ভাৰতীয় আধ্যাত্মিকতাঃ পশ্চিমে ইয়াক কিয় আকোঁৱালি লৈছে
কাকলি দাস

শেহতীয়াকৈ বহুলভাৱে প্ৰত্যক্ষ কৰা আমেৰিকাৰ এক ”টক শ্ব’’ত ট্ৰেভৰ নোহে ভাৰতৰ সদগুৰুজনক অতি উষ্মভাৱে আদৰণি জনায়। পশ্চিমীয়া দেশত ভাৰতীয় আধ্যাত্মিকতা মূলসুঁতিৰ দৰেই হৈ পৰিছে৷
প্ৰাচীন গ্ৰীকসকলৰ সময়ৰ পৰাই পূবৰ পৰা পশ্চিমলৈ ধাৰণাসমূহৰ প্ৰসাৰ চলি আহিছে।
কিন্তু, ১৯ শতিকাতহে ভাৰতীয় উপমহাদেশৰ পৰা অহা সাংস্কৃতিক পদ্ধতিসমূহে পশ্চিমীয়া দেশসমূহত সঠিক স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিছিল।
১৮০০ চনৰ আৰম্ভণিতে ব্ৰিটিছ পণ্ডিতসকলে ভাৰতীয় পবিত্ৰ গ্ৰন্থসমূহৰ প্ৰথম ইংৰাজী অনুবাদ প্ৰস্তুত কৰিছিল, তাৰ পিছত হেনৰী ডেভিদ থ’ৰ’ আৰু ৰালফ ৱাল্ডো ইমাৰচনৰ দৰে আমেৰিকাৰ বুদ্ধিজীৱীসকলে এই গ্ৰন্থসমূহৰ প্ৰতি তেওঁলোকৰ মোহৰ বিষয়ে, তেওঁলোকৰ ৰচনা আৰু কবিতাত লিখিছিল।
এমা কাৰ্টিছ হপকিন্স আৰু হেলেনা ব্লাভাটস্কিৰ দৰে আন পশ্চিমীয়া শিক্ষক আৰু আধ্যাত্মিক সাধকসকলে ঈশ্বৰ বিচৰাৰ নতুন ৰূপৰ প্ৰচাৰৰ বাবে পূবৰ ধৰ্মৰ ধাৰণাসমূহৰ ওপৰত নিৰ্ভৰ কৰিছিল।
১৮৯৩ চনত চিকাগোৰ বিশ্ব ধৰ্ম সংসদত আমেৰিকানসকলক আনুষ্ঠানিকভাৱে নিজৰ গৃহভূমিত পূবৰ ধৰ্মৰ সৈতে পৰিচয় কৰাই দিয়া হয়। এই সমাৱেশত হিন্দু, জৈন, বৌদ্ধ, জেন, ইছলাম আদি ধৰ্মৰ বিখ্যাত প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে, যিবোৰ সেই সময়ত উদীয়মান বিশ্ব ধৰ্মৰ ভিতৰত গণ্য কৰা হৈছিল।
তেওঁলোকৰ সকলোৰে ভিতৰত বিশেষকৈ এজন বক্তাৰ ভাষণক ‘স্মাছ হিট’ বুলি ঘোষণা কৰা হৈছিল। স্বামী বিবেকানন্দৰ ‘কাৰিজমা’ আৰু শক্তিশালী বক্তৃতাই শ্ৰোতাবৃন্দক মোহিত কৰিছিল – আচলতে ইমানেই যে দৰ্শকসকলৰ হাতচাপৰিয়ে তেওঁৰ ভাষণত দীৰ্ঘসময়ৰ প্ৰশংসাৰে বাধা দিছিল।
ইয়াৰ পিছত তেওঁ আমেৰিকা আৰু যুক্তৰাষ্ট্ৰত আৰু বহুতো বক্তৃতা দিছিল আৰু নিউয়ৰ্কত বেদান্ত ছ’চাইটিও স্থাপন কৰিছিল, যিখন আমেৰিকাৰ বহু চহৰলৈ সম্প্ৰসাৰিত হৈছিল।

হিন্দু ধৰ্মৰ ওপৰত তেওঁৰ আত্মবিশ্বাসী জ্ঞানৰ লগতে তেওঁৰ নিখুঁত ইংৰাজী, তেওঁৰ উন্নত আচৰণ আৰু তেওঁৰ অতীতৰ কমলা ৰঙৰ পোছাক, তেওঁক পূবৰ আদৰ্শ ‘বিদেশী’ ৰহস্যবাদী কৰি তুলিছিল আৰু, মহিলাসকলৰ বাবেও তেওঁ মনোযোগৰ আকৰ্ষণ হৈ পৰিছিল।
বিবেকানন্দৰ পিছত আন আধ্যাত্মিক ব্যক্তিসকল পশ্চিমলৈ অহাৰ লগে লগে কিছুমানক শত্ৰুতাৰে আদৰণি জনোৱা হৈছিল। আৰু ১৯১০ চনলৈকে ‘ৰহস্যময়, ক’লা চালৰ পৌত্তলিক’ৰ দ্বাৰা প্ৰলোভিত হোৱাৰ ভয় এটা বিশিষ্ট ভয় হৈয়েই থাকিল।

