আত্মবিবাহ: নিজৰ সৈতেই বিবাহ হ’ব গুজৰাটৰ তৰুণীৰ!
মোহন খাউন্ড
কিমান যে বিচিত্ৰ বিবাহৰ বিষয়ে শুনা যায়! একেখন ৰভাৰ তলত একেসময়তে দুজনী কইনাৰ সৈতে এজন দৰাৰ বিবাহ, দৰাতকৈ কইনা ১০/১৫ বছৰে ডাঙৰ বা কইনাতকৈ দৰা ৩০ বছৰে ডাঙৰ, অথবা দুজন বিবাহিত বন্ধুৱে নিজৰ নিজৰ ঘৈণীয়েক সাল-সলনি কৰি পুনৰ বিবাহত বহি নতুনকৈ পত্নী গ্ৰহণ, কিম্বা দ্ৰৌপদীৰ দৰে বহু স্বামী বৰণ, ছোৱালীয়ে ছোৱালীক বিয়া কৰোৱা ঘটনা বা পুৰুষে পুৰুষক বিয়া কৰোৱা!
কিন্তু গুজৰাটৰ ভদোদৰাৰ বাসিন্দা ক্ষমা বিন্দু নামৰ তৰুণী এগৰাকীয়ে যি ধৰণৰ বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে, তেনে ঘটনা ইতিপূৰ্বে ভাৰতবৰ্ষত হোৱা নাই বুলি সকলোৰে বিশ্বাস হৈছে।
ক্ষমা বিন্দু নামৰ ২৪ বছৰীয়া তৰুণীজনীয়ে যি কৰিবলৈ আগবাঢ়িছে, সেয়া ‘চ’লোগ্যামী’ বুলি গণ্য কৰা হৈছে। ক্ষমা বিন্দুৱে নিজেই নিজৰ সৈতে ৰোমাঞ্চ কৰি নিজেই নিজকে বিয়া কৰাবলৈ আগবাঢ়িছে। বিয়া অনুষ্ঠিত হ’ব অহা ১১ জুন,২০২২ তাৰিখ শনিবাৰে।
সেই বিয়াখনত কোনো দৰা উপস্থিত নাথাকিব। দৰাপক্ষও নাথাকিব। কিন্তু বিয়াৰ ৰভাখন থাকিব। নিজৰ শিৰত ক্ষমাই নিজেই সেন্দুৰ ঘঁহিব। নিজৰ সৈতে কৰিব মালা সালসলনি। সংস্কৃত মন্ত্ৰোচ্ছাৰণৰ লগে লগে অকলে অকলে অগ্নিক সাক্ষী কৰি সাতটা পাক মাৰিব। বিয়াৰ শেষত পিতৃ-মাতৃক প্ৰণামো কৰিব। হিন্দু ৰীতি আৰু গুজৰাটী প্ৰথা মানি বিয়াৰ সমস্ত আচাৰ পালন কৰি নিজৰ সৈতে ক্ষমাই বিবাহপাশত আৱদ্ধ হ’ব।
বিয়াৰ পিছত ক্ষমাই মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ গোৱালৈও যাব, কিন্তু অকলে! ক্ষমাই কৈছে,’চ’লো হনিমুন’লৈ যাম।’ সমাজতাত্ত্বিক সকলে কৈছে, ভাৰতবৰ্ষত এইখনেই প্ৰথম চ’লোগ্যামী( আত্মগামী!) বিবাহ অনুষ্ঠান হ’বলৈ ওলাইছে। ক্ষমাৰ এনে কান্ডক লৈ সংবাদ মাধ্যমত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। কিন্তু কিয় এনে বৈপ্লৱিক সিদ্ধান্ত?
এনে প্ৰশ্নৰ উত্তৰ দি ক্ষমাই সহজ ভঙ্গীৰে কৈছে,’ আচলতে মোৰ কোনোদিনেই বিয়াত বহাৰ ইচ্ছা নাছিল। অথচ কইনাৰ ৰূপত নিজকে চাব বিচাৰিছিলো। সেয়েহে নিজকে বিয়া কৰোৱাৰ সিদ্ধান্ত ল’লো।’
ক্ষমাই এয়াও কৈছে,’ বিশ্বৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ বিবাহ হোৱাৰ নজীৰ আছে যদিও ভাৰতত এইবাৰেই প্ৰথমবাৰৰ বাবে মই এনে বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছো। মই তন্ন তন্নকৈ গুগলত খুচৰি চাইছো, মোৰ দৰে কোনো তৰুণীয়ে ভাৰতত এনেদৰে বিবাহপাশত আৱদ্ধ হোৱাৰ উদাহৰণ নাই।সেইফালৰ পৰা চালে মোৰ গৰ্বই হৈছে। কিন্তু পৃথিবীতো এনেধৰণৰ বিয়াৰ বহুত উদাহৰণ নাই।’
ক্ষমাই আৰু কৈছে,’ বিয়াৰ পিছত সমগ্ৰ জীৱন সুখে- শান্তিৰে অতিবাহিত কৰাৰ কামনাৰে পিতৃ-মাতৃক প্ৰণাম কৰিম। আত্মবিবাহ হ’ল নিজৰ প্ৰতি নিজৰ দায়বদ্ধতা, এক বিশেষ ধৰণৰ অঙ্গীকাৰ। নিজৰ প্ৰতি নিঃচৰ্ত প্ৰেম। নিজৰ চাহিদাক মৰ্যদা প্ৰদান। সাধাৰণতে পুৰুষ বা নাৰীয়ে যাকেই ভাল পায়, তেওঁৰ সৈতেই বিবাহপাশত আৱদ্ধ হ’ব বিচাৰে। তেওঁৰ সৈতেই সমগ্ৰ জীৱনটো অতিবাহিত কৰিব বিচাৰে। মইও ঠিক তাকেই বিচাৰিছো। নিজৰ সৈতেই একসূত্ৰে চিৰজীৱন বান্ধোনত থাকিম।’
ক্ষমাৰ বিয়াখনৰ ৰভা পিছে তেওঁৰ গৃহত নাথাকিব, কাৰণ বিয়াখন হ’ব গোত্ৰী মন্দিৰত। বিয়াৰ পিছতেই ক্ষমা এসপ্তাহৰ বাবে গোৱালৈ যাব নিজৰ সৈতে মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ।
কিন্তু এই বিয়াখনক লৈ ৪ জুন তাৰিখে, শনিবাৰে, সৰৱ হৈছে সুনীতা শুক্ল নামৰ এগৰাকী বিজেপি নেত্ৰী। বিজেপি নেত্ৰীয়ে কৈছে, এনে কৰ্ম কৰিলে হিন্দুসকলৰ জনসংখ্যা কমি যাব। তাৰোপৰি, ১১ জুনত মন্দিৰত বিয়াখন অনুষ্ঠিত হোৱা সম্পৰ্কেও তেওঁ আপত্তি দৰ্শাই সংবাদ মাধ্যমক কৈছে, এই ধৰণৰ বিয়া হিন্দু ধৰ্মৰ বিৰোধী, গতিকে কোনো মন্দিৰ ক্ষমা বিন্দুৰ বিয়াৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। অৱশ্যে বিজেপি নেত্ৰীৰ ভাবুকি সম্পৰ্কে এতিয়াও কোনো মন্তব্য কৰা নাই বিন্দুৱে।
05-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.