• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

জীৱন তোমাক অভিবাদন

ভৱেশ শৰ্মা

by Anjan Sarma
April 12, 2023
in News
Reading Time: 2 mins read
0
জীৱন তোমাক অভিবাদন
Share on FacebookShare on TwitterShare on LinkedIn

জীৱন তোমাক অভিবাদন

ভৱেশ শৰ্মা

অসম আৰু ভূটানৰ সীমান্তবৰ্তী এখন ভিতৰুৱা গাওঁত ঘৰ মানুহ জনৰ ।

খুবেই সাধাৰণ এজন মানুহ । পেশাত শিক্ষক । গাওঁ খনত থকা একমাত্র স্কুল খনতেই শিক্ষকতা কৰে।  তাৰ উপৰি ঘৰত অলপ অচৰপ খেতি বাতিও আছে । মানুহ জন কিন্তু খুবেই পৰিশ্ৰমী। স্কুলৰ চাকৰিৰ বাহিৰৰ সময় খিনিত তেখেতে খেতি পথাৰত কৃষি কামতেই সম্পূৰ্ণ ভাবে আত্মনিয়োগ কৰে ।

স্কুলৰ চাকৰি আৰু ঘৰৰ খেতি বাতিৰ জৰিয়তে টুকটাককৈ চলি গৈছিল মানুহ জনৰ সংসাৰ। মোটামুটিকৈ সুখী সংসাৰ বুলিবই পাৰি । সৰু এখন সংসাৰ । স্বামী স্ত্রী আৰু একমাত্ৰ পুত্র সন্তান । তিনিটা প্ৰাণী চলিবৰ কাৰণে বেছিনো কি লাগিছে !

একমাত্র সন্তানক লৈ মানুহ জন প্ৰবল আশাবাদী । সৰুৰে পৰাই সকলো ক্ষেত্রতে সন্তানটোৱে দিছিল অতি মেধা শক্তিৰ পৰিচয় । স্কুলৰ পৰীক্ষাত সি সদায়েই প্ৰথম হৈছিল । এই মেধাবী ছাত্র জনক লৈ স