• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

ASSAMESE SECTION / Assam

by Anjan Sarma
August 14, 2025
in ASSAMESE SECTION, History, Opinion
Reading Time: 5 mins read
0
বুৰঞ্জীবোধ
Share on FacebookShare on TwitterShare on LinkedIn

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

(জ্ঞাননাথ বৰাৰ সৈতে হোৱা কাল্পনিক সাক্ষাৎকাৰ)

২০১৫ চনত ‘আমাৰ অসম’ বাতৰি-কাকতত প্ৰকাশিত 

অঞ্জন শৰ্মা

Anjan Sarma Pic
অঞ্জন শৰ্মা 

।।১ ।।

“ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়“

(কাল্পনিক সাক্ষাৎকাৰ, Please CLICK Above)

।। ২ ।।

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

“আমাৰ দেশ আৰু জাতিৰ সম্পৰ্ক এনেকুৱা যে, অসমৰ শাসনতন্ত্ৰ অসমীয়া জাতি নহ’লেও সুকলমে চলি থাকিব পাৰে। অসমৰ কোনো বস্তু, কোনো ক্ষমতা অসমীয়াৰ হাতত নাই। অসম বাস্তৱতে অসমীয়াৰ নহয়। এই নিমিত্তে এজন কংগ্ৰেছৰ সভ্যই অসম দেশৰ নাম সলাই আন এটা নাম দিবলৈ প্ৰস্তাৱ কৰিছিল। তেওঁক দোষ দিয়া কেনেকৈ?”

 

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

হিন্দু বাংলাদেশীক স্বদেশী কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত ২২ ছেপ্টেম্বৰ, ২০১৫ তাৰিখে আৰম্ভণি হোৱা নতুন অসম আন্দোলনৰ সৈতে সংগতি ৰাখি অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে দিয়া ভাষণটোৰ শিৰোনাম আছিল— ‘ভাৰতত কিয় থাকিব অসম?’

সেই ভাষণৰ জৰিয়তে ডঃ গোহাঁয়ে কয় যে—‘‘আজি পঁচিছ বছৰৰো আগতে সংযুক্ত মুক্তি বাহিনী, অসমে এটা প্ৰশ্ন তুলিছিলঃ অসম ভাৰতত থাকিব কিয়? আলফাৰ নিজা কৰ্মকলাপে প্ৰশ্নটোৰ সদুত্তৰ উলিওৱা দূৰৰ কথা, ৰাজ্যখনক বহু বিশৃংখলাৰ মাজলৈ ঠেলি দিলে, অসমীয়া জাতীয় ঐক্য থানবান কৰিলে আৰু অসমীয়া মানুহৰ নিৰাপদ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিলে। ভাৰত চৰকাৰে তাৰ পূৰ্ণ সুযোগ লৈ অসমীয়াক দুৰ্বল কৰিলে। কিন্তু আলফাই তোলা প্ৰশ্নটোৰ সদুত্তৰ আমি আজিও নাপালো। আজিও আমাৰ মনত প্ৰশ্ন জাগে— অসম ভাৰতত থাকিব কিয়?”

প্ৰকৃততে পঁচিছ বছৰ নহয়, প্ৰায় পঁইত্ৰিছ বছৰৰো আগৰেপৰাই আলফাই প্ৰশ্নটো উত্থাপন কৰি আহিছে, আনকি তাৰেও পূৰ্বৰেপৰা, অৰ্থাৎ ১৯৭৮ চনৰ মে’ মাহৰপৰা আমিও ‘সাপ্তাহিক নীলাচল’, পিছলৈ ‘মহাবাহু’, ‘তিনিদিনীয়া অগ্ৰদূত’ আদি বাতৰি-কাকত, আলোচনী আদিত লেখা প্ৰবন্ধ-পাতিৰে সেই প্ৰশ্নটো উত্থাপন কৰি আহিছো— যাৰ বাবে এসময়ত বিভিন্ন গোচৰ আদিৰো মেৰপেঁচত সোমাবলগীয়া হৈছিল।

আমি ১৯৭৮ চনত উত্থাপন কৰা, আলফাই ১৯৭৯-৮০ চনত উত্থাপন কৰা প্ৰশ্নটো ইমান বছৰৰ অন্তত অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়েও উত্থাপন কৰিবলৈ বাধ্য হৈছে বাবে আমিও আশ্বস্ত হৈছো যে ১৯৭৮ চনত আমি একুৰিৰ ডেওনা পাৰ নৌহওঁতেই যি প্ৰশ্ন উত্থাপন কৰিছিলো— সেই প্ৰশ্ন আজিও মূল্যহীন হোৱা নাই, কাৰণ আমাৰ প্ৰশ্ন আছিল ঐতিহাসিক সত্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু সেই ঐতিহাসিক সত্যৰ ওপৰত ভিত্তি কৰি যিবোৰ ‘কাৰণ’ৰ কাৰণে আমি আমাৰ কলেজীয়া ছাত্ৰাৱস্থাতে প্ৰশ্ন উত্থাপন কৰিছিলো— সেই কাৰণসমূহৰ পো-পোৱালিৰ সংখ্যা এতিয়া বহু বৃদ্ধি হ’ল। গতিকেই ডঃ হীৰেন গোহাঁয়েও ক’বলৈ বাধ্য হৈছে— ‘ভাৰতত কিয় থাকিব অসম?’

“কামৰূপ অতীজতে যে এখন ডাঙৰ ৰাজ্য আছিল, তাক বিৱৰি কোৱাৰ আৱশ্যক নাই। বংগদেশৰ বহু অংশ ইয়াৰ ভিতৰত আছিল। তেতিয়া কামৰূপৰ আয়তন প্ৰায় ডেৰ লক্ষ বৰ্গমাইল আছিল, আজিকালিৰ জাৰ্মানী বা ফ্ৰান্সৰ সমান। কামৰূপৰ সীমা সদায় একে নাছিল। কামৰূপে মাজে মাজে আন দেশ অধিকাৰ কৰি সীমা বহলাইছিল, কিন্তু আচল কামৰূপ, অৰ্থাৎ য’ত কামৰূপীয়া ভাষা, সমাজ আৰু সভ্যতা চিৰকাল আছিল, সি আজিও আছে।”

ডঃ গোহাঁয়ে নিজৰ যুক্তিৰ সমৰ্থনৰ ভালেমান কথা কৈছে। প্ৰয়োজনত পিছলৈ কেতিয়াবা আমি তেখেতৰ তেনেবোৰ কথাৰ মাজলৈ হয়তো উভতি যাম। কিন্তু এই প্ৰসংগতে উল্লেখ কৰিব বিচাৰিছো যে ‘ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়’ শীৰ্ষক শিৰোনামেৰে জ্ঞাননাথ বৰাদেৱৰ সৈতে হোৱা মোৰ কাল্পনিক সাক্ষাৎকাৰটো পঢ়ি প্ৰায় শতাধিক পাঠকে দূৰভাষ যন্ত্ৰৰ মাধ্যমেৰে মোক অনুৰোধ কৰিছে যে মই যেন সেই জগতখনত বিচৰণ কৰা কাৰ্য বন্ধ নকৰো।

সেয়েহে পাঠক-সমাজৰ অনুৰোধত আৰু ডঃ হীৰেন গোহাঁইৰ ‘অসম ভাৰতত থাকিব কিয় (?)’ — প্ৰশ্নটোৰ পটভূমিত, পুনৰবাৰ কাষ চাপিবলৈ বাধ্য হ’লো জ্ঞাননাথ বৰাদেৱৰ। কাৰণ, ১৯৬০ শকৰ ‘আৱাহন’ৰ ১০ ম বছৰৰ ৩য় আৰু ৪ৰ্থ সংখ্যাত, অৰ্থাৎ ১৯৩৮ চনত (অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পূৰ্বে), জ্ঞাননাথ বৰাই লেখিছিল এক মননশীল শক্তিশালী প্ৰবন্ধ— ‘অসম দেশ ভাৰতবৰ্ষৰ ভিতৰত থাকিব কিয়?’

আলফাৰ প্ৰশ্ন, আমাৰ প্ৰশ্ন, ডঃ হীৰেন গোহাঁইৰ প্ৰশ্ন বৰ্তমান সময়ছোৱাৰ, কিন্তু ১৯৩৮ চনতেই কিম্বা আজিৰপৰা ৭৭ বছৰ পূৰ্বেই সেই প্ৰশ্নই তেখেতৰ মনত খুন্দিয়াইছিল কিয়!

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

গতিকেই দ্বিতীয়বাৰৰ বাবে পুনৰ জ্ঞাননাথ বৰাৰ কাষ চাপিলো। সুখৰ কথা এয়েই যে তেখেতে সন্মতি দিলে। পাঠক-সমাজৰ জ্ঞাতাৰ্থে এয়া জ্ঞাননাথ বৰাদেৱৰ সৈতে হোৱা দ্বিতীয়টো সাক্ষাৎকাৰ—

মইঃ অলপতে অসমৰ এক সত্যাগ্ৰহত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে খেদ প্ৰকাশ কৰি কৈছে যে— ‘স্বাধীন ভাৰতত থাকি আমি পালো কি?’ এনে ধৰণৰ খেদ সৰহভাগ অসমীয়াৰেই হৈছে। আপুনি কি ভাবে?

জ্ঞাননাথ বৰাঃ আমাৰ দেশ আৰু জাতিৰ সম্পৰ্ক এনেকুৱা যে, অসমৰ শাসনতন্ত্ৰ অসমীয়া জাতি নহ’লেও সুকলমে চলি থাকিব পাৰে। অসমৰ কোনো বস্তু, কোনো ক্ষমতা অসমীয়াৰ হাতত নাই। অসম বাস্তৱতে অসমীয়াৰ নহয়। এই নিমিত্তে এজন কংগ্ৰেছৰ সভ্যই অসম দেশৰ নাম সলাই আন এটা নাম দিবলৈ প্ৰস্তাৱ কৰিছিল। তেওঁক দোষ দিয়া কেনেকৈ?

অসমৰ গৱৰ্ণমেণ্ট অসমৰ বেপাৰ-বাণিজ্য, অসমৰ কল-কাৰখানা কোনোটোৱেই যেতিয়া অসমীয়াৰ হাতত নাই, তেন্তে কি বুলি এই দেশখনৰ নাম অসম হৈ থাকিব। জাতিৰ লগত দেশৰ যদি সম্পৰ্ক নাইকিয়া হয়, তেন্তে সেই জাতিৰ নামানুসাৰে নাম থাকিব কিয়? বংগদেশ বা বিহাৰ বা উৰিষ্যাৰ নাম সলাই আন নাম দিবলৈ কোনোৱে প্ৰস্তাৱ কৰা দূৰৈৰ কথা, সেই কথা ভাবিবকে নোৱাৰে। নিজৰ দেশৰ, নিজৰ জাতিৰ এনে দুৰৱস্থা হ’লে সেই জাতি থাকে কেনেকৈ?

সেই জাতিক ৰক্ষা কৰিবলৈ কোনো নাই। নিজে নিজক ৰক্ষা কৰিব নোৱাৰিলে আন কোনো উপায় নাই। আত্মৰক্ষাই তেতিয়া ঘাই কাম হৈ পৰে। অসমীয়া জাতিৰ আজি আত্মৰক্ষাৰ বাজে আন কোনো কাম নাই। আত্মৰক্ষা কৰে কেনেকৈ? ইয়াক কৰিবলৈ হ’লে জাতিয়ে একত্ৰ হৈ মাৰ বান্ধি কাম কৰিব লাগিব। কিন্তু এইবিলাক হোৱাৰ কোনো আশাই নাই, বৰঞ্চ আমাৰ দেশ ক্ৰমে ক্ৰমে যে আনৰ হাতলৈ যাবলৈ ধৰিছে তাৰ লক্ষণ য’তে-ত’তে দেখা গৈছে।

ভাৰতবৰ্ষই যে লাহে লাহে অসম গ্ৰাস কৰিবলৈ ধৰিছে তাৰ চিন দেশখনিলৈ এবাৰ চালেই জলজল, পটপটকৈ দেখা যায়। কোনো ৰাজনৈতিক অনুষ্ঠানে আমাৰ দেশক সেই ভীষণ গ্ৰাসৰপৰা ৰক্ষা কৰিব পৰা নাই। যেতিয়ালৈকে অসম ভাৰতৰ ভিতৰত থাকিব, তেতিয়ালৈকে এই গ্ৰাসত আমি পৰি থাকিম।

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

মইঃ আপুনি প্ৰসংগক্ৰমে অসমৰ সৈতে ব্ৰহ্মদেশ সম্পৰ্কেও মন্তব্য কৰিছিল বুলি আমি জানো। পাঠক-সমাজৰ বাবে সেই সম্পৰ্কে দুষাৰমান ক’ব নেকি?

জ্ঞাননাথ বৰাঃ যদি আমাৰ দেশ আজিকালিৰ ব্ৰহ্মদেশৰ নিচিনা ভাৰতবৰ্ষৰ বাহিৰত থাকে, তেন্তে অসমীয়া মানুহৰ ভাবৰ পৰিৱৰ্তন হ’ব আৰু ৰাজনৈতিক অনুষ্ঠানৰো আদৰ্শ আনবিধৰ হ’ব। তেতিয়া অসমীয়াই আগৰ দৰে অসমকে নিজৰ দেশ বুলি বিবেচনা কৰিব। আমাৰ মানুহৰ মনত আমাৰ দেশৰ পূৰ্বৰ সুকীয়া দেশৰ স্মৃতি আকৌ জাগি উঠিব। ইয়াৰ অতীত বুৰঞ্জী আকৌ মানুহে আলোচনা কৰিবলৈ ধৰিব। ইয়াৰ ভাষা, সাহিত্য, সমাজ সকলো নতুন চকুৰে চাব।

অসমৰ জন আৰু ধন বঢ়োৱাটো প্ৰধান কৰ্তব্য বুলি ভাবি আমাৰ মানুহে তাৰ উপায় চিন্তিব। যদি আমাৰ দেশ ভাৰতবৰ্ষৰপৰা বেলেগ কৰি এখন সুকীয়া দেশ গঠন কৰিবলৈ স্থিৰ কৰা হয়, তেন্তে অসমীয়া সকলো গোট খাই অবাধে ইয়াৰ কাৰণে আন্দোলন কৰিব পাৰিব। তেতিয়া আমাৰ উদ্দেশ্য আৰু কাৰ্যৰ মিল থাকিব, কেৱে আমাক সংকীৰ্ণ বুলি ক’ব নোৱাৰে।

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

মইঃ আপোনাৰ চিন্তাধাৰাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন হৈছে যে অসম দেশ ভাৰতৰ বাহিৰত থাকি উদ্গতি কৰিব পাৰিবনে?

জ্ঞাননাথ বৰাঃ এই কথা আলচ কৰাৰ আগেয়ে অসম অতদিনে ভাৰতবৰ্ষৰ প্ৰদেশ এখন হৈ থাকি কি লাভ কৰিলে, তালৈ মন কৰা উচিত। আমাৰ দেশ আজি এশ বছৰ ভাৰতৰ প্ৰদেশ হ’ল। এই এশ বছৰে আমাৰ কিবা উন্নতি হ’লনে? আমাৰ দেশখনক যিদিনাৰেপৰা ভাৰতবৰ্ষৰ লগত সাঙুৰি দিয়া হ’ল, সেই দিনাৰেপৰা দেখোন আমাৰ দুৰ্গতি আৰম্ভ হৈছে। আমাৰ দেশ আমাৰ হৈ নাথাকিল, ই আচলতে ভাৰতবৰ্ষৰ ভিতৰত সোমাল, অৰ্থাৎ ভাৰতত লীন হ’বলৈ দিনৌ আগবাঢ়িছে।

আমাৰ দেশ ভাৰতৰ প্ৰদেশ হোৱাৰ এয়ে পৰিণাম নহয়নে? যদি কোৱা আমাৰ দেশখন ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে? অসম দেশ আকাৰত ইউৰোপৰ বহু স্বাধীন দেশতকৈ ডাঙৰ। আয়াৰলেণ্ডৰ ‘ফ্ৰি ষ্টেট’ অসমৰ দুখন জিলাৰ সমান মাথোন। তত্ৰাচ সেইখনেই দেখোন স্বৰাজ পাইছে। অসম দেশে স্বৰাজৰ কাৰণে পুৰুষাৰ্থ কৰাটো হাঁহিয়াতৰ কথানে?

অসমীয়াই পৰা-নোৱৰা সুকীয়া কথা। সেইটো অসমীয়াৰ বল-শক্তিৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু এনে যুক্তি দিব নোৱাৰা যে অসম দেশ সৰু, সেই কাৰণে স্বৰাজৰ কথাকে ভাবিব নোৱাৰি। অসমৰ স্বৰাজৰ বাবে লাগিলে অসমৰ মন কেতিয়াও সংকীৰ্ণ হ’ব নোৱাৰে। ব্ৰহ্মদেশ বেলেগ হোৱাৰ কাৰণে ব্ৰহ্মবাসীসকলৰ মন ভাৰতবাসীতকৈ সংকীৰ্ণ হৈছেনে?

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

মইঃ আপুনি কামৰূপ উদ্ধাৰ কৰা সম্পৰ্কেও আলোচনা কৰিম বুলি কৈছিল। ‘কামৰূপ উদ্ধাৰ’ মানে আপুনি কি ক’ব বিচাৰিছে?

জ্ঞাননাথ বৰাঃ কামৰূপ অতীজতে যে এখন ডাঙৰ ৰাজ্য আছিল, তাক বিৱৰি কোৱাৰ আৱশ্যক নাই। বংগদেশৰ বহু অংশ ইয়াৰ ভিতৰত আছিল। তেতিয়া কামৰূপৰ আয়তন প্ৰায় ডেৰ লক্ষ বৰ্গমাইল আছিল, আজিকালিৰ জাৰ্মানী বা ফ্ৰান্সৰ সমান। কামৰূপৰ সীমা সদায় একে নাছিল। কামৰূপে মাজে মাজে আন দেশ অধিকাৰ কৰি সীমা বহলাইছিল, কিন্তু আচল কামৰূপ, অৰ্থাৎ য’ত কামৰূপীয়া ভাষা, সমাজ আৰু সভ্যতা চিৰকাল আছিল, সি আজিও আছে।

এই পুৰণি কামৰূপ উদ্ধাৰ কৰাটো আমাৰ কৰ্তব্য নহয়নে?… এই কামৰূপৰ ঠাইবোৰ পুনৰ অসমৰ লগত লগ লগাই এখন দেশ কৰিব খুজিলে তাক ব্ৰহ্মদেশৰ নিচিনা বেলেগ দেশ কৰিব লাগিব।… ব্ৰহ্মদেশ আৰু ভাৰতৰ অৰ্থ সমস্যা এইভাৱে নিৰ্ণয় কৰা হৈছিল— ‘The separation of Barma from India would also require on the Financial side that arrangements should be made for an equitable distribution between India and Barma of assets and liabilities existing at the time of coming into force of the Act.’

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

মইঃ আপুনি কোৱাৰ দৰে অসম ফাটি ওলাই আহিলে নিঃসংগ হ’ব বুলিও দুই-একে কৈছে। তেনে শংকাৰ যুক্তি আছেনে?

জ্ঞাননাথ বৰাঃ আমাৰ দেশ ফাটি ওলাই আহিলে আমি অকলশৰীয়া হ’ম, আমি কাৰোপৰা সহায় নাপাম— এই কথা সঁচানে? আমি চিৰকাল অকলশৰে আছো, কোনেও আমাক আজিলৈকে সহায় কৰা নাই আৰু আগলৈও নকৰে। ভাৰতৰ প্ৰত্যেকখন প্ৰদেশে আমাৰ জাতিটো যাতে মৰি যায়, তাৰে চেষ্টা সদায় কৰি আহিছে। তুমি দেখুৱাই দিব পাৰানে যে অমুকখন প্ৰদেশে আমাৰ ভাষা আৰু সাহিত্যৰ কাৰণে নাইবা আমাৰ বেহা-বেপাৰৰ কাৰণে সহায় কৰিছে?

বৰঞ্চ আমাৰ ভাষাৰ যাতে সোনকালে মৰণ হয় আৰু আমাৰ দেশৰ বেপাৰ-বাণিজ্য যাতে আমি কেতিয়াও হস্তগত কৰিব নোৱাৰো, তাৰেই চেষ্টা সকলোৱে কৰিবলৈ যে ধৰি আছে তাৰ প্ৰমাণ নিতৌ পাই আছো। আমাৰ জাতিৰ উন্নতিৰ কাৰণে আমিহে অকলশৰে ইমানদিনে যুঁজি আছো আৰু আগলৈও যুঁজি থাকিব লাগিব। ভাৰতবৰ্ষৰ গাত আউজি যে আমি উদ্ধাৰ পাম, সেই আশা মিছা, ইমানদিনে গাত আউজি আমাৰ কি অৱস্থা হৈছে তাক ভাবি চোৱা।

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

মইঃ ‘লাইন প্ৰথা’ সম্পৰ্কে আপোনাৰ মতামত কি?

