• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

জ্ঞাননাথ বৰাৰ সৈতে হোৱা কাল্পনিক সাক্ষাৎকাৰ !

by Anjan Sarma
August 14, 2025
in History, Opinion, Politics
Reading Time: 4 mins read
0
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়
Share on FacebookShare on TwitterShare on LinkedIn

ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

(জ্ঞাননাথ বৰাৰ সৈতে হোৱা কাল্পনিক সাক্ষাৎকাৰ)

২৭ ছেপ্টেম্বৰ, ২০১৫ তাৰিখে ‘আমাৰ অসম’ বাতৰি-কাকতত প্ৰকাশিত 

অঞ্জন শৰ্মা

||১||

Anjan Sarma Photo
অঞ্জন শৰ্মা

অসমৰ দৃশ্য-শ্ৰাৱ্য মাধ্যমসমূহত বেছিভাগেই বিৰতিবিহীনভাৱে চলি থকা অৰ্থহীন তথা উত্তৰবিহীন আলোচনা, বিৰক্তিকৰ সাক্ষাৎকাৰ, ধোঁৱাময় মুকলি মঞ্চ, বেছি সময়তে হৈ থকা দৃষ্টিকটু চিঞৰ-বাখৰ, বোকা ছটিওৱা প্ৰতিযোগিতা, বাতৰি-কাকতসমূহত প্ৰকাশিত বিবৃতিৰে সেই একেই মান্ধাতা কালৰেপৰা দি অহা ফোঁপোলা সকীয়নি, কোনেও গুৰুত্বকে প্ৰদান নকৰা প্ৰতিবাদ, মাৰ কাঢ়ি থোৱা ভাতৰ দৰে ৰাজনৈতিক নেতাই দিয়া জৰজৰীয়া বক্তৃতা, পৰিসংখ্যা, চৰিত্ৰহনন আৰু এইবোৰৰ মাজত, কেৱল এইবোৰৰ মাজতেই নহয়— ‘ব’ল ব’ম, দাণ্ডিয়া নৃত্য, ষট পূজা, সুবোধ বিশ্বাস, ৰাকেশ পাল, ৰিপুণ বৰা, অমিত শ্বাহ অভাৱনীয় কৰ্মোদ্যমেৰে অসমৰ উন্নতিৰ বাবে শৰীৰৰ তেজ পানী কৰি থকা লুইতপৰীয়া হিন্দু মহোৎসৱৰ কৰ্মকৰ্তাসকলৰ কৃচ্ছ্ৰসাধন, মুখ্যমন্ত্ৰীৰ ঝুমুৰ নৃত্য, হিমন্তৰ বিজেপি গমন তথা তেওঁৰ অনুগামীসকলেও কংগ্ৰেছৰপৰা বিজেপিলৈ গৈ হঠাৎ ‘মহান হিন্দু’ হৈ পৰাক লৈ চলি থকা চৰ্চা আদিৰ মাজত অসমৰ মূল সমস্যাবোৰ উশাহ ল’ব নোৱৰাকৈ তল পৰি যোৱাৰ পটভূমিত, হঠাৎ ভাগ্যৰ জোৰত কাল্পনিক জগতখনত লগ পাবলৈ সক্ষম হৈছিলো ইতিমধ্যে এই মুলুকৰপৰা বিদায় গ্ৰহণ কৰা কেইগৰাকীমান স্বনামধন্য অগ্ৰজক।

কেৱল লগ পোৱাই নহয়, সাক্ষাৎকাৰো গ্ৰহণ কৰিলো স্বনামধন্য জ্ঞাননাথ বৰাৰ। কাল্পনিক জগতত হোৱা এই সাক্ষাৎকাৰটো যদিহে পাঠক-সমাজে গ্ৰহণ কৰে, আনসকলৰো সাক্ষাৎকাৰ গ্ৰহণ কৰিম। কাৰণ, তেওঁলোকৰ বক্তব্য নুশুনিলে আজিৰ কণ্ঠস্বৰৰ মূল্যইবা কি ! কিন্তু পাঠক-সমাজেই আমাৰ চূড়ান্ত বিচাৰক।

আহক, আমি কাল্পনিক জগতখনত প্ৰৱেশ কৰি গ্ৰহণ কৰা সাক্ষাৎকাৰটোৰ জৰিয়তে জ্ঞাননাথ বৰাৰ মনৰ ভাব জানিবলৈ প্ৰয়াস কৰো—

Assam movement

মইঃ অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আপোনাৰ মতামত কি?

জ্ঞাননাথ বৰাঃ দিনে দিনে হাজাৰ হাজাৰ লোক আহি আমাৰ দেশত বাস কৰি সকলোবিধৰ ব্যৱসায় আৰু বেপাৰ-বাণিজ্য হাত কৰিছে। আমাৰ দেশৰ গাঁও-ভূঁই, পৰ্বত-ভৈয়াম এটা এটাকৈ আনৰ হাতলৈ যাবলৈ ধৰিছে। কালি যিবোৰ ঠাইত আমাৰ মানুহ দেখিছিলো, আজি সেইবোৰ ঠাইত নেদেখো। আমাৰ চকুৰ আগতে কিমান গাঁও, কিমান চুবুৰি আনৰ হাতলৈ গৈছে তাৰ লেখ-জোখ নাই।

আমাৰ চাৰিওপিনৰপৰা ভাৰতবৰ্ষৰ মানুহে হেঁচি ধৰিছে। যিপিনে চোৱা সেইপিনে দেখিবা অসংখ্য মানুহ লেথাৰি নিছিগাকৈ আহিয়ে আছে। আনৰ হাতত বেপাৰ-ব্যৱসায় থকাত আমাৰ মানুহৰ শতকৰা ৯০ জন ধৰুৱা। এই ধাৰ পুৰুষানুক্ৰমে কৰি থকাত এতিয়া তাৰ বোজা দুৰ্বহ হৈছে। বহু মানুহে নিজৰ ঘৰ-বাৰী, খেতি-পথাৰ, মাটি-ভেটি হেৰুৱাইছে। এই ধাৰ মাৰিবৰ কোনো উপায় নাই।

ই কালান্তক মূৰ্তি ধৰি প্ৰত্যেক অসমীয়াৰ আগত দেখা দিছে। ইয়াৰ দুৰ্জয় প্ৰতাপ। ই মাটি-ভেটি খুন্দি পৰিয়াল এটা তেনেই নিপাত কৰে। অনেক পৰিয়াল ইয়াৰ ভিতৰতে লয় পাইছে আৰু কিছুদিনৰ ভিতৰত যে এই ঋণে অসংখ্য অসমীয়া পৰিয়াল সংহাৰিব, তাত লেশমাত্ৰও সন্দেহ নাই। ইয়াৰ চিন দেশৰ য’তে-ত’তে দেখা গৈছে। আমাৰ এইবোৰ কথা মিছা নে? এইবোৰ কথা অতিৰঞ্জিত নে?

মইঃ মিছা বা অতিৰঞ্জিত নহয়। কিন্তু কেনেদৰে হ’বলৈ পালে?

জ্ঞাননাথ বৰাঃ ব্ৰিটিছে যেতিয়া মান খেদি অসম অধিকাৰ কৰিলে, তেতিয়া ইয়াৰ অৱস্থা কেনে আছিল তাক বিৱৰি কোৱাৰ আৱশ্যক নাই। আমাৰ কঁকাল ভাগি গৈছিল আৰু কঁকাল পোন কৰিবলৈ নৌপাওঁতেই দাঁতি-কাষৰীয়া দেশৰপৰা অসংখ্য লোক আহি নানা ব্যৱসায় আৰু বেহা-বেপাৰ কৰিবলৈ ল’লে। এই কালৰ বুৰঞ্জী আটায়ে জানে। আমাৰ ভাষাক মাৰি কেনেকৈ বঙালী ভাষাই অসমত ঠাই লৈছিল আৰু অসমীয়া জাতি বুলি এটা জাতি লোপ পাবলৈ ধৰিছিল, তাৰ বৃত্তান্ত কোনো অসমীয়াক নতুনকৈ ক’ব নালাগে।

মইঃ আপুনি লিখিছে যে ‘আমাৰ ভাষা আৰু জাতি ৰক্ষা কৰাই সকলোৰে প্ৰধান কৰ্তব্য বুলি ভাবিছিল। ৰাইজৰ অনুষ্ঠানবোৰৰদ্বাৰা কেনেকৈ আমাৰ ভাষা প্ৰচাৰ কৰি দেশত অসমীয়াৰ সংখ্যা বঢ়াই জাতিটোক সৰ্বপ্ৰকাৰে টনকিয়াল কৰা যায়— সেয়াই একমাত্ৰ চিন্তা আছিল।’ কিন্তু এই ভাব কেতিয়াৰপৰা সলনি হ’ল বুলি আপুনি ক’ব খোজে?

“দিনে দিনে হাজাৰ হাজাৰ লোক আহি আমাৰ দেশত বাস কৰি সকলোবিধৰ ব্যৱসায় আৰু বেপাৰ-বাণিজ্য হাত কৰিছে। আমাৰ দেশৰ গাঁও-ভূঁই, পৰ্বত-ভৈয়াম এটা এটাকৈ আনৰ হাতলৈ যাবলৈ ধৰিছে। কালি যিবোৰ ঠাইত আমাৰ মানুহ দেখিছিলো, আজি সেইবোৰ ঠাইত নেদেখো। আমাৰ চকুৰ আগতে কিমান গাঁও, কিমান চুবুৰি আনৰ হাতলৈ গৈছে তাৰ লেখ-জোখ নাই। আমাৰ চাৰিওপিনৰপৰা ভাৰতবৰ্ষৰ মানুহে হেঁচি ধৰিছে। যিপিনে চোৱা সেইপিনে দেখিবা অসংখ্য মানুহ লেথাৰি নিছিগাকৈ আহিয়ে আছে। আনৰ হাতত বেপাৰ-ব্যৱসায় থকাত আমাৰ মানুহৰ শতকৰা ৯০ জন ধৰুৱা। এই ধাৰ পুৰুষানুক্ৰমে কৰি থকাত এতিয়া তাৰ বোজা দুৰ্বহ হৈছে।”

Yandabo treaty

জ্ঞাননাথ বৰাঃ এই ভাব প্ৰায় ১৯২০ চনলৈকে আছিল। তাৰ পিছতহে ইয়াৰ পৰিৱৰ্তন হ’ল আৰু ইয়াৰ গুৰিত কংগ্ৰেছেই।

মইঃ কংগ্ৰেছ ! ১৯২০ চনতো কংগ্ৰেছ! কেনেদৰে?

জ্ঞাননাথ বৰাঃ ইয়াৰ আগেয়ে অসমীয়া ৰাইজে ভাৰতবৰ্ষৰ কংগ্ৰেছৰ ভু নাপাইছিল। অসমীয়া মানুহে চিৰকাল এখন ভিন দেশত থকাত আৰু ভিন শাসন প্ৰণালীৰ অধীনত চলাত অসমক ভাৰতবৰ্ষৰ অংগ বুলি নাভাবিছিল। ভাৰতবৰ্ষৰ ইতিহাসৰ ধাৰা আমাৰ ইতিহাসৰপৰা সম্পূৰ্ণ বেলেগ। ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়। সেই নিমিত্তে আমাৰ মানুহে আমাৰ দেশক ভাৰতবৰ্ষৰ বাহিৰত বুলি ভবাটো একো আচৰিত কথা নহয়।

শ্যামদেশ বা ব্ৰহ্মদেশ বা আফগানিস্তান ভাৰতবৰ্ষৰ যেনেকুৱা দাঁতি-কাষৰীয়া ভিন ভিন দেশ, অসম দেশো চিৰকাল তেনেকুৱা ভিন দাঁতি-কাষৰীয়া দেশ আছিল। তাক তুমি অস্বীকাৰ কৰিব নোৱাৰা। মোগল ৰাজত্বৰ সময়ত যিবিলাক ইউৰোপীয় পৰিব্ৰাজক আহিছিল, তেওঁলোকেও অসম দেশক শ্যামদেশৰ নিচিনা এখন ভিন দাঁতি-কাষৰীয়া দেশ বুলি ধৰি তাৰ বৰ্ণনা লিখি গৈছে।

যদিও ব্ৰিটিছে অসম অধিকাৰ কৰি ভাৰতবৰ্ষৰ লগত লগ লগাই একে শাসনতন্ত্ৰৰ তলতীয়া কৰিলে, তথাপি আমাৰ মানুহে বহুদিনলৈ আমাৰ চিৰকলীয়া স্বতন্ত্ৰ দেশক ভাৰতবৰ্ষৰ অংগ জ্ঞান নকৰিছিল। আমাৰ দেশৰ ইতিহাস ভাৰতবৰ্ষৰপৰা একেবাৰে বেলেগ হোৱাত আমাৰ মানুহৰ ভাব স্বভাৱতে অসম আৰু অসমীয়া জাতিতে আবদ্ধ আছিল। এই ভাবটো সংকীৰ্ণ বোলা কেনেকৈ?

India map3

মইঃ আপুনি ইতিপূৰ্বে কংগ্ৰেছৰ প্ৰসংগ উত্থাপন কৰিছিল!

জ্ঞাননাথ বৰাঃ ১৯২০ চনত যেতিয়া দেশত তীব্ৰ আন্দোলন হয়, তেতিয়া অসমে কংগ্ৰেছত ভালকৈ যোগ দিয়ে আৰু সেই দিনৰপৰা আমাৰ ভাবৰ পৰিৱৰ্তন হয়। অসমীয়া ৰাইজৰ মনত দকৈ সুমুৱাই দিয়া হয় যে অসম এখন বেলেগ দেশ নহয়, ই ভাৰতবৰ্ষৰ প্ৰদেশ। গোটেই ভাৰতৰ উন্নতিহে প্ৰদেশৰ লক্ষ্য হ’ব লাগিব। দেশৰ কথাহে আগ, আনবোৰ পিছ।

যিবিলাক কাম কৰিলে ভাৰতবৰ্ষৰ হিত সাধন হয়, সেইবিলাক কামহে আমাৰ ঘাই কৰ্তব্য বুলি ধৰিব লাগিব! আমি আগেয়ে ভাৰতীয়, তাৰ পিছতহে অসমীয়া। অসমৰ সকলো কথা, সকলো সমস্যা প্ৰাদেশিক, তাক কেতিয়াও আগ আসন দিব নোৱাৰা। এই কথা দিনে-নিশাই ইমূৰৰপৰা সিমূৰলৈ প্ৰচাৰ কৰা হৈছে। তাতে আকৌ ভাৰতবৰ্ষৰ স্বৰাজ বা স্বাধীনতা চকুৰ আগত দাঙি ধৰা হৈছে।

India map 1700

মইঃ এই কথাবোৰ অসমীয়াৰ বাবে নতুন কথা হ’ল বুলি আপুনি ভাবে নেকি?

জ্ঞাননাথ বৰাঃ এই কথা অসমীয়াৰ মানত তেনেই নতুন কথা হ’ল। এই ভাব কেতিয়াও অসমীয়া ৰাইজৰ মনত খেলোৱা নাছিল। অতদিনে অসমীয়াই পূৰ্বৰ দৰে নিজৰ দেশৰ আৰু জাতিৰ উদ্গতিৰ অৰ্থে যথাশক্তি চেষ্টা কৰি আহিছিল। নিজৰ ভাষা, সাহিত্য, সমাজ, জাতিৰ বাহিৰে আন কিবা নিজৰ বস্তু আছিল বুলি তেওঁলোকে ধাৰণা কৰিব নোৱাৰিছিল।

Kamrupa1

তেওঁলোকৰ চকুৰ আগত পূৰ্বকালৰ নিচিনা অসম দেশখনহে ওপঙি আছিল। আজি শুনিলে যে আমাৰ দেশখন ভাৰতবৰ্ষ বোলা এখন ডাঙৰ দেশৰ প্ৰদেশ মাথোন। এই ভাৰতৰ কাৰণেহে আমি সকলো বিধৰ চেষ্টা কৰিব লাগিব। অসমৰ কথা ইয়াৰ আগত তুচ্ছ। এই শিক্ষাৰ ফলত অসমৰ কথাবিলাক তল পৰি গ’ল। অসমৰ সমস্যা যিমানেই গভীৰ নহওক সি প্ৰাদেশিক, তাৰ মূল্য নাইকিয়া হ’ল।

India map2

মইঃ কিন্তু শিক্ষিত চামটোৱে এনেক্ষেত্ৰত কিবা বিশেষ উদ্যোগ লোৱা বুলি আপুনি ভাবে নেকি?

জ্ঞাননাথ বৰাঃ আমাৰ শিক্ষিত শ্ৰেণীয়ে দিনে-নিশাই এই ন-ভাব পাই ভাৰতৰ কাকত-পত্ৰ পঢ়ি আৰু সেই নেতাসকলৰ বক্তৃতা আদি শুনি অসমৰ সমস্যাবিলাকলৈ কাণ নিদিয়া হ’ল।

এতিয়া এনেহে হৈছে যে আমাৰ মানুহে অসমীয়া জাতিৰ স্বাৰ্থ সম্পৰ্কে ডাঠি ক’বলৈ মনত সংকোচবোধ কৰে আৰু লাজ পায়। জানোচা আমাক সংকীৰ্ণ বোলে— এই ভয় শিক্ষিত লোকৰ ভিতৰত সততে দেখা যায়। ইয়াৰ ফলত চকুৰ আগতে আমাৰ চাৰিওকাষে লাখ লাখ বিদেশীয়ে দোকান পাতি কাৰবাৰ কৰি দেশৰ সমস্ত বেহা-বেপাৰ হাত কৰাতো আমাৰ মানুহৰ চৈতন্য হোৱা নাই।

চকুৰ আগতে লাখ লাখ মানুহ আন প্ৰদেশৰপৰা আহিয়ে আছে, অথচ আমি দেখিও দেখা নাই। আমাৰ কাণত যে সেই বাণীৰ ধ্বনি সদায় বাজিবলৈ ধৰিছে— আমি আগেয়ে ভাৰতীয়, তাৰ পিছতহে অসমীয়া।

Kamrup

মইঃ কিন্তু ৰাজনৈতিক দলবোৰৰো জানো কৰ্তব্য নাই?

জ্ঞাননাথ বৰাঃ অনেক ৰাজনৈতিক দল আছে, কিন্তু তাৰ এটাও অসমীয়া জাতিক কেন্দ্ৰ কৰি গঠন হোৱা নাই। কংগ্ৰেছ দলত ভাৰতৰ সকলো জাতিৰ মানুহ আছে, সেই নিমিত্তে অসমীয়া জাতিৰ মৰণ-জীৱন সমস্যা এটাও হাতত ল’ব নোৱাৰে।

কংগ্ৰেছ দলে যি কাৰ্যপদ্ধতি অনুসাৰে কাম কৰিব বুলি ৰাইজক জনাইছে তাত আমাৰ দুয়োটা ঘাই সমস্যাই নাই, অৰ্থাৎ অসমীয়া ধন আৰু জন কেনেকৈ বঢ়োৱা হয়— সেই সম্পৰ্কে কোনো কথাই নাই। হিন্দী আৰু উৰ্দু ভাষা প্ৰচাৰ কৰিবলৈ কংগ্ৰেছে যিমান চেষ্টা কৰিছে, তাৰ এক শতাংশও অসমীয়া ভাষা প্ৰচাৰৰ যত্ন কৰা নাই। এই কথা নিশ্চয় ৰাইজে দেখিছেই…….

Kamrup

“ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে”?

[জ্ঞাননাথ বৰাৰ সৈতে হোৱা কাল্পনিক সাক্ষাৎকাৰ।। ২ ।। PLEASE CLICK ABOVE]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: জ্ঞাননাথ বৰা
Anjan Sarma

Anjan Sarma

Related Posts

ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়
History

চিলাৰায় ! চিলাৰায় নাছিল কি!!

by Anjan Sarma
September 13, 2026
0

চিলাৰায় ! চিলাৰায় নাছিল কি!! অঞ্জন শৰ্মা চিলাৰায়! আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত প্ৰত‍্যক্ষ কৰা ঘটনা-পশ্চিমবঙ্গৰ পৰা কামাখ্যা মন্দিৰ...

Read moreDetails
Why Are 87 Million Indian Youth Not Working, Studying or Training?

Why Are 87 Million Indian Youth Not Working, Studying or Training?

September 10, 2026
India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d