• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 18, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

অসমৰ স্বৰাজ

by Admin
June 17, 2021
in Opinion, Special Report
Reading Time: 2 mins read
0
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ স্বৰাজ

অঞ্জন শৰ্মা

RelatedPosts

Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

May 17, 2022
NEIPF : Interest of the indigenous people of NE must be protected

জনগোষ্ঠীয় সমন্বয়

May 15, 2022

(জ্ঞাননাথ বৰাৰ সৈতে হোৱা কাল্পনিক সাক্ষাৎকাৰ)

।। ২ ।।

“আমাৰ দেশ আৰু জাতিৰ সম্পৰ্ক এনেকুৱা যে, অসমৰ শাসনতন্ত্ৰ অসমীয়া জাতি নহ’লেও সুকলমে চলি থাকিব পাৰে। অসমৰ কোনো বস্তু, কোনো ক্ষমতা অসমীয়াৰ হাতত নাই। অসম বাস্তৱতে অসমীয়াৰ নহয়। এই নিমিত্তে এজন কংগ্ৰেছৰ সভ্যই অসম দেশৰ নাম সলাই আন এটা নাম দিবলৈ প্ৰস্তাৱ কৰিছিল। তেওঁক দোষ দিয়া কেনেকৈ?”

 

হিন্দু বাংলাদেশীক স্বদেশী কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত ২২ ছেপ্টেম্বৰ, ২০১৫ তাৰিখে আৰম্ভণি হোৱা নতুন অসম আন্দোলনৰ সৈতে সংগতি ৰাখি অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে দিয়া ভাষণটোৰ শিৰোনাম আছিল— ‘ভাৰতত কিয় থাকিব অসম?’ সেই ভাষণৰ জৰিয়তে ডঃ গোহাঁয়ে কয় যে—‘‘আজি পঁচিছ বছৰৰো আগতে সংযুক্ত মুক্তি বাহিনী, অসমে এটা প্ৰশ্ন তুলিছিলঃ অসম ভাৰতত থাকিব কিয়? আলফাৰ নিজা কৰ্মকলাপে প্ৰশ্নটোৰ সদুত্তৰ উলিওৱা দূৰৰ কথা, ৰাজ্যখনক বহু বিশৃংখলাৰ মাজলৈ ঠেলি দিলে, অসমীয়া জাতীয় ঐক্য থানবান কৰিলে আৰু অসমীয়া মানুহৰ নিৰাপদ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিলে। ভাৰত চৰকাৰে তাৰ পূৰ্ণ সুযোগ লৈ অসমীয়াক দুৰ্বল কৰিলে। কিন্তু আলফাই তোলা প্ৰশ্নটোৰ সদুত্তৰ আমি আজিও নাপালো। আজিও আমাৰ মনত প্ৰশ্ন জাগে— অসম ভাৰতত থাকিব কিয়?”

