• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ভাৰতীয় সভ্যতাত শিৱ

ASSAMESE SECTION / Religion / Spirituality

by Gautam Sarmah
February 15, 2026
in ASSAMESE SECTION, Religion, Spirituality, Spirituality
Reading Time: 2 mins read
0
shiva
Share on FacebookShare on TwitterShare on LinkedIn

ভাৰতীয় সভ্যতাত শিৱ

গৌতম শৰ্মা

Gautam Sarma 1
গৌতম শৰ্মা
ভাৰতীয় সভ্যতাৰ দীঘলীয়া আৰু জটিল ইতিহাসত অতি কম ব্যক্তিত্বইহে শিৱৰ দৰে দীৰ্ঘস্থায়ী প্ৰভাৱ বিস্তাৰ কৰি আহিছে। বহু শতিকাজুৰি শিৱই আধ্যাত্মিক শক্তি, দাৰ্শনিক গভীৰতা আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ এক কেন্দ্ৰীয় প্ৰতীক হিচাপে নিজকে চিনাকি দি আহিছে। প্ৰাগৈতিহাসিক পুৰাতাত্ত্বিক নিদৰ্শনৰ পৰা আৰম্ভ কৰি ধ্ৰুপদী যুগৰ ভাৰতৰ সু-সংগঠিত অধিবিদ্যাগত ব্যৱস্থালৈকে শিৱক বিভিন্ন ধৰণে কল্পনা, উপাসনা, বিতৰ্ক আৰু পুনৰব্যাখ্যা কৰা হৈছে। যিয়ে ভাৰত উপমহাদেশৰ বৌদ্ধিক আৰু সামাজিক জীৱনৰ ক্ৰমবিকাশক প্ৰতিফলিত কৰি আহিছে। এজন দেৱতা হিচাপে শিৱই পৌৰাণিকতাৰ সংকীৰ্ণ সীমাক অতিক্ৰম কৰি এক সভ্যতাগত ধাৰণালৈ ৰূপান্তৰিত হৈছে; য’ত তপস্যা আৰু উৰ্বৰতাৰ, সংহাৰ আৰু পুনৰ সৃষ্টিৰ, নিসংগতা আৰু বিশ্বজনীন সম্পৃক্ততাৰ মূৰ্ত প্ৰকাশ হিচাপে শিৱই নিজৰ পৰিচয় বহন কৰি আহিছে।
ভাৰতীয় সভ্যতাত শিৱ

শিৱৰ উৎস ভাৰতীয় ধৰ্মীয় ইতিহাসৰ আটাইতকৈ প্ৰাচীন স্তৰত গভীৰভাৱে সংপৃক্ত। ঐতিহাসিক আৰু পণ্ডিতসকলে সাধাৰণতে শিৱৰ পূৰ্বসূৰীক ঋকবেদত উল্লেখ থকা বৈদিক দেৱতা ৰুদ্ৰৰ সৈতে সম্পৰ্কিত কৰে। যিজন দেৱতা ৰোগ আৰু আৰোগ্য আৰু উগ্ৰতাৰ সৈতে জড়িত এজন দেৱতা আছিল বুলি কোৱা হয়। সময়ৰ লগে লগে ৰুদ্ৰ শিৱলৈ ৰূপান্তৰিত হয়, যাৰ নামৰ অৰ্থ হৈছে মঙ্গলময় বা শুভজন। যিয়ে ভয়ংকৰ প্ৰাকৃতিক শক্তিৰ পৰা কল্যাণময় বিশ্বজনীন তত্ত্বলৈ এক পৰিৱর্তনৰ ইংগিত দিয়ে। এই ৰূপান্তৰে প্ৰকৃতিৰ শক্তিসমূহৰ আচাৰভিত্তিক উপাসনাৰ পৰা সাৰ্বজনীন বাস্তৱতাৰ দাৰ্শনিক চিন্তনলৈ ভাৰতীয় ধৰ্মীয় চিন্তাধাৰাৰ বিস্তৃত বিকাশক প্ৰতিফলিত কৰে। জনজাতীয়, পশুপালক আৰু নগৰীয় ধৰ্মীয় পৰম্পৰাৰ সংমিশ্ৰণে কালক্ৰমত শিৱক হিন্দু ধৰ্মৰ অন্যতম পৰম দেৱতা হিচাপে গঢ়ি তোলে।

