ভিক্ষু পদ প্রসাৰণ ন্যায়!
সঞ্জীৱ কুমাৰ নাথ

এয়াৰ বি এন বি, মেইক মাই ত্রিপ আদিৰ নাম গোন্ধ যেতিয়া নাছিল, আন নালাগে হোটেল বোলা বস্তুটোৱেই যেতিয়া নাছিল, তেতিয়া দূৰণিবটীয়া যাত্রীয়ে প্রায়ে গাঁৱ বা চহৰৰ মানুহৰ ঘৰত ৰাতি কটাইছিল।
খোজ কাঢ়িয়েই বহুতে দূৰ দূৰণিৰ তীর্থলৈ গৈছিল, আৰু নিশা কাৰোবাৰ অতিথি হৈছিল।
কিছুমান সাধু-সন্ন্যাসী জাতীয় অতিথিয়ে এৰাতিতকৈ বেছি এঠাইত নথকাৰ নিয়ম মানিছিল, কিন্তু কিছুমানে একে ঠাইতে বহুত দিন-ৰাতি কটাইছিল। কেতিয়াবা এনে হৈছিল যে আলহী অতিথিক ৰাখিবলৈ গৃহস্থৰ বৰ ভাল যোগাৰ নাই, ঠাই নাই, কিন্তু সন্ধিয়া এজন সাধুৰ আগমন ঘটিছে……

সাধু : ৰাম, ৰাম। ৰাতিটো কটাবলৈ ঠাই হ’ব নেকি?
গৃহস্থ : নমস্কাৰ। বেয়া নাপাব, কিন্তু আমাৰ ঘৰত কোঠা মুঠেই দুটা, আৰু দুয়োটাতে আমি কেবাজনো আছো।
সাধু : একো নাই। মই এই বাৰাণ্ডাতে থাকিম—যদি আপোনালোকে বেয়া নাপায়।
গৃহস্থ : বাৰু, আপুনি বহক। চাওঁ কি ব্যৱস্থা কৰিব পাৰোঁ।
ইফালে গৃহস্থৰ পত্নীকে ধৰি ঘৰৰ সকলোৱে তেওঁক ক’বলৈ ধৰিলে যে সন্ধিয়া অহা আলহী, তাতে আকৌ সাধু-বাবা। বাৰাণ্ডাত থাকিবলৈ দিয়া ঠিক নহ’ব।
গতিকে তেওঁলোকেই কষ্ট মষ্ট কৰি একেটা কোঠাতে থাকি অন্যটো কোঠা অতিথিক গতাই দিলে। অতিথিয়ে প্রথমে তেওঁৰ লগত লৈ অহা গোঁসাইৰ মূর্ত্তি সেই কোঠাৰ এচুকত প্রতিষ্ঠা কৰিলে, আৰু পূজাৰ ব্যৱস্থা কৰিলে। পূজা, প্রার্থনাৰ অন্তত তেওঁ সকলোকে প্রসাদ দিলে—বেছি একো নহয়, দুই এটা কৈ কেঁচা বুট, কিন্তু সকলোৱে আগ্রহেৰে গ্রহণ কৰিলে।
পিছদিনা পুৱা সাধু-বাবাই গা-পা ধুই গৃহস্থৰ বাগিছাৰ ভালৰ ভাল ফুল বোৰ চিঙিবলৈ ধৰিলে। সেই দৃশ্য দেখি গিৰিহঁতনিয়ে আটাইতকৈ বেছি কষ্ট পালে কাৰণ ফুল গছ বোৰ তেৱেঁই যত্ন কৰি ডাঙৰ কৰিছে। কিন্তু এতিয়া কৰে কি?
সাধুবাবাই পূজাৰ বাবে ফুল চিঙিছে। সাধুৱে পূজাত লগাৰ আগতে গৃহস্থক ক’লে যে গোঁসাইৰ ভোগৰ বাবে কিবা এটা ব্যৱস্থা হোৱা হ’লে ভাল আছিল। গৃহস্থই গাখীৰ, চাউল, চেনী, খৰি আদি যতনাই দিলেহি। চিন্তাও লাগে নহয়—অসন্তুষ্ট হ’লে আকৌ সাধু বাবাই বা কি শাও দিয়ে! ইফালে গোঁসাইৰ ভোগ দি নোহোৱালৈকে দুপৰীয়া তেওঁলোকে ভাত কেনেকৈ খায়?

গতিকে ভোগ দি শেষ হোৱালৈ ৰৈ থাকিল। এনেকৈয়ে, লাহে লাহে সেই সন্ন্যাসী বা ভিক্ষুৱে তেওঁৰ বাবে আৰু তেওঁৰ গোঁসাইৰ বাবে স্থান উলিয়াই ল’লে—ভিক্ষু পদ প্রসাৰণ ন্যায়।

এসময়ত বিহাৰৰ কিছুমান ঠাইত ৰেলত টিকট কটাটো স্থানীয় বিহাৰীৰ বাবে হেনো অসন্মানৰ কথা আছিল। কিহৰ টিকট? ৰেল গাড়ীত উঠিলৈ আনৰ সংৰক্ষিত আসনত ঠেলি হেঁচি বহিলেই হয়। আৰু কাচিৎ টিকট কাটি বহা জনক ঘৰৰ পৰা বিদায় দিবলৈ অহা সকলে হেনো কয় : “টিকট লৈছ নহয়। আৰামত বহিবি। ভৰি মেলি বহিবি”।
অসমত অসমীয়াৰ বাহিৰে অন্য সকলোৱেই ভৰি মেলি বহিছে। ডাঙৰ চহৰৰ আটাইতকৈ ব্যস্ত ব্যৱসায়ীক প্রাণ কেন্দ্রৰ ঘৰ, মাটি, দোকান আদি কাৰ খবৰ কৰিলে জানিব অসমীয়াৰ নহয়। সৰু চহৰ এখনৰো আটাইতকৈ ব্যস্ত ব্যৱসায়ীক প্রাণ কেন্দ্রৰ সা-সম্পত্তি প্রায় সকলোবোৰেই অনা অসমীয়াৰ।
ৰাষ্ট্রীয় ঘাই পথবোৰৰ দুয়ো কাষে থকা উচ্চ মূল্যৰ মাটি বোৰত কোন বহিছে ভৰি মেলি? অসমীয়াই নহয়। বৰপেটাৰ দ’ৰে এখন দুখন ঠাইৰ ক্ষেত্রত এয়া সম্পূর্ণ সঁচা নহ’ব পাৰে, কিন্তু বেছি ভাগ ঠাইৰ ক্ষেত্রতে সঁচা।

আজি একাংশ এনে অসমীয়া আভিভাৱক আছে যি নিজৰ শিশুক ইংৰাজী শিকাবলৈ উঠি পৰি লাগোতে অসমীয়া ভালদৰে শিকোৱা নাই; আৰু কিছু সংখ্যক এনে অভিভাৱকো আছে যি নিজৰ সন্তানে অসমীয়া নজনাকে বিচাৰে; সিহঁতৰ সৈতে কেৱল ইংৰাজীতে কথা পাতে। এই সকল শিক্ষিত, সম্ভ্রান্ত লোকে নিজৰ সন্তানক মাতৃ ভাষাক ভাল পাবলৈ শিকোৱা নাই, পাহৰিবলৈ শিকাইছে। এনে অৱস্থাত আনে ভৰি মেলি বহি গৃহস্থৰ ঠাই নাইকিয়া কৰিলে আচৰিত হ’ব লগীয়া একো নাই।

