ভাৰতক জনাৰ প্রয়াসত অসমীয়া ভাষাৰ গুৰুত্ব লাঘৱ কৰাটো প্রয়োজনীয় নেকি?
সঞ্জীৱ কুমাৰ নাথ
ভাৰতক জনাৰ প্রয়াসত অসমীয়া ভাষাৰ গুৰুত্ব লাঘৱ কৰাটো প্রয়োজনীয় নেকি?
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ২০২৪ চনৰ First Semester FYUGP VAC 1 প্রশ্ন কাকতখনৰ প্রশ্ন সমূহ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে আছে।
কিন্তু অসমীয়াত থকা প্রশ্ন দুই এটাৰ ভাষা মন কৰিলে ভাৱ হয় যে “Understanding India” নামৰ এই প্রশ্ন কাকতেৰে ভাৰতৰ বিষয়ে ছাত্র-ছাত্রীৰ জ্ঞানৰ উমান ল’বলৈ যাওঁতে অসমীয়া ভাষাৰ প্রয়োগৰ ক্ষেত্রত চৰম অসাৱধানতা প্রকাশ কৰা হৈছে।
ভাষাৰ ব্যৱহাৰৰ এনে অসাৱধানতাই ভাষাটোৰ প্রতি থকা দৃষ্টিভংগীৰো নমুনা উদঙাইছে যেন লাগে।
প্রশ্ন কাকতখনত ব্যৱহাৰ হোৱা অসমীয়াৰ নমুনা –
তলৰ যিকোনো তিনিটাৰ ওপৰত চমু টোকা লিখা……
ভাৰতীয় সংবিধানৰ সংঘাত্মক গঠন……….
ভাৰতীয় সংবিধানৰ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰা পাঁচটা দিশ লিখা…….
ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত উল্লিখিত পাঁচটা গুৰুত্বপূর্ণ আদর্শ লিখা…..
কাকতখনৰ দ্বিতীয় প্রশ্নটোত ছাত্র-ছাত্রীসকলক চমু টোকা লিখিবলৈ কিছুমান বিষয় দিয়া হৈছে। তাৰে এটা বিষয় ইংৰাজীত আছে এইদৰে –
2. (c) Sankardev of Assam as a Bhakti saint. (মহেশ্বৰ নেওগৰ দৰে পণ্ডিত সকলে ইংৰাজীত শংকৰদেৱৰ নামটো Sankaradeva বুলিহে বানান কৰে।)
অসমীয়াত এই প্রশ্ন আছে এইদৰে—
2. (c) অসমৰ শংকৰদেৱ এজন ভক্তি সাধু হিচাপে
অসমীয়া সংস্কৃতিৰ বিষয়ে বিশেষ একো ভু নৰখা এজন নেতাই হেনো এবাৰ এখন সভাত “শংকৰদেৱ বাবা কি জয়” বুলিছিল (আৰু আমাৰ অসমীয়া ভক্ত সকলে মুখ মেলি চাই আছিল)। অসমৰ বাহিৰৰ পৰা অহা এজন মানুহে বাৰু শংকৰদেৱক বাবাজী বুলি ভাবিলেই, কিন্তু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ এই প্রশ্ন কাকতৰ ভাষাৰ যি নমুনা (“শংকৰদেৱ এজন ভক্তি সাধু”) তাৰ ব্যাখ্যা কি হ’ব পাৰে?
প্রশ্ন কাকত খনৰ অন্য এটা প্রশ্ন ইংৰাজীত আছে এইদৰে—
4. (b) Trace the origin and growth of Sufism in India.
এই প্রশ্নৰ অসমীয়া দিয়া হৈছে এইদৰে—
4. (b) ভাৰতৰ সুফীবাদৰ উৎপত্তি আৰু বিকাশৰ ইতিহাসৰ অনুসৰণ কৰা।
বাক্য-গাঁঠনিৰ কথা (ভাৰতৰ সুফীবাদৰ/বিকাশৰ ইতিহাসৰ) আৰু বানানৰ কথা (সুফীবাদ) নকলেও, ইৰাজীত trace শব্দটো থকা বাবেই নভবা নিচিন্তাকৈ ইতিহাসৰ “অনুসৰণ” কৰিবলৈ দিয়া সকলে বাৰু কাক অনুকৰণ কৰি এনে ভাষা লিখিছে? “শংকৰদেৱ বাবা কি জয়” কোৱাসকলক নহয়তো?
(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.