পুৰাতাত্ত্বিক প্ৰমাণসমূহেও বৈদিক যুগৰ পূৰ্ব সময়তো শিৱৰ উপস্থিতিৰ ইংগিত দিয়ে, যিবোৰ প্ৰ’টো শিৱসদৃশ এক আৰাধনাৰ সৈতে জড়িত আছিল। বিশেষকৈ, সিন্ধু উপত্যকা সভ্যতাৰ প্ৰসিদ্ধ পশুপতি মোহৰত শিংযুক্ত এজন ব্যক্তিক যোগাসনৰ ভংগীত বহি থকা আৰু তেওঁৰ চাৰিওফালে অনেক জন্তু-জানোৱাৰ থকাৰ কথা উল্লেখ আছিল। যিজন ব্যক্তিক ঐতিহাসিকসকলে পশুবোৰৰ অধিপতি অৰ্থাৎ ‘পশুপতি’ হিচাপে শিৱৰ এক পূৰ্বসূৰী ৰূপ বুলি ব্যাখ্যা কৰিছে। যদিও এনে ব্যাখ্যাসমূহক লৈ অদ্যাপী বহু বিতৰ্ক অব্যাহত আছে, তথাপি ই এক সম্ভাৱনাক উজ্জ্বল কৰে যে শিৱৰ ধাৰণাই প্ৰাচীন অ-বৈদিক অৰ্থাৎ অনাৰ্য ধৰ্মীয় পৰম্পৰাসমূহকো অন্তৰ্ভুক্ত কৰিছে। বিশেষকৈ উৰ্বৰতা, প্ৰকৃতি আৰু তপস্যামূলক আচাৰৰ সৈতে জড়িত পৰম্পৰাসমূহে ইয়াৰ স্পষ্ট ইংগিত দিয়ে। এনেদৰেই শিৱই প্ৰাগৈতিহাসিক আধ্যাত্মিক অনুশীলন আৰু পৰৱৰ্তী ধ্ৰুপদী যুগৰ হিন্দু ধৰ্মতত্ত্বৰ মাজৰ ধাৰাবাহিকতাক প্ৰতীকীভাৱে প্ৰকাশ কৰি আহিছে।

ধ্ৰুপদী অৰ্থাৎ ক্লাছিকেল যুগত শিৱ হিন্দুধৰ্মৰ অন্যতম প্ৰধান দেৱতা হিচাপে প্ৰতিষ্ঠিত হয়। বিশেষকৈ শৈৱ পৰম্পৰাত, য’ত তেওঁক পৰম সত্য হিচাপে উপাসনা কৰা কাৰ্যসমূহ আৰম্ভ হৈছিল। পুৰাণ আৰু মহাকাব্যসমূহত তেওঁক মহাদেৱ অৰ্থাৎ মহান দেৱতা বুলি বৰ্ণনা কৰা হৈছে, যাৰ বিশ্বজনীন কৰ্মসমূহত সৃষ্টি, পালন আৰু সংহাৰ অন্তৰ্ভুক্ত আছিল। ত্ৰিমূৰ্তি ধাৰণাত ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যি কঠোৰভাৱে পৃথক মহাজাগতিক ভূমিকা প্ৰদান কৰা হৈছে, তাৰ বিপৰীতে শৈৱ দৰ্শনে প্ৰায়ে শিৱক সকলো বিশ্বজনীন প্ৰক্ৰিয়াৰ চূড়ান্ত উৎস হিচাপে উপস্থাপন কৰি আহিছে। তেওঁৰ সংহাৰৰ দিশটো কেৱল বিনাশ নহয়, বৰং এক আৱশ্যকীয় ৰূপান্তৰ, যিয়ে পুনৰনৱীকৰণ আৰু পুনৰ সৃষ্টিৰ পথ প্ৰসাৰিত কৰে। ইয়াত ভাৰতীয় সভ্যতাৰ চক্ৰাকাৰ বিশ্ব দৃষ্টিভংগীৰ প্ৰতিফলন দেখা যায়।