প্ৰকৃততে পঁচিছ বছৰ নহয়, প্ৰায় পঁইত্ৰিছ বছৰৰো আগৰেপৰাই আলফাই প্ৰশ্নটো উত্থাপন কৰি আহিছে, আনকি তাৰেও পূৰ্বৰেপৰা, অৰ্থাৎ ১৯৭৮ চনৰ মে’ মাহৰপৰা আমিও ‘সাপ্তাহিক নীলাচল’ পিছলৈ ‘মহাবাহু’, ‘তিনিদিনীয়া অগ্ৰদূত’ আদি বাতৰি-কাকত, আলোচনী আদিত লেখা প্ৰবন্ধ-পাতিৰে সেই প্ৰশ্নটো উত্থাপন কৰি আহিছো— যাৰ বাবে এসময়ত বিভিন্ন গোচৰ আদিৰো মেৰপেঁচত সোমাবলগীয়া হৈছিল। আমি ১৯৭৮ চনত উত্থাপন কৰা, আলফাই ১৯৭৯-৮০ চনত উত্থাপন কৰা প্ৰশ্নটো আজি ইমান বছৰৰ অন্তত অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়েও উত্থাপন কৰিবলৈ বাধ্য হৈছে বাবে আমিও আশ্বস্ত হৈছো যে ১৯৭৮ চনত আমি একুৰিৰ ডেওনা পাৰ নৌহওঁতেই যি প্ৰশ্ন উত্থাপন কৰিছিলো— সেই প্ৰশ্ন আজিও মূল্যহীন হোৱা নাই, কাৰণ আমাৰ প্ৰশ্ন আছিল ঐতিহাসিক সত্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু সেই ঐতিহাসিক সত্যৰ ওপৰত ভিত্তি কৰি যিবোৰ ‘কাৰণ’ৰ কাৰণে আমি আমাৰ কলেজীয়া ছাত্ৰাৱস্থাতে প্ৰশ্ন উত্থাপন কৰিছিলো— সেই কাৰণসমূহৰ পো-পোৱালিৰ সংখ্যা এতিয়া বহু বৃদ্ধি হ’ল। গতিকেই ডঃ হীৰেন গোহাঁয়েও ক’বলৈ বাধ্য হৈছে— ‘ভাৰতত কিয় থাকিব অসম?’

ডঃ গোহাঁয়ে নিজৰ যুক্তিৰ সমৰ্থনৰ ভালেমান কথা কৈছে। প্ৰয়োজনত পিছলৈ কেতিয়াবা আমি তেখেতৰ তেনেবোৰ কথাৰ মাজলৈ হয়তো উভতি যাম। কিন্তু এই প্ৰসংগতে উল্লেখ কৰিব বিচাৰিছো যে যোৱা ২৭ ছেপ্টেম্বৰ, ২০১৫ তাৰিখে ‘আমাৰ অসম’ কাকতত ‘ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়’ শীৰ্ষক শিৰোনামেৰে জ্ঞাননাথ বৰাদেৱৰ সৈতে হোৱা মোৰ কাল্পনিক সাক্ষাৎকাৰটো পঢ়ি প্ৰায় শতাধিক পাঠকে দূৰভাষ যন্ত্ৰৰ মাধ্যমেৰে মোক অনুৰোধ কৰিছে যে মই যেন সেই জগতখনত বিচৰণ কৰা কাৰ্য বন্ধ নকৰো। সেয়েহে পাঠক-সমাজৰ অনুৰোধত আৰু ডঃ হীৰেন গোহাঁইৰ ‘অসম ভাৰতত থাকিব কিয় (?)’ — প্ৰশ্নটোৰ পটভূমিত, পুনৰবাৰ কাষ চাপিবলৈ বাধ্য হ’লো জ্ঞাননাথ বৰাদেৱৰ। কাৰণ, ১৯৬০ শকৰ ‘আৱাহন’ৰ ১০ ম বছৰৰ ৩য় আৰু ৪ৰ্থ সংখ্যাত, অৰ্থাৎ ১৯৩৮ চনত (অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পূৰ্বে), জ্ঞাননাথ বৰাই লেখিছিল এক মননশীল শক্তিশালী প্ৰবন্ধ— ‘অসম দেশ ভাৰতবৰ্ষৰ ভিতৰত থাকিব কিয়?’ আলফাৰ প্ৰশ্ন, আমাৰ প্ৰশ্ন, ডঃ হীৰেন গোহাঁইৰ প্ৰশ্ন বৰ্তমান সময়ছোৱাৰ, কিন্তু ১৯৩৮ চনতেই কিম্বা আজিৰপৰা ৭৭ বছৰ পূৰ্বেই সেই প্ৰশ্নই তেখেতৰ মনত খুন্দিয়াইছিল কিয়! গতিকেই দ্বিতীয়বাৰৰ বাবে পুনৰ জ্ঞাননাথ বৰাৰ কাষ চাপিলো। সুখৰ কথা এয়েই যে তেখেতে সন্মতি দিলে। পাঠক-সমাজৰ জ্ঞাতাৰ্থে এয়া জ্ঞাননাথ বৰাদেৱৰ সৈতে হোৱা দ্বিতীয়টো সাক্ষাৎকাৰ—

