ভাৰতত ধৰ্মীয় উগ্ৰবাদ
কাকলি দাস
দুয়োজন ৰিয়াজ আৰু গৌজ মহম্মদ ইছলামিক উগ্ৰপন্থী, যিয়ে নিজৰ ধৰ্মৰ ‘গৌৰৱ’ উদ্ধাৰ কৰিব বিচাৰিছিল। সেয়া কৰিব বিচাৰিছিল- ছ’চিয়েল মিডিয়াত নুপুৰ শৰ্মাক সমৰ্থন কৰা এজন স্থানীয় দৰ্জীৰ মূৰটো কাটি।
ইয়াত উত্থাপিত প্ৰাৰম্ভিক প্ৰশ্নটো – অনলাইনত কাৰোবাক মুকলিকৈ সমৰ্থন কৰাটোৱেই হ’ব পাৰেনে হত্যাৰ কাৰণ? কেৱল সেয়াই নহয় ইয়াৰ এটা ভিডিঅ’ মুকলি কৰি আনকি অন্ধ ধৰ্মীয় বিশ্বাসৰ এক গুৰুতৰ সমস্যাৰ প্ৰশ্নটোও ৰিয়াজ আৰু গৌজ মহম্মদে প্ৰমাণ কৰিছে। উগ্ৰবাদৰ এক নতুন অভিলেখ গঢ়িছে।
এতিয়া, এই ভাইৰেল ভিডিঅ’টো যে ভৱিষ্যতে অন্য ধৰ্মীয় আৱেগক ইন্ধন যোগোৱাৰ বাবেও ব্যৱহাৰ কৰা হ’ব তাত কোনো সন্দেহ নাই। এই বৰ্বৰ ভিডিঅ’টো আগন্তুক বছৰবোৰলৈ উগ্ৰবাদৰ প্ৰৰোচনা কৰি দেখুওৱা হ’ব।
ভাৰতত ধৰ্মীয় উগ্ৰবাদৰ জুই কেনেকৈ নুমুৱাব পাৰি? আহকচোন ইয়াৰ বিষয়ে জানি লওঁ৷
আৰক্ষীৰ তদন্তত দেখা গৈছে যে সন্ত্ৰাসবাদী দুজনৰ সৈতে পাকিস্তানৰ দাৱাট-ই-ইছলামীৰ সম্পৰ্ক আছিল। ইয়াৰে এজন পাকিস্তানলৈ গৈছিল আৰু সম্ভৱতঃ তাত ধৰ্মীয় শিক্ষা আৰু ধৰ্মীয় সাহিত্যৰে উগ্ৰপন্থী হৈ পৰিছিল। দুয়োজন অতি ৰক্ষণশীল বুলি কোৱা হৈছে।
১৭ জুনত ৰিয়াজে হজৰত মহম্মদক অসন্মান কৰা কোনো লোকৰ মূৰ কাটি পেলোৱাৰ ভাবুকি দিছিল। আনকি আনৰো কাষ চাপিছিল একে কাম কৰিবলৈ। দুখৰ বিষয় যে ভিডিঅ’ নিৰ্মাতাজনৰ খবৰ পোৱা নগ’ল।
পূৰ্বৰ ভিডিঅ’টো মুকলি কৰাৰ ১২ দিনৰ পিছত তেওঁ ভাবুকিসমূহ বাস্তৱায়িত কৰে, লগতে দোকানখনত কানহাইয়া লালক আক্ৰমণ কৰাৰ ভিডিঅ’ও ৰেকৰ্ড কৰে। ফেচবুকত কানহাইয়াক কৰা বিতৰ্কিত পোষ্টটোৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ আৰু জামিনৰ পিছত কানহাইয়াই ভাবুকিৰ দিশটো আঙুলিয়াই দিয়াৰ বাবে আৰক্ষীৰ পৰা নিৰাপত্তা বিচাৰিছিল। আৰক্ষীয়ে চিৰাচৰিত ভাবে গুৰুত্বসহকাৰে লোৱা নাছিল।
নাজিমৰ কথা (অভিযোগত নাম উল্লেখ কৰা হৈছে) আৰু আৰক্ষীয়ে ভাবিছিল যে বিষয়টো নিষ্পত্তি হৈছে। দেশত ধৰ্মীয় উগ্ৰবাদৰ মাত্ৰাক আৰক্ষীয়ে তুচ্ছজ্ঞান কৰিছিল। ৰিয়াজ আৰু গৌজ মহম্মদে, সুযোগ পোৱাৰ লগে লগে ক’ব নোৱাৰা কামটো কৰিলে। এতিয়া নাজিমৰ ভূমিকাৰ তদন্ত চলি আছে৷
এই ঘটনাই উগ্ৰবাদৰ ক্ৰমবৰ্ধমান ধাৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বৰ্বৰ মূৰ কাটি পেলোৱাৰ ভিডিঅ’ আৰু হত্যাকাণ্ডৰ কথা ঘোষণা কৰা ফ’ল’ আপ ভিডিঅ’টোৱে আইছিছে সন্ত্ৰাস আৰু ভয় বিয়পোৱাৰ চেষ্টা চলোৱাৰ প্ৰতিফলন ঘটাইছিল।
কোনো উন্নত অস্ত্ৰ-শস্ত্ৰ বা পৰিকল্পনা নাই; মাত্ৰ অশিক্ষিত, নিবনুৱা ব্যক্তিক ধৰি ৰাখি আৰু তেওঁলোকক মূললৈকে উগ্ৰপন্থী কৰি তোলাটোৱেই মূল কাম। ফ্ৰান্সতো অকলশৰীয়াকৈ কৰা আক্ৰমণ সাধাৰণ হৈ পৰিল। উগ্ৰপন্থী পুনৰ ডাৱাট-ই-ইছলামীৰ সৈতে জড়িত হৈ পৰিল। এইটো এটা স্পষ্ট বিশ্বব্যাপী আৰ্হি, যিটো এতিয়া ভাৰতত স্পষ্ট হৈ পৰিছে। এইটো চিন্তনীয়, কাৰণ আগতে সন্ত্ৰাসবাদীক বাহিৰৰ পৰা আমদানি কৰাৰ প্ৰয়োজন আছিল। এতিয়া যুৱক-যুৱতীসকলক উগ্ৰপন্থী কৰি সন্ত্ৰাসবাদী সংগঠনৰ অপব্যৱহাৰৰ বিপদত পৰিছে। ফ্ৰান্সত হোৱাৰ দৰে ভাৰততো এনে অকলশৰীয়াকৈ কৰা আক্ৰমণ বাঢ়িবনে?
