• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 24, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

ভাৰতত উদ্বেগজনক হাৰত হ্ৰাস পাইছে বিদেশী মুদ্ৰাৰ সঞ্চয়

• ৰাঘৱ বসুমতাৰী

by Admin
April 19, 2022
in Economy
Reading Time: 1 min read
0
ভাৰতত উদ্বেগজনক হাৰত হ্ৰাস পাইছে বিদেশী মুদ্ৰাৰ সঞ্চয়
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

6 years of Demonetisation: A Satiric take on it

6 years of Demonetisation: A Satiric take on it

March 16, 2023
Does IIT always guarantee jobs, huge salary packages?

Does IIT always guarantee jobs, huge salary packages?

March 10, 2023
Rising Cylinder Prices in India

Rising Cylinder Prices in India

March 4, 2023

বিদেশী মুদ্ৰাৰ সঞ্চয়

ভাৰতৰ বিদেশী মুদ্ৰাৰ ভান্ডাৰ ( ফৰেইন এক্সচেঞ্জ, সংক্ষেপে ফোৰেক্স) উদ্বেগজনক হাৰত হ্ৰাস পাইছে। বিগত এমাহ ধৰি এই ভান্ডাৰ ক্ৰমান্বয়ে সংকুচিত হৈছে। মাৰ্চ মাহৰ শেষ সপ্তাহত নজীৰবিহীন ভাবে ভাৰতৰ বিদেশী মুদ্ৰাৰ ভান্ডাৰ সংকুচিত হৈ পৰিছে বুলি ৮ এপ্ৰিল তাৰিখ শুক্ৰবাৰে ভাৰতৰ ৰিজাৰ্ভ বেংকে বিবৃতিৰ জৰিয়তে জনাইছে। 

এটা সপ্তাহৰ ভিতৰতে ফোৰেক্সৰ পৰা হ্ৰাস পাইছে ১১.১৭৩ বিলিয়ন ডলাৰ (১১১৭ কোটি ৩০ লাখ)! ফলত বিদেশী মুদ্ৰাৰ সঞ্চয়ৰ পৰিমাণ সংকুচিত হৈ ৬০৬.৪৭৫ বিলিয়ন ( ৬০৬৪৭ কোটি ৫০ লাখ) ডলাৰ হৈ পৰিছে। মাৰ্চ মাহৰ অন্তিম শুক্ৰবাৰটো আছিল ২৫ তাৰিখ। সেইদিনা বিদেশী মুদ্ৰাৰ সঞ্চয় ২০৩ কোটি ডলাৰ কমি হৈ পৰে ৬১৭.৬৪৮ বিলিয়ন ( ৬১৭৬৪ কোটি ৮০ লাখ) ডলাৰ। 

১২ এপ্ৰিলৰ পূৰ্বৰ ৪ সপ্তাহৰ হিচাবত দেখা গৈছে বিদেশী মুদ্ৰাৰ সঞ্চয় হ্ৰাস পাইছে ২৭০০ কোটি ডলাৰ। টকাৰ হিচাবেৰে ২ লাখ কোটিতকৈও অধিক। ১৮ মাৰ্চৰ আগৰ শুক্ৰবাৰ আছিল ১১ মাৰ্চ। সেইদিনাও একে কোবে বিদেশী মুদ্ৰাৰ সঞ্চয় হ্ৰাস পাইছিল ৯৬০ কোটি ডলাৰ। ৰিজাৰ্ভ বেংকৰ সূত্ৰই জনোৱা অনুসৰি এপ্ৰিলৰ প্ৰথম সপ্তাহত বিদেশী মুদ্ৰাৰ সঞ্চয়ৰ পৰা খহনীয়া হৈছে পুনৰ ১০.৭২৭ বিলিয়ন (১০৭২ কোটি ৭০ লাখ) ডলাৰ! এই মুহুৰ্তত ভাৰতৰ ফোৰেক্স তহবিলত হ্ৰাস- বৃদ্ধি ডলাৰৰ উপৰিও অইন বিদেশী মুদ্ৰা , বিশেষকৈ ইউৰো, পাউণ্ড, ইয়েনৰ সৈতে টকাৰ মূল্যৰ তাৰতম্যৰ ওপৰতো নিৰ্ভৰ কৰে।

সমগ্ৰ বিশ্বতে কৰ’নাই কালৰূপ ধৰাৰ বহু আগতেই, ২০১৮ চনৰ ছেপ্তেম্বৰ মাহত হু হু কৈ সংকুচিত হৈ পৰিছিল ভাৰতৰ বিদেশী মুদ্ৰাৰ ভান্ডাৰ। কাৰণ, বিদেশৰ সৈতে অৰ্থনীতিৰ দৌৰত তাল মিলাব নোৱাৰি ফোৰেক্সৰ সঞ্চয় ভাঙি আমেৰিকান ডলাৰ বিক্ৰী কৰিবলৈ ধৰিছিল ৰিজাৰ্ভ বেংকে। গতিকে ২০১৮ চনত ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত ৪০০০০ কোটি ডলাৰৰ তললৈ নামি গৈছিল বিদেশী মুদ্ৰাৰ সঞ্চয়। 