শিৱৰ মূৰ্তিচিহ্ন অৰ্থাৎ আইক’ন’গ্ৰাফীসমূহেও প্ৰতীকাত্মক চিত্ৰৰ জৰিয়তে জটিল দাৰ্শনিক ধাৰণাসমূহ প্ৰকাশ কৰে। তেওঁৰ তৃতীয় চকুৱে আধ্যাত্মিক অন্তৰ্দৃষ্টি আৰু জ্ঞানৰ জৰিয়তে সংহাৰৰ শক্তিক সূচায়। তেওঁৰ নীলা কণ্ঠই সমুদ্ৰ মন্থনৰ সময়ত বিষ পান কৰি বিশ্বব্ৰহ্মাণ্ডক ৰক্ষা কৰা তেওঁৰ ভূমিকাক প্ৰতীকীভাৱে প্ৰকাশ কৰে। তেওঁৰ জটাত থকা অৰ্ধচন্দ্ৰ আৰু গংগাই সময় আৰু জীৱনদায়িনী শক্তিৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণক সূচায়। আকৌ তেওঁৰ ত্ৰিশূলপাতে অস্তিত্বৰ ত্ৰিমুখী স্বভাৱ অৰ্থাৎ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ, অথবা সৃষ্টি, পালন আৰু সংহাৰক প্ৰতিনিধিত্ব কৰে। এই প্ৰতীকসমূহেই ভাৰতীয় সভ্যতাই কেনেদৰে অধিবিদ্যাগত ধাৰণাসমূহক দৃশ্যমান আৰু পৌৰাণিক ৰূপত সংকেতিত কৰিছিল তাকেই প্ৰমাণ কৰে। যাতে দাৰ্শনিক চিন্তাধাৰাসমূহ কলা আৰু আচাৰৰ জৰিয়তে অনায়াসে প্ৰকাশ কৰিব আৰু বুজাব পাৰি।

শিৱৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতীকসমূহৰ ভিতৰত অন্যতম হৈছে লিঙ্গম অৰ্থাৎ শিৱ লিংগৰ উপাসনা, যি দেৱতাৰ এক অনাকাৰ প্ৰতিনিধিত্ব আৰু সমগ্ৰ দেশজুৰি ব্যাপকৰূপত উপাসিত। লিঙ্গমে সৃষ্টিশীল শক্তিক প্ৰতীকীভাৱে প্ৰকাশ কৰে আৰু যোনিৰ সৈতে যুগ্মভাৱে থাকিলে পুৰুষ আৰু স্ত্ৰী মহাজাগতিক তত্ত্বৰ ঐক্যক সূচায়, যিয়ে অস্তিত্বক শক্তিসমূহৰ পাৰস্পৰিক আন্তঃক্ৰিয়া হিচাপে সমগ্ৰভাৱে বুজাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। প্ৰাচীন গ্ৰন্থ আৰু মন্দিৰ পৰম্পৰাসমূহত লিঙ্গমক বিশ্বস্তম্ভ, বিশ্বব্ৰহ্মাণ্ডৰ অক্ষ আৰু নিৰাকাৰ পৰম বাস্তৱৰ চিন হিচাপে বৰ্ণনা কৰা হৈছিল। এই বিমূর্ত প্ৰতীকবাদে ভাৰতীয় সভ্যতাই মানৱাকৃতিৰ চিত্ৰণ অতিক্ৰম কৰি অধিবিদ্যাগত বিমূর্ততাৰ দিশে অগ্ৰসৰ হোৱাৰ প্ৰৱণতা কিদৰে গঢ়ি তুলিছিল তাৰেই প্ৰমাণ দিয়ে।

শিৱৰ তপস্বী যোগীৰ ৰূপটো তেওঁৰ সভ্যতাগত গুৰুত্বৰ আন এক গভীৰ দিশ। তেওঁক পৰম যোগী হিচাপে চিত্ৰিত কৰা হয়। যিজন হিমালয়ত বাস কৰে, ধ্যানত নিমগ্ন আৰু সাংসাৰিক ইচ্ছা-আকাংক্ষাৰ পৰা সম্পূৰ্ণভাৱে নিৰ্লিপ্ত। এই প্ৰতিচ্ছবিয়ে ভাৰতত তপস্বী পৰম্পৰাসমূহৰ বিকাশত গভীৰ প্ৰভাৱ পেলাইছিল। যাৰ ভিতৰত হিন্দু, বৌদ্ধ আৰু জৈন সন্ন্যাসধাৰাৰ অনুশীলনো অন্তৰ্ভুক্ত। শিৱই তপস্যাৰ আদৰ্শক প্ৰতিনিধিত্ব কৰে, য’ত আত্মসংযম আৰু ধ্যানৰ জৰিয়তে আধ্যাত্মিক সত্যৰ শৃংখলাবদ্ধ অনুসন্ধান কৰা হয়। একে সময়তে, তেওঁক পাৰ্বতী আৰু তেওঁৰ পুত্ৰ গণেশ আৰু স্কন্দৰ সৈতে গৃহস্থ হিচাপেও চিত্ৰিত কৰা হয়; যিয়ে তপস্যা আৰু সাংসাৰিক জীৱনৰ সুষম সহাৱস্থানক সূচায়। এই দ্বৈততাই ত্যাগ আৰু সম্পৃক্ততাৰ মাজত সামঞ্জস্য ৰক্ষাৰ ভাৰতীয় দাৰ্শনিক আদৰ্শকেই প্ৰতিফলিত কৰে।

নটৰাজ ৰূপত পোৱা শিৱৰ প্ৰতিচ্ছবিয়ে ভাৰতীয় কলা আৰু চিন্তাধাৰাত আটাইতকৈ সু-সংগঠিত আৰু সূক্ষ্ম প্ৰতীকী প্ৰকাশসমূহৰ অন্যতম ৰূপক আত্মপ্ৰকাশ কৰিছে। নটৰাজ শিৱই তেওঁৰ নৃত্যত বিশ্বব্ৰহ্মাণ্ডক সৃষ্টি কৰে, পালন কৰে আৰু বিলীন কৰে বুলি বিশ্বাস কৰি অহা হৈছে, যিয়ে মহাজাগতিক বাস্তৱতাৰ গতিশীল স্বভাৱক প্ৰতীকীভাৱে প্ৰকাশ কৰে। দক্ষিণ ভাৰতীয় মন্দিৰ সংস্কৃতিত বিকশিত হোৱা নটৰাজৰ মূৰ্তিচিহ্নই ধৰ্মতত্ত্ব, দৰ্শন, নান্দনিকতা আৰু বিশ্বতত্ত্বৰ উপাদানসমূহক একেটা প্ৰতিমাতেই সংহত কৰিছে। এই ৰূপটোৱে কেৱল ধৰ্মীয় কলাতেই নহয়, আধুনিক বৈজ্ঞানিক আৰু দাৰ্শনিক চিন্তাধাৰাতো মহাজাগতিক ছন্দ আৰু গতিৰ ওপৰত হোৱা চিন্তন, মননত প্ৰভাৱ পেলাইছে। যিয়ে ভাৰতীয় সভ্যতাই কিদৰে প্ৰতীকী কলাৰ জৰিয়তে মহাজাগতিক নীতিসমূহ প্ৰকাশ কৰিছিল তাৰ বিষয়েও কৈ আহিছে।

ভাৰতীয় সভ্যতাত শিৱ

শিৱই ভাৰতীয় দাৰ্শনিক ব্যৱস্থাসমূহতো কেন্দ্ৰীয় স্থান অধিকাৰ কৰি আহিছে। শৈৱ সিদ্ধান্ত আৰু কাশ্মীৰ শৈৱ দৰ্শনত শিৱক পৰম চৈতন্য, সমগ্ৰ বাস্তৱৰ আধাৰ হিচাপে চিহ্নিত কৰা হৈছে। এই পৰম্পৰাসমূহে চৈতন্য, ভাষা আৰু মুক্তিৰ বিষয়ে সূক্ষ্ম অধিবিদ্যাগত তত্ত্বসমূহ বিকশিত কৰিছিল, যিয়ে ভাৰতীয় বৌদ্ধিক ইতিহাসলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। শিৱ কেৱল এজন পৌৰাণিক দেৱতা নহয়, বৰং বিশুদ্ধ চৈতন্যৰ ব্যক্তিৰূপ; যিয়ে দ্বৈততাক অতিক্ৰম কৰি অস্তিত্বৰ ঐক্যক মূৰ্ত ৰূপ দিয়ে। এনে দাৰ্শনিক ব্যাখ্যাসমূহে ভাৰতীয় সভ্যতাত ধৰ্ম কিদৰে অধিবিদ্যা, জ্ঞানতত্ত্ব আৰু সত্তাতত্ত্বৰ সৈতে সম্পৃক্ত জটিল চিন্তাপদ্ধতিত বিকশিত হৈছিল তাৰেই প্ৰমাণ দাঙি ধৰে।

সামাজিক আৰু সাংস্কৃতিক জীৱনত শিৱ গভীৰভাৱে আচাৰ-অনুষ্ঠান, উৎসৱ আৰু দৈনন্দিন অনুশীলনৰ সৈতে সংযুক্ত হৈ আছে। মহা শিৱৰাত্ৰি, আটাইতকৈ ব্যাপকভাৱে উদ্‌যাপিত হিন্দু উৎসৱসমূহৰ অন্যতম, আধ্যাত্মিক জাগৰণ আৰু ভক্তিৰ প্ৰতীক। পানী, ভস্ম আৰু বেলপাতৰ দৰে সৰল উপচাৰেৰে কৰা শিৱৰ উপাসনাই সৰলতা আৰু নম্ৰতাৰ আদৰ্শক প্ৰতিফলিত কৰে। ধন-সম্পদ আৰু সমৃদ্ধিৰ সৈতে জড়িত আন দেৱতাসকলৰ বিপৰীতে শিৱক প্ৰায়ে এজন ভ্ৰমণশীল তপস্বী হিচাপে চিত্ৰিত কৰা হয়; যিয়ে বৈৰাগ্যক মূল্য দিয়ে; আৰু এনেদৰেই ভাৰতীয় সংস্কৃতিত ত্যাগ আৰু আধ্যাত্মিক শৃংখলাৰ নৈতিক আদৰ্শসমূহকো সুদৃঢ় কৰে।

প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে শিৱৰ সম্পৰ্ক তেওঁৰ সভ্যতাগত গুৰুত্বৰ আন এক উল্লেখযোগ্য দিশ। পৰ্বত, অৰণ্য, নদী আৰু জীৱ-জন্তুৰ অধিপতি হিচাপে শিৱই প্ৰকৃতিৰ পবিত্ৰতাক প্ৰতিনিধিত্ব কৰে। হিমালয়ত তেওঁৰ নিবাস আৰু গংগাৰ সৈতে তেওঁৰ সম্পৰ্কই ভাৰতীয় বিশ্ব দৃষ্টিভংগীক প্ৰতিফলিত কৰে। য’ত প্ৰাকৃতিক ভূ-দৃশ্যসমূহ পবিত্ৰ আৰু দৈৱিক উপস্থিতিৰে পৰিপূৰ্ণ বুলি গণ্য কৰা হয়। এই পৰিৱেশ-আধ্যাত্মিকতাই ভাৰতীয় পৰম্পৰাগত মনোভাৱত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাবোধক প্ৰভাৱিত কৰি, শোষণৰ পৰিৱৰ্তে সন্মান আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ অনুপ্ৰেৰণা যোগায়।

অনেক বছৰ ধৰি জনজাতীয় সমাজৰ পৰা ৰাজবংশসমূহলৈকে, শিৱ উপাসনাই বিভিন্ন সামাজিক গোটসমূহক অনুপ্ৰাণিত কৰি আহিছে। বহু ভাৰতীয় ৰজাই ভিন্ন সময়ত ভিন্ন ঠাইত শৈৱ ধৰ্মক পৃষ্ঠপোষকতা কৰিছিল। বিশ্ববিখ্যাত খাজুৰাহো, ইলোৰা, চিদম্বৰম আৰু তাঞ্জাভুৰৰ দৰে স্থানত শিৱৰ উদ্দেশ্যে বিশাল ভৱ্য মন্দিৰ নিৰ্মাণ কৰা হৈছিল। যিবোৰ মন্দিৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আৰ্থিক জীৱনৰ কেন্দ্ৰ হিচাপে গঢ় লৈছিল; য’ত স্থাপত্য, ভাস্কৰ্য, সংগীত, নৃত্য আৰু আচাৰ-অনুষ্ঠান এক সমন্বিত সভ্যতাগত প্ৰকাশত একত্ৰিত হৈ আহিছে। এইদৰেই শিৱই ভাৰতৰ মন্দিৰ সংস্কৃতি আৰু দেশখনত পবিত্ৰ ভৌগলিক এটি খণ্ড গঢ় দিয়াত শতিকাৰ পাছত শতিকাধৰি এক মুখ্য ভূমিকা পালন কৰি আহিছে।

Shiva

সাহিত্য আৰু কবিতাতো শিৱ এক জটিল আৰু বহুমুখী চৰিত্ৰ হিচাপে প্ৰতিফলিত হৈছে। সংস্কৃত মহাকাব্য আৰু পুৰাণসমূহত তেওঁক একেলগে ভয়ংকৰ আৰু কৰুণাময় ৰূপত চিত্ৰিত কৰি অসুৰবিনাশী আৰু ভক্তৰ ৰক্ষক হিচাপে উল্লেখ কৰা হৈছে। মধ্য যুগৰ ভাৰতত বিকশিত ভক্তি আন্দোলনৰ কবিসকলেও শিৱক এজন ব্যক্তিগত ঈশ্বৰ হিচাপে গীত ৰচিছিল আৰু গাইছিল, যিজনে আন্তৰিক ভক্তিৰ প্ৰতি সঁহাৰি জনাই বুলি বিশ্বাস কৰা হৈছিল। আনহাতে তান্ত্ৰিক পৰম্পৰাসমূহে তেওঁৰ গুপ্ত আৰু ৰহস্যময় দিশসমূহ ভৈৰৱ ৰূপে অনুসন্ধান কৰি আহিছে, য’ত তেওঁ মহাজাগতিক শক্তিৰ প্ৰচণ্ড মূৰ্তি হিচাপে চিহ্নিত হৈছে। এই ব্যাখ্যাৰ বৈচিত্ৰ্যই ভাৰতীয় সভ্যতাৰ বহুত্ববাদী স্বভাৱকেই উন্মোচন কৰে, য’ত বিভিন্ন ধৰ্মীয় আৰু দাৰ্শনিক দৃষ্টিভংগী একেলগে সহাৱস্থান কৰে।