মইঃ অলপতে অসমৰ এক সত্যাগ্ৰহত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে খেদ প্ৰকাশ কৰি কৈছে যে— ‘স্বাধীন ভাৰতত থাকি আমি পালো কি?’ এনে ধৰণৰ খেদ সৰহভাগ অসমীয়াৰেই হৈছে। আপুনি কি ভাবে?

জ্ঞাননাথ বৰাঃ আমাৰ দেশ আৰু জাতিৰ সম্পৰ্ক এনেকুৱা যে, অসমৰ শাসনতন্ত্ৰ অসমীয়া জাতি নহ’লেও সুকলমে চলি থাকিব পাৰে। অসমৰ কোনো বস্তু, কোনো ক্ষমতা অসমীয়াৰ হাতত নাই। অসম বাস্তৱতে অসমীয়াৰ নহয়। এই নিমিত্তে এজন কংগ্ৰেছৰ সভ্যই অসম দেশৰ নাম সলাই আন এটা নাম দিবলৈ প্ৰস্তাৱ কৰিছিল। তেওঁক দোষ দিয়া কেনেকৈ? অসমৰ গৱৰ্ণমেণ্ট অসমৰ বেপাৰ-বাণিজ্য, অসমৰ কল-কাৰখানা কোনোটোৱেই যেতিয়া অসমীয়াৰ হাতত নাই, তেন্তে কি বুলি এই দেশখনৰ নাম অসম হৈ থাকিব। জাতিৰ লগত দেশৰ যদি সম্পৰ্ক নাইকিয়া হয়, তেন্তে সেই জাতিৰ নামানুসাৰে নাম থাকিব কিয়? বংগদেশ বা বিহাৰ বা উৰিষ্যাৰ নাম সলাই আন নাম দিবলৈ কোনোৱে প্ৰস্তাৱ কৰা দূৰৈৰ কথা, সেই কথা ভাবিবকে নোৱাৰে। নিজৰ দেশৰ, নিজৰ জাতিৰ এনে দুৰৱস্থা হ’লে সেই জাতি থাকে কেনেকৈ? সেই জাতিক ৰক্ষা কৰিবলৈ কোনো নাই। নিজে নিজক ৰক্ষা কৰিব নোৱাৰিলে আন কোনো উপায় নাই। আত্মৰক্ষাই তেতিয়া ঘাই কাম হৈ পৰে। অসমীয়া জাতিৰ আজি আত্মৰক্ষাৰ বাজে আন কোনো কাম নাই। আত্মৰক্ষা কৰে কেনেকৈ? ইয়াক কৰিবলৈ হ’লে জাতিয়ে একত্ৰ হৈ মাৰ বান্ধি কাম কৰিব লাগিব। কিন্তু এইবিলাক হোৱাৰ কোনো আশাই নাই, বৰঞ্চ আমাৰ দেশ ক্ৰমে ক্ৰমে যে আনৰ হাতলৈ যাবলৈ ধৰিছে তাৰ লক্ষণ য’তে-ত’তে দেখা গৈছে। ভাৰতবৰ্ষই যে লাহে লাহে অসম গ্ৰাস কৰিবলৈ ধৰিছে তাৰ চিন দেশখনিলৈ এবাৰ চালেই জলজল, পটপটকৈ দেখা যায়। কোনো ৰাজনৈতিক অনুষ্ঠানে আমাৰ দেশক সেই ভীষণ গ্ৰাসৰপৰা ৰক্ষা কৰিব পৰা নাই। যেতিয়ালৈকে অসম ভাৰতৰ ভিতৰত থাকিব, তেতিয়ালৈকে এই গ্ৰাসত আমি পৰি থাকিম।

মইঃ আপুনি প্ৰসংগক্ৰমে অসমৰ সৈতে ব্ৰহ্মদেশ সম্পৰ্কেও মন্তব্য কৰিছিল বুলি আমি জানো। পাঠক-সমাজৰ বাবে সেই সম্পৰ্কে দুষাৰমান ক’ব নেকি?