ভাৰতৰ ৰিজাৰ্ভ বেংক আৰু ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ বিভিন্ন তথ্য চালি জাৰি চাই গম পোৱা গৈছে, ২০২১ চনৰ ছেপ্তেম্বৰ মাহত ভাৰতৰ ৰাজকোষত বিদেশী মুদ্ৰাৰ ভান্ডাৰত ৬৪২০০ কোটি ডলাৰ আছিল। মাত্ৰ ৫ মাহ পিছত, যেতিয়া ৫ খন ৰাজ্যত ভোটপৰ্ব চলিছিল – তেতিয়া বিদেশী মুদ্ৰাৰ ভান্ডৰ নামি আহে ৬৩১০০ কোটি ডলাৰলৈ। ১১ মাৰ্চ তাৰিখে, যিদিনা উত্তৰ প্ৰদেশৰ লগতে অইন ৪ খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল‌ প্ৰকাশ হয় – সেইদিনা বিদেশী মুদ্ৰাৰ ভান্ডাৰ পুনৰ সংকুচিত হৈ ৬২২০০ ডলাৰ হৈ পৰে। ৰিজাৰ্ভ বেংকৰ সূত্ৰই জনোৱা অনুসৰি, ১৩-১৮ মাৰ্চৰ ভিতৰত পুনৰ ১০০ কোটি ডলাৰ হ্ৰাস পায়। ১৮-২৫ মাৰ্চৰ ভিতৰত ফোৰেক্সৰ পৰা পুনৰ কমি যায় ২৬০ কোটি ডলাৰ। কেৱল সেয়াই নহয়, ভাৰতৰ সোণৰ সঞ্চয়ো সংকুচিত হৈছে। ১১ এপ্ৰিলৰ আগৰ সপ্তাহত ৫০ কোটি ৭০ লাখ ডলাৰৰ সোণ হ্ৰাস পাইছে! বৰ্তমান যি পৰিমাণৰ সোণ ৰাজকোষত আছে, তাৰ পৰিমাণ হ’ল ৪২.৭৩৪ বিলিয়ন ডলাৰ। 

বিদেশী মুদ্ৰাৰ সঞ্চয় হ্ৰাস, সোণৰ সঞ্চয় হ্ৰাস আদিৰ উপৰিও ভাৰত চৰকাৰৰ মূৰত সামগ্ৰিকভাবে ঋণ আছে ১০৭ লাখ কোটি টকা। ইয়াৰে আভ্যন্তৰীণ ঋণ হ’ল ১০০ লাখ কোটি টকা। ইয়াৰোপৰি আছে বিদেশী ঋণ – যি বিপুল পৰিমাণৰ ঋণ বিভিন্ন চৰ্তত আই-এম-এফ, বিশ্ব বেংক, বিদেশী ৰাষ্ট্ৰৰ পৰা লোৱা হৈছিল। বিদেশী ঋণৰ কিস্তিও ডলাৰ, পাউন্ড, ইউৰো আদিৰে পৰিশোধ কৰিব লাগে। সাতে পাচে, ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি মুথেও সুখকৰ নহয়! আগন্তুক দিনবোৰত কি দেখা যায়, নেদেখা জনেহে জানিব!
১৮-০৪-২০২২

( Image with heading: www.business-standard.com]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

6 years of Demonetisation: A Satiric take on it
Economy

6 years of Demonetisation: A Satiric take on it

by Admin
March 16, 2023
0

6 years of Demonetisation KAKALI DAS 6 years of demonetisation – a historic moment in time. The announcement still give...

Read more
Does IIT always guarantee jobs, huge salary packages?

Does IIT always guarantee jobs, huge salary packages?

March 10, 2023
Rising Cylinder Prices in India

Rising Cylinder Prices in India

March 4, 2023
Cylinder Price Hike Sparks Concerns Among Consumers!

Cylinder Price Hike Sparks Concerns Among Consumers!

March 2, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

March 1, 2023
Can Adani ever overcome this Hindenburg disaster?

Can Adani ever overcome this Hindenburg disaster?

March 1, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
woman crossing on bridge

ইক’থেৰাপি

March 23, 2023
london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
Paper Leak in Recruitment Exams in the Country!

Paper Leak in Recruitment Exams in the Country!

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    772 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: