• অৰবিন্দ ৰাভা
আচম্বিতে মৃত্যু হ’ল ভাৰতৰ সৰ্বপ্ৰথম সেনা সৰ্বাধিনায়ক তথা ‘চিফ অব ডিফেন্স স্টাফ'( CDS) বিপিন ৰাৱাতৰ। আজি বুধবাৰে, ০৮/১২/২০২১ তাৰিখে, দুৰ্ঘটনাৰ কৱলত পৰিল ভাৰতীয় সৈন্যবাহিনীৰ এম-আই-১৭ হেলিকপ্তাৰ আৰু সেই হেলিকপ্তাৰ খনতেই আছিল পত্নীসহ ভাৰতৰ সৈন্যবাহিনীৰ সৰ্বাধিনায়ক বিপিন ৰাৱাত তথা কেইজনমান সেনা বিষয়া। বায়ুসেনাৰ সূত্ৰৰ খবৰ অনুসৰি দুৰ্ঘটনাত মৃত্যু হোৱা ১৩ জনৰ ভিতৰত আছে বিপিন ৰাৱাতৰো মৃতদেহ। তেওঁৰ লগতে পত্নী মধুলিকা ৰাৱাতৰো মৃত্যু হয়। বুধবাৰে তামিলনাডুৰ কুন্নুৰৰ নীলগিৰি জঙ্গলত হঠাৎ সেনাৰ হেলিকপ্টাৰখন ভাঙি পৰে। হেলিকপ্টাৰখন দিনৰ ১২-৪০ মিনিটত নীলগিৰিৰ এখন চাহ বাগিছাৰ ওপৰত ভাঙি পৰে।

কুন্নুৰৰ এজন প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰথমতে তেওঁ এক ভয়ংকৰ শব্দ শুনা পায় আৰু চক্ খাই উঠি ঘৰৰ পৰা বাহিৰলৈ ওলাই দেখে যে এদাল গছত এখন হেলিকপ্টাৰে খুন্দা মাৰি জ্বলিবলৈ আৰম্ভ কৰিছে! খুন্দা খোৱাৰ লগে লগে হেলিকপ্টাৰ খনত দাউ দাউকৈ জুই জ্বলি উঠে। তাৰপিছত এক জ্বলন্ত অগ্নিকুন্ডৰ দৰে হৈ পৰা সেই হেলিকপ্টাখনে অইন এদাল গছত খুন্দা মাৰে। এই ঘটনা দেখি ওচৰৰ বাসিন্দা কিছুমানে হেলিকপ্টাৰখনৰ পিনে দৌৰি গৈ দেখে যে জ্বলন্ত অৱস্থাত কেইজনমান আৰোহী দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ খনৰ পৰা বাহিৰলৈ ওলাবলৈ যত্ন কৰিছে। তেওঁলোকৰ শৰীৰৰ সৰহ অংশই জ্বলি গৈছিল। ইয়াৰ পিছত উদ্ধাৰকাৰ্যত সকলোৱে জপিয়াই পৰে। উদ্ধাৰৰ বাবে আহে অগ্নিনিৰ্বাপক বাহিনী। অগ্নিদগ্ধ তথা গুৰুতৰভাৱে আহত অৱস্থাত বিপিন ৰাৱাতক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। সংবাদ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি হেলিকপ্টাৰখনত থকা ১৪ জন আৰোহীৰ ১৩ জনৰেই মৃত্যু হয়। ১৩ জনৰ ভিতৰতেই আছিল ভাৰতৰ সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱাত সহ তেওঁৰ পত্নী মধুলিকা ৰাৱাত। গ্ৰুপ কেপ্তেইন বৰুণ সিংহক আশংকাজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই লেখাৰ সময়লৈ তামিলনাডুৰ ৱেলিংটনৰ সেনা চিকিৎসালয়ত ভৰ্তি হৈ মৃত্যুৰ সৈতে যুজি আছে বৰুণ সিংহই।
