ভাৰতত ‘চিঙ্গল ইউজ’ প্লাস্টিক নিষিদ্ধ হ’ব
অৰবিন্দ ৰাভা
আগন্তুক জুলাই মাহৰ ১ তাৰিখৰ পৰা ‘চিঙ্গল ইউজ’ বা ‘এবাৰ ব্যৱহাৰযোগ্য’ প্লাস্টিক তথা তেনে প্লাস্টিকৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে।
এই সংক্ৰান্তত এখন বিজ্ঞপ্তি জাৰি কৰি নিষেধাজ্ঞাৰ সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে।
ইয়াৰে লগতে ৫০ মাইক্ৰ’নৰ সলনি ১২০ মাইক্ৰ’ন ঘনত্বযুক্ত পলিথিনৰ বেগ ব্যৱহাৰ কৰিব লাগিব বুলিও সেই বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা হৈছে।
বিজ্ঞপ্তি অনুসৰি ১ জুলাইৰ পৰা মাথোন এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাস্টিক তথা তেনে প্লাস্টিকৰ দ্বাৰা তৈয়াৰ কৰা কাপ-প্লেট, কাঁটা চামুচ, মিঠাই বা চিগাৰেটৰ পেকেটৰ বাহ্যিক আৱৰণৰ লগতে পলিস্টাইৰিন, এক্সপান্ডেড পলিস্টাইৰিনৰ আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।
এই সময়ত ৫০ মাইক্ৰনৰ কম ঘনত্বযুক্ত প্লাস্টিকৰ বেগৰ ব্যৱহাৰ ভাৰতত নিষিদ্ধ, কিন্তু এই বছৰতেই ৩০ ছেপ্তেম্বৰৰ পৰা ৫০ মাইক্ৰনৰ পৰা বৃদ্ধি কৰি পলিথিন বেগৰ ঘনত্ব ৭৫ কৰা হ’ব বুলি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আগতেই জনাই দিছিল।
যদিও বিজ্ঞপ্তিৰে এয়া জনোৱা হৈছে যে যিবোৰ প্লাস্টিকৰ কেৰিবেগ কোনোপ্ৰকাৰে পুনৰাই ব্যৱহাৰ কৰিব পাৰি, সেইবোৰৰ ক্ষেত্ৰত এনে ঘনত্বৰ নিয়ম মান্য কৰাৰ প্ৰয়োজন নাই।
যধে মধে প্লাস্টিকৰ ব্যৱহাৰৰ ফলত সমগ্ৰ ভাৰততে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে আৰু সমগ্ৰ বিশ্বতে এতিয়া সৰ্বাধিক প্ৰদূষিত হিচাপে ভাৰতৰ স্থান একেবাৰে শীৰ্ষত উঠিছে। গুৱাহাটী মহানগৰকে ধৰি অসমৰ বিভিন্ন নগৰ সমূহতো কৃত্ৰিম বানৰ বাবে প্ৰধানতঃ দায়ী হ’ল পেলনীয়া প্লাস্টিক।
পৰিৱেশ মন্ত্ৰালয়ে জনাইছে, ভাৰতজুৰি প্ৰায় ৪০% প্লাস্টিকৰ বৰ্জ্য সংগ্ৰহেই নহয়। সেই বৰ্জ্য জ্বলাই বা অইনপ্ৰকাৰে নষ্ট কৰিবলৈ গ’লে বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ে।
তাৰোপৰি প্লাস্টিকৰ বৰ্জ্যই পৰিলেশৰ ভয়াবহ ক্ষতি কৰাৰ লগতে নদ- নদী, সাগৰ – মহাসাগৰ, এভাৰেষ্টৰ শিখৰ পৰ্যন্ত ক্ষতিগ্ৰস্ত কৰিছে।
![ভাৰতত 'চিঙ্গল ইউজ' প্লাস্টিক নিষিদ্ধ হ'বঃ ১ জুলাইৰ পৰা 2 প্লাস্টিক](https://i0.wp.com/mahabahu.com/wp-content/uploads/2022/05/plastic.jpg?resize=379%2C313&ssl=1)
পৰিৱেশবিদ সকলৰ মতে, কম মাইক্ৰনৰ প্লাস্টিকে ভূমিকো ক্ষতিগ্ৰস্ত কৰিছে। কাৰণ এনে বেগ পেলাই দিয়া হয় যদিও সেইবোৰ মাটিৰ সৈতে মিলি যাব নোৱাৰে, নগলে, আৰু সেইবাবে নষ্ট হয় মাটিৰ উৰ্বৰতা।
![ভাৰতত 'চিঙ্গল ইউজ' প্লাস্টিক নিষিদ্ধ হ'বঃ ১ জুলাইৰ পৰা 3 প্লাস্টিক](https://i0.wp.com/mahabahu.com/wp-content/uploads/2022/05/plastic1.jpg?resize=432%2C268&ssl=1)
এই বিজ্ঞপ্তি অনুসৰি নিষিদ্ধ প্লাস্টিক গ্ৰাহকক দিলে দোকানীয়ে ৫০০/- টকা জৰিমনা ভৰিব লাগিব। গ্ৰাহককো ৰেহাই দিয়া নহ’ব। গ্ৰাহকৰ জৰিমনা হ’ব ৫০/- টকা। ইতিমধ্যে দাৰ্জিলিং আৰু গেংটকত প্লাস্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এতিয়া ১ জুলাইৰ পিছত সমগ্ৰ ভাৰতত নিষিদ্ধ হ’ব ‘চিঙ্গল ইউজ’ প্লাস্টিক।
20-05-2022 [ Headline image:www.businesstoday.in ]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.