• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ভাৰতবৰ্ষ : মামৰে ধৰা গণতন্ত্ৰ

ASSAMESE SECTION / OPINION / Politics

by Dhrupadi Bezbarua
July 23, 2026
in Opinion, Politics
Reading Time: 4 mins read
0
ভাৰতবৰ্ষ : মামৰে ধৰা গণতন্ত্ৰ
Share on FacebookShare on TwitterShare on LinkedIn

ভাৰতবৰ্ষ : মামৰে ধৰা গণতন্ত্ৰ

ধ্ৰুপদী বেজবৰুৱা

Dhrupadi photo
ধ্ৰুপদী বেজবৰুৱা

১৯৪৭চনত বহু সংগ্ৰামৰ অন্তত এখন দেশে  দীৰ্ঘদিনীয়া শোষণৰ পৰা মুক্তি পাই নিজাকৈ মুকলি উশাহ লয় আৰু সেই উশাহখিনিৰ নাম থয় “স্বাধীনতা”৷ দেশখনক ইয়াৰ নাগৰিকে স্বাধীনভাৱে সজালে, সকলোৱে একেমুখে গালে —

“চ্যা ৰে জাহা সে আচ্ছা

হিন্দুস্তান হ্যামাৰা ”

ভাৰতবৰ্ষ : মামৰে ধৰা গণতন্ত্ৰ

স্বাধীনতা লাভ কৰা দেশ ভাৰত /হিন্দুস্তানক দেশ শাসনৰ বাবে দৰকাৰ হ’ল এখন সংবিধানৰ৷ ড° ভীমৰাও আম্বেদকাৰৰ দৰে ব্যক্তিৰ তত্ত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধান বলৱৎ কৰা হয়৷

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে যে -“ আমি ভাৰতৰ জনগণ ভাৰতক সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, সাধাৰণতন্ত্ৰৰূপে গঢ়ি তুলিবলৈ…………………………. নিজকে অৰ্পণ কৰিছোঁ৷” সংবিধানৰ প্ৰস্তাৱনাটো পঢ়াৰ পিছতে আমি সংবিধানখনৰ অনুচ্ছেদসমূহলৈ মন কৰিলে দেখা পাম যে সংবিধানৰ অনুচ্ছেদ (১৯)ৰ অনুসৰি সংবিধানে দেশৰ নাগৰিকক  “Freedom of Speech ” অৰ্থাৎ বাকস্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে৷ এই বাকস্বাধীনতাৰ অধিকাৰ সংবিধানৰ মৌলিক অধিকাৰৰ অন্তৰ্গত৷ 

এতিয়া আহোঁ গণতন্ত্ৰ মানে কি?

“গণতন্ত্ৰ হ’ল ৰাইজৰ দ্বাৰা, ৰাইজৰ হকে গঠিত, ৰাইজৰ চৰকাৰ৷” গণতন্ত্ৰত আইন প্ৰস্তাৱনা, প্ৰণয়ন আৰু প্ৰয়োগৰ ক্ষেত্ৰত সকলো  নাগৰিকৰ অংশগ্ৰহণৰ সমান অধিকাৰ আছে৷ ভগৎ সিং, ঝান্সী ৰাণী লক্ষ্মীবাঈ, কনকলতা বৰুৱাকে আদি কৰি বহু স্বাধীনতা পীয়াসী দেশৰ সন্তান প্ৰতিবাদী সত্ত্বাৰ আখ্যানসমূহ ভাৰতক গণতান্ত্ৰিক দেশ বুলিব পৰাৰো বহু আগৰ৷ এনে এক বৃহৎ প্ৰতিবাদী ইতিহাস সামৰি স্বাধীনতা অৰ্জন কৰা ভাৰতবৰ্ষৰ একবিংশ শতিকাৰ ঘটনাবহুল এতিয়াৰ মূল আলোচ্য বিষয়৷ 

