• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ভাৰতৰ অগ্রগতি

সঞ্জীৱ নাথ

by Anjan Sarma
August 8, 2023
in Opinion, National, Politics, Social Media, Tech
Reading Time: 5 mins read
0
ভাৰতৰ অগ্রগতি
Share on FacebookShare on TwitterShare on LinkedIn

ভাৰতৰ অগ্রগতি

সঞ্জীৱ নাথ

Sanjeev Nath
সঞ্জীৱ নাথ

বন্ধু এজনে হোৱাটছ্ আপত এটা ভিডিঅ’ ফাইল পঠাইছে, আৰু ভিডিঅ’টোৰ বিষয়ে কিছু বর্ণনাও দিয়া আছে—বোধকৰোঁ প্রথমে এই ভিডিঅ’ হোৱাটছ্ আপত মেলি দিয়া জনেই সেই বর্ণনা লিখিছে।

ভিডিঅ’টোত দেখুউৱা হৈছে এখন বিদ্যালয়ত নিয়োজিত এগৰাকী “ৰবট শিক্ষয়ত্রী”(ৰবটৰ লিংগ নাই, কিন্তু বাহিৰৰ পৰা এজনী কুন্ধচ নাৰীৰ দৰে লাগে বাবে “শিক্ষক” বোলা নাই।

ইংৰাজী ভাষাত—ভিডিঅ’টোৰ ভাষাত—এই অসুবিধা নাই, “টিচাৰ্” বুলিলেই হ’ল)। এই ৰবটক বিশ্বৰ প্রথম ৰবট শিক্ষয়ত্রী বুলি দাবী কৰা হৈছে। এই ৰবটে পঢ়ুৱাই বাংগালুৰুৰ ইন্দাছ ইন্টাৰনেশনেল স্কুলত।

ৰবটে শিক্ষকক চাকৰিৰ পৰা খেদা নাই (এতিয়াও), কাৰণ কৃত্ৰিম বুদ্ধিমত্তাৰ চমকপ্রদ নিদর্শন বুলি দাবী কৰা এই ৰবট আৰু শিক্ষকে একেলগে শ্রেণীত পঢ়ুৱাৰ কাম কৰে।

কোৱা হৈছে যে যিবোৰ কথা গুগুলে শিকাব পাৰে, সেইবোৰ কথা এই ৰবটে শিকাব, বাৰে বাৰে কৰিবলগীয়া কামবোৰ এই ৰবটে কৰিব; বাকী কাম শিক্ষকে কৰিব, বাকী কথা শিক্ষকে শিকাব। এই “বাকী” বোৰ কি?

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026

এই “বাকী”বোৰ কিয় ৰবটে শিকাব নোৱাৰে?

এনেবোৰ প্রশ্ন মনলৈ আহে, কিন্তু এতিয়া সেইবোৰ আলোচনা কৰিব বিচৰা নাই। এতিয়া মাত্র এই ভিডিঅ’ৰ সৈতে থকা বর্ণনাৰ বিষয়ে মনলৈ অহা দুই এটা প্রশ্নৰ কথাহে ক’ব খুজিছোঁ।

বর্ণনাত কোৱা হৈছে যে ৫ ফুট ৭ ইন্সি উচ্চতাৰ এই ৰবট শিক্ষয়ত্রী বিশ্বৰ ভিতৰতে প্রথম ৰবট শিক্ষয়ত্রী (প্রকৃততে এই দাবী সঁচা নহ’ব পাৰে)।

কৃত্ৰিম বুদ্ধিমত্তাৰ সুন্দৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা এই ৰবটে অংক, পদার্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষা দিয়ে।

…..বর্ণনাৰ শেষত কোৱা হৈছে যে “India is going great”—অর্থাৎ বুজাবলৈ যত্ন কৰা হৈছে যে ভাৰতবর্ষই অতি সবল ভাবে আগবাঢ়ি গৈছে।