কিন্তু ১৯২০ চনৰ ভিতৰত এই আৱেগবোৰ সলনি হ’বলৈ ধৰিলে, যেতিয়া পৰমহংস যোগানন্দই আমেৰিকালৈ আহি আত্ম-বাস্তৱায়ন ফেল’শ্বিপ স্থাপন কৰিলে। লাহে লাহে তেওঁ হাজাৰ হাজাৰ অনুগামী লাভ কৰিছিল, আৰু পশ্চিমৰ যোগ আন্দোলনত বহু পৰিমাণে প্ৰভাৱ পেলাইছিল। দৰাচলতে যোগানন্দ আছিল হোৱাইট হাউছত আতিথ্য প্ৰদান কৰা প্ৰথমজন বিশিষ্ট ভাৰতীয়, আনকি তেওঁক ২০ শতিকাৰ প্ৰথম ছুপাৰষ্টাৰ গুৰু বুলিও অভিহিত কৰা হৈছিল।
স্পষ্টভাৱে ভাৰতীয় আধ্যাত্মিকতাই আকৰ্ষণ লাভ কৰিছিল। কিন্তু ১৯৬০ চনত বহুতৰে প্ৰিয় হৈ পৰা ‘বয় বেণ্ড’ এটা আহি বানপানীৰ গেটখন খুলি দিলে। ১৯৬৮ চনত বিটলছৰ গুৰু মহেশ যোগীৰ সৈতে থাকিবলৈ ভাৰত ভ্ৰমণে ভাৰতীয় আধ্যাত্মিকতাক আগৰ দৰে ‘লাইমলাইট’ত ৰাখিছিল। যদিও গোটটো বন্যময়তাৰে জনপ্ৰিয় আছিল আৰু তেওঁলোকৰ ভাৰত ভ্ৰমণে সংবাদ মাধ্যমৰ যথেষ্ট চৰ্চা লাভ কৰিছিল, তথাপিও আধ্যাত্মিকতাৰ এই উত্থানক প্ৰভাৱিত কৰা আন কিছুমান কাৰকো আছিল।
গণ যোগাযোগ আৰু ভ্ৰমণ বহুত সহজ হৈ পৰিছিল। শেহতীয়া যুদ্ধৰ ফলত অশান্তি আৰু হতাশাৰ ব্যাপক ভাৱ আহিছিল আৰু মানুহে পূৰ্ণতা অনুভৱ কৰাৰ নতুন নতুন উপায়ৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল, উদাহৰণস্বৰূপে ‘চাইকেডেলিক ড্ৰাগছ’ৰ জৰিয়তে। এই সকলোবোৰে এনে এক নিখুঁত পৰিৱেশৰ সৃষ্টি কৰিছিল যিয়ে যুৱক-যুৱতী, আদৰ্শবাদী ব্যক্তিসকলক পূবৰ পৰা তুলি লোৱা নতুন দৰ্শনৰ প্ৰতি আকৰ্ষণ কৰিছিল।

এই পৰম্পৰাসমূহে সৰল জীৱন-যাপন, যোগাসন আৰু ধ্যান-ধাৰণাৰ ওপৰত শিক্ষা প্ৰচাৰ কৰাৰ উপৰিও আধ্যাত্মিক পৰামৰ্শ আৰু আত্ম-উন্নতিৰ পদ্ধতি আগবঢ়াইছিল। ‘মই ভাল কাম এটা পাব নিবিচাৰো’, ‘মই যিকোনো কামেই কৰিম, যেতিয়ালৈকে মই সুখী’ – এইবোৰৰ দৰে বক্তব্য আৰু দৰ্শনে সেই সময়ছোৱাত যুৱক-যুৱতীসকলৰ মনক আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। অধিক ধৰ্মীয় প্ৰৱলসকলৰ বাবে এই প্ৰথাবোৰে ঈশ্বৰ বা পৰিত্ৰাণ বিচাৰি পোৱাৰ পথ আগবঢ়াব পাৰে।
যিহেতু প্ৰতিজন ব্যক্তিৰ পথ বা লক্ষ্য ব্যক্তিগতকৃত আৰু সুকীয়া হ’ব পাৰে, সেয়েহে বিশেষজ্ঞসকলে বিশ্বাস কৰিছিল যে ই ব্যক্তিগত স্বায়ত্তশাসন আৰু পছন্দৰ স্বাধীনতাৰ আমেৰিকাৰ নীতি-নিয়মৰ সৈতে ভালদৰে মিলি যায়। আৰু সেইবাবেই পূবৰ ধাৰণা আৰু প্ৰথাবোৰ এটা নিৰ্দিষ্ট প্ৰতিসংস্কৃতিৰ পৰা মূলসুঁতিৰ ধাৰালৈ গতি কৰিলে।
ইয়াৰ প্ৰভাৱ সকলোতে আছে – চিকিৎসা বিজ্ঞান, মনোবিজ্ঞান, আৰু শিক্ষাৰ পৰা আৰম্ভ কৰি। ‘মন্ত্ৰ’, ‘অৱতাৰ’, ‘আশ্ৰম’, ‘মোক্ষ’, ‘কৰ্ম’ আদি শব্দবোৰ সাধাৰণ ভাষাত পৰিণত হৈছে।

