ পৰে অনুৰাগ ৷ এনেকুৱা সময়বোৰতে সি ভীষণ অকলশৰীয়া হৈ পৰে ৷ গাৰুৰ তলৰ পৰা শৈশৱতে ডৰা-কইনাৰ খেল খেলি থকাৰ পৰা মাকহঁতে তুলি লোৱা ফটোখন প্ৰতিদিনে বুকুত সাৱটি লোৱাৰ দৰে আজিও সি শুই পৰে ৷
সপোনতো সি চিঞৰি উঠে ৷ শ্ৰেয়াই তাক এৰি আনৰ লগত বিয়া হৈ যায় ৷ মাজৰাতি ঢোকে ঢোকে চেঁচাপানী পি সি উজাগৰী ৰাতি কটায় ৷ বাস্তৱত শ্ৰেয়াক মনৰ কথা সি খুলি ক’ব নোৱাৰে ৷আনহাতে সপোনতো সি শ্ৰেয়াক নিজৰ কৰি ৰাখিব নোৱাৰে ৷
পিছদিনাখন যাওঁ নেযাওঁকৈ সি শ্ৰেয়াৰ ঘৰ পায়গৈ ৷ বহুদিনৰ মূৰত তাক দেখিয়েই তাই দৌৰি আহি হাতত ধৰি ভিতৰলৈ লৈ যায় ৷ অনুৰাগৰ বুকুখন কঁপি উঠে ৷ সেউজীয়া বুটা বছা কাপোৰযোৰে তাইক আজি তুলি ধৰিছে ৷ বহুসময় তাই তাৰ দুচকুলৈ চাই ৰয় ৷
: তোৰ চকুযুৰি এনেকৈ কিয় চলচলীয়া হৈছে অনুৰাগ ? ভালকৈ টোপনি নামাৰ নেকি তই?
: এতিয়া সেইবোৰ থ ? তোক চাবলৈ অহা ল’ৰাজন কেতিয়া পাবহি? মই চিনাকী হৈয়ে যামগৈ ৷ বহু কাম ঘৰত পেলাই থৈ আহিছো ৷
: তই এনেকৈ কিয় কৈছ অনুৰাগ? তোক বেলেগ বেলেগ লাগিছে ৷ ওঁঠত হাঁহি নাই, চকু চলচলীয়া ৷ তোৰ অসুখ নেকি কিবা?
: নাই নহয় ৷ মই থিকে আছো ৷
এনেতে শ্ৰেয়াৰ মাকে আহি তাইক পাকঘৰলৈ যাবলৈ মাতে ৷
: মাজনী পাকঘৰলৈ আহ! চাহ বনাহি ৷
: মা,অনুৰাগ?
: কি হ’ল ও অনু ৰাগৰ? তোৰ বিয়া শেষ নোহোৱাকৈ সি কলৈকো নাযায় দেই ৷ ন অনুৰাগ?
: ও খুৰী, আহি থাকিম মই ৷
তাৰ কৰুণ চাৱনিয়ে তাইৰ বুকুখন ভিতৰলৈকে খান্দি থৈ যায় ৷ পাকঘৰলৈ গৈ তাই লুকাব খুজিও কান্দি উঠে ৷ মাকে আঁৰ চকুৰে তাই গম নোপোৱাকৈ তাইলৈ চাই ৰয় ৷
এপাকত তাইক আলহী আহিল বুলি কৈ মাকে ওলাই আহিবলৈ কয় ৷ চাহৰ ট্ৰেখন হাতত লৈ তাইও ড্ৰয়িংৰুম পায়হি ৷
আৰু এয়া কি দেখিছে তাই?
অনুৰাগৰ মাক-দেউতাকৰ লগতে তাইৰ মাক -দেউতাকে চোন
হাঁহি হাঁহি কথা পাতি আছে ৷ অথচ আলহী কোনো নাই ?
তাইৰ
মাকে তেতিয়াই কাষ চাপি তাইক বুকুত সাৱটি কৈ উঠে?
:বুকুৰ কথাবোৰ খুলি ক’বলৈ তোৰ সিমানকণ সাহসো নাই নে মাজনী? মই তোৰ মা ৷ তই নক’লেও বুজি পাওঁ তোৰ চকুৰ ভাষা ৷
আৰু দৰাজন নেচায় নেকি তোৰ?
তোৰ ৰুমতে আছে তোৰ অজলা বান্দৰটো ৷ বেচেৰাটোৱে এতিয়ালৈ কি হৈ আছে এইবোৰ ততকে পোৱা নাই ৷ মনৰ কথাবোৰ খুলি কৈ দেগৈ যা সোনকালে ৷
অনুৰাগৰ মাক-দেউতাকক চাহ খাওঁক বুলি কৈয়ে তাই দৌৰি নিজৰ ৰুম পালেগৈ ৷
পিছৰ পৰাই তাৰ পিঠিত ভুকুৱাই তাই কৈ উঠে?
:তই এবাৰো কিয় জানিবলৈ নিদিলি তোৰ মনৰ কথা?
:তই জানো দিছিলি?
:হ’ব দে ৷ অই গম পাইছনে মাহঁতে মোৰ বিয়া তোৰ লগত থিক কৰিছে?
:ভিতৰৰ পৰা সকলো শুনিলো মই ৷ লাজ লাগিছে নেকি তোৰ?
:তোৰ আগত লাজ কিয় কৰিম মই ৷ বহু বেছি ভালপাওঁ তোক অনুৰাগ ৷
:মইও তোক বহু বেছি ভালপাওঁ শ্ৰেয়া ৷
সময়ৰ সোঁতে মচিব নোৱাৰা এক চিৰসেউজীয়া অনুভৱ হৈ তোৰ বুকুত মই সদায়েই থাকি যাম ৷
তাই কেৱল অনুৰাগৰ মুখলৈ চাই ৰ’ল ৷
জোনাকৰ দৰে উজ্জ্বল হৈ পৰিছে আজি তাৰ চকুযুৰি ৷