আৰক্ষীৰ মতে, মূল হত্যাকাৰী ৰিয়াজো আইছিছৰ স্লিপাৰ চেলৰ সৈতে জড়িত। আনক আক্ৰমণ কৰাৰ পথত আন উগ্ৰপন্থী মানুহ আছেনে? এইটো বন্ধ কৰিব লাগিব। মতানৈক্য হয়, কিন্তু মূৰ কাটি পেলোৱা! উগ্ৰবাদে আগুৰি ধৰিলে আমাৰ ভৱিষ্যতৰ কি হ’ব?
তাৎক্ষণিক প্ৰভাৱ হিচাপে যিয়েই নহওক কিয়, সমগ্ৰ ভৰতে সৰ্বসন্মতিক্ৰমে এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছিল। সকলোৱে বিচাৰে তাৎক্ষণিক দৃষ্টান্তমূলক শাস্তি। দেশখনে এইটো সহ্য কৰিবলৈ যোৱা নাই। মুছলমান পণ্ডিতসকলে অস্বীকাৰ কৰিছিল যে এই দুই উগ্ৰপন্থীয়ে ইছলামক ৰক্ষা কৰি আছে, এই ভয়ানক কাৰ্যটো ধৰ্মৰ বিৰুদ্ধে আছিল। দৰাচলতে পণ্ডিতসকলে এইটোও ক’ব লাগে যে ভাৰতত ঈশ্বৰ নিন্দা সম্পৰ্কে আইনত কোনো স্থান নাই। নুপুৰ শৰ্মাৰ মৃত্যুদণ্ডৰ দাবী বন্ধ কৰক।
POINTS TO FOCUS ON ৰ ওপৰত গুৰুত্ব দিব লাগিব।
• চৰকাৰে উগ্ৰপন্থী শক্তিক কোনো সুযোগ নিদিব। এই সন্ত্ৰাসবাদী গোচৰবোৰৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা উচিত, সেয়া যিকোনো ব্যক্তিয়েই হওক। যি কোনো উগ্ৰপন্থী বা সন্ত্ৰাসবাদীয়ে আন এজন মানুহৰ প্ৰাণ কাঢ়ি নিয়াৰ পৰ্যন্ত যাব পাৰে, তেওঁৰ আমাৰ সমাজত কোনো স্থান নাথাকিব নালাগে।
• দেশ হিচাপে আমি যি স্থানত ব্যৰ্থ হৈ আছো সেয়া হৈছে আমাৰ শিক্ষা ব্যৱস্থা আৰু ছ’চিয়েল মিডিয়াত। উগ্ৰবাদৰ উত্থান ঘটিছে আৰু ধৰ্মই শিকোৱা ধৈৰ্য্য স্মৃতিৰ পৰা ক্ষয় হৈ গৈ আছে। যেতিয়ালৈকে সেইটো সলনি নহয়, তেতিয়ালৈকে এই গোচৰবোৰ হ’ব।
• আমাৰ অৰ্থনীতিৰ ওপৰত আমাৰ গুৰুত্ব শক্তিশালীভাৱে হ’ব লাগে। এনে লোক সাধাৰণতে সমাজৰ দৰিদ্ৰ, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত। গতিকে, উন্নয়নৰ এজেণ্ডা ঘূৰাই অনাটো ভাল যাতে চৰম মতাদৰ্শবোৰ নিজাববীয়াকৈ শেষ হৈ যায়।
• শেষত অনুৰোধ কৰিছো, সমাজত বিষ বিয়পোৱা মূলসুঁতিৰ সংবাদ মাধ্যম চোৱা বন্ধ কৰক। এইবোৰ ঘটনাৰ বাবে মিডিয়া বহুত দোষী। দৰাচলতে এই নিউজ চেনেলবোৰত সাক্ষাৎকাৰ লোৱা বন্ধ কৰিবলৈ ধৰ্মীয় পণ্ডিতসকলক সংগঠনসমূহে অনুৰোধ জনাইছিল। কিন্তু তেওঁলোকে এতিয়াও টকাৰ বাবেই সকলো কৰি আছে, যিয়েই নহওক।
যদি কামবোৰ সঠিকভাৱে কৰা হয় তেন্তে ভাৰত ৩০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব! অন্যথা ছিৰিয়াৰ দৰে নিম্নগামী সৰ্পিল গতি অনিবাৰ্য। গতিকে, কঠিন উগ্ৰ চিন্তাধাৰাৰ পৰা সাৱধান হওক, আৰু সকলো কথাত প্ৰশ্ন উত্থাপন কৰক।
[কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)