বেংক জালিয়াতি
কাকলি দাস
১.৭ লাখ টকাৰ আত্মসাৎ কৰাৰ অভিযোগত গুৱাহাটীত আটক কৰা হ’ল স্বয়ং মহিলা বেংকাৰক!
‘এইচ ডি এফ চি এ টি এম কাৰ্ড’ ব্যৱহাৰ কৰি এগৰাকী মহিলা গ্ৰাহকৰ একাউণ্টৰ পৰা ১.৭৫ লাখ টকাৰ নগদ ধন আত্মসাৎ কৰাৰ অভিযোগত মঙলবাৰে ( ৬ ছেপ্তেম্বৰ, ২০২২) মহানগৰী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ ইপ্তিছুন হক চৌধুৰী।
২০২২ চনৰ ২৬ জুনত জু ৰোড তিনিআলিৰ এটা এইচ ডি এফ চি বেংকৰ এ টি এম কিয়স্কত সংঘটিত হৈছিল এই ঘটনা।
গীতানগৰ আৰক্ষী থানাতো গোচৰ ৰুজু কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে।
চিচিটিভিৰ ফুটেজত প্ৰকাশ পাইছে যে বগা টুপী আৰু নীলা টি-চাৰ্ট পিন্ধা এগৰাকী মহিলাই এটিএমৰ জৰিয়তে নগদ ধন উলিয়াইছিল ।
যদিও অভিযোগকাৰীয়ে দাবী কৰিছিল যে তেওঁ নাজানে যে তেওঁৰ এটিএমৰ পৰা ধন উলিওৱাৰ বাবে কি পদ্ধতি ব্যৱহাৰ কৰা হৈছে, কিন্তু তদন্ত আৰু চিচিটিভিৰ ফুটেজৰ সময়ত স্পষ্ট হৈ পৰিছিল যে এটিএম কাৰ্ড ব্যৱহাৰ কৰি ধনখিনি ডেবিট কৰা হৈছে।
দৰং জিলাৰ অন্তৰ্গত মঙলদৈৰ বাসিন্দা ইপ্তিছুন হোক চৌধুৰী এতিয়া গুৱাহাটী আৰক্ষীৰ জিম্মাত আছে।

ইফালে, গুৱাহাটীত মহানগৰ আৰক্ষীয়ে তেওঁৰ ভাড়াঘৰত অভিযান চলাই ১০খন এটিএম কাৰ্ড, ৬খন নতুন এটিএম কাৰ্ড, চেকবুক আদি নথি-পত্ৰ জব্দ কৰে বুলি জনা গৈছে।
আমাৰ গুৱাহাটীতেই হৈছে এনে ঘটনা! এতিয়া অলপ আতৰলৈ ব’লক।
ছিংগাপুৰত অ’চিবিচি বেংকৰ সৈতে জড়িত প্ৰৱঞ্চকক অলপতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অজ্ঞানীসকলৰ বাবে এইটো এটা ‘এছএমএছ ফিছিং কেলেংকাৰী’ – যিয়ে অ’চিবিচি বেংকৰ গ্ৰাহকক লক্ষ্য কৰি লৈছিল; আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ২০ লাখ ছিঙ্গাপুৰ ডলাৰ পৰিমাণৰ ভুক্তভোগীৰ ধন। এছএমএছ ফিছিঙৰ জৰিয়তে ভয়ংকৰ ৰূপ লোৱা কেলেংকাৰীৰ বাবে প্ৰায় ৮০০ অ’চিবিচি গ্ৰাহকে মুঠ ১৩.৭ মিলিয়ন এছ ডলাৰ হেৰুৱাইছিল। এইটোও কি বেংকৰ জালিয়াতি আছিল নেকি? আৰু আমি কেনেকৈ সাৱধান হ’ব পাৰোঁ? দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ মাজত ই অধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷
বেংকৰ জালিয়াতি দিনক দিনে কিয় আৰু কেনেকৈ বৃদ্ধি পাইছে সেইটো ‘ডিকোড’ কৰিবলৈ চেষ্টা কৰোঁ আহক। কাৰণ অদূৰ ভৱিষ্যতে এটা ‘ক্লিক’ কৰিলে আপোনাৰ বহুত ধন নোহোৱা হৈ যাব পাৰে!