জ্ঞাননাথ বৰাঃ বৰ্তমান ‘লাইন প্ৰথা’ সম্পৰ্কে বহুত বাক-বিতণ্ডা চলিছে। এই পমুৱা শ্ৰেণীৰ মানুহ আজি যাতে পতিত মাটি আবাদ নকৰে তাৰ ব্যৱস্থা কৰিলে আমাৰ কোনো ওজৰ-আপত্তি থাকিব নোৱাৰে। তেতিয়া ‘লাইন প্ৰথা’ এক মুহূৰ্তলৈও আমাৰ ভিতৰত থাকিব নোৱাৰে। অসমৰ বৰ্তমান অৱস্থাত দুয়োটা কথাই, অৰ্থাৎ সিবিলাকক অসমীয়া কৰা আৰু আগলৈকে তেনেকুৱা মানুহ আহি মাটি আবাদ কৰা জটিল হৈ পৰিছে।

কাৰণ, অসমত থকা আন আন প্ৰদেশৰ শিক্ষিত লোকে তেওঁলোকে যাতে অসমীয়া হ’ব নোৱাৰে তাৰ চেষ্টা অবিৰাম কৰিবলৈ ধৰিছে। অসম ভাৰতত থকাত আৰু কংগ্ৰেছৰ আন্দোলনত আন ঠাইৰ লোকৰ ক্ষমতা বাঢ়ি গৈছে আৰু লগে লগে অসমীয়াৰ বল টুটি গৈছে। সেই নিমিত্তে আজিলৈকে সেই মানুহবিলাক অসমীয়া সমাজত মাৰ যাব পৰা নাই। যিবিলাক মানুহ আহি বসতি কৰিছে সিবিলাকৰ সৰহভাগ মুছলমান।

এই ঘটনাই দ্বিতীয় কথাটো, অৰ্থাৎ আগলৈ যাতে মানুহ আহি মাটি ল’ব নোৱাৰে তাৰ ব্যৱস্থা কৰা, জটিল কৰিছে। বহুত অসমীয়া মুছলমানে এই কথাত মান্তি হোৱা নাই। তেওঁলোকৰ মনৰ ভাব এই যে, যদি এইদৰে আন ঠাইৰপৰা মুছলমান আহি অসমত বাস কৰে, তেন্তে মুছলমানৰ সংখ্যা বাঢ়ি যাব আৰু সংখ্যাত সৰহ হ’লে তেওঁলোকৰ ক্ষমতাও দেশত বাঢ়ি আহিব। তেওঁলোকৰ ঘাই উদ্দেশ্য সাধন হ’ব, অৰ্থাৎ মুছলমানৰ ক্ষমতা বাঢ়িব।

ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

তেওঁলোকৰ মনত অসমীয়া জাতি তুচ্ছ, অৰ্থাৎ আমি আগেয়ে মুছলমান— তাৰ পিছতহে অসমীয়া, এই ভাবে দেখা দিছে। ইয়াৰ কাৰণে তেওঁলোক জগৰীয়া নহয়। এই ভাব হ’বলৈ পালে সেই একে ঘটনাৰপৰা, যিদিনাৰেপৰা অসম দেশক ভাৰতবৰ্ষৰ প্ৰদেশ কৰা হ’ল, সেইদিনাৰেপৰা সেই ভাব ভাৰতৰপৰা আজি আমাৰ গোটেই দেশত বিয়পি পৰিছে।

এই ভাবে অসমীয়া জাতিক ঘুণীয়া কৰিলে। ভাৰতৰ কংগ্ৰেছ আন্দোলনে যেনেকৈ অসমীয়া হিন্দুৰ মানত অসমীয়া জাতিৰ প্ৰাধান্য কমাই দিছে, ভাৰতৰ মুছলমানৰ আন্দোলনেও অসমীয়া মুছলমানৰ মানত অসমীয়া জাতিৰ প্ৰাধান্য কমাই দিছে।

CAA 7

যিমান দিনলৈ আমাৰ দেশ ভাৰতৰ ভিতৰত থাকিব, সিমান দিনলৈ সেই লক্ষ লক্ষ মানুহ অসমীয়া নহৈ আমাৰ মাজত থাকিব আৰু বছৰে বছৰে অসংখ্য মানুহ আহি আমাৰ মাটি-বাৰী সমস্ত লৈ পেলাব। ইয়াৰ ফলত অসমত হিন্দু থাকিব, অসমত মুছলমান থাকিব, কিন্তু অসমীয়া জাতি-মাটি ভস্ম হ’ব।

Assam movement

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: জ্ঞাননাথ বৰা
Anjan Sarma

Anjan Sarma

Related Posts

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science
Opinion

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

by Olha Konsevych
July 12, 2026
0

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
Rivers beyond Borders: Why the Siang Is More than Water

Rivers beyond Borders: Why the Siang Is More than Water

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d