আজি সদগুৰু বা দীপক চোপ্ৰাৰ দৰে বহু গুৰু আৰু ‘বিশেষজ্ঞ’ই নিজৰ পৰামৰ্শ আগবঢ়াইছে যদিও আবেদন একেই আছে – আধ্যাত্মিকতাৰ নতুন ৰূপে প্ৰতিশ্ৰুতি দিয়া সুখী, সুস্থ জীৱনৰ। আৰু এই পদ্ধতিসমূহ বৃহৎ পৰিসৰৰ, সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰাটোৱে আধ্যাত্মিকতাক ভাৰতৰ আটাইতকৈ ডাঙৰ সাংস্কৃতিক ৰপ্তানি কৰি তুলিছে।
যদিও সেইটোৱে আমাক অৰ্থনৈতিকভাৱে উপকৃত কৰিলে আৰু উন্নত প্ৰচাৰ সম্ভৱ কৰি তুলিলে – ইয়াৰ এটা নেতিবাচক দিশো আছে – যে আমি আধ্যাত্মিকতাৰ ওপৰত মূল্য দিছো আৰুএনে এক বাটত খোজ দিওঁতে ইয়াৰ জটিল ইতিহাস আৰু প্ৰসংগ হেৰুৱাই পেলাইছো – যাতে ইয়াক পৰিপাটিকৈ পেকেজিং কৰি বিশ্বজুৰি বজাৰত বিক্ৰী কৰিব পৰা যায়, আধ্যাত্মিকতাৰ এই ৰূপটো এনেদৰে চেনিটাইজ কৰা হয় যাতে ইয়াক ইয়াৰ অৰ্থ আৰু জটিল উৎপত্তিৰ পৰা আঁতৰাই পেলোৱা হয়।

ফলত আয়ুৰ্বেদিক মালিচৰ পৰা আৰম্ভ কৰি ৰেইকি, বৌদ্ধ গায়ন বাতিৰ পৰা আৰম্ভ কৰি তাল পঢ়ালৈকে সকলো বস্তুৱেই সুবিধা বা অজ্ঞানতাৰ বাবে পশ্চিমীয়া দেশত একেলগে গোট খাই যায়। ইয়াৰ ফলত বিভিন্ন সাংস্কৃতিক পদ্ধতিৰ বিষয়ে পাতল, কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে যোগক ধৰা যাওক।
পণ্ডিতসকলে আঙুলিয়াই দিয়ে যে ভাৰত উপমহাদেশত বৌদ্ধ, চুফী, জৈন, তন্ত্ৰৰ দৰে যোগৰ বহু জটিল ইতিহাস থাকিলেও ওম জপ আৰু সূৰ্য্য নমস্কাৰ (সূৰ্য্যৰ প্ৰাৰ্থনা) কৰাৰ দৰে জনপ্ৰিয় যোগ পদ্ধতি প্ৰকৃততে ব্ৰাহ্মণিক হিন্দু ধৰ্মৰ সৈতে বান্ধ খাই আছে, য’ত… নিম্নবৰ্ণৰ বাবে সংস্কৃতৰ অতি ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।
সমসাময়িক প্ৰেক্ষাপটত হিন্দুত্ববাদী শক্তিসমূহে যোগক আমাৰ জাতীয় পৰিচয়ৰ কেন্দ্ৰবিন্দু হিচাপে স্থান দিবলৈ বিশেষ প্ৰচেষ্টা চলোৱাৰ লগে লগে যোগ ভাৰতক কেশৰ হিচাপে গঢ়ি তোলাৰ, ভাৰতক মূলতঃ হিন্দু বুলি সংজ্ঞায়িত কৰাৰ, আৰু হিন্দু ধৰ্মক সহজাতভাৱে উচ্চ বুলি সংজ্ঞায়িত কৰাৰ এক আহিলা হৈ পৰিছে। আৰু তথাপিও পশ্চিমীয়া যোগ উদ্যোগে যোগৰ পৰা লাভৱান হৈয়েই আছে যেন ই সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ প্ৰথা, আনকি কেতিয়াবা ইয়াক নিজৰ কৰি লৈছে।
‘হট যোগ’ আৰু ‘এৰিয়াল যোগ’ৰ দৰে আড়ম্বৰপূৰ্ণ ভিন্নতাৰ বাবে গুগলত এটা সাধাৰণ ছবি সন্ধান কৰিলে বেছিভাগেই পশ্চিমীয়া ফটো দেখা যাব, আৰু ভাৰতৰ প্ৰায় একোৱেই দেখা নাযায়।