ৰাইজৰ দেশত ৰাইজেই ৰজা আৰু যিকোনো এটা বিষয় সন্দৰ্ভত নিজা মত প্ৰদান কৰিব পৰাটো ৰাইজৰ মৌলিক অধিকাৰ৷ পাৰ হৈ অহা বছৰকেইটাত মন কৰি আহিছোঁ যে দেশৰ গণতান্ত্ৰিক ভাৱধাৰাত কেৰুণ লাগিবলৈ আৰম্ভ কৰিছে৷ শাসক কিম্বা ক্ষমতাশালীৰ সৈতে মতবিৰোধ হ’লেই, কোনোবাই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিলেই চলে বলে কৌশলে সেই কন্ঠৰুদ্ধ কৰি শাসকে গণতন্ত্ৰত প্ৰহাৰ কৰে৷ এতিয়া একবিংশ শতিকাৰ তৃতীয় দশক অথচ বাকস্বাধীনতা খৰ্ব কৰাৰ প্ৰসংগ, গণতন্ত্ৰক মাথোঁ সংবিধানতে সীমাবদ্ধ কৰি ৰখাৰ দৰে প্ৰসংগ আজিও প্ৰাসংগিক। 

ভাৰতবৰ্ষ : মামৰে ধৰা গণতন্ত্ৰ

এয়া ২০২৬ চনৰ জুলাই মাহ আৰু অতি দুৰ্ভাগ্যজনক কথা যে এই মাহটোতেই ভাৰতৰ বিভিন্ন ঠাইত কেইবাখনো ৰাজ্যত ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ যোৱাটো মাহত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি আৰু খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে অসম সন্তান প্ৰণৱ দলেয়ে মাত মাতিছে৷ মণিপুৰে ভূমি অধিকাৰ আৰু জনজাতিকৰণৰ দাবীত বছৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে, মধ্য প্ৰদেশত ট্ৰাইবেল কমিউনিটিয়ে “কেন-বেটৱা প্ৰজেক্ট ” ৰ বিৰুদ্ধাচৰণ কৰাৰ লগতে ক্ষতিপূৰণ বিচাৰি ওলাই আহিছে, ঋষিকেশত পাহাৰ আৰু গছৰ মাজত জীয়াই থকা ঠাইখনৰ স্থানীয় লোকসকলে গছবোৰ কাটি হাইৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ  বিৰোধীতা কৰি, দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ যন্তৰ-মন্তৰত NEET পৰীক্ষাৰ পেপাৰ লীকৰ বাবে শিক্ষামন্ত্ৰী প্ৰধানৰ পদত্যাগ আৰু এটি নিকা শিক্ষাব্যৱস্থা বিচাৰি প্ৰকৃতিবিদ, বৈজ্ঞানিক ছোনম ৱাংচুকৰ লগতে সমগ্ৰ দেশৰ যুৱসমাজি যোৱা ২২/২৩ দিন ধৰি অনশনত বহিছে।

Democracy 2

দেশখনৰ সৰহসংখ্যক অংশতে চৰকাৰে লোৱা বহু সিদ্ধান্তত নাগৰিক অসন্তুষ্ট, বহুবোৰ বিষয়তে নাগৰিকৰ বহু দাবী আছে৷ সেই দাবীসমূহ, অসন্তুষ্টিবোৰ তেওঁলোকে প্ৰকাশ কৰিছে কিয়নো তেওঁলোকে জানে আৰু ভাবে যে তেওঁলোক গণতান্ত্ৰিক দেশৰ নাগৰিক তেওঁলোকৰ মাত মতাৰ অধিকাৰ আছে।

কিন্তু  অতি হতাশাজনকভাৱে মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেক আৰক্ষী হতুৱাই গ্ৰেপ্তাৰ কৰাইছে, ছোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰিছে, ঋষিকেশ আৰু মধ্য প্ৰদেশৰ মানুহখিনিৰ দাবীক অৱজ্ঞা কৰি চৰকাৰে নিজৰ সিদ্ধান্ত অটল হৈ ৰৈছে, পুলিচ আৰু মিলিটেৰীৰ বৰ্বৰতাত মণিপুৰ বহুদিন ধৰি দহিছে, যন্তৰ-মন্তৰৰ সমুখত হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ এৰিছে, আৰক্ষীয়ে অতি নিৰ্মমভাৱে লাঠী চালনা কৰিছে আৰক্ষীৰ প্ৰহাৰত স্তব্ধ হৈ পৰি ৰৈছে নতুনকৈ উদ্ভাসিত হোৱা বহুকেইটা প্ৰতিবাদী কণ্ঠ, ঘূণীয়া হৈছে দেশৰ ভৱিষ্যত! 

