ভাৰতবৰ্ষ : মামৰে ধৰা গণতন্ত্ৰ
ধ্ৰুপদী বেজবৰুৱা
১৯৪৭চনত বহু সংগ্ৰামৰ অন্তত এখন দেশে দীৰ্ঘদিনীয়া শোষণৰ পৰা মুক্তি পাই নিজাকৈ মুকলি উশাহ লয় আৰু সেই উশাহখিনিৰ নাম থয় “স্বাধীনতা”৷ দেশখনক ইয়াৰ নাগৰিকে স্বাধীনভাৱে সজালে, সকলোৱে একেমুখে গালে —
“চ্যা ৰে জাহা সে আচ্ছা
হিন্দুস্তান হ্যামাৰা ”

স্বাধীনতা লাভ কৰা দেশ ভাৰত /হিন্দুস্তানক দেশ শাসনৰ বাবে দৰকাৰ হ’ল এখন সংবিধানৰ৷ ড° ভীমৰাও আম্বেদকাৰৰ দৰে ব্যক্তিৰ তত্ত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধান বলৱৎ কৰা হয়৷
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে যে -“ আমি ভাৰতৰ জনগণ ভাৰতক সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, সাধাৰণতন্ত্ৰৰূপে গঢ়ি তুলিবলৈ…………………………. নিজকে অৰ্পণ কৰিছোঁ৷” সংবিধানৰ প্ৰস্তাৱনাটো পঢ়াৰ পিছতে আমি সংবিধানখনৰ অনুচ্ছেদসমূহলৈ মন কৰিলে দেখা পাম যে সংবিধানৰ অনুচ্ছেদ (১৯)ৰ অনুসৰি সংবিধানে দেশৰ নাগৰিকক “Freedom of Speech ” অৰ্থাৎ বাকস্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে৷ এই বাকস্বাধীনতাৰ অধিকাৰ সংবিধানৰ মৌলিক অধিকাৰৰ অন্তৰ্গত৷
এতিয়া আহোঁ গণতন্ত্ৰ মানে কি?
“গণতন্ত্ৰ হ’ল ৰাইজৰ দ্বাৰা, ৰাইজৰ হকে গঠিত, ৰাইজৰ চৰকাৰ৷” গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ন আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে৷ ভগৎ সিং, ঝান্সী ৰাণী লক্ষ্মীবাঈ, কনকলতা বৰুৱাকে আদি কৰি বহু স্বাধীনতা পীয়াসী দেশৰ সন্তান প্ৰতিবাদী সত্ত্বাৰ আখ্যানসমূহ ভাৰতক গণতান্ত্ৰিক দেশ বুলিব পৰাৰো বহু আগৰ৷ এনে এক বৃহৎ প্ৰতিবাদী ইতিহাস সামৰি স্বাধীনতা অৰ্জন কৰা ভাৰতবৰ্ষৰ একবিংশ শতিকাৰ ঘটনাবহুল এতিয়াৰ মূল আলোচ্য বিষয়৷
ৰাইজৰ দেশত ৰাইজেই ৰজা আৰু যিকোনো এটা বিষয় সন্দৰ্ভত নিজা মত প্ৰদান কৰিব পৰাটো ৰাইজৰ মৌলিক অধিকাৰ৷ পাৰ হৈ অহা বছৰকেইটাত মন কৰি আহিছোঁ যে দেশৰ গণতান্ত্ৰিক ভাৱধাৰাত কেৰুণ লাগিবলৈ আৰম্ভ কৰিছে৷ শাসক কিম্বা ক্ষমতাশালীৰ সৈতে মতবিৰোধ হ’লেই, কোনোবাই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিলেই চলে বলে কৌশলে সেই কন্ঠৰুদ্ধ কৰি শাসকে গণতন্ত্ৰত প্ৰহাৰ কৰে৷ এতিয়া একবিংশ শতিকাৰ তৃতীয় দশক অথচ বাকস্বাধীনতা খৰ্ব কৰাৰ প্ৰসংগ, গণতন্ত্ৰক মাথোঁ সংবিধানতে সীমাবদ্ধ কৰি ৰখাৰ দৰে প্ৰসংগ আজিও প্ৰাসংগিক।

এয়া ২০২৬ চনৰ জুলাই মাহ আৰু অতি দুৰ্ভাগ্যজনক কথা যে এই মাহটোতেই ভাৰতৰ বিভিন্ন ঠাইত কেইবাখনো ৰাজ্যত ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ যোৱাটো মাহত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি আৰু খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে অসম সন্তান প্ৰণৱ দলেয়ে মাত মাতিছে৷ মণিপুৰে ভূমি অধিকাৰ আৰু জনজাতিকৰণৰ দাবীত বছৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, মধ্য প্ৰদেশত ট্ৰাইবেল কমিউনিটিয়ে “কেন-বেটৱা প্ৰজেক্ট ” ৰ বিৰুদ্ধাচৰণ কৰাৰ লগতে ক্ষতিপূৰণ বিচাৰি ওলাই আহিছে, ঋষিকেশত পাহাৰ আৰু গছৰ মাজত জীয়াই থকা ঠাইখনৰ স্থানীয় লোকসকলে গছবোৰ কাটি হাইৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বিৰোধীতা কৰি, দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ যন্তৰ-মন্তৰত NEET পৰীক্ষাৰ পেপাৰ লীকৰ বাবে শিক্ষামন্ত্ৰী প্ৰধানৰ পদত্যাগ আৰু এটি নিকা শিক্ষাব্যৱস্থা বিচাৰি প্ৰকৃতিবিদ, বৈজ্ঞানিক ছোনম ৱাংচুকৰ লগতে সমগ্ৰ দেশৰ যুৱসমাজি যোৱা ২২/২৩ দিন ধৰি অনশনত বহিছে।

