• অৰবিন্দ ৰাভা
কিছুমান বাতৰিয়ে আমাক আহ্লাদিত কৰে। যেনেঃ এভাৰেষ্টৰ শৃঙ্গ জয় কৰা অসম সন্তানৰ বিজয় অভিযান ( যদিও তেওঁলোকৰ নামবোৰ এতিয়া আমাৰ বহুতৰে মনত নাই), ড° জিতেন গোস্বামী আৰু চন্দ্ৰযানৰ বাতৰি, ৰীমা দাসৰ কেমেৰাৰ অনন্য যাত্ৰা, হিমা দাসৰ দৌৰ, লাভলীনাৰ ঘোচাই অসমলৈ পোনপ্ৰথমবাৰৰ বাবে লৈ অহা অলিম্পিক পদক,…. এইবোৰ বাতৰিয়ে যিদৰে মনৰ অভ্যন্তৰৰ কোনো অদৃশ্য তাঁৰত ৰোমাঞ্চকৰ আনন্দময় তৰংগৰ লহৰ সৃষ্টি কৰে, একেদৰেই অসমৰ দিগ্গজ কবি নীলমণি ফুকনক ২০২১ চনৰ ৫৬ তম জ্ঞানপীঠ বঁটা আগবঢ়োৱা বাতৰিটোৱেও একেধৰণৰ আনন্দময়তাৰ অনুভূতি কঢ়িয়াই আনিছে। ভাৰতবৰ্ষৰ ৰাজনৈতিক ট্ৰেক্টৰত উঠি অসমস্থ বহতীয়াই অসমৰ ভাষিক ক্ষেত্ৰখন বখলা-বখল কৰি সমগ্ৰ পৰিৱেশ – পৰিস্থিতি ধোঁৱাময় কৰি পেলোৱাৰ এক সন্ধিক্ষণত অসমীয়া সাহিত্যৰ, অসমীয়া কাব্যৰ বিজয়ধ্বজা উৰুৱাই এই মুলুকৰ শিৰোন্নত কৰা এই বাৰ্তা সচাকৈয়ে আনন্দময়। এতিয়াও পূৰ্বৰ গৰিমাৰ মোলান নপৰা জ্ঞানপীঠ বঁটা বিজয়ী অশীতিপৰ কবি নীলমণি ফুকনলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম। ১৯৭৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰু ২০০০ চনত ইন্দিৰা গোস্বামী ( মামণি ৰয়চম গোস্বামী)য়ে জ্ঞানপীঠ বঁটা লাভ কৰাৰ পিছত ২০২১ চনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা নীলমণি ফুকনৰ জন্ম হৈছিল ১৯৩৩ চনত দেৰগাঁওত। দেৰগাঁও হাইস্কুল, কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি তেওঁ ১৯৬৪ চনৰ পৰা গুৱাহাটীত আৰ্য বিদ্যাপীঠ বিদ্যালয়ত বিষয় শিক্ষক আৰু পিছলৈ আৰ্য মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হিচাপে অধ্যাপনা কৰি ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰিছিল। ১৯৬৩ চনত তেওঁৰ প্ৰথমখন কবিতা পুথি ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ প্ৰকাশ হৈছিল। তাৰপিছত বিভিন্ন সময়ত তেওঁৰ ‘নিৰ্জনতাৰ শব্দ আৰু কি নৈঃশব্দ’, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন, কবিতা, নৃত্যৰতা পৃথিৱী, সাগৰতলীৰ শংখ, অলপ আগতে আমি কি কথা পাতি আছিলো, আদি কাব্যগ্ৰন্থৰ উপৰিও অনুবাদ কৰা গ্ৰন্থ জাপানী কবিতা, গাৰ্থিয়া লৰ্কাৰ কবিতা আৰু অৰণ্যৰ গান আদি গ্ৰন্হ প্ৰকাশ পাইছিল। শাৰীৰিকভাৱে অসুস্থ হৈ বহুদিনৰে পৰা ঘৰৰ বাহিৰ নোহোৱা কবি নীলমণি ফুকন লক-ডাউনৰ পৰাই গণবিচ্ছিন্ন হৈ মানসিকভাবেও ভাৰাক্ৰান্ত হৈ আছে, বহুদিনৰ পৰা চকুৰ ৰোগত ভুগি তেওঁৰ পঢ়া-শুনাও বন্ধ হ’ল; আমি তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো আৰু তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।