জ্ঞাননাথ বৰাঃ যদি আমাৰ দেশ আজিকালিৰ ব্ৰহ্মদেশৰ নিচিনা ভাৰতবৰ্ষৰ বাহিৰত থাকে, তেন্তে অসমীয়া মানুহৰ ভাবৰ পৰিৱৰ্তন হ’ব আৰু ৰাজনৈতিক অনুষ্ঠানৰো আদৰ্শ আনবিধৰ হ’ব। তেতিয়া অসমীয়াই আগৰ দৰে অসমকে নিজৰ দেশ বুলি বিবেচনা কৰিব। আমাৰ মানুহৰ মনত আমাৰ দেশৰ পূৰ্বৰ সুকীয়া দেশৰ স্মৃতি আকৌ জাগি উঠিব। ইয়াৰ অতীত বুৰঞ্জী আকৌ মানুহে আলোচনা কৰিবলৈ ধৰিব। ইয়াৰ ভাষা, সাহিত্য, সমাজ সকলো নতুন চকুৰে চাব। অসমৰ জন আৰু ধন বঢ়োৱাটো প্ৰধান কৰ্তব্য বুলি ভাবি আমাৰ মানুহে তাৰ উপায় চিন্তিব। যদি আমাৰ দেশ ভাৰতবৰ্ষৰপৰা বেলেগ কৰি এখন সুকীয়া দেশ গঠন কৰিবলৈ স্থিৰ কৰা হয়, তেন্তে অসমীয়া সকলো গোট খাই অবাধে ইয়াৰ কাৰণে আন্দোলন কৰিব পাৰিব। তেতিয়া আমাৰ উদ্দেশ্য আৰু কাৰ্যৰ মিল থাকিব, কেৱে আমাক সংকীৰ্ণ বুলি ক’ব নোৱাৰে।

মইঃ আপোনাৰ চিন্তাধাৰাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন হৈছে যে অসম দেশ ভাৰতৰ বাহিৰত থাকি উদ্গতি কৰিব পাৰিবনে?

জ্ঞাননাথ বৰাঃ এই কথা আলচ কৰাৰ আগেয়ে অসম অতদিনে ভাৰতবৰ্ষৰ প্ৰদেশ এখন হৈ থাকি কি লাভ কৰিলে, তালৈ মন কৰা উচিত। আমাৰ দেশ আজি এশ বছৰ ভাৰতৰ প্ৰদেশ হ’ল। এই এশ বছৰে আমাৰ কিবা উন্নতি হ’লনে? আমাৰ দেশখনক যিদিনাৰেপৰা ভাৰতবৰ্ষৰ লগত সাঙুৰি দিয়া হ’ল, সেই দিনাৰেপৰা দেখোন আমাৰ দুৰ্গতি আৰম্ভ হৈছে। আমাৰ দেশ আমাৰ হৈ নাথাকিল, ই আচলতে ভাৰতবৰ্ষৰ ভিতৰত সোমাল, অৰ্থাৎ ভাৰতত লীন হ’বলৈ দিনৌ আগবাঢ়িছে। আমাৰ দেশ ভাৰতৰ প্ৰদেশ হোৱাৰ এয়ে পৰিণাম নহয়নে? যদি কোৱা আমাৰ দেশখন ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে? অসম দেশ আকাৰত ইউৰোপৰ বহু স্বাধীন দেশতকৈ ডাঙৰ। আয়াৰলেণ্ডৰ ‘ফ্ৰি ষ্টেট’ অসমৰ দুখন জিলাৰ সমান মাথোন। তত্ৰাচ সেইখনেই দেখোন স্বৰাজ পাইছে। অসম দেশে স্বৰাজৰ কাৰণে পুৰুষাৰ্থ কৰাটো হাঁহিয়াতৰ কথানে? অসমীয়াই পৰা-নোৱৰা সুকীয়া কথা। সেইটো অসমীয়াৰ বল-শক্তিৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু এনে যুক্তি দিব নোৱাৰা যে অসম দেশ সৰু, সেই কাৰণে স্বৰাজৰ কথাকে ভাবিব নোৱাৰি। অসমৰ স্বৰাজৰ বাবে লাগিলে অসমৰ মন কেতিয়াও সংকীৰ্ণ হ’ব নোৱাৰে। ব্ৰহ্মদেশ বেলেগ হোৱাৰ কাৰণে ব্ৰহ্মবাসীসকলৰ মন ভাৰতবাসীতকৈ সংকীৰ্ণ হৈছেনে?

