• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

by Anjan Sarma
February 28, 2024
in Inspiration, Science, Uncategorized, World
Reading Time: 4 mins read
0
ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!
Share on FacebookShare on TwitterShare on LinkedIn

ইউৰোপীয় আধিপত্যক নুই কৰি ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা কৰা ভাৰত ৰত্ন চি ভি ৰমণ

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে 

“Ask the right questions, and Nature will open the doors to her secrets.” – CV Raman

আমি সকলোৱে প্ৰত্যক্ষ কৰি আহিছো যে সাগৰ এখন দেখিবলৈ নীলা হয়, কিন্তু জীৱনৰ নিয়মীয়া অভিজ্ঞতাৰ পৰা আমি এইটো জানো যে পানীৰ কোনো ৰং নাই। তেনেক্ষেত্ৰত আমি বাৰু কেতিয়াবা ভাবি চাইছোনে যে সাগৰৰ পানী কিয় নীলা দেখা যায়? – এই চিন্তা আছিল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয়, এছিয়ান তথা অশ্বেত (Non-White) ব্যক্তি চন্দ্ৰশেখৰ ভেংকট ৰমণৰ। 

ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা কৰা "ভাৰত ৰত্ন" চি ভি ৰমণ
চন্দ্ৰশেখৰ ভেংকট ৰমণ

যদিও ভাৰতীয় সভ্যতাই প্ৰাচীন কালৰে পৰা অসংখ্য আৱিষ্কাৰ আৰু দৰ্শনেৰে বহু দূৰ আগবাঢ়িছিল, তথাপিও দুৰ্ভাগ্যজনকভাৱে ইয়াৰে কোনোটোৱেই বিশ্ব সমাজত বিশেষ স্বীকৃতি নাপালে৷ তাৰ মূখ্য কাৰণ আছিল ইউৰোপীয় আৰু আমেৰিকাৰ বৈজ্ঞানিক সমাজে পৃথিৱীৰ বৈজ্ঞানিক মানচিত্ৰত আধিপত্য বিস্তাৰ কৰি আহিছিল৷ তাৰ মাজতে চি ভি ৰমণে যি কৰি দেখুৱালে সেয়াই আছিল সেই আধিপত্যক নুই কৰি বিশ্বৰ বুকুত ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা কৰা। 

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস৷ আমাৰ দেশত প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো প্ৰখ্যাত বিজ্ঞানী ভাৰত গৌৰৱ চি.ভি. ৰমণক সন্মান জনাই “ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস” হিচাপে পালন কৰা হয়৷ কিয়নো ১৯২৮ চনৰ আজিৰ দিনটোতেই ছাৰ চি ভি ৰমণে “ৰমণ ইফেক্ট“ৰ আৱিষ্কাৰ কৰিছিল আৰু যাৰ বাবে তেওঁ ১৯৩০ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হয়৷

 বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি চি ভি ৰমণ আছিল অতিশয় কৌতুহলী আৰু সাহসী ব্যক্তি৷ ১৮৮৮ চনৰ ৭ নৱেম্বৰত তামিলনাডুৰ তিৰুচিৰাপল্লীত গণিত আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক চন্দ্ৰশেখৰ আয়াৰ আৰু পাৰ্বতী আম্মালৰ গৃহত জন্মগ্ৰহণ কৰা চন্দ্ৰশেখৰ ভেংকট ৰমণ আছিল অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তি।

মাত্ৰ ১১ বছৰ বয়সতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰচুৰ মেধাসম্পন্ন ৰমণে ১৫ বছৰ বয়সত ইংৰাজী আৰু পদাৰ্থ বিজ্ঞান দুয়োটা বিষয়তে স্বৰ্ণ পদক সহ ক্লাছ টপাৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়৷

