ভাল নাগৰিক আৰু ভাল গ্ৰাহক
ৰেজাউল কৰিম

আপুনি ক’তো কোনো অন্যায় কৰা নাই। দুৰ্নীতি কৰা নাই।
চাকৰি কৰি থকা সময়ত কৰ্তব্যত ফাঁকি দিয়া নাই অথবা ব্যৱসায়ত কোনো অনীতিৰ আশ্ৰয় লোৱা নাই। আপোনাৰ কতো কোনো বিত্তীয় খেলিমেলি নাই। কেতিয়াও কোনো ঋণ লোৱা নাই। আপুনি কাহানিও কোনো অপৰাধ কৰা নাই। ইত্যাদি ইত্যাদি।
গতিকে আপুনি এজন ভাল নাগৰিক। ভাল নাগৰিক হিচাপে আপুনি চৰকাৰৰ পৰা কিছু কিছু ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব লাগে। আৰু যদি আপুনি জ্যেষ্ঠ নাগৰিক তেনেহলে সকলো ক্ষেত্ৰতেই কিবা নহয় কিবা এটা বিশেষাধিকাৰ পাব লাগে।
আপুনি যদি এনেদৰে ভাবি আছে তেনেহলে ভুল ভাবি আছে।
কাৰণ আপুনি যদি উল্লিখিত গুণৰ আধাৰত বেঙ্কৰ পৰা কিছুমান ক্ষেত্ৰত লোণ লব খোজে তেনেহলে এই গুণবোৰে আপোনাক কোনো সহায় নকৰে।
কাৰণ ভাৰতৰ ৰিজাৰ্ভ বেঙ্কৰ কাৰণে আপুনি লোণ লৈ সুবিধা গ্ৰহণ কৰিবলৈ ভাল নাগৰিক হোৱাতকৈ ভাল গ্ৰাহক হে হ’ব লাগিব। ভাল গ্ৰাহকৰ সংজ্ঞা ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰি থৈছে।
সেইমতে, আপুনি বেঙ্কৰ পৰা ধাৰ ঋণ লৈ ধৰুৱা হৈ থাকিব লাগিব। সময়ত ঋণ পৰিশোধ কৰি থাকিব লাগিব। ঋণ পৰিশোধৰ পাছত আকৌ ঋণ কৰিব লাগিব।
এনেদৰে তেখেতসকলৰ দৃষ্টিত আপুনি গুড বয় হৈ ভাল গ্ৰাহক হৈ থাকিলে ঋণৰ ক্ষেত্ৰত সুতৰ হাৰত ৰেহাই পোৱাৰ সম্ভাবনা থাকিব। এইটো হেনো দেশৰ সকলোৰে বাবে সমানে প্ৰযোজ্য।
আপুনি কিমান ভাল গ্ৰাহক সেইটো পৰীক্ষা কৰি তেওঁলোকে আপোনাক নম্বৰ দিব। এই নম্বৰ যিমান বেছি হব আপোনাৰ কাৰণে সিমানেই ভাল। ইয়াক কোৱা হয় চিভিল স্কোৰ।

আপোনাৰ চিভিল স্কোৰ যদি 750 বা তাৰ ওপৰত হয় তেনেহলে আপুনি ভাল গ্ৰাহক। আপুনি যদি ঋণ লৈ সময়ত পৰিশোধ কৰিব পৰা নাই বা কিবা অসুবিধাবশত কৰবাত ঋণৰ কিস্তি সময়মতে আদায় দিব পৰা নাই তেনেহলে আপুনি কম নম্বৰ পাব আৰু বেঙ্কে নিৰ্ধাৰণ কৰি দিয়া ন্যুনতম সুতৰ হাৰতকৈ বেছি হাৰৰ সুতত লোণ লব লাগিব পাৰে।
আপুনি যদি কেতিয়াও লোণ লোৱা নাই আৰু ভাবি আছে যে আপুনি কাৰো ওচৰত ঋণী নহৈ ভাল কাম কৰিছে তেনেহলে আপুনি এজন অতি বেয়া গ্ৰাহক। কাৰণ তেতিয়া আপোনাৰ চিভিল স্কোৰ শূন্য বা ঋণাত্মক হ’ব।

বেঙ্কে বিচাৰে আপুনি ধৰুৱা হৈ থাকক। ঋণ লৈ বিলাসিতা কৰক। দেশৰ অৰ্থনীতি টনকিয়াল কৰক। আপুনি ভাল গ্ৰাহক হওঁক।
এতিয়া আপুনি নিজেই বিচাৰি উলিয়াওক আপুনি ভাল নাগৰিক নে ভাল গ্ৰাহক!!

Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)