মইঃ আপুনি কামৰূপ উদ্ধাৰ কৰা সম্পৰ্কেও আলোচনা কৰিম বুলি কৈছিল। ‘কামৰূপ উদ্ধাৰ’ মানে আপুনি কি ক’ব বিচাৰিছে?

জ্ঞাননাথ বৰাঃ কামৰূপ অতীজতে যে এখন ডাঙৰ ৰাজ্য আছিল, তাক বিৱৰি কোৱাৰ আৱশ্যক নাই। বংগদেশৰ বহু অংশ ইয়াৰ ভিতৰত আছিল। তেতিয়া কামৰূপৰ আয়তন প্ৰায় ডেৰ লক্ষ বৰ্গমাইল আছিল, আজিকালিৰ জাৰ্মানী বা ফ্ৰান্সৰ সমান। কামৰূপৰ সীমা সদায় একে নাছিল। কামৰূপে মাজে মাজে আন দেশ অধিকাৰ কৰি সীমা বহলাইছিল, কিন্তু আচল কামৰূপ, অৰ্থাৎ য’ত কামৰূপীয়া ভাষা, সমাজ আৰু সভ্যতা চিৰকাল আছিল, সি আজিও আছে। এই পুৰণি কামৰূপ উদ্ধাৰ কৰাটো আমাৰ কৰ্তব্য নহয়নে?… এই কামৰূপৰ ঠাইবোৰ পুনৰ অসমৰ লগত লগ লগাই এখন দেশ কৰিব খুজিলে তাক ব্ৰহ্মদেশৰ নিচিনা বেলেগ দেশ কৰিব লাগিব।… ব্ৰহ্মদেশ আৰু ভাৰতৰ অৰ্থ সমস্যা এইভাৱে নিৰ্ণয় কৰা হৈছিল— ‘The separation of Barma from India would also require on the Financial side that arrangements should be made for an equitable distribution between India and Barma of assets and liabilities existing at the time of coming into force of the Act.’

মইঃ আপুনি কোৱাৰ দৰে অসম ফাটি ওলাই আহিলে নিঃসংগ হ’ব বুলিও দুই-একে কৈছে। তেনে শংকাৰ যুক্তি আছেনে?

