• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা

by Anjan Sarma
September 19, 2023
in Remembrance, Book, Inspiration, Media, News
Reading Time: 5 mins read
0
ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
Share on FacebookShare on TwitterShare on LinkedIn

‘ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা’ প্ৰদান, গ্ৰন্থ –আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

অৰবিন্দ ৰাভা 

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০২৩: মহাবাহুৰ উদ্যোগত আৰু ‘মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাস্ট‘ৰ সহযোগত ১৬-০৯-২০২৩ তাৰিখে গুৱাহাটীত ‘ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা ‘ প্ৰদান অনুষ্ঠানৰ লগতে গ্ৰন্থ উন্মোচন, মহাবাহু ( পষেকীয়া ইংৰাজী, ডিজিটেল আৰু ছপা) উন্মোচন আৰু আন্তৰ্জাতিক পৰিৱেশকৰ্মী ঋতুৰাজ ফুকনৰ বক্তৃতা প্ৰদান অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।

১৬-০৬-২০২৩ তাৰিখে এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৮+ বছৰীয়া উদ্যমী যুৱক ‘ভাৱাৰ্থ স্বৰূপ’ৰ সোঁৱৰণত তেওঁৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হোৱা ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ড° অমৰজ্যোতি চৌধুৰী, আমন্ত্ৰিত অতিথি হিচাপে সাংবাদিক – সাহিত্যিক প্ৰশান্ত ৰাজগুৰুৱে অংশগ্ৰহণ কৰা সভাখন সঞ্চালন কৰে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে।
ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
কুমাৰ দীপক দাস
সভাৰ আৰম্ভণি কৰে মহাবাহুৰ হৈ অঞ্জন শৰ্মাই আৰু মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাস্টৰ হৈ দেবানন দাসৰ চমু দু-আষাৰ তথা বন্তি প্ৰজ্বলনৰ বাবে জনোৱা আহ্বানৰ পিছত ভাৱাৰ্থ স্বৰূপৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাৰ্পণ, এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। 
সভাৰ আৰম্ভণি হিচাপে পোনপ্ৰথমে উদীয়মান নৱীন লেখক ( লেখিকা) তথা মহাবাহুৰ সহকাৰী সম্পাদক কাকলি দাসৰ গ্ৰন্থ ‘Symphony of Thoughts: Reviewing Life Through A Critical Lens’ ড° অমৰজ্যোতি চৌধুৰীয়ে উন্মোচন কৰে।
উন্মোচন কৰাৰ পিছত গ্ৰন্হকাৰ কাকলি দাসে চমু বক্তব্যযোগে মহাবাহুৰ সৈতে জড়িত সকলোকে তথা ভাৱাৰ্থ স্বৰূপৰ পৰিয়ালবৰ্গৰ লগতে উপস্থিত সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি মহাবাহুৰ সৈতে তেওঁৰ তিনিবছৰৰো অধিক কালৰ যাত্ৰা সম্পৰ্কে উল্লেখ কৰি এই দিনটো চিৰস্মৰণীয় হৈ ৰ’ব বুলি কয়।
ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
‘Symphony of Thoughts: Reviewing Life Through A Critical Lens’ ড° অমৰজ্যোতি চৌধুৰীয়ে উন্মোচন কৰে

এই গ্ৰন্হ উন্মোচন হোৱাৰ লগে লগে তেওঁ এগৰাকী গ্ৰন্হকাৰ হৈ পৰাৰ উপৰিও ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটাৰ বাবে তেওঁক নিৰ্বাচন কৰি পৰম উৎসাহিত কৰা বুলি কয় আৰু ভৱিষ্যতৰ যাত্ৰাত সকলোৰে সহায় সহযোগ কামনা কৰে। তাৰোপৰি একেটা দিনতে মহাবাহু ( ডিজিটেল আৰু ছপা ইংৰাজী পষেকীয়া)ৰ উন্মোচন হ’ব হেতুকে সেই পষেকীয়াৰ সম্পাদক হিচাপেও বিশেষ দিনটো চিৰ স্মৰণীয় হৈ ৰ’ব বুলি কয়। 

দ্বিতীয়খন গ্ৰন্থ অঞ্জন শৰ্মাৰ ‘ইতিহাসৰ গোলাম‘ উন্মোচন কৰে প্ৰশান্ত ৰাজগুৰুৱে।

উন্মোচন কৰাৰ পিছত চমু বক্তব্যৰে অঞ্জন শৰ্মাই ১৯৮০ চনৰ পৰা আৰম্ভ কৰা মহাবাহুৰ যাত্ৰাৰ বিষয়ে কৈ সাম্প্ৰতিক কালত মহাবাহুৰ জৰিয়তে অসমৰ নৱীন লেখক- লেখিকাক বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে সম্পৰ্কিত কৰিবলৈ মহাবাহুক ইংৰাজী পষেকীয়া আলোচনী ( ছপা আৰু ডিজিটেল) হিচাপে এখন প্লেটফৰ্ম সৃষ্টি কৰা বুলি উল্লেখ কৰে তথা নতুন প্ৰজন্মৰ কেইবাগৰাকী লেখকক চিনাকি কৰাই দিয়ে। 

ইয়াৰ পিছত মহাবাহু (ইংৰাজী পষেকীয়া) আলোচনী উন্মোচন কৰা হয় আৰু একেলগে মহাবাহু (ইংৰাজী পষেকীয়া)ৰ ডিজিটেল আলোচনী উন্মোচন কৰা হয়।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

দুয়োখন উন্মোচন কৰে ড° অমৰজ্যোতি চৌধুৰী, প্ৰশান্ত ৰাজগুৰু, সঞ্জীৱ শৰ্মাই আৰু সহযোগ কৰে প্ৰবীৰ কুমাৰ দাস, অনুজ পালিৱাল, কুমাৰ দীপক দাস, ডা° নয়নজিৎ ডেকা, মণিকংকন বৰুৱা ,গৌতম চক্ৰৱৰ্তী, তনয় চক্ৰৱৰ্তী, দেবানন দাস, অপূৰ্ব খাউন্ড আদি বিশিষ্ট ব্যক্তিসকলে।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা ‘ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা ‘ প্ৰদান কৰা হয় যথাক্ৰমে আন্তৰ্জাতিক পৰিৱেশকৰ্মী ঋতুৰাজ ফুকন আৰু উদীয়মান বলিষ্ঠ লেখিকা তথা একেদিনাই উন্মোচন হ’বলগীয়া মহাবাহু ( ইংৰাজী পষেকীয়া)ৰ সম্পাদক কাকলি দাসক। ড° অমৰজ্যোতি চৌধুৰী, প্ৰশান্ত ৰাজগুৰুৱে , আৰু সহযোগ কৰে ভাৱাৰ্থ স্বৰূপৰ পিতৃ হেমেন দাস, অসম চৰকাৰৰ এগৰাকী প্ৰধান সচিব মুকেশ চাহু, কুমাৰ দীপক দাস, অঞ্জন শৰ্মাই। 

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
পৰিৱেশকৰ্মী ঋতুৰাজ ফুকন

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা হিচাপে প্ৰশংসা পত্ৰ, আৰু দুয়োগৰাকীকে দুখন পঞ্চাছ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰোতে সহযোগ কৰে ভাৱাৰ্থ স্বৰূপৰ পিতৃ হেমেন দাসৰ লগতে ভাৱাৰ্থ স্বৰূপৰ মাতৃ নমিতা দাসে।

সভাখনত মুখ্য অতিথি হিচাপে ড° অমৰজ্যোতি চৌধুৰীয়ে ভাৱাৰ্থ স্বৰূপৰ পৰিয়ালৰ সকলোকে সমবেদনা জ্ঞাপন কৰে আৰু ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মৰ বাবে এক উৎসাহজনক পৰিৱেশ সৃষ্টি কৰা হৈছে আৰু নতুন প্ৰজন্মৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস আছে।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
প্ৰশান্ত ৰাজগুৰু

কাকলি দাসৰ গ্ৰন্থখনৰ বিষয়ে  তেওঁ ভূয়সী প্ৰশংসা কৰে আৰু মহাবাহু ( ইংৰাজী পষেকীয়া) আলোচনীখনৰ জলবায়ু পৰিৱৰ্তন ভিত্তিক বিশেষ সংখ্যাটো আন্তৰ্জাতিক মানদণ্ডসম্পন্ন হোৱা বুলি উল্লেখ কৰে। অঞ্জন শৰ্মাৰ ‘ইতিহাসৰ গোলাম’ সম্পৰ্কেও তেওঁ উল্লেখ কৰি লেখকক প্ৰশংসা কৰে। ড° চৌধুৰীয়ে ইংৰাজী পষেকীয়া আলোচনী মহাবাহুৰ প্ৰসাৰৰ গুৰুত্ব সম্পৰ্কে গুৰুত্ব দিবলৈ আহ্বান জনায়।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

আমন্ত্ৰিত অতিথি প্ৰশান্ত ৰাজগুৰুৱে ভাৱাৰ্থ স্বৰূপৰ পৰিয়ালৰ সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনায় আৰু এগৰাকী পিতৃ হিচাপে তেওঁ নিজেও তেনে বেদনা কিমান গভীৰ হ’ব পাৰে সেই সম্পৰ্কে কিছু পৰিমাণে হ’লেও উপলব্ধি কৰা বুলি সদৰি কৰে।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

তেওঁ ১৯৮০ চনৰ পৰা প্ৰকাশ হোৱা মহাবাহু, আৰু আজি কিছুবছৰ ধৰি ডিজিটেল ৰূপত প্ৰকাশ হৈ থকা মহাবাহু তথা আজি প্ৰকাশ পোৱা মহাবাহু ( ইংৰাজী পষেকীয়া আলোচনী) সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে। তেওঁ ঋতুৰাজ ফুকন আৰু কাকলি দাসক ভূয়সী প্ৰশংসা কৰে আৰু আগবাঢ়ি গৈ থাকিবলৈ উৎসাহিত কৰে। তেওঁ অঞ্জন শৰ্মাৰ বলিষ্ঠ লেখনি সম্পৰ্কেও চমুকৈ উল্লেখ কৰে। 

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
কাকলি দাস

উল্লেখযোগ্য যে মহাবাহুৰ আৰম্ভণি সংখ্যা ‘জলবায়ু পৰিৱৰ্তন ‘( Climate Change)ৰ বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰা হৈছে আৰু তাৰে সৈতে সঙ্গতি ৰাখি বঁটা প্ৰাপক ঋতুৰাজ ফুকনে ‘Climate Change – A Decade of Fighting for Climate justice With Special Reference to Assam and North – East India’ শীৰ্ষক এক‌ মননশীল তথ্যনিৰ্ভৰ বক্তৃতা প্ৰদান কৰি তেওঁ পদাৰ্পণ কৰা সুমেৰু – কুমেৰু আদিত জলবায়ু পৰিৱৰ্তনৰ ফলত কিদৰে গ্লেচিয়াৰ গলিবলৈ ধৰিছে, হ্ৰাস পাবলৈ ধৰিছে, কিদৰে পৃথিৱীৰ তাপমাত্ৰাৰ বৃদ্ধি হৈছে, কিদৰে সৌৰশক্তিক সেউজ শক্তিলৈ পৰিবৰ্তন কৰিব পাৰিলে পৃথিৱীৰ তাপমাত্ৰা হ্ৰাস পাব পাৰে, কিদৰে কৃত্ৰিম বৰষুণ সৃষ্টি কৰিব পাৰি, এনে বিভিন্ন বিষয় উপস্থাপন কৰি সকলোকে এক বেলেগ পৰিৱেশৰ মাজলৈ লৈ যায়।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
ঋতুৰাজ ফুকন

তেওঁ সকলোকে সজাগ হৈ জলবায়ু পৰিৱৰ্তনৰ বাবে পৃথিৱীৰ তাপমাত্ৰাৰ বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে মহাবাহুৰ ‘জলবায়ু পৰিৱৰ্তন’ শিতানটো পৰিচালনা কৰিবলৈ তেওঁ দায়িত্ব বহন কৰিছে।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
ঋতুৰাজ ফুকন

সভাৰ সঞ্চালক কুমাৰ দীপক দাসে ভাৱাৰ্থ স্বৰূপৰ বিষয়ে আৱেগিক ভাষণ প্ৰদান কৰি জীৱন – মৃত্যুৰ মাজতেই জীৱন বুলি উল্লেখ কৰি ভাৱাৰ্থৰ পৰিয়ালক সাহস যোগায়, সমবেদনা জ্ঞাপন কৰে, আৰু ভাৱাৰ্থ স্বৰূপৰ সোঁৱৰণী মহাবাহু বঁটাৰ জৰিয়তে ভাৱাৰ্থ স্বৰূপ স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে তথা এই উদ্যোগ গ্ৰহণ কৰা হেতুকে অঞ্জন শৰ্মাক বহুত ধন্যবাদ জ্ঞাপন কৰে।

সভাৰ সামৰণি হিচাপে মহাবাহুৰ হৈ ৰামকৃষ্ণ শৰ্মাই শলাগৰ শৰাই আগবঢ়াই সকলোকে সম্বোধন কৰি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।

ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান
ভাৱাৰ্থ স্বৰূপৰ পৰিয়াল তথা মহাবাহু পৰিয়াল

উল্লেখযোগ্য যে মহাবাহুৰ ডিজিটেল সংখ্যা উপলব্ধ হ’ব এই লিংকত:

Home

তাৰোপৰি কাকলি দাসৰ গ্ৰন্থ ‘Symphony of Thoughts: Reviewing Life Through A Critical Lens’ উপলব্ধ হ’ব এই লিংকত :

Amazon link of Kakali Das’s book 

SYMPHONY OF THOUGHTS UNTOLD (REVIEWING LIFE THROUGH A CRITICAL LENS,) https://amzn.eu/d/3VYACt8

[The books are available at BANDHAB, Yoshowanta Road, Panbazar, Guwahati-781001, Assam, India]

16-09-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
বালিপাৰা ফাউণ্ডেচনৰ “নেচাৰনমিক্স ৮.০”- অসমৰ খিলঞ্জীয়া মানুহকেন্দ্ৰিক উদ্ভিদৰ জৈৱ-বৈচিত্ৰ্যৰ এখন আপুৰুগীয়া হাতপুথি

বালিপাৰা ফাউণ্ডেচনৰ “নেচাৰনমিক্স ৮.০”- অসমৰ খিলঞ্জীয়া মানুহকেন্দ্ৰিক উদ্ভিদৰ জৈৱ-বৈচিত্ৰ্যৰ এখন আপুৰুগীয়া হাতপুথি

August 8, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 4, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d