মেধাৱী ছাত্ৰগৰাকীয়ে ১৯০৭ চনত মাত্ৰ ১৭ বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰে৷ অকল্পনীয় মেধাৰ গৰাকী ৰমণক মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকোতে হেনো অধ্যাপকসকলে কৈছিল যে প্ৰকৃততে তেওঁ বিজ্ঞানৰ ক্লাছ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁলোকে জানিছিল যে নিজৰ চমৎকাৰী মেধা আৰু প্ৰচুৰ অধ্যয়নৰ বলত ৰমণে সেইবোৰ ইতিমধ্যে আয়ত্ব কৰি পেলাইছিল৷

তেওঁক প্ৰকৃত অৰ্থত প্ৰতিভাশালী কৰি তোলা কথাটো হ’ল যে ৰমণ কেৱল এজন মেধাৱী ছাত্ৰই নাছিল, চৌপাশৰ জগতখনৰ প্ৰতিও তেওঁৰ আছিল তীব্ৰ কৌতুহল৷ আৰু এই প্ৰাণৱন্ত কৌতুহলেই তেওঁক অপৰিসীম তাৎপৰ্য্যপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰৰ দিশে লৈ গৈছিল। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ৰমণে ১৯০৭ চনত ১৯ বছৰ বয়সত কলিকতাত ভাৰতীয় বিত্ত সেৱাত সহকাৰী একাউণ্টেণ্ট জেনেৰেল হিচাপে যোগদান কৰে।

১৯০৯ চনত ৰমণ বদলি হয় ব্ৰিটিছ বাৰ্মাৰ (বৰ্তমান ম্যানমাৰ) ৰেংগুনলৈ৷ ৰেংগুনলৈ যোৱাৰ মাত্ৰ কেইমাহমানৰ পিছতে তেওঁ পিতৃৰ মৃত্যু ঘটাত মাদ্ৰাজলৈ উভতিবলগীয়া হয়৷ ইয়াৰ পিছতে ১৯১০ চনত মহাৰাষ্ট্ৰৰ নাগপুৰত পুনৰ ভাৰতলৈ বদলি হয় আৰু নাগপুৰত এবছৰ কাৰ্যনিৰ্বাহ সম্পুৰ্ণ নহওতেই ১৯১১ চনত একাউণ্টেণ্ট জেনেৰেল পদলৈ পদোন্নতি লাভ কৰি কলিকতালৈ বদলি হয়।

ইয়াৰ পিছতে ১৯১৭ চনত তেওঁক কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে৷ এট দশক ধৰি সেৱা আগবঢ়োৱাৰ পিছত তেওঁ চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰি বিজ্ঞানত সম্পুৰ্ণৰূপে মনোনিৱেশ কৰিবলৈ লয়, যাৰ পৰিপ্ৰেক্ষিততে ইয়াৰ পিছৰ সময়খিনি মানৱ সভ্যতাৰ বাবে এক গুৰুত্বপূৰ্ণ ইতিহাসত পৰিণত হয়৷

ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা কৰা "ভাৰত ৰত্ন" চি ভি ৰমণ
চন্দ্ৰশেখৰ ভেংকট ৰমণ

কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়তে ৰমণে কলিকতাৰ ইণ্ডিয়ান এছ’চিয়েচন ফৰ দ্য কাল্টিভেচন অৱ চাইন্স (IACS)ত গৱেষণা অব্যাহত ৰাখিছিল। পিছলৈ তেওঁ সন্থাৰ সন্মানীয় পণ্ডিত হিচাপে পৰিগণিত হয়৷ ১৯২১ চনত বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰি থকা সময়ত তেওঁক লণ্ডনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় কংগ্ৰেছলৈ বিশ্ববিদ্যালয়খনৰ প্ৰতিনিধি হিচাপে পঠিওৱা হৈছিল।