জ্ঞাননাথ বৰাঃ আমাৰ দেশ ফাটি ওলাই আহিলে আমি অকলশৰীয়া হ’ম, আমি কাৰোপৰা সহায় নাপাম— এই কথা সঁচানে? আমি চিৰকাল অকলশৰে আছো, কোনেও আমাক আজিলৈকে সহায় কৰা নাই আৰু আগলৈও নকৰে। ভাৰতৰ প্ৰত্যেকখন প্ৰদেশে আমাৰ জাতিটো যাতে মৰি যায়, তাৰে চেষ্টা সদায় কৰি আহিছে। তুমি দেখুৱাই দিব পাৰানে যে অমুকখন প্ৰদেশে আমাৰ ভাষা আৰু সাহিত্যৰ কাৰণে নাইবা আমাৰ বেহা-বেপাৰৰ কাৰণে সহায় কৰিছে? বৰঞ্চ আমাৰ ভাষাৰ যাতে সোনকালে মৰণ হয় আৰু আমাৰ দেশৰ বেপাৰ-বাণিজ্য যাতে আমি কেতিয়াও হস্তগত কৰিব নোৱাৰো, তাৰেই চেষ্টা সকলোৱে কৰিবলৈ যে ধৰি আছে তাৰ প্ৰমাণ নিতৌ পাই আছো। আমাৰ জাতিৰ উন্নতিৰ কাৰণে আমিহে অকলশৰে ইমানদিনে যুঁজি আছো আৰু আগলৈও যুঁজি থাকিব লাগিব। ভাৰতবৰ্ষৰ গাত আউজি যে আমি উদ্ধাৰ পাম, সেই আশা মিছা, ইমানদিনে গাত আউজি আমাৰ কি অৱস্থা হৈছে তাক ভাবি চোৱা।

মইঃ ‘লাইন প্ৰথা’ সম্পৰ্কে আপোনাৰ মতামত কি?

জ্ঞাননাথ বৰাঃ বৰ্তমান ‘লাইন প্ৰথা’ সম্পৰ্কে বহুত বাক-বিতণ্ডা চলিছে। এই পমুৱা শ্ৰেণীৰ মানুহ আজি যাতে পতিত মাটি আবাদ নকৰে তাৰ ব্যৱস্থা কৰিলে আমাৰ কোনো ওজৰ-আপত্তি থাকিব নোৱাৰে। তেতিয়া ‘লাইন প্ৰথা’ এক মুহূৰ্তলৈও আমাৰ ভিতৰত থাকিব নোৱাৰে। অসমৰ বৰ্তমান অৱস্থাত দুয়োটা কথাই, অৰ্থাৎ সিবিলাকক অসমীয়া কৰা আৰু আগলৈকে তেনেকুৱা মানুহ আহি মাটি আবাদ কৰা জটিল হৈ পৰিছে। কাৰণ, অসমত থকা আন আন প্ৰদেশৰ শিক্ষিত লোকে তেওঁলোকে যাতে অসমীয়া হ’ব নোৱাৰে তাৰ চেষ্টা অবিৰাম কৰিবলৈ ধৰিছে। অসম ভাৰতত থকাত আৰু কংগ্ৰেছৰ আন্দোলনত আন ঠাইৰ লোকৰ ক্ষমতা বাঢ়ি গৈছে আৰু লগে লগে অসমীয়াৰ বল টুটি গৈছে। সেই নিমিত্তে আজিলৈকে সেই মানুহবিলাক অসমীয়া সমাজত মাৰ যাব পৰা নাই। যিবিলাক মানুহ আহি বসতি কৰিছে সিবিলাকৰ সৰহভাগ মুছলমান। এই ঘটনাই দ্বিতীয় কথাটো, অৰ্থাৎ আগলৈ যাতে মানুহ আহি মাটি ল’ব নোৱাৰে তাৰ ব্যৱস্থা কৰা, জটিল কৰিছে। বহুত অসমীয়া মুছলমানে এই কথাত মান্তি হোৱা নাই। তেওঁলোকৰ মনৰ ভাব এই যে, যদি এইদৰে আন ঠাইৰপৰা মুছলমান আহি অসমত বাস কৰে, তেন্তে মুছলমানৰ সংখ্যা বাঢ়ি যাব আৰু সংখ্যাত সৰহ হ’লে তেওঁলোকৰ ক্ষমতাও দেশত বাঢ়ি আহিব। তেওঁলোকৰ ঘাই উদ্দেশ্য সাধন হ’ব, অৰ্থাৎ মুছলমানৰ ক্ষমতা বাঢ়িব। তেওঁলোকৰ মনত অসমীয়া জাতি তুচ্ছ, অৰ্থাৎ আমি আগেয়ে মুছলমান— তাৰ পিছতহে অসমীয়া, এই ভাবে দেখা দিছে। ইয়াৰ কাৰণে তেওঁলোক জগৰীয়া নহয়। এই ভাব হ’বলৈ পালে সেই একে ঘটনাৰপৰা, যিদিনাৰেপৰা অসম দেশক ভাৰতবৰ্ষৰ প্ৰদেশ কৰা হ’ল, সেইদিনাৰেপৰা সেই ভাব ভাৰতৰপৰা আজি আমাৰ গোটেই দেশত বিয়পি পৰিছে। এই ভাবে অসমীয়া জাতিক ঘুণীয়া কৰিলে। ভাৰতৰ কংগ্ৰেছ আন্দোলনে যেনেকৈ অসমীয়া হিন্দুৰ মানত অসমীয়া জাতিৰ প্ৰাধান্য কমাই দিছে, ভাৰতৰ মুছলমানৰ আন্দোলনেও অসমীয়া মুছলমানৰ মানত অসমীয়া জাতিৰ প্ৰাধান্য কমাই দিছে। যিমান দিনলৈ আমাৰ দেশ ভাৰতৰ ভিতৰত থাকিব, সিমান দিনলৈ সেই লক্ষ লক্ষ মানুহ অসমীয়া নহৈ আমাৰ মাজত থাকিব আৰু বছৰে বছৰে অসংখ্য মানুহ আহি আমাৰ মাটি-বাৰী সমস্ত লৈ পেলাব। ইয়াৰ ফলত অসমত হিন্দু থাকিব, অসমত মুছলমান থাকিব, কিন্তু অসমীয়া জাতি-মাটি ভস্ম হ’ব।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: জ্ঞাননাথ বৰা
Admin

