• অৰবিন্দ ৰাভা
বেংক জালিয়াতি
ভাৰতৰ সৰ্ববৃহৎ বেংক জালিয়াতি বুলি পৰিগণিত হোৱা গুজৰাটৰ এ.বি.জি. শ্বিপয়াৰ্ড ( ABG Shipyard Ltd)ৰ বেংক জালিয়াতি কান্ডৰ প্ৰসঙ্গ উত্থাপিত কৰি এইবাৰ মোডী চৰকাৰক থকা-সৰকা কৰিছে বিজেপি দলৰ সাংসদ ( উত্তৰপ্ৰদেশৰ পিলভিট সমষ্টিৰ) বৰুণ গান্ধীয়ে।
বৰুণ গান্ধীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কৈছে যে ‘শক্তিশালী চৰকাৰ’-এ এইক্ষেত্ৰত ‘শক্তিশালী’ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশা কৰিছে। বিজেপি দলৰ সাংসদ বৰুণ গান্ধীয়ে কৈছে যে বিজয় মালিয়াৰ ৯০০০ কোটি টকা, নীৰৱ মোডীৰ ১৪০০০ কোটি টকা, ঋষি আগৰৱালাৰ ২৩০০০ কোটি টকাৰ বেংক জালিয়াতি; আৰু আনহাতে ঋণৰ বোজাত প্ৰতিদিনে ভাৰতত ১৪ জনকৈ লোকে আত্মহত্যা কৰি আছে! এনে এক পৰিৱেশত জালিয়াতি কৰা লোকসকলে লুট কৰা ধনৰ বলত বিলাসী জীৱন যাপন কৰি আছে। এনে ভ্ৰষ্টাচাৰৰ অৱসানৰ বাবে ‘শক্তিশালী চৰকাৰ’-এ অনতিপলমে ‘শক্তিশালী ব্যৱস্থা’ গ্ৰহণ কৰাটো মই বিচাৰো।
এইক্ষেত্ৰত উল্লেখযোগ্য যে ভাৰতৰ সৰ্ববৃহৎ বেংক জালিয়াতি কান্ড বুলি গণ্য কৰা ‘এবিজি শ্বিপয়াৰ্ড’ ( ABG SL)ৰ ২২৮৪২ কোটি টকাৰ কেলেংকাৰী সম্প্ৰতি প্ৰকাশ পাইছে। ষ্টেট বেংক অৱ ইন্ডিয়াকে লৈ ২৮ টা বেংকৰ পৰা এই বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে লৈ এতিয়াও পৰিশোধ কৰা নাই বুলি তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে। এবিজি শ্বিপয়াৰ্ডৰ সঞ্চালক হ’ল ঋষি আগৰৱালা, সন্হানম মুথুস্বামী আৰু অশ্বিনী কুমাৰ। এওঁলোকক বিচাৰি এতিয়া ‘লুক আউট নোটিচ’ জাৰী কৰা হৈছে।