ফিচিং
২০২১ চনৰ ডিচেম্বৰ মাহত অভাৰচিজ-চাইনীজ বেংকিং কৰ্পৰেশ্যনৰ প্ৰায় ৫০০ ব্যৱহাৰকাৰী প্ৰৱঞ্চনাৰ বলি হৈছিল। অন্ততঃ ৮৫ লাখ ডলাৰ লোকচান হৈছিল। কেনেকৈ হ’ল এই প্ৰৱঞ্চনা? গ্ৰাহকসকলে এটা বাৰ্তা লাভ কৰিছিল যে তেওঁলোকৰ একাউণ্ট স্থগিত ৰখা হ’ব পাৰে, যদিহে তেওঁলোকে কোনো নিৰ্দিষ্ট লিংকত ক্লিক নকৰে। প্ৰেৰকৰ ঠিকনাটো প্ৰকৃত যেন লাগে আৰু সেয়েহে মানুহে ইচ্ছাকৃতভাৱে ‘ক্লিক’ কৰে। এটা ৱেবচাইট খোল খায় আৰু তাৰ পিছত দেখা সকলোবোৰ কৰ্ম বৈধ যেন অনুভৱ হয়। তেওঁলোকে( কেলেংকাৰী কৰ্তা) নেট বেংকিং ডিটেইলছ বিচাৰে আৰু তথ্য পোৱাৰ পিছত এই তথ্যৰ অপব্যৱহাৰ কৰে। অলপ পিছতে আপোনাৰ সঞ্চয় শূন্যলৈ নামি যায়। ইয়াক ‘ফিছিং কেলেংকাৰী’ বোলা হয়। ইয়াত আপোনাৰ বুদ্ধিমত্তাক ঠগিবলৈ ‘লিংক’ থকা এটা আপাত দৃষ্টিত প্ৰকৃততে বৈধ যেন লগা বাৰ্তা ‘পপ আপ’ হয়।
কোভিড মহামাৰীৰ মাজতে বৃদ্ধি পালে ফিছিং কেলেংকাৰী। মেছেজত থকা লিংকবোৰ যেনে: KYC expire, car expire, vaccine booking আদি, ইতিমধ্যে ‘নাৰ্ভাছ’ মানুহৰ সুবিধা লৈ এই বেংক কেলেংকাৰীবোৰ কৰা হয়।

২০২১ চনত এটা প্ৰতিবেদন অনুসৰি ৮৩ হাজাৰতকৈ অধিক বেংক জালিয়াতিৰ দৃষ্টান্ত সংঘটিত হৈছিল, আৰু ২৫ বিলিয়ন ডলাৰ (১.৩৮ ট্ৰিলিয়ন ভাৰতীয় টকা) ‘ছাইফন’ কৰি হেৰুৱাই পেলোৱা ধনৰ মাত্ৰ ১ শতাংশতকৈও কম ধন আদায় কৰা হৈছিল। গতিকে, ‘ডিজিটেল ইণ্ডিয়া’ত আমি সাৱধান হ’ব লাগিব – কাৰণ প্ৰৱঞ্চকৰো সংখ্যা বৃদ্ধি পাইছে।
কেলেংকাৰীকাৰীয়ে ব্যৱহাৰ কৰা আন এটা পদ্ধতি হ’ল – উদাহৰণস্বৰূপে, যদি কোনো গ্ৰাহকে ১০০ টকাৰ বস্তু ক্ৰয় কৰে, তেন্তে আপুনি, বিক্ৰেতাই ২০০ টকা লাভ কৰা এটা বাৰ্তা দেখিছে। তেতিয়া গ্ৰাহকে আপোনাক ১০০ টকা ঘূৰাই দিবলৈ কয়। সেই টকা ঘূৰাই দিবলৈ চেষ্টা কৰাত আপোনাৰ সকলো সঞ্চিত ধন চুৰি হৈ যায়।
কেনেকৈ সাৱধান হ’ব? ‘http’ এৰক আৰু ‘https’ বিচাৰক, সুৰক্ষাৰ বাবে। আপোনাৰ ফোন আৰু কম্পিউটাৰত সদায় এন্টি-ভাইৰাছ ইনষ্টল কৰি ৰাখক। বাৰ্তাটোত বানান বা ব্যাকৰণৰ ভুল আছে নে নাই পৰীক্ষা কৰক। অৰ্থাৎ ‘ফিছিং’ বাৰ্তাটো পঢ়ি থাকোঁতে সজাগ হৈ থাকক।
আৰু কি কি কৰিব পাৰি, ধৰা পৰিলে?

লিংক (তলত), চাইবাৰ অপৰাধৰ ৰিপৰ্ট দিয়াৰ বাবে দিয়া হৈছে, আপুনি কি হৈছিল তাৰ হিচাপ ৰাখিব পাৰে। যদি আপোনাৰ ভাগ্য ভাল, তেন্তে সেই হেৰুৱা ধনখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।
ভুৱা গ্ৰাহক সেৱা নম্বৰ
বহু সময়ত ৱেবছাইটত কাষ্টমাৰ কেয়াৰ নম্বৰৰ কথা ভুলকৈ কোৱা হয়। গতিকে, যেতিয়া আপুনি ফোন কৰে, তেতিয়া স্পৰ্শকাতৰ তথ্য শ্বেয়াৰ কৰাৰ পিছত আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডত চাৰ্জ লোৱা হ’ব পাৰে। সেইবাবেই, প্ৰতিটো বেংকে নিজৰ অফিচিয়েল ৱেবছাইট ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। যদি, প্ৰৱঞ্চনা হয়, তেন্তে চাইবাৰক্ৰাইম চাইটত ৰিপৰ্ট কৰক।
ভুৱা কল জালিয়াতি
পৰৱৰ্তী পদ্ধতিটো হ’ল সাধাৰণতে ব্যৱহৃত পদ্ধতি: এটা ভুৱা কল। সৰ্বাধিক কলে দাবী কৰে যে আপুনি গাড়ী, লটাৰী বা ‘কেবিচি’ত প্ৰৱেশ লাভ কৰিছে। কিন্তু যদি আপুনি আগবাঢ়িব বিচাৰে তেন্তে ফোন কৰাজনে প্ৰথমে টকা বিচাৰিব। হোজা মানুহ ফান্দত পৰে আৰু কেলেংকাৰীকৰ্তাই আপোনাৰ একাউণ্টত প্ৰৱেশ কৰিবলৈ সকলো প্ৰয়োজনীয় তথ্য চুৰি কৰে।
আৰু পৰিৱৰ্তিত সময়ৰ লগে লগে প্ৰৱঞ্চকসকলে নতুন নতুন পদ্ধতি অৱলম্বন কৰি থাকে। যদি আপুনি কোনো টেলিকম অপাৰেটৰৰ পৰা ফোন পায়, যে ‘পেণ্ডিং বিল’ৰ বাবে আপোনাৰ চিম কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব, তেন্তে আপুনি তেওঁক বিশ্বাস কৰিবনে?
যদি বিশ্বাস কৰে, তেন্তে আপোনাক ২০-৩০ টকা পঠিয়াই পুনৰ সক্ৰিয় কৰিবলৈ পৰামৰ্শ দিয়া হয় আৰু এটা লিংক শ্বেয়াৰ কৰা হয়। কিন্তু তাৰ পিছত লিংকটোত ক্লিক কৰাৰ পিছত আপুনি আৱিষ্কাৰ কৰে যে আপোনাৰ একাউণ্টৰ পৰা ২০০০০ বা ৩০০০০ টকা চুৰি হৈছে। এনে আহ্বান চেৰিটিৰ পৰাও আহিব পাৰে আৰু আপুনি, হোজা ব্যক্তি বাবে, লিংকটো ক্লিক কৰি আপোনাৰ সঞ্চয়ৰ ধন অদৃশ্য কৰি পেলাওক।

KYC আপডেট বিফলতাৰ বাৰ্তাসমূহেও কেলেংকাৰীসমূহ কৰে, আপোনাৰ কাৰ্ডৰ তথ্য বিচাৰে। প্ৰৱঞ্চকসকলে আয়কৰ বিভাগৰ পৰা ফোন কৰাৰো অভিনয় কৰিব পাৰে। অইন পদ্ধতিৰ দৰেই বেংকৰ ডিটেইলছ বিচৰা হ’ব পাৰে। এতিয়া ‘বুষ্টাৰ ড’জ’ৰ নামত জ্যেষ্ঠ নাগৰিকৰ সৈতেও সংঘটিত হৈছে প্ৰৱঞ্চনা।
ইয়াৰ সমাধান কি? ফোন বা মেছেজ কৰাজনৰ সৈতে কেতিয়াও OTP বা CVV ৰ দৰে কোনো প্ৰমাণপত্ৰ শ্বেয়াৰ নকৰিব।
দিনৰ পোহৰতেই এটাৰ পিছত আন এটা প্ৰৱঞ্চনা হৈ থাকে আৰু আপুনি গমকেই নাপায়। মুদ্ৰাস্ফীতিৰ বাবে বেংক একাউণ্টত থকা ধনৰ মূল্য হ্ৰাস পায়। বজাৰবোৰ অস্থিৰ, ষ্টকবোৰ এৰাব নোৱাৰাকৈ উত্থান ঘটে আৰু তললৈ নামে।
ঋণ জালিয়াতি
আমি সৰু সৰু ঋণ পাবলৈ বহু পৰ্যায়ৰ মাজেৰে পাৰ হৈ যাওঁ, কিন্তু উচ্চ ‘নেট ৱৰ্থ’ৰ ব্যক্তিয়ে তৎক্ষণাত ঋণ পাব পাৰে। এতিয়া মানুহ তৎক্ষণাত ‘লোন এপ’ৰ প্ৰতিও আকৰ্ষিত হৈছে। কিন্তু, এনে ১১০০টা এপৰ ভিতৰত আধাতকৈ অধিক অবৈধভাৱে চলোৱা হয়। ভাৰতত চলি থকা ৬০০টা অবৈধ ঋণ প্ৰদানৰ ‘এপ’ বিচাৰি উলিয়াইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই।

লোন ‘এপ’ কেনেকৈ অবৈধ?
• প্ৰিপেইমেণ্ট মাচুল অত্যাধিক, প্ৰচেছিং মাচুল, বা প্ৰি-ক্লজাৰ মাচুল অত্যাধিক। এই ঋণ এপসমূহৰ সুতৰ হাৰ ব্যয়বহুল; ঋণৰ ফান্দৰ আশংকা আছে।
• স্পৰ্শকাতৰ তথ্য আহৰণ কৰা ফন্দি। এই এপসমূহে স্পৰ্শকাতৰ তথ্যও আহৰণ কৰে, আপুনি ঋণ লাভ কৰক বা নকৰক।
• ঋণদাতাই আপোনাৰ ‘পেমেণ্ট হিষ্ট্ৰী’ৰ প্ৰতি চিন্তিত নহয়। কিছুমানে অভিযোগ কৰিছিল যে ঋণ অনুমোদন কৰা হৈছে, কিন্তু ধন জমা কৰা হোৱা নাই। তথাপিও তেওঁলোকে ‘ই এম আই’ দিব লাগিব।
গতিকে, সদয়ভাৱে এই নতুন যুগৰ ‘এপ’বোৰৰ পৰা সাৱধান হওক। প্ৰৱঞ্চনাৰ ক্ষেত্ৰত চাইবাৰ ক্ৰাইম আৰু ‘আৰ বি আই'(ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া)ত ৰিপৰ্ট দিব লাগিব। চীনৰ সৈতে জড়িত এপসমূহ এনে ব্যৱসায়ত জড়িত আছিল আৰু এতিয়া চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
ভুৱা হোৱাটছএপ ভিডিঅ’ কল

মহামাৰীৰ মাজতে নতুন পথ বিচাৰি পালে প্ৰৱঞ্চকসকলে। আপুনি অজ্ঞাত নম্বৰৰ পৰা এটা ভিডিঅ’ কল লাভ কৰে। যদি আপুনি নিজে অকলশৰীয়া, আপুনি ইয়াক গ্ৰহণ কৰে আৰু পৰ্দাত নগ্ন ছবি ‘পপ’ কৰে। আপোনাৰ ভিডিঅ’ কল ৰেকৰ্ড হৈ যায় আৰু প্ৰৱঞ্চকসকলে ব্লেকমেইল কৰি ধন দাবী কৰে। কিছুমান ক্ষেত্ৰত ইয়াক এনেদৰে চিত্ৰিত কৰা হয় যেন আপুনি সহায়ৰ বাবে কান্দিছে (SOS), ছ’চিয়েল মিডিয়াত। গতিকে, অজ্ঞাত নম্বৰৰ বা সংখ্যাৰ পৰা আঁতৰি থাকক।
আটাইতকৈ বেয়া পৰিস্থিতিত আপুনি বিবেচনা কৰিব পাৰেঃ
• আপোনাৰ ছ’চিয়েল মিডিয়া ব্লক কৰা।
• ভুৱা বাৰ্তাৰ বিষয়ে আগতীয়াকৈ আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে যোগাযোগ কৰক।
বিনিয়োগ জালিয়াতি
কেৱল বেংকৰ ধনেই নহয়, প্ৰৱঞ্চকসকলেও আপোনাক পলিচি বা মিউচুৱেল ফাণ্ডৰ বিনিয়োগ চুৰি কৰিবলৈ ঠগিব পাৰে। আপোনাৰ পেন কাৰ্ডৰ সবিশেষ লাভ কৰি প্ৰৱঞ্চকে আপোনাৰ বিনিয়োগৰ সুবিধা লাভ কৰিব পাৰে। কাৰণ, আপোনাৰ চহী পেন কাৰ্ডত আছে, ইয়াক জাল কৰিব পাৰি।
ঋণ কেলেংকাৰীৰ পৰা নিজকে প্ৰতিৰোধ কৰকঃ
• নিয়মীয়াকৈ আপোনাৰ বিনিয়োগ পৰীক্ষা কৰক।
• আপোনাৰ PAN আৰু অইন তথ্যৰ সবিশেষ যধেমধে শ্বেয়াৰ নকৰিব।
• কেলেংকাৰীৰ ক্ষেত্ৰত – আপুনি বিনিয়োগ কৰা কোম্পানীটোৰ সৈতে যোগাযোগ কৰক।
NFC জালিয়াতি

শেষত, নতুন ক্ৰেডিট বা ডেবিট কাৰ্ডত যোগাযোগ কম বৈশিষ্ট্য সক্ষম কৰা হৈছে, বা, নিয়াৰ ফিল্ড কমিউনিকেচন (NFC)। এতিয়া আপুনি কাৰ্ডখন চুইপ নকৰাকৈ ব্যৱহাৰ কৰিব পাৰিব। ইয়াক পিনৰ প্ৰয়োজন নাই, আৰু সেয়েহে, এই লেনদেনৰ পদ্ধতিৰ বাবে সীমা ৫,০০০ টকা। কিছুমান কেলেংকাৰীকাৰীয়ে ৰিচিভাৰ তৈয়াৰ কৰি কাৰ্ডৰ ওচৰলৈ আনে। NFC পদ্ধতি সাধাৰণতে সুৰক্ষিত, কিন্তু এই কেলেংকাৰী এটা সম্ভাৱনা। গতিকে, কাৰ্ড মুকলি ঠাইত ৰাখিব নালাগে।
সাৱধানতা অৱলম্বন কৰি সজাগ হ’লেও কেতিয়াবা প্ৰৱঞ্চনাও হ’ব পাৰে।
মনত ৰাখিবলগীয়া কথাবোৰ
কেতিয়াও কাৰো লগত OTP শ্বেয়াৰ নকৰিব।
সদায় a/c পেয়ী চেক প্ৰদান কৰক।
আপোনাৰ কাৰ্ডবোৰ ধাতুৰ কেছ হোল্ডাৰত সুৰক্ষিতভাৱে ৰাখক।
অজ্ঞাত নম্বৰৰ পৰা অহা ভিডিঅ’ কলৰ উত্তৰ কেতিয়াও নিদিব।
বৈধ বেংক/ এনবিএফচিৰ পৰা ঋণ আবেদন কৰা।
নিয়মিতভাৱে আপোনাৰ বিনিয়োগ/একাউণ্ট লেনদেন পৰীক্ষা কৰক।
কেৱল নিজ নিজ কোম্পানী ৱেবছাইটৰ পৰা গ্ৰাহক সেৱা নম্বৰ।
আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰক, প্ৰৱঞ্চনাৰ ক্ষেত্ৰত। আপুনি RBI ৰ সৈতেও যোগাযোগ কৰিব পাৰে (তলৰ ৱেবচাইটটোৰ লিংক)।
লিংক – https://www.rbi.org.in/Scripts/অভিযোগ.aspx
[কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা]
(Images from different sources)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)