• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

ভিন্ন জন, ভিন্ন ক্ষণ, ভিন্ন মন: জীৱন অতি অনুপম

-ভৱেশ শৰ্মা

by Anjan Sarma
June 18, 2021
in Literature
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ভৱেশ শৰ্মা |

বৰ ব্যতিক্ৰমী চৰিত্রৰ মানুহ এই কালিদাস চক্ৰবৰ্তী ডাঙৰীয়া ।

কোলকাতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল তেখেতে ।তেখেত  আছিল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ বৰমূৰীয়া অধ্যাপক । প্ৰকৃতি প্ৰেমী চক্ৰবৰ্তী ডাঙৰীয়াৰ অন্তৰত হিমালয় প্ৰেমে সৰুৰে পৰাই বিশেষ স্থান অধিকাৰ কৰি আহিছিল । তেখেত আছিল আধ্যাত্মিকতাবাদৰ পূজাৰী । হিমালয়ৰ কোলাত তেখেতে অন্তৰৰ ইপ্সিত সমস্ত বস্তু বিচাৰি পাইছিল। সেয়েহে এবাৰ দুবাৰ নহয় , বিশ বাৰকৈ তেখেতে ভ্ৰমণ কৰিছিল হিমালয়ৰ অভ্যন্তৰৰ বহু দুৰ্গম আৰু ৰমণীয় স্থানলৈ। এই ভ্ৰমণ কাহিনী সমূহ তেখেতে গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াইছে। পশ্চিম বংগৰ গ্ৰন্থপ্ৰেমী আৰু ভ্ৰমণ প্ৰেমী সমাজত তেখেতৰ গ্ৰন্থ সমূহ বহুল ভাবে সমাদৃত ।

প্ৰফেছৰ চক্ৰবৰ্তী সংসাৰ ত্যাগী সন্যাসী নহয় । কোলকাতা মহানগৰীৰ বেহালা অঞ্চলত তেখেতৰ নিজৰ ঘৰ বাৰী আছে । সংসাৰত তেখেতৰ আছে পত্নী আৰু দুগৰাকী জীয়ৰী । বৰ জীয়ৰীৰ বিয়া হৈ গৈছে । সৰু জীয়ৰী সাংসাৰিক জীৱনৰ প্ৰতি সম্পূৰ্ণ উদাসীন । বিয়া বাৰুৰ নাম নলয় । হিমালয় ভ্ৰমণত তাই সদায়েই সংগী হৈ আহিছে পিতৃ দেবৰ । ইয়াৰ মাজতেই তাই বিচাৰি পায় জীৱনৰ অৰ্থ ।

কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচত প্ৰফেছৰ চক্ৰবৰ্তীয়ে নিজৰ ফালৰ পৰাই হিমালয়ৰ বুকুত সৰুকৈ গঢ়ি তুলিছে এখন আশ্ৰম । নাম দিছে–“হিমালয় তীৰ্থাবাস”। উত্তৰাখন্ডৰ গাড়োৱাল অঞ্চলৰ গুপ্তকাশী নামৰ মনোৰম ঠাই খনৰ ওচৰতেই অবস্থিত এই আশ্ৰম খন। গুপ্তকাশী ঠাই খনৰ লগত হয়তো আমাৰ বহুতেই পৰিচিত । পবিত্র কেদাৰনাথ ধাম যাত্রাত  হৰিদ্বাৰৰ পৰা ৰুদ্ৰপ্ৰয়াগ হৈ এই গুপ্তকাশীলৈকে চলে গাড়ী মটৰ । তাৰ পৰা আগলৈ প্ৰায় চৈধ্য কিলোমিটাৰ পথ খোজ কাঢ়ি যাব লাগে । খোজ কাঢ়িব নোৱাৰা সকলৰ কাৰণে আছে ঘোৰা আৰু দোলা। আজিকালি হেলিকপ্টাৰৰো ব্যবস্থা হৈছে বুলি সিদিনা মোক হিমালয় প্ৰেমী বন্ধু সত্যেন শৰ্মাই কলে ।

কেদাৰনাথৰ যাত্রী বহুতেই যাওতে আহোতে গুপ্তকাশীৰ হিমালয় তীৰ্থাবাসত দুই এৰাতি জিৰাই যায় । স্বেচ্ছাই দান বৰঙনিও কিছু আগবঢ়ায় । ভ্ৰমণ গ্ৰন্থ সমূহৰ বিক্ৰীৰ ফালৰ পৰাও চক্ৰবৰ্তী ডাঙৰীয়াৰ জেপলৈ কিছু পইচা আহে। সেই ধন গোটাই চক্ৰবৰ্তী ডাঙৰীয়াই প্ৰচেষ্টা চলায় আশ্ৰম খনৰ সম্প্ৰসাৰণ ঘটাই ইয়াক এখন পূৰ্ণ পৰ্যায়ৰ আশ্ৰম কৰি তোলাৰ । আধ্যাত্মিক চিন্তা চৰ্চাৰ লগতে উত্তৰাখন্ডৰ দুৰ্গত জনৰ সৰ্বোতোপ্ৰকাৰৰ বিকাশৰ বাবে সেৱা শুশ্ৰুষা  আগবঢ়াই আহাটোৱেই মূলত: এই আশ্ৰমৰ লক্ষ্য ।

স্বামী বিবেকানন্দৰ স্বপ্নভূমি মায়াবতী আশ্ৰমত থাকোতেই  কোলকাতাৰ পৰিভ্ৰমী বন্ধু এজনৰ জৰিয়তে মই প্ৰফেছৰ চক্ৰবৰ্তীৰ বিষয়ে জানিব পাৰিছিলো । শুনিছিলো এতিয়া তেখেতে হেনো ঘৰ সংসাৰ প্ৰায় বাদ দি হিমালয়ৰ আশ্ৰম খনতেই থাকে । প্ৰতি বছৰ ডিচেম্বৰ জানুৱাৰী মাহত মাথোন তেখেত নামি আহে জন্মভূমি পশ্চিমবংগলৈ । সেই সময়ত পশ্চিম বংগৰ বিভিন্ন স্থানত হোৱা গ্ৰন্হ মেলা সমূহত যোগদান কৰে । নিজৰ গ্ৰন্থ সমূহৰ বিক্ৰীৰ বাবেও প্ৰচেষ্টা চলায় । গ্ৰন্থমেলা শেষ হোৱাৰ পাচতেই তেখেতে পুনৰাই ঘূৰি গৈ হিমালয়ৰ কোলাত আশ্ৰয় লয় ।

প্ৰফেছৰ চক্ৰবৰ্তীৰ কথা শুনি মই বৰ অভিভূত হৈ পৰিছিলো । মায়াবতী আশ্ৰমৰ পৰা ঘৰলৈ ঘূৰি আহি মই তেখেতৰ লগত টেলিফোনেৰে যোগাযোগ স্থাপন কৰিছিলো । তেখেতৰ সহাৰি আছিল খুবেই আশাব্যঞ্জক । মোৰ ঘৰ  ‘কামৰূপ কামাখ্যা’ত বুলি জানিয়েই হবলা, তেখেতে মোৰ প্ৰতি অত্যাধিক উৎসাহ আৰু স্নেহ প্ৰদৰ্শণ কৰিছিল ।

সংসাৰ ধৰ্ম পালন কৰিও আধ্যাত্মিক জীৱনৰ পথ আকোৱালি লোৱা আৰু আজীৱন মানব সেৱাত ব্ৰত হৈ পৰা এই সাধক জনৰ লগত কথা পাতি মোৰ খুবেই ভাল লাগিছিল । মন গলেই মই তেখেতৰ লগত কথা পাতিব লৈছিলো ।

নিজৰ আশ্ৰম খনত কেইদিনমান কটাবৰ কাৰণে প্ৰফেছৰ চক্ৰবৰ্তীয়ে মোক নিমন্ত্ৰণ জনাইছিল । কথা প্ৰসংগত তেখেতে এদিন মোক কৈছিল –” This material life cannot give you anything but falsehood. Come here. Here you will get everything “

যাম যাম বুলি ভাবিও কিবা নহয় কিবা কাৰণত মোৰ তালৈ যোৱা সম্ভব হৈ উঠা নাছিল ।

প্ৰফেছৰ চক্ৰবৰ্তীৰ লগত মোৰ শেষ কথা বতৰা হৈছিল চাৰি বছৰ আগতে । তেতিয়া তেখেতৰ বয়স হৈছিল বিৰাশী বছৰ । তেখেতৰ দেহ পৰি আহিছিল । আগৰ নিচিনাকৈ দৌৰি ঢাপৰি চলিব নোৱাৰা হৈ পৰিছিল । আশ্ৰম খনৰ দায়িত্ব লৈ সেই খন চলাই নিবৰ বাবে তেখেতে কোনোবা এজন যোগ্য ব্যক্তি বিচাৰিছিল । এই কামৰ বাবে তেখেতে মোক কি কাৰণে যোগ্য বুলি বিবেচনা কৰিছিল সেয়া মই হলে নাজানো । কিন্তু তেখেতে এদিন খোলাখুলিকৈয়ে  মোক সেই প্ৰস্তাব দিছিল।

প্ৰফেছৰ চক্ৰবৰ্তীৰ লগত মোৰ কথা বতৰা অন্তৰংগ আৰু সঘন হৈ আহা দেখি ইফালে মোৰ শ্ৰীমতীয়ে প্ৰমাদ গণিব লৈছিল । মই ঘৰ বাৰী বাদ দি আশ্ৰমত যোগ দিও বুলি তেও ভয় খাইছিল হবলা । মোক বুজনি দি তেও মোক কৈছিল –” দুই এদিনৰ কাৰণে ফুৰিব যোৱাটো বেলেগ কথা । কিন্তু বেছি দিন তুমি তাত তিষ্ঠিব নোৱাৰিবা — সেয়া মই ভালদৰেই জানো । সংসাৰৰ মায়া মোহ তুমি এতিয়াও এৰিব পৰা নাই । সন্ধিয়া পানী টুপি নহলেতো তোমাৰ নচলেই …..।”– ইত্যাদি ইত্যাদি ।

মিছা নহয় কথাটো । প্ৰফেছৰ চক্ৰবৰ্তীৰ হাতৰ পৰা আশ্ৰমৰ দায়িত্ব লোৱাৰ চিন্তা লাহে লাহে মই মনৰ পৰা বাদ দিছিলো ।

#         #          #       #

প্ৰফেছৰ চক্ৰবৰ্তীৰ আধ্যাত্মিক জীৱনৰ গুৰু আছিল গংগোত্রীৰ বিখ্যাত ফলাহাৰী বাবা ।  গুৰুৰ প্ৰতি চক্ৰবৰ্তী ডাঙৰীয়াৰ অন্তৰত থকা অপৰিসীম শ্ৰদ্ধা আৰু বিশ্বাস তেখেতৰ লিখনিত বাৰম্বাৰ প্ৰকাশ পাইছে ।

ফলাহাৰী বাবাই দেহত্যাগ কৰিছিল ২০০৪ চনত । গংগোত্রীত বাবাৰ আশ্ৰম খন খুব সম্ভব এতিয়াও আছে । গোমুখ অভিমুখী হিমালয়ৰ দুসাহসিক অভিযাত্রী সকলৰ বহুতেই আগতে ফলাহাৰী বাবাৰ আশ্ৰমত দুই এদিন কটাই যায় । আমাৰ সত্যেন শৰ্মা ডাঙৰীয়াৰো সেই অভিজ্ঞতা থাকিব পাৰে ।

২০০১ চনত মই যেতিয়া প্ৰথম গংগোত্রী দৰ্শণ কৰিছিলো, ফলাহাৰী বাবা তেতিয়া স-শৰীৰে নিজৰ আশ্ৰমত বিৰাজ কৰিছিল । দুখৰ বিষয়, সেই সময়ত মই বাবাৰ বিষয়ে অবগত নাছিলো । মোৰেই দুৰ্কপাল । সেয়েহে বাবাৰ দৰ্শণ লাভৰ সৌভাগ্যৰ পৰা মই বঞ্চিত হলো ।

নিজৰ পূজ্য গুৰুৰ দেহত্যাগৰ চমকপ্ৰদ কাহিনী চক্ৰবৰ্তী মহাশয়ে নিজৰ গ্ৰন্থত ভক্তি সহকাৰে বৰ্ণনা  কৰিছে । মই আজি তাকেই কব খুজিছো ।

গৰম হওক, ঠান্ডা হওক — ফলাহাৰী বাবাই সদায় গংগাৰ শীতল জলত স্নান কৰিছিল — গংগোত্রীৰ তাপমাত্রা শূন্য ডিগ্ৰীৰ তললৈ নামি যোৱা সময়তো । স্নান কৰি উঠি বাবাই দুই বাল্টি গংগা জল নিজ হাতে কঢ়িয়াই আনিছিল — ওপৰৰ পাহাৰৰ গুহাত থকা তেখেতৰ মন্দিৰলৈ । সেই গংগা জলেৰে মন্দিৰ ধোৱা পখলা কৰি উঠি বাবাই ৰাতিপুৱাৰ পূজা অৰ্চনাত বহিছিল । এই খিনিতেই কব পাৰি যে গংগাৰ পৰা দুই বাল্টি পানী ওপৰৰ সেই গুহালৈ কঢ়িয়াই নিয়াটো এটা অত্যন্ত কষ্ট সাধ্য কাম । কবলৈ গলে — একেবাৰে পালোৱানী কাৰবাৰ ।বাবাই কিন্তু নিজৰ জীৰ্ণ শীৰ্ণ শৰীৰেৰেও সেই কাম অনায়াসে কৰিছিল।

২০০৪ চনৰ মে মাহৰ কোনোবা এটা দিনৰ কথা । আন দিনৰ দৰে সেইদিনাও গংগাত স্নান কৰি গংগা জলেৰে মন্দিৰ ধোৱা পখলা কৰি বাবা ৰাতিপুৱাৰ পূজা অৰ্চনাত বহিল । পূজা শেষ হোৱাৰ পাচত বাবাই সেইদিনা নিজৰ নিকট শিষ্য কৃষ্ণদাসক জৰুৰী ভাবে মাতি পঠিয়ালে ।

উধাতু খাই গুহাত হাজিৰ হল ভক্ত কৃষ্ণদাস । কৃষ্ণদাসক স্তম্ভিত কৰি অতি ধীৰে স্থিৰ কন্ঠেৰে বাবাই কলে –“মোৰ এই দেহটো এৰি দিয়াৰ সময় আহি পৰিছে । মই এতিয়া ধ্যানত বহিম । তই এটা কাম কৰিবি । কোনো হুলস্হূল্  নকৰিবি । আৰু মোৰ দেহত প্ৰাণ থাকে মানে মোক স্পৰ্শ নকৰিবি ।”

এই বুলি কৈ বাবা ধ্যানত বহিল । আধা ঘন্টা পাচত বাবাৰ প্ৰাণহীন নিথৰ দেহ গুহাৰ  বেৰত হাউলি পৰিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: জীৱন অতি অনুপম
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
August 14, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

অসমৰ কয়লা স্তৰত লুকাই আছিল ২৪ নিযুত বছৰীয়া প্ৰাচীন উদ্ভিদৰ প্ৰমাণ

July 23, 2026
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

June 14, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d