আৰু দুৰ্ভাগ্যজনকভাৱে, কাৰণ আমি এতিয়াও কিছুমান দিশত পশ্চিমীয়া দেশকেই ওপৰলৈ উঠাই চাওঁ, পশ্চিমীয়া দেশসমূহে আধ্যাত্মিকতাৰ সৈতে কেনেদৰে যোগাযোগ কৰে, ইয়াৰ প্ৰভাৱ আমি ইয়াৰ সৈতে কেনেদৰে যোগাযোগ কৰোঁ! উদাহৰণস্বৰূপে, বিশেষজ্ঞসকলে কয় যে পশ্চিমীয়া দেশে যোগ গ্ৰহণ কৰাটোৱেই ভাৰতৰ আধুনিক যোগ সুস্থতাৰ ধাৰাটোৰ পথ মুকলি কৰি দিছিল, যিয়ে যোগক এক আকৰ্ষণীয় ‘আপমাৰ্কেট’ ইংৰাজী ভাষা ভিত্তিক কাৰ্য্যকলাপ কৰি তুলিছিল।
যেতিয়া আমি ‘দ্য ডেইলী শ্ব’ত সদগুৰুৰ উপস্থিতিক উদযাপন কৰো, তেতিয়া একেটা পশ্চিমীয়া পূজাৰ মনোভাৱ স্পষ্ট হৈ পৰে – কাৰণ ইমান জনপ্ৰিয় আমেৰিকান প্লেটফৰ্মত যিকোনো ভাৰতীয় থকাটো এটা ডাঙৰ কথা যেন লাগে।
কিন্তু আচলতে বহু দৰ্শকে আঙুলিয়াই দিয়াৰ দৰে সদগুৰুক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ ফলত শেষত এই অতি শক্তিশালী, অথচ অতি সমস্যাপূৰ্ণ মানুহজনক বিশ্বাসযোগ্যতা প্ৰদান কৰা হয়, যিজনৰ বিৰুদ্ধে তেওঁৰ দাৰ্শনিক শিক্ষাৰ জৰিয়তে হিন্দুত্ববাদী আৱেগক প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বিস্তৃত আশ্ৰম আদিবাসীৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা বুলি অভিযোগ উঠিছে, ভূমি কেলেংকাৰীৰ প্ৰসঙ্গ উত্থাপিত হৈছে!

যদি আমি আধ্যাত্মিকতাৰ বৃদ্ধিক বৃহত্তৰ স্তৰত চাওঁ, তেন্তে আন এক সংঘাতৰ সৃষ্টি হয়। আধ্যাত্মিকতাক বিলাসী ৰিট্ৰিট, উচ্চমানৰ সামগ্ৰী আৰু এপৰ সৈতে এটা পূৰ্ণাংগ উদ্যোগলৈ বাণিজ্যিকীকৰণ কৰা হৈছে – আধ্যাত্মিকতাৰ ধাৰণাবোৰৰ সৈতে নিজেই বিৰোধী।
পশ্চিমীয়া গ্ৰাহকবাদৰ প্ৰতি মোহভংগ হোৱাৰ সময়ত মানুহক আশ্ৰয় দিয়া আধ্যাত্মিক পদ্ধতিবোৰ বিড়ম্বনাৰ কথাটো হ’ল একে গ্ৰাহকবাদী ধৰণেৰে পেকেজিং কৰা হৈছে, যাৰ ফলত এনে লাগে যেন আধ্যাত্মিক কৃতিত্ব কেৱল সঠিক পৰিমাণৰ ধন থকাসকলৰ বাবেহে উপলব্ধ।
শেষত, পূবৰ সংস্কৃতিৰ পৰা পশ্চিমীয়াই গ্ৰহণ কৰিব পৰা বহু কথা আছে। আজিৰ পৃথিৱীত ধাৰণা আৰু জ্ঞানৰ বহুমুখী প্ৰবাহ অতি গুৰুত্বপূৰ্ণ, কিন্তু আমাৰ সাংস্কৃতিক পদ্ধতিসমূহক সমতল কৰি পেলোৱা, বাণিজ্যিকীকৰণ আৰু অতি সৰল কৰি তোলাৰ মূল্যত নহয়, যিটো নহয়।
[কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা]
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)