Admin

Related Posts

Inflation: Difference between 2014 and 2022
Economy

Inflation: Difference between 2014 and 2022

by Admin
May 18, 2022
0

Inflation KAKALI DAS If I tell you about inflation, slow credit growth, rupee depreciation, high interest rate and lower wages,...

Read more
অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

অনেক‌ !! ইতিহাসক বিৱৰ্ণৰ বাবে নতুন ফাকুৱা!!

May 17, 2022
NEIPF : Interest of the indigenous people of NE must be protected

জনগোষ্ঠীয় সমন্বয়

May 15, 2022
man woman girl young

ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়

May 15, 2022
Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

May 12, 2022
Solutions in 10 minutes: How would life be then?

Solutions in 10 minutes: How would life be then?

May 12, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

May 18, 2022
শ্বাহেনশ্বাহ আৰু বীণাবাদক

শ্বাহেনশ্বাহ আৰু বীণাবাদক

May 18, 2022
Inflation: Difference between 2014 and 2022

Inflation: Difference between 2014 and 2022

May 18, 2022
Taliban rules for Afghan Women

Before the Taliban & After the Taliban

May 17, 2022

Popular Stories

  • Emergence Of The KNF In Chittagong Hill Tracts

    Emergence Of The KNF In Chittagong Hill Tracts

    302 shares
    Share 121 Tweet 76
  • ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

    14 shares
    Share 6 Tweet 4
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    29 shares
    Share 12 Tweet 7
  • Tathā-agata

    15 shares
    Share 6 Tweet 4
  • First Person: I am a woman, a refugee, ‘I am who I am’

    7 shares
    Share 3 Tweet 2
  • ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

    22 shares
    Share 9 Tweet 6
  • NEIPF’s ‘Diphupar Declaration’

    79 shares
    Share 32 Tweet 20
  • Inflation: Difference between 2014 and 2022

    6 shares
    Share 2 Tweet 2
  • Children of Afghanistan : A nation cannot be insulted more than this!

    4 shares
    Share 2 Tweet 1
  • তপা মানুহক ‘তপা’ বুলি কোৱাটো অপৰাধ, জনালে আদালতে

    13 shares
    Share 5 Tweet 3
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: