• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Economy

ভাৰতৰ অকল্পনীয় অৰ্থনৈতিক খহনীয়া আৰু মোডীৰ অখন্ড নীৰৱতা!

by Anjan Sarma
May 23, 2022
in Economy
Reading Time: 2 mins read
0
Inflation: Difference between 2014 and 2022
Share on FacebookShare on TwitterShare on LinkedIn

অকল্পনীয় অৰ্থনৈতিক খহনীয়া

দিলীপ দৈমাৰী

অৰ্থনীতিৰ ক্ষেত্ৰত কেইবাটাও দু:সংবাদে ভাৰতবৰ্ষত বহুতৰে বাবে বিহ্বলতা-ভীতিৰ সৃষ্টি কৰিছে। এপিনে ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ বিপুলভাৱে বৃদ্ধি পালে, আৰু এপ্ৰিল মাহৰ মুদ্ৰাস্ফীতিৰ হাৰ ১৫.০৮% হৈ পৰিল ;মাৰ্চ মাহত আছিল ১৪%!

ৰিজাৰ্ভ বেংকে সততে ইয়াকেই বাঞ্চা কৰে যে মুদ্ৰাস্ফিতীৰ হাৰ ৫% ৰ কম হৈ থাকক আৰু পাইকাৰী মুদ্ৰাস্ফিতী হাৰ ৮% ৰ ভিতৰতে থাকক। কিন্তু সকলোবোৰ লক্ষ্যমাত্ৰাক অতিক্ৰম কৰি এপ্ৰিল মাহৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ হৈছে ১৫.০৮% !

RelatedPosts

Economic Survey 2025–26: Are Freebies Helping India or Hurting Its Economy?

Economic Survey 2025–26: Are Freebies Helping India or Hurting Its Economy?

February 15, 2026
How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

February 12, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

February 6, 2026

অৰ্থাৎ, ডবল ডিজিটৰ সীমাৰ পৰা হ্ৰাস হৈ কোনোপধ্যেই ১০% ৰ তললৈ নমাই আনিব পৰা নাই মুদ্ৰাস্ফিতীৰ হাৰ। 


দ্বিতীয়তে, কেন্দ্ৰীয় চৰকাৰৰ বহু প্ৰতীক্ষিত ভাৰতীয় জীৱন বীমা নিগমৰ বা সংক্ষেপে এল.আই.চি.ৰ শ্বেয়াৰেও আৰম্ভণিতেই ডাঙৰ খুন্দা খাইছে। যোৱা মঙলবাৰে, ১৭ মে’তাৰিখে, শ্বেয়াৰ বজাৰত নথিভুক্ত হয় এল.আই.চি. আৰু ৯৪৯ টকাৰ পৰা প্ৰাথমিক মূল্য আৰম্ভ হোৱা এল.আই.চি.ৰ শ্বেয়াৰৰ দাম একেকোবে প্ৰথমৰে পৰাই কমিবলৈ ধৰে। এটা সময়ত এল.আই.চি.ৰ শ্বেয়াৰৰ মূল্য ৮৬০ টকালৈ নামি আহি সকলোকে স্তম্ভিত কৰি তোলে। মাজতে এসময়ত ৯২০ টকালৈ উঠে যদিও বেছিপৰ স্থায়ী নহ’ল, পুনৰ নেশ্যনেল স্টক এক্সচেঞ্জত ৮৭৫ টকাত স্থিৰ হৈ পৰে। বুধবাৰেও একেই দশা হৈ ৮৭৬.৩৫ টকাত স্থিৰ হয়।

Why is Rupee falling

এই ঘটনাৰ ফলত প্ৰৱল আশংকা আৰু আতংকৰ সৃষ্টি হৈছে শ্বেয়াৰ বজাৰত আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মহলত। কাৰণ ইমান ঢাকঢোল বজাই এল.আই.চি.ক শ্বেয়াৰ বজাৰলৈ সজাই-পৰাই অনাৰ পিছতো প্ৰত্যাশা পূৰণ নহ’ল। প্ৰথমদিনা ২০৫০০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী হৈছে যদিও আশা আছিল অনেক। আনহাতে, পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ ১৭ বছৰৰ ভিতৰত সৰ্বাধিক হৈ পৰিল!

১৫.০৮% হাৰেৰে সৰ্বাধিক বা সৰ্বোচ্চ ইতিপূৰ্বে হৈছিল ২০০৫ চনৰ এপ্ৰিল মাহত।

তাৰপিছত, ১৭ বছৰৰ পিছত, মোডী চৰকাৰৰ আমোলত এয়া সৰ্বোচ্চ হাৰ!

 
অৰ্থাৎ, কথাই কথাই, কোন কাহানিবাই পাৰ্থিৱ শৰীৰ ত্যাগ কৰা নেহৰুক টানি অনা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ বাবে ইউ.পি.এ. চৰকাৰক সমালোচনা কৰা মোডী চৰকাৰৰ বাবে এনে তথ্য হৈ পৰিছে চৰম অস্বস্তিৰ কাৰণ! কিন্তু ইয়াতেই শেষ নহয়, যি তথ্য সবাতোকৈ বেছি উদ্বেগজনক, সেয়া হ’ল খাদ্য- সামগ্ৰীৰ মূল্য বৃদ্ধিয়েই প্ৰধান কাৰণ এই বিপুল পৰিমাণৰ মুদ্ৰাস্ফিতীৰ হাৰ বৃদ্ধিৰ।

বিশেষকৈ পাচলি, ফল, খাদ্য শস্য, খাদ্য পণ্য ইত্যাদি। ইয়াৰ লগতে যুক্ত হৈছে পেট্ৰল – ডিজেল আদিৰ ঘোঁৰাৰ কদমত ছুটি মেলা দাম। উৎপাদন চেক্টৰৰ অৱস্থাও শোচনীয়। বিদ্যুৎ, চিমেণ্ট আৰু ধাতুৰ দামো হু হু কৈ বাঢ়ি গৈছে। কোনোভাবেই মূল্যবৃদ্ধিৰ প্ৰৱণতাক চম্ভালিব পৰা হোৱা নাই। এইহেন পৰিস্থিতিত অৰ্শৰ ওপৰত ফোঁহোৰা উঠাৰ দৰে টকাৰ মূল্যৰ পতন হৈছে ৰেকৰ্ড পৰিমাণে। ডলাৰৰ বিনিময়ত টকাৰ মূল্য ৭৭ টকা ৭৯ পইচা হৈ পৰিছে।

অৰ্থাৎ, ৮০ টকা হৈ পৰিলেও আশ্বৰ্য হ’ব লগীয়া একো নাই!


আশ্বৰ্যকৰভাৱে সাম্প্ৰতিক ভাৰতৰ এনে মাৰাত্মক অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখেৰে এষাৰো বাক্য নিৰ্গত হোৱা নাই, যদিও তেওঁ অত্যন্ত সৰৱ আছিল মনমোহন সিঙৰ আমোলত পেট্ৰ’ল – গেছৰ মূল্যবৃদ্ধিক লৈ, পণ্যৰ মূল্যবৃদ্ধিক লৈ।

তেওঁ একেবাৰেই নীৰৱ! যিদৰে নীৰৱ হৈ আছিল হাজাৰ কোটি বৰাদ্দ কৰি পৰিষ্কাৰ কৰিব বিচৰা গঙ্গাৰ বক্ষৰে কৰ’নাকালত শত শত মৃতদেহ উটি যোৱাৰ সময়ত, অক্সিজেনৰ অভাৱত বাটে পথে শত শতজনে মৃত্যু বৰণ কৰা সময়ত, শ্মশানত খৰিৰ অভাৱত মৃতদেহৰ সৎকাৰ কৰিব নোৱৰা সময়ত, সময়মতে টিকাকৰণ কৰিব নোৱৰা সময়ত, বিমুদ্ৰাকৰণৰ ব্যৰ্থতাৰ সময়ত, হঠাৎ লক-ডাউন ঘোষণা কৰাৰ পিছত হাজাৰ হাজাৰ শ্ৰমিকে শ শ কিলোমিটাৰ খোজ কঢ়াৰ সময়ত, নতুন দিল্লীৰ উপকন্ঠত হাজাৰ হাজাৰ খেতিয়কে মাহৰ পিছত মাহ ধৰি শীত – গ্ৰীষ্ম অতিক্ৰম কৰি প্ৰতিবাদ কৰা সময়ত, কোটি কৈটি নিবনুৱাই কপালত চপৰিয়াই থকাৰ সময়ত,…!

গতিকেই এতিয়া দৃষ্টি অইনপিনে ঘূৰাবলৈ জ্ঞানবাপী, চিদাম্বৰমৰ গৃহত চি.বি.আই., তাজমহল,…! মুদ্ৰাস্ফিতীৰ যি হয় হৈ থাকক, মূল্য বৃদ্ধিৰ যি হয় হৈ থাকক, ডলাৰৰ তুলনাত টকাৰ যি হয় হৈ থাকক, কিন্তু ‘চেন্ট্ৰেল ভিস্টা’ হ’বই লাগিব, ৪৫০০+ কোটি টকীয়া বিলাসী বিমানত উঠি উৰিবই লাগিব,…! 

19-05-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Economic Survey 2025–26: Are Freebies Helping India or Hurting Its Economy?
Economy

Economic Survey 2025–26: Are Freebies Helping India or Hurting Its Economy?

by Kakali Das
February 15, 2026
0

Economic Survey 2025–26: Are Freebies Helping India or Hurting Its Economy? KAKALI DAS The Economic Survey 2025-26 has recently brought...

Read moreDetails
How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

February 12, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

February 6, 2026
Historic India-EU FTA: ‘Mother of All Deals’ Unlocks Trillion-Dollar Trade Potential

Historic India-EU FTA: ‘Mother of All Deals’ Unlocks Trillion-Dollar Trade Potential

January 27, 2026
Is the India–EU Free Trade Agreement the Biggest Trade Deal in India’s History?

Is the India–EU Free Trade Agreement the Biggest Trade Deal in India’s History?

January 23, 2026
close up photo of golden rings

Gold Soars Past Rs 1.5 Lakh Milestone Amid Global Turmoil in India

January 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
Environmental Impacts of Electronic Waste & Potential Pathways for its Management

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

March 8, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d