শিৱৰ প্ৰভাৱ কেৱল হিন্দু ধৰ্মতেই সীমাবদ্ধ নহয়, বৰং ভাৰতৰ অন্যান্য ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰাসমূহলৈও বিস্তাৰিত। বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহতো বহুঠাইত শিৱৰ উল্লেখ পোৱা যায়, য’ত অনুৰূপ তপস্বী আৰু যোগমূলক আদৰ্শসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। লোক-পৰম্পৰাত শিৱ বিভিন্ন স্থানীয় ৰূপত উপাসিত হয়, য’ত জনজাতীয় আৰু শাস্ত্ৰীয় উপাদানসমূহৰ মিশ্ৰণ দেখা যায়। এই সমন্বয়ধৰ্মীতাই শিৱই কিদৰে অভিজাত সংস্কৃতভিত্তিক সংস্কৃতি আৰু জনপ্ৰিয় ধৰ্মীয় অনুশীলনৰ মাজত এক সেতু হিচাপে কাম কৰিছিল তাৰেই স্পষ্ট ইংগিত বহন কৰে। এনেদৰেই ভাৰতীয় সভ্যতাৰ সমন্বিত স্বভাৱ গঢ় দিয়াত শিৱই হাজাৰ হাজাৰ বছৰজুৰি এক অনবদ্য অৱদান আগবঢ়াই আহিছে।

আধুনিক যুগতো শিৱই আধ্যাত্মিক অনুসন্ধানী, শিল্পী, পণ্ডিত আৰু দাৰ্শনিকসকলক অনুপ্ৰাণিত কৰি আহিছে। সমসাময়িক সাহিত্য, চিনেমা, কলা আৰু গ্লোবেল আধ্যাত্মিক আন্দোলনসমূহত তেওঁৰ প্ৰতিচ্ছবি দেখা যায়। বিশ্বনটৰূপী শিৱৰ প্ৰতীকবাদক আধুনিক পদাৰ্থবিজ্ঞান আৰু দৰ্শনত গতিশীল বিশ্বব্ৰহ্মাণ্ডৰ উপমা হিচাপে ব্যাখ্যা কৰা হৈছে। বিশ্বজুৰি ভাৰতীয় প্ৰবাসী সমাজসমূহেও শিৱ উপাসনা অব্যাহত ৰাখিছে, যাৰ ফলত তেওঁ ভাৰতীয় আধ্যাত্মিক ঐতিহ্যৰ এক গ্লোবেল প্ৰতীক হিচাপে পৰিগণিত হৈছে।

মুঠতে শিৱই প্ৰকৃতি উপাসনা, দাৰ্শনিক অনুসন্ধান, কলাত্মক প্ৰকাশ আৰু নৈতিক আদৰ্শসমূহৰ এক সভ্যতাগত সমন্বয়ক প্ৰতিনিধিত্ব কৰি আহিছে; যিয়ে বৈপৰীত্যসমূহক একেলগে ধাৰণ কৰি আহিছে। তেওঁ একেধাৰে তপস্বী আৰু কামনাময়, সংহাৰক আৰু কৰুণাময়, নিসংগ আৰু সামাজিক; যিয়ে মানৱ অস্তিত্ব আৰু মহাজাগতিক বাস্তৱতাৰ জটিলতাক প্ৰতিফলিত কৰে। শিৱৰ জৰিয়তে ভাৰতীয় সভ্যতাই বিশ্বব্ৰহ্মাণ্ডক এক গতিশীল, আন্তঃসংযুক্ত পবিত্ৰ স্থান হিচাপে বুজাৰ নিজস্ব এক দৃষ্টিভংগীক প্ৰকাশ কৰি আহিছে। বহু শতিকাজুৰি তেওঁৰ স্থায়ী উপস্থিতি আৰু তেওঁৰ অনেক জনপ্ৰিয়তাই কেনেদৰে ধৰ্মীয় প্ৰতীকসমূহ বিকশিত হৈ গভীৰ সাংস্কৃতিক আৰু দাৰ্শনিক আদৰ্শত পৰিণত হ’ব পাৰে, আৰু সহস্ৰাব্দ ধৰি এটি সভ্যতাৰ পৰিচয় আৰু বিশ্ব দৃষ্টিভংগীক কেনেদৰে গঢ় দিব পাৰে তাকেই আমাক প্ৰতিপল সোঁৱৰায়।

Shiva 1

লেখকৰ ফোন: ৯৯৫৪০-০০২০০ (ঠিকনা: ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই, অসম।)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)/ Images from different sources

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
July 7, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

July 2, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d