ভাৰতৰ অগ্রগতি
ৰবট শিক্ষয়ত্রী (right one)

ভাল লাগে নিজৰ দেশৰ বিষয়ে ভাল কথা পঢ়িবলৈ পালে। ভাৰতৰ ভাল মানেই আমাৰ সকলোৰে ভাল।

ভাৰতৰ অগ্রগতিৰ খবৰ আমাৰ সকলোৰে বাবে আনন্দৰ খবৰ।

কিন্তু কিয় জানো, এনে ভাল কথা পঢ়িবলৈ পালেও মনটোৰ ভিতৰত হেজাৰটা প্রশ্নই আমনি কৰে। ভাৰত কি? এক বিশেষ ভৌগোলিক সীমাৰে বন্ধা ভাৰতেই ভাৰত নে ৰজা ভৰতৰ নামেৰে হোৱা দেশ ভাৰত, নে যি দেশত জন্ম পোৱাটোৱেই মহা ভাগ্যৰ কথা (“ধন্য নৰতনু ভাল,/ ধন্য ধন্য ভাৰত বৰিষে”) সেই ভাৰত?

যি দেশত বিভিন্ন ধর্মৰ আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহে নিজৰ ভেদাভেদ পাহৰি একেলগে ব্রিটিছ শাসনৰ বিৰুদ্ধে ঠিয় দিছিল সেইখন ভাৰত, নে যি দেশত ধর্মৰ নামত, জাতিৰ নামত ৰক্তাক্ত ৰণ তৰি ইজনে সিজনক হত্যা কৰে সেইখন ভাৰত?

মণিপুৰৰ ভাৰত নে হাৰিয়াণাৰ ভাৰত?

যি খন দেশত খেতিয়কে বেঙ্কৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰে আৰু চতুৰ ধন কুবেৰে বেঙ্কৰ ধন (অর্থাৎ আপোনাৰ আৰু মোৰ ধন) লৈ বিদেশত “হলিডে’” কৰে, সেইখন ভাৰত নেকি?

ভাৰতৰ অগ্রগতি

বিদেশত নিজৰ ক’লা ধন লুকুৱাই থকা সকলৰ ধন যে স্বদেশলৈ ওভতাই আনি প্রত্যেকজন নাগৰিককে ১৫ লাখ টকাকৈ দিয়া হ’ব বুলি প্রতিশ্রুতি দিয়া হৈছিল, সেই প্রতিশ্রুতি- পৰায়ণ নেতা সকলৰ দেশ নেকি ভাৰত?

নে প্রতিশ্রুতিত পতিয়ন যোৱা নাগৰিকৰ দেশ ভাৰত? নে হিতাধিকাৰীৰ দেশ ভাৰত? নে হিতাধিকাৰী-ভোটাৰৰ দেশ ভাৰত? নে ভোটাৰ-হিতাধিকাৰীৰ দেশ ভাৰত?

কোনখন ভাৰতৰ কথা কৈছে ভিডিঅ’টোৰ বর্ণনাই? ভিডিঅ’টোত দেখা পঢ়াশালিখনৰ কোঠাটো যে কিমান ধুনীয়া আৰু ডাঙৰ!

সঁচাই ভাল লাগে যে ভাৰততে এনে বিদ্যালয় আছে য’ত ছাত্র-ছাত্রীয়ে অতি সুন্দৰ, পৰিস্কাৰ, আহল বহল, শীত-তাপ নিয়ন্ত্রিত কোঠাত বহি কৃত্ৰিম বুদ্ধিমত্তাৰে বুদ্ধিদ্বীপ্ত ৰবট-শিক্ষয়ত্রীয়ে বিদেশী উচ্চাৰণত কোৱা ইংৰাজী কথা শুনিছে। এনে বিদ্যালয়ত পঢ়ি এজন ছাত্রই বিদেশৰ নামী-দামী বিশ্ববিদ্যালয়ত পঢ়িবলৈও যাবলৈও সহজ হৈ পৰে।

ভাৰতৰ অগ্রগতি

ভাৰততে এনে বিদ্যালয় আছে। ভাল লাগে। ল’ৰা-ছোৱালীক এনে বিদ্যালয়লৈ পঠাবলৈ হ’লে বাৰু মাক-দেউতাকৰ আয় কেনেকুৱা হ’ব লাগিব? ঘৰ, গাড়ী, বিদ্যালয়, বজাৰ-সমাৰ সকলোতে শীত-তাপ- নিয়ন্ত্রিত বাতাবৰণত থকা ভাৰতৰ চিলিকন নগৰী বাংগালুৰুৰ ধনী কোম্পানীত কাম কৰা সেই মাক-দেউতাক সকলে আৰু তেওঁলোকৰ সন্তানসকলে বাৰু কোনখন ভাৰত দেখা পায়?

ডাঙৰ হৈ বিদেশত পঢ়িবলৈ, চাকৰি কৰিবলৈ, থাকিবলৈ যাওঁতে সেই ল’ৰা-ছোৱালী বোৰে বাৰু কোনখন ভাৰতৰ কথা ভাবে? ভাবে নে নাভাবে ভাৰতৰ কথা তেওঁলোকে? বিদেশত চাকৰি কৰি গ্রীন কার্ড লোৱা বহুতৰে মাক দেউতাকে কয়, “সিহঁতে তাতেই ভাল পায়, ইয়ালৈ ক’ত আহিব?”

ভাৰতক ভাল পায় নে তেওঁলোকে? কিয় নাপাব? তেওঁলোক ভাৰতত থাকিবলৈ নাহিল পিছে কি হ’ল? বিদেশী নাগৰিকত্ব ল’লে পিছে কি হ’ল? কেতিয়াবা আহিলেও দেশৰ পানী খাবলৈ ভয় কৰিলে পিছে কি হ’ল?

বিদেশ ভ্রমণলৈ যোৱা ভাৰতৰ নেতাৰ দর্শন কৰি, শ্লোগান দি, অটগ্রাফ লৈ তেওঁলোকৰ কিছু সংখ্যকে যে হৈচৈ লগায় সেয়াই তেওঁলোকৰ ভাৰত-প্রেমৰ উৎকৃষ্ট নিদর্শন নহয় জানো?

ভাৰতৰ অগ্রগতি

বিদেশৰ চৰকাৰে ৰাজনৈতিক লাভ, ভোটৰ অংকত বন্দী হৈ (কাৰণ ভাৰতীয় মূলৰ লোকৰ সংখ্যা কম নহয়) সেই ভাৰতীয় মূলৰ লোকসকলক তেওঁলোকৰ চার্কাচ চলাবলৈ দিলে পিছে কি হ’ল?

ভাৰতৰে গাঁৱৰ চালৰ ফুটাৰে আকাশ দেখা পঢ়াশালিত পঢ়া অকণমানি কেইটাই বাৰু জানেনে কিমানখন ভাৰত ভাৰততে আছে? সিহঁতৰ কোনোটোৱে নিজৰ সেই উৰুখা পঁজা যেন বিদ্যালয়খনৰ সকলো শ্রেণী পাৰ নোহোৱাকৈয়ে শিক্ষা সাং কৰিব লগীয়া হয়; বিদেশৰ বিশ্ববিদ্যালয়ত কি পঢ়িব সিহঁতে?

ইন্দাছ ইন্টাৰনেশনেলৰ ছাত্র-ছাত্রীয়ে বাছেৰে, দামী গাড়ীৰে বিদ্যালয়লৈ যায়, আৰু একেখন দেশতে এনে ছাত্র-ছাত্রীও আছে যি বিদ্যালয়লৈ যাবলৈ নাও নহয়, চৰু ব্যৱহাৰ কৰিব লগীয়া হৈছিল। সাধুকথাৰ বুঢ়ীয়ে শিয়ালৰ ভয়ত লাউত সোমাই যাত্রা কৰে। সেই যাত্রা বেছি বিপদজনক নে অকণমানি এটাই মস্ত চৰু এটাত সোমাই নদীৰ পানীত উপঙি গৈ থকা বেছি বিপদসঙ্কুল? নিশ্চয় বাংগালুৰুৰ সেই ৰবট-শিক্ষয়ত্রীক এই প্রশ্নটো কৰিলে ভাল, বুদ্ধিদ্বীপ্ত উত্তৰ পোৱা যাব।

ভাৰতৰ অগ্রগতি

আৰু শিক্ষক সকল? এফালে নিজৰ কামৰ বোজা কমাবলৈ লগত সহকাৰী ৰবট-শিক্ষয়ত্রী লৈ শ্রেণীত সোমোৱা শিক্ষক, আৰু আনফালে চাইকেল মাৰি, বঠা মাৰি বিদ্যালয়ত সোমাই, বজাৰ কৰি, ছাত্র-ছাত্রীৰ বাবে ভাত ৰান্ধি সিহঁতৰ চাৰিটা শ্রেণীক অকলেই পঢ়ুৱা শিক্ষক – সকলো ভাৰত দেশৰে শিক্ষক।

সন্দেহাতীত ভাবে ভাৰতীয় কোন? কপালত তিলক, শৰীৰত লগুণ পিন্ধা জন নে মূৰত টুপী, থুঁতৰিত ডাঢ়ি থকা জন? ভাৰত কাৰ? হিন্দুৰ, মুছলমানৰ, শিখৰ, বৌদ্ধৰ, খ্রীষ্টানৰ, ইহুদীৰ, পার্চীৰ, অন্য কোনো ধর্মৰ লোকৰ নে সকলোৰে? ধনীৰ নে অতি ধনীৰ নে ধন কুবেৰ ডকাইত বা চোৰৰ?

ভাৰত কাৰ? চতুৰালিৰে সকলোকে ঠগিব খোজা সকলৰ নে ঠগ খাই খাই সর্বস্বান্ত হোৱা সকলৰ? দামী বাচমতি চাউলৰ ভাত খোৱা সকলৰ নে বিনামূলীয়া বা কম দামৰ চাউলৰ ভাত খোৱা সকলৰ? বা এসাজ খাই এসাজ নাখাই থকা সকলৰ?

ভাৰত কোন খন? পঞ্চ-তাৰকা, সপ্ত-তাৰকা ভাৰতখন প্রকৃত ভাৰত নে উৰুখা চালিৰ ভাৰতখন প্রকৃত ভাৰত?

ভাৰতৰ অগ্রগতি

ছলমান ৰুশদিয়ে The Moor’s Last Sigh উপন্যাসখন লিখোতে ভাৰতৰ কাহিনীকে কৈছে, কিন্তু তেওঁৰ কাহিনীৰ মূল চৰিত্র সমূহ হিন্দু নহয়, মুছলমানো নহয়। তেওঁলোক অতি ধনী খ্রীষ্টান-ইহুদী-মুছলমান সংমৃশন।

ৰুশদিয়ে কৈছে যে তেওঁ তেওঁৰ কাহিনীটোক ভাৰতৰ সংখ্যাগৰিষ্ঠ (majority) বা “বৃহৎ সংখ্যালঘূ” (major minority)ক হাইজেক কৰিবলৈ নিদিয়ে কাৰণ সংখ্যাগৰিষ্ঠ (অর্থাৎ হিন্দু) আৰু বৃহৎ সংখ্যালঘূ (অর্থাৎ মুছলমান) যিমান ভাৰতীয়, “অতি ক্ষুদ্র সংখ্যালঘু” ভাৰতীয় সকলো সমানে ভাৰতীয়। ধর্মৰ ক্ষেত্রত সংখ্যাগৰিষ্ঠ ভাৰতীয় আৰু সংখ্যালঘূ ভাৰতীয়ৰ ভাৰতীয়ত্বত নিশ্চয় পার্থক্য নাই। অতি ধনী ভাৰতীয় আৰু অতি দুখীয়া ভাৰতীয় সকলো নিশ্চয় সমানে ভাৰতীয়।