জাতীয় সংগঠন সমূহে মাজে মাজে গুজৰি গুমৰি থাকিলেও অসমত অসমীয়াইহে ভৰি মেলি বহিব পৰা নাই। বিভিন্ন ধৰণে থলুৱা লোক সকল স্থানচ্যুত হৈছে।
বেলতলা বজাৰ খনলৈ গ’লে কেতিয়াবা ভাবোঁ—থলুৱা মানুহবোৰ, আমাৰ জনজাতীয় বাইদেউ কেইজনী বজাৰ খনৰ একেবাৰে শেষৰ শাৰীত, ফুট পাথত কিয়? লাহে লাহে গোটেই অসমেই কিজানি বেলতলা বজাৰ হৈছেগৈ—থলুৱা সকল শেষত, বাহিৰৰ ফালে; বহিৰাগত সকল মাজত, কেন্দ্র স্থলত।

ব’ল ব’ম, ছঠ পূজা, ৰাখী, ভাই দুজত মতলীয়া অসমীয়াক, নিজৰ মাতৃভাষাক অৱহেলা কৰা অসমীয়াক বাহিৰৰ ফালে ঠেলিবলৈ কিমাননো শক্তি লাগে? আনৰ পূজা পার্বন আদৰি লোৱা অসমীয়াই আকৌ নিজৰ উৎসৱ বোৰৰ পৰম্পৰাকে সলাই পেলাইছে।
অনেক অসমীয়াৰ বাবে আজি কাতি বিহু হ’ল এটা টিভিৰ অনুষ্ঠান মাত্র। মাঘ বিহু আকৌ হ’লগৈ নৰাৰে কোনে কিমান ডাঙৰ উৰাজাহাজ, হেলিকপ্তাৰ, প্রাসাদ, চন্দ্রযান সাজিব পাৰে তাৰ প্রতিযোগিতা।

ৰঙালী বিহুৰ হুঁচৰি গঞাৰ চোতালত দেখা পোৱা নাযায়, চৰকাৰী সময়-সূচী, অনুদান আদি দৰদাম কৰি মঞ্চত পতা আৰু টিভি চেনেলত পতা প্রতিযোগিতাহে দেখা পোৱা যায়। হুঁচৰি দেখা পোৱা যায় পূব অসমৰ বাটৰ কাষৰ ধাবা, অনা অসমীয়াৰ দোকানৰ সমুখত। সেই দোকানীয়ে বাওঁ হাতেৰে দিয়া টকা দুটা মানৰ বাবে হুঁচৰি মৰা মানুহ আছে, গাঁৱৰ ডেকা-বুঢ়াই একেলগে গাঁৱতে মৰা হুঁচৰিৰ বাবে মানুহ বিচাৰি পাবলৈ নাই।

কেৱল ভিক্ষুৱেই পদ প্রসাৰণ নকৰে, বেপাৰীয়ে কৰে, ৰজাই বা শাসন-তন্ত্রই কৰে, বিদেশী নাগৰিকে কৰে। আচলতে মানুহৰ ইতিহাসেই হ’ল বিভিন্ন ৰকমৰ পদ প্রসাৰণৰ ইতিহাস। হিটলাৰে সপোন দেখিছিল জার্মানীৰ পদ প্রসাৰণৰ। মোগল বাদশ্বাহক বেপাৰ কৰাৰ অনুমতি বিচাৰি ইংৰাজে পদ প্রসাৰণ কৰিলে।
নিশকতীয়াৰ দেশত পদ প্রসাৰণৰ সুবিধা লোৱা সকল সদায় থাকে। মোগল সাম্রাজ্যৰ শক্তি ক্ষীণ হোৱাৰ পূর্ণ সুযোগ লৈছিল ইংৰাজ পদ প্রসাৰণ কাৰী সকলে। আহোম ৰাজত্ব নিশকতীয়া হোৱাৰ সুযোগ লৈ মানক খেদি অসমৰ “ত্রাণ কর্ত্তা” হৈ লাহেকৈ পদ প্রসাৰণ কৰিলে ইংৰাজে।
ইংৰাজ শাসনৰ অন্তত স্বাধীন ভাৰতে পদ প্রসাৰণ কৰোঁতে সৰু-ডাঙৰ বিভিন্ন ৰাজ্য, দেশে নিজৰ স্বকীয়তা হেৰুৱালে।

আৰু পদ প্রসাৰণ হৈয়েই আছে। বিভিন্ন জনে বিভিন্ন ধৰণে পদ প্রসাৰণ কৰিয়েই আছে। লাভ কৰি থকা চৰকাৰী প্রতিষ্ঠানক যেতিয়া বেপাৰীৰ হাতত তুলি দিয়া হয়, তেতিয়া বেপাৰীয়ে পদ প্রসাৰণ কৰে। চৰকাৰী শিক্ষানুষ্ঠানৰ অৱস্থা টনকিয়াল কৰাৰ সলনি যেতিয়া ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ হকেহে চৰকাৰে কাম কৰে, তেতিয়া বেপাৰীয়ে পদ প্রসাৰণ কৰে।
দুখীয়াৰ মাটি, বনৰীয়া জন্তুৰ বিচৰণ স্থলত যেতিয়া পঞ্চ তাৰকা হোটেল সাজি পর্যটনৰ বিকাশ কৰাৰ যুক্তি দিয়া হয়, তেতিয়া ধনী ব্যৱসায়ীয়ে পদ প্রসাৰণ কৰে। ৰাজনৈতিক নেতাই সুবিধাৰ ক্ষেত্র বহলাবলৈ পদ প্রসাৰণ কৰে।
গান্ধী টুপী এৰি গেৰুৱা পিন্ধিলে যদি সুবিধা বেছি, তেন্তে এঠাইৰ পৰা আন ঠাইলৈ, অর্থাৎ সুবিধাৰ সৰু ক্ষেত্র এৰি ডাঙৰ ক্ষেত্রলৈ পদ প্রসাৰণ কৰে। দেশৰ কামত নিমগ্ন কর্মবীৰ বুলি বিখ্যাত নেতাই যেতিয়া নিজা সম্পত্তিৰ পর্বত গঢ়ে, তেতিয়া তেওঁ পদ প্রসাৰণ কৰে।

পদ প্রসাৰণ মনৰ ভিতৰলৈও হয়। আৰু মনৰ ভিতৰলৈ হোৱা পদ প্রসাৰণ কম বিপজ্জনক নহয়। মহাত্মা গান্ধীৰ জন্ম দিনত হাতত নতুন ঝাড়ু লোৱা নেতাৰ ছবি দেখি যদি আপুনি ভোল গৈছে, সেই নেতাই আপোনাৰ মনৰ ভিতৰলৈ পদ প্রসাৰণ কৰিছে।
মহামাৰী খেদিবলৈ কাঁহি বাটি বজাবলৈ কোৱা নেতাৰ কথা শুনি যদি আপুনি কাঁহি বাটি বজাই যুদ্ধ জয় কৰাৰ আনন্দ লভিছে, তেন্তে তেওঁ আপোনাৰ বহু ভিতৰলৈ পদ প্রসাৰণ কৰিছে।

“ভিক্ষু পদ প্রসাৰণ” সংস্কৃত ভাষাৰ ব্যৱহাৰ। সংস্কৃতৰ মার্জিত শৈলী ব্যৱহাৰ নকৰাকৈ, বা সংস্কৃতক পদ প্রসাৰণ কৰিবলৈ নিদি, অলপ অন্য (বন্য?) ধৰণৰে, অসমীয়াতো এই কথা বুজাব পাৰি – এদেও দুদেও, লোটা নিয়াৰ চেও।
এদেও দুদেওকৈ মাটি, ভেটি, ভাষা, সংস্কৃতি সকলো নি আছে, আৰু আমি অসমীয়া সকলে চাই আছোঁ। খহনীয়াৰ চপৰা বাগৰি পৰি থকাৰ দৰে আমাৰ স্বকীয়তা নোহোৱা হৈ গৈ আছে, আৰু আমি চাই আছোঁ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.