Manipur image 1

যিখন দেশক গণতান্ত্ৰিক দেশ নামেৰে বিশ্বই চিনে সেই গণতান্ত্ৰিক দেশখনৰ ৰাইজৰ হকে গঠন হোৱা ৰাইজৰ চৰকাৰখনে ৰাইজৰ অহিতৰ কথা কেনেকৈ চিন্তিছ, সৰু সৰু ল’ৰাছোৱালীৰ সমুখত কেনেকৈ ইমান নিষ্ঠুৰ হৈ পৰিছে? কেনি নোহোৱা হৈছে মানৱতাবোধ? বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলোতে কিয় শিক্ষাৰ্থীৰ বাকস্বাধীনতাৰ বিষয়ে নিশিকায় প্ৰতিবাদী সত্ত্বাক লুকুৱাই ৰাখিৰ অনুশীলন কৰাবলৈ বাধ্য কৰোৱা হৈছে?

Democracy 3

কিয় সমাজত দেখি থকা ভুলবোৰৰ বিৰোধিতা কি সামাজিক মাধ্যম বা কাকতৰ পৃষ্ঠাত মনৰ ভাৱ লিখিলে ৰুদ্ধ কৰি দিয়া হৈছে সেই কলম? মন পচন্দ ব্যক্তিত্বক বা নিজা চিন্তাক তুলিকাৰে সজালে, প্ৰতিবাদৰ ভাষাৰূপে সংগীতক বাচি ল’লে কিয় ম্লান হৈ যায় সেই তুলিকাৰ ৰং? কিয় ৰৈ যায় সুৰবোৰ থমকি? কিয় আজি দেশৰ চতুৰ্থ স্তম্ভসদৃশ সংবাদ মাধ্যম আজি ক্ষমতাতকৈ তলত? 

এই আটাইবোৰ প্ৰশ্নৰে এতিয়া মন-মগজু উত্তপ্ত৷ মামৰে ধৰিছে এতিয়া দেশৰ গণতন্ত্ৰত! অহিংসাক ৰোধ কৰিবলৈ হিংসা বিয়পোৱাৰ কাৰ্য অতিকৈ  হতাশাপূৰ্ণ৷

Mahabahu Climate Logo
Mahabahu Climate Forum

দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ভাৰতবৰ্ষ হওঁক সংবিধানৰ প্ৰতিটো শব্দৰ শুদ্ধ আৰু প্ৰকৃত প্ৰতিফলনৰে পূৰ্ণ এখনি দেশ৷ য’ত ক্ষমতাই গণতন্ত্ৰত কালিমা নাসানক, য’ত দেশৰ নাগৰিকৰ অধিকাৰ নাগৰিকৰ কণ্ঠ অৱজ্ঞা কৰা নহয়৷

Democracy

বাকস্বাধীনতা, গণতন্ত্ৰৰ দৰে পৰিস্কাৰ শব্দবোৰ কেৱল সংবিধানতেই সীমাবদ্ধ হৈ নৰওঁক, বাৰে  বাৰে অপমানিত নহওঁক দেশৰ সংবিধান আৰু পূৰ্বপুৰুষৰ বলিদান৷ ৰাজনৈতিক লাভালাভৰ উৰ্দ্ধত হওঁক প্ৰজাৰ জীৱন আৰু প্ৰাপ্য৷ ৰজা হওঁক ৰাইজৰ ৰজা, ভাৰতৰ সংগ্ৰামৰ ইতিহাস স-গৌৰৱেৰে বৈ থাকক৷ 

একবিংশ শতিকাত আমাৰ এয়া একমাত্ৰ কামনা৷ কোনেও কাঢ়ি নিব নোৱাৰক আমাৰ বাকস্বাধীনতা!

Dhrupadi Bezbarua, student of Communication and Journalism Department, Gauhati University

Mahabahu Mirror Ad

MAHABAHU MIRROR

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Dhrupadi Bezbarua

Dhrupadi Bezbarua

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d