ভাৰতৰ অগ্রগতি

ইন্দাছ ইন্টাৰনেশনেল ভাৰততে আছে, তাত পঢ়া, পঢ়ুৱাসকলো ভাৰততে আছে, চৰুৰ ভিতৰত সোমাই বিদ্যালয়লৈ যোৱা সকলো ভাৰততে আছে। ভাৰত একেখনেই। মাত্র ভাগ্য বেলেগ বেলেগ! গুজৰাটত, কর্ণাটকত জন্ম ল’লে এক ধৰণৰ ভাগ্য আৰু মণিপুৰত, অসমত জন্ম ল’লে অন্য ধৰণৰ ভাগ্য হয় নেকি বাৰু? কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন ৰবট বনাবলৈ যিদৰে বুদ্ধি লাগে, ভিডিঅ’ বনাবলৈও কিছু বুদ্ধিৰ প্রয়োজন হয়।

আৰু ভালদৰে মন কৰিলে কোনটো ভিডিঅ’ কেনেকুৱা বুদ্ধিৰে বনোৱা হৈছে বুজা সিমান টান নহয়। সম্ভৱত: এই ভিডিঅ’ বনোৱা বুদ্ধিমানে কেৱল সেই বিদ্যালয়ৰ বা সেই ৰবটৰ গুণগান কৰিবলৈকে ভিডিঅ’টো বনোৱা নাই।

ভাৰতৰ অগ্রগতি

সম্ভৱত: বহুতো বুদ্ধিমানে এতিয়া এনে কামত হাত দিছে আৰু দিব—ভোটৰ বতৰৰ গোন্ধ যে আছে বতাহত! এনেকৈ ভাবিলে বাৰু ভুল হ’ব নেকি যে এনে ভিডিঅ’ এইবাবে বনোৱা যায় যাতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্রত অগ্রগতি লাভ কৰা ভাৰতৰ জয়গানত মছগুল ভাৰত মাতাৰ ভোটাৰে ভোট দিওঁতে বেছি বুদ্ধি খটাব লগীয়া নহয়?

জনতাৰ অকৃত্ৰিম, প্রাকৃতিক, নিজৰ ভিতৰৰ বুদ্ধি যদি জাগৃত হয়, মাত্র তেতিয়াহে চাগৈ এনে বুধিয়ক সকলৰ দিন উকলিব। আহিবনে সেই দিন? ভাল দিন?

ভাৰতৰ অগ্রগতি

ভাল দিন বুলিলেই যে পুনৰ ভোটৰ বতৰৰ কথা মনলৈ আহে। ভাল দিনৰ আশাতে আমি জীয়াই আছো : আগতে বহুতে দিলে ভাল দিনৰ বহুত আশা, আকৌ আহিব ভাল দিনৰ আশা বিলাবলৈ —

বৰদিনৰ সন্ধিয়া ছেন্টা ক্লজে যে মোনা ভৰাই সৰু ল’ৰা-ছোৱালীৰ বাবে উপহাৰ আনে বুলি কয় ঠিক তেনকৈয়ে…..কিন্তু সঁচাই আহিবনে ভাল দিন? অন্তত: চৰুত সোমাই বিদ্যালয়লৈ যাব নলগীয়া হোৱা ভাল দিন (ৰবট মেডাম থকা বিদ্যালয়লৈ নহয়) ?

ভাৰতৰ অগ্রগতি

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d