জীৱনৰ প্ৰথমটো বিদেশ ভ্ৰমণত তেওঁ “চেণ্ট পলচ কেথেড্ৰেল”ৰ হুইছপাৰিং গেলেৰীৰ বিষয়ে গৱেষণা পত্ৰ লিখি উত্তেজিত হৈ পৰিছিল কাৰণ তেওঁ ছাত্ৰ কালৰ পৰাই অতি উচ্চ আসনত বহুৱাই ৰখা জে জে থম্পছন আৰু জন ৰাদাৰফোৰ্ডৰ দৰে বিশিষ্ট বৈজ্ঞানিকক সেই অনুষ্ঠানত লগ পাবলৈ সক্ষম হয়৷ 

ইংলেণ্ডৰ পৰা এখন জাহাজেৰে উভতি আহি থাকোঁতে ৰমণৰ মনত এনে এটা প্ৰশ্নৰ অৱতৰণা হৈছিল যিয়ে তেওঁক বিশেষভাৱে উদ্বিগ্ন কৰি তুলিছিল৷

 ভূমধ্য সাগৰৰ নীলা পানী প্ৰত্যক্ষ কৰি তেওঁক চিন্তিত কৰি তোলা প্ৰশ্নটো আছিল যে এগিলাচ পানীৰ নিজস্ব কোনো ৰং নাথাকে। কিন্তু গভীৰ সাগৰত একেখিনি পানীকে উজ্জ্বল নীলা দেখা যায় কিয়? ইয়াৰ লগে লগে তেওঁ উত্তৰ অক্ষাংশৰ মাজেৰে গৈ থকাৰ সময়ত দেখা বৰফৰ শিখৰ আৰু বৃহৎ হ্ৰদবোৰত একধৰণৰ শেঁতা নীলা ৰঙৰ প্রতিপ্রভা (opalescence) পৰ্যবেক্ষণ কৰাৰ কথাও মনলৈ আহিল৷

C V Raman7
চন্দ্ৰশেখৰ ভেংকট ৰমণ

এই উৎসুকতাৰ উত্তৰ বিচাৰি ৰমণে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি গম পালে যে প্ৰচলিত ব্যাখ্যা অনুসৰি সাগৰৰ পানী নীলা দেখাৰ কাৰণ এয়ে যে ইয়াত আকাশৰ ৰং প্ৰতিফলিত হৈছিল। পিছে কৌতুহলী ব্যক্তিগৰাকীয়ে এই প্ৰচলিত ব্যাখ্যাত সন্তুষ্ট নহৈ তেওঁৰ লগত থকা সৰল যন্ত্ৰবোৰ ব্যৱহাৰ কৰি জাহাজখনতে প্ৰাথমিক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে। প্ৰাথমিক পৰীক্ষাৰ অন্তত ৰমণে যি বিচাৰি পাইছিল সেয়া আছিল কিতাপৰ ব্যাখ্যাতকৈ সম্পুৰ্ণ পৃথক৷

তেওঁৰ নিৰীক্ষণত পাইছিল যে আকাশখন যিটো কাৰণত নীলা দেখি প্ৰায় একে কাৰণতে সাগৰখন নীলা দেখা যায়৷ মানে আকাশখনৰ প্ৰতিফলনৰ বাবে সাগৰৰ পানী নীলা দেখা নাযায়, পানীয়ে পোহৰত থকা আন ৰঙতকৈ নীলা পোহৰ বেছিকৈ সিঁচৰতি কৰে বাবেহে সাগৰখন নীলা দেখা যায়৷ এই গুৰুত্বপূৰ্ণ সত্য উপলব্ধি কৰিবলৈ পাই ৰমণ অতিশয় উত্তেজিত হৈ ভাৰতত উপস্থিত হোৱাৰ পিছতে বিজ্ঞান বিষয়ক আলোচনী “নেচাৰ“ত অতি সুন্দৰভাৱে বৰ্ণনা কৰি লিখিছিল৷

আমোদজনকভাৱে তেওঁৰ নিষ্ঠা আৰু উৎসাহৰ আভাস ইয়াতেই পোৱা যায় তেওঁ “নেচাৰ” আলোচনীলৈ লিখা প্ৰবন্ধটোত তেওঁৰ ঘৰ বা পৰীক্ষাগাৰৰ ঠিকনা নহয়, বৰং তেওঁ উঠি অহা জাহাজখনে অৱতৰণ কৰা বন্দৰৰ ঠিকনাহে দিছিল৷ তাৰ পিছৰ সময়ছোৱাত ৰমণৰ মনলৈ প্ৰতিপল বিভিন্ন প্ৰশ্ন আহিবলৈ ধৰে যাক তেওঁ নিজে ‘বিক্ষিপ্ত প্ৰশ্ন’ (scattering question) বুলি বৰ্ণনা কৰে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি তেওঁ ব্যস্ত হৈ পৰে৷

কলিকতাৰ ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ কালটিভেচন অৱ চাইন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁ বিভিন্ন ধৰণৰ পদাৰ্থৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পোহৰে কেনে আচৰণ কৰে তাক পৰ্যবেক্ষণ কৰিবলৈ সৰল কিন্তু পদ্ধতিগতভাৱে ধাৰাবাহিক পৰীক্ষা চলাবলৈ আৰম্ভ কৰে৷

C V Raman 2

এইখিনিতে উল্লেখ কৰিব লাগিব যে ১৯২০ চনৰ মাজভাগত ভাৰত ব্ৰিটিছ ঔপনিৱেশিকৰ কঠোৰ শাসনৰ কবলত থকাৰ ফলত ভাৰতীয়সকলৰ বাবে বৈজ্ঞানিক গৱেষণাৰ অনুকুল পৰিস্থিতি নাছিল৷

এনে এক প্ৰেক্ষাপটতে বিভিন্ন বাধাৰ সন্মুখীন হৈও দৃঢ়মনা বিজ্ঞানীগৰাকীয়ে নিৰুৎসাহী নহৈ অধ্যাৱসায় অব্যাহত ৰাখে আৰু অৱশেষত তেওঁৰ কঠোৰ পৰিশ্ৰমে কাংক্ষিত ফল লাভ কৰে যেতিয়া ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত এটা বিশেষ পৰীক্ষাই চমকপ্ৰদ ফলাফল দিলে।

 তেওঁৰ এগৰাকী ছাত্ৰ কে এছ কৃষ্ণনে গ্লিচাৰিণত সেউজীয়া ৰঙৰ জিলিকনি প্ৰত্যক্ষ কৰাৰ কথা জনোৱাৰ পিছত ৰমনে “প্ৰৰোচিত গৌণ বিকিৰণ”ৰ (induced secondary radiation) উপস্থিতি নিশ্চিত কৰিবলৈ অধিক অনুসন্ধান চলালে- মাত্ৰ এটা ৰঙৰ পোহৰ তৰল পদাৰ্থৰ মাজেৰে পাৰ হৈ গৈছিল, কিন্তু যি পোহৰ ওলাই আহিছিল, তাৰ লেখ-জোখ আছিল আন এটা ৰঙৰ ৷

সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ অৰ্থ আছিল যে তৰল পদাৰ্থটোত থকা অণুবোৰে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা কিছুমান পোহৰৰ ৰং সলনি কৰি আছিল। এই পৰিঘটনাটোৰ আৱিষ্কাৰে, যাক “ৰমণ ইফেক্ট” বুলি নামকৰণ কৰা হয়, সমগ্ৰ বিশ্বতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ ভাৰতীয় আৱিষ্কাৰকজনে বিৰল সন্মানৰ অধিকাৰী হৈ পৰিছিল৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰমণৰ এই পৰীক্ষাত গানিতিক দিশত বিশেষভাৱে সহয় কৰিছিল অসমৰ সুযোগ্য সন্তান, বজালী গৌৰৱ, গণিতৰ বিখ্যাত পণ্ডিত কামেশ্বৰ দাসে৷ 

kameswar Das
পণ্ডিত কামেশ্বৰ দাস

ৰমণ প্ৰভাৱ বা ৰমণ বিক্ষেপণ (Raman effect or Raman scattering) হৈছে ফ’টন (Photon) কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ৷ ৰমণ প্ৰভাৱ অনুুসৰি পোহৰ কোনো পাৰদৰ্শী মাধ্যমেৰে পাৰ হ’লে ইয়াৰ প্ৰকৃতি তথা স্বভাৱ সলনি হয়। যেতিয়া ফ’টন কণাসমূহ বিক্ষিপ্ত হয়, তেতিয়া সৰহ সংখ্যক ফ’টন অস্থিতিস্থাপকভাৱে এনেদৰে বিক্ষিপ্ত হয় যে বিক্ষিপ্ত কণাসমূহৰ শক্তি (তৰংগ দৈঘ্য আৰু কম্পনাংক) আপতিত ফ’টন কণাৰ সৈতে সমান হয়।

আপতিত ফ’টন কণাৰ কম্পনাংকতকৈ বিক্ষিপ্ত ফ’টন কণাৰ কম্পনাংক বেছি হ’লে অল্প সংখ্যক ফ’টন কণা পুনৰ বিক্ষিপ্ত হয়। গেছৰ ক্ষেত্ৰত শক্তিস্তৰৰ পৰিৱৰ্তনৰ লগে লগেই আণৱিক শক্তিৰো পৰিবৰ্তন ঘটে। ইয়াৰ দৃশ্যমানতা বিক্ষিপ্ত অণু সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। নোবেল বিজয়ী এই পৰীক্ষাত ৰমণৰ সতে বিশেষভাৱে সহযোগিতা কৰিছিল তেওঁৰ ছাত্ৰ তথা সহকৰ্মী কে এছ কৃষ্ণন৷

কিন্তু ৰমণৰ সৈতে কিছু পেছাদাৰী মতানৈক্যৰ বাবে কৃষ্ণনে নোবেল বঁটা লাভ কৰা নাছিল যদিও নোবেল গ্ৰহণ ভাষণত বিজ্ঞানীগৰাকীয়ে কৃষ্ণনৰ অৱদানৰ তথা বিশেষভাৱে উল্লেখ কৰিছিল৷

C V Raman5

“ৰমণ ইফেক্ট”ৰ আৱিস্কাৰৰ পিছতে ১৯২৯ চনত ৰমনক ব্ৰিটিছ সাম্ৰাজ্যৰ নাইট হিচাপে নিযুক্তি দিয়া হয় আৰু একেটা বৰ্ষতে লণ্ডনৰ ৰয়েল ছ’চাইটিয়ে সন্মানীয় হিউজ মেডেলেৰে সন্মানিত কৰাৰ লগতে ৰােমৰ মাটেক্সি মেডেল লাভ কৰে৷ আৰু ১৯৩০ চনত তেওঁ বিজ্ঞানৰ যিকোনো ক্ষেত্ৰতে নোবেল বঁটা লাভ কৰা প্ৰথমজন এছিয়ান হিচাপে পৰিগণিত হয়।

১৭ বছৰ বয়সত স্নাতক পাঠ্যক্ৰম পঢ়ি থাকোতেই লণ্ডনৰ গৱেষণামূলক Philosophical Magazineত প্রবন্ধ লিখি বিখ্যাত হৈ পৰা ৰমণক ১৯৫৪ চনত প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা ভাৰতৰ শ্রেষ্ঠ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্রদান কৰা হয়৷ বিশ্বৰ বৰেণ্য বিজ্ঞানীসকলৰ ভিতৰত প্রথম শাৰীত আসন লাভ কৰা ৰমণক ১৯৫৭ চনত মস্কোৰ লেনিন বঁটাৰেও সন্মানিত কৰা হয়৷