দেশখনৰ সৰহসংখ্যক অংশতে চৰকাৰে লোৱা বহু সিদ্ধান্তত নাগৰিক অসন্তুষ্ট, বহুবোৰ বিষয়তে নাগৰিকৰ বহু দাবী আছে৷ সেই দাবীসমূহ, অসন্তুষ্টিবোৰ তেওঁলোকে প্ৰকাশ কৰিছে কিয়নো তেওঁলোকে জানে আৰু ভাবে যে তেওঁলোক গণতান্ত্ৰিক দেশৰ নাগৰিক তেওঁলোকৰ মাত মতাৰ অধিকাৰ আছে।
কিন্তু অতি হতাশাজনকভাৱে মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেক আৰক্ষী হতুৱাই গ্ৰেপ্তাৰ কৰাইছে, ছোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰিছে, ঋষিকেশ আৰু মধ্য প্ৰদেশৰ মানুহখিনিৰ দাবীক অৱজ্ঞা কৰি চৰকাৰে নিজৰ সিদ্ধান্ত অটল হৈ ৰৈছে, পুলিচ আৰু মিলিটেৰীৰ বৰ্বৰতাত মণিপুৰ বহুদিন ধৰি দহিছে, যন্তৰ-মন্তৰৰ সমুখত হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ এৰিছে, আৰক্ষীয়ে অতি নিৰ্মমভাৱে লাঠী চালনা কৰিছে আৰক্ষীৰ প্ৰহাৰত স্তব্ধ হৈ পৰি ৰৈছে নতুনকৈ উদ্ভাসিত হোৱা বহুকেইটা প্ৰতিবাদী কণ্ঠ, ঘূণীয়া হৈছে দেশৰ ভৱিষ্যত!

যিখন দেশক গণতান্ত্ৰিক দেশ নামেৰে বিশ্বই চিনে সেই গণতান্ত্ৰিক দেশখনৰ ৰাইজৰ হকে গঠন হোৱা ৰাইজৰ চৰকাৰখনে ৰাইজৰ অহিতৰ কথা কেনেকৈ চিন্তিছ, সৰু সৰু ল’ৰাছোৱালীৰ সমুখত কেনেকৈ ইমান নিষ্ঠুৰ হৈ পৰিছে? কেনি নোহোৱা হৈছে মানৱতাবোধ? বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলোতে কিয় শিক্ষাৰ্থীৰ বাকস্বাধীনতাৰ বিষয়ে নিশিকায় প্ৰতিবাদী সত্ত্বাক লুকুৱাই ৰাখিৰ অনুশীলন কৰাবলৈ বাধ্য কৰোৱা হৈছে?

কিয় সমাজত দেখি থকা ভুলবোৰৰ বিৰোধিতা কি সামাজিক মাধ্যম বা কাকতৰ পৃষ্ঠাত মনৰ ভাৱ লিখিলে ৰুদ্ধ কৰি দিয়া হৈছে সেই কলম? মন পচন্দ ব্যক্তিত্বক বা নিজা চিন্তাক তুলিকাৰে সজালে, প্ৰতিবাদৰ ভাষাৰূপে সংগীতক বাচি ল’লে কিয় ম্লান হৈ যায় সেই তুলিকাৰ ৰং? কিয় ৰৈ যায় সুৰবোৰ থমকি? কিয় আজি দেশৰ চতুৰ্থ স্তম্ভসদৃশ সংবাদ মাধ্যম আজি ক্ষমতাতকৈ তলত?
এই আটাইবোৰ প্ৰশ্নৰে এতিয়া মন-মগজু উত্তপ্ত৷ মামৰে ধৰিছে এতিয়া দেশৰ গণতন্ত্ৰত! অহিংসাক ৰোধ কৰিবলৈ হিংসা বিয়পোৱাৰ কাৰ্য অতিকৈ হতাশাপূৰ্ণ৷
দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ভাৰতবৰ্ষ হওঁক সংবিধানৰ প্ৰতিটো শব্দৰ শুদ্ধ আৰু প্ৰকৃত প্ৰতিফলনৰে পূৰ্ণ এখনি দেশ৷ য’ত ক্ষমতাই গণতন্ত্ৰত কালিমা নাসানক, য’ত দেশৰ নাগৰিকৰ অধিকাৰ নাগৰিকৰ কণ্ঠ অৱজ্ঞা কৰা নহয়৷

বাকস্বাধীনতা, গণতন্ত্ৰৰ দৰে পৰিস্কাৰ শব্দবোৰ কেৱল সংবিধানতেই সীমাবদ্ধ হৈ নৰওঁক, বাৰে বাৰে অপমানিত নহওঁক দেশৰ সংবিধান আৰু পূৰ্বপুৰুষৰ বলিদান৷ ৰাজনৈতিক লাভালাভৰ উৰ্দ্ধত হওঁক প্ৰজাৰ জীৱন আৰু প্ৰাপ্য৷ ৰজা হওঁক ৰাইজৰ ৰজা, ভাৰতৰ সংগ্ৰামৰ ইতিহাস স-গৌৰৱেৰে বৈ থাকক৷
একবিংশ শতিকাত আমাৰ এয়া একমাত্ৰ কামনা৷ কোনেও কাঢ়ি নিব নোৱাৰক আমাৰ বাকস্বাধীনতা!
Dhrupadi Bezbarua, student of Communication and Journalism Department, Gauhati University

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.
