ভাৰতৰ অভূতপূর্ব বৈজ্ঞানিক সন্মান লাভ কৰা বিজ্ঞানী ৰমণে জীৱনৰ অন্তিম কালছােৱা বেংগালুৰুত থাকিবলৈ লয় আৰু বেংগালুৰুতে ১৯৭০ চনৰ ২১ নৱেম্বৰত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ প্ৰখৰ মেধাসম্পন্ন ৰমণে ১৯৩৩ চনলৈকে মাত্ৰ ১৬টা বছৰতে তেওঁৰ সহযোগী গৱেষক ছাত্ৰসকলৰ সতে মুঠতে ১২৪ খন মৌলিক গৱেষণা পত্ৰ প্ৰকাশ কৰে।

C V Raman 3

১৯৩০ চনত তেতিয়াৰ বাংগালোৰত বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ উচ্চমানবিশিষ্ট অনুষ্ঠান ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স’ স্থাপন হোৱাত তাৰ সঞ্চালক আৰু পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপকৰূপে যোগদান কৰি অনুষ্ঠানটিৰ নেতৃত্ব বহন কৰে আৰু ১৯৩৩ চনৰ পৰা ১৯৪৮ চনলৈকে ১৫ বছৰত তেওঁৰ সহযোগী আৰু গৱেষক ছাত্ৰসকলৰ সতে মুঠতে ৪৯১ খন গৱেষণাপত্ৰ ‘ইণ্ডিয়ান জাৰ্নেল অৱ ফিজী’ত প্ৰকাশ কৰে।

১৯৪৮ চনত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা অৱসৰ লৈ নিজাববীয়াকৈ গাঠিৰ ধন ভাঙি বাংগালোৰত ‘ৰমেন ৰিচাৰ্ছ ইনষ্টিটিউট’ প্ৰতিষ্ঠা কৰি মৌলিক গৱেষণা চলাই যাব পৰাকৈ তেওঁ অনুষ্ঠানটি প্ৰয়োজনীয় যন্ত্ৰ-পাতিৰে সুসজ্জিত কৰি ১৯৪৯ চনৰ পৰা জীৱনৰ শেষ দিনলৈকে অৰ্থাৎ ১৯৭০ চনলৈকে নিজৰ ইচ্ছানুসৰি স্বাধীনভাৱে গৱেষণা চলাই গৈছিল৷

১৯৫৯ চনত তেওঁ ‘The Physiology of Vision’ নামৰ গৱেষনাৰ নতুন ধাৰা এটা আৰম্ভ কৰি জীৱনৰ বিয়লি পৰত ১৯৭০ চনলৈকে মুঠ ১১ বছৰৰ ভিতৰত ৮৫ খন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰিছিল। ইয়াৰোপৰি পোহৰ আৰু শব্দ বিজ্ঞানৰ বিষয়ে কেইবাখনো পুথি প্ৰকাশ কৰিছিল৷

C V Raman6

এইগৰাকী মহান ভাৰতীয়ৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ভাৰতীয় ডাক সেৱাই তেওঁৰ স্মৃতিত এটি ডাক টিকট মুকলি কৰি তেওঁলৈ বিশেষ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিছিল৷

এই কিংবদন্তি বিজ্ঞানীগৰাকীৰ এষাৰি কথাই যেন তেওঁৰ চিন্তাধাৰাক যেন সুন্দৰকৈ ফুটাই তোলে৷ তেওঁ কৈছিল যে এটা জাতিৰ প্ৰকৃত সম্পদ তাৰ জমা হৈ থকা সোণত নহয়, বৰঞ্চ জনসাধাৰণৰ বৌদ্ধিক আৰু শাৰীৰিক শক্তিত নিহিত হৈ থাকে৷ (The true wealth of a nation lies not in its stored-up gold but in the intellectual and physical strength of its people.)

কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
Where are we on the Montreal Protocol?

Where are we on the Montreal Protocol?

July 26, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
Moldova and India: From Diplomatic Relations to a Partnership with Economic and Strategic Stakes

Moldova and India: From Diplomatic Relations to a Partnership with Economic and Strategic Stakes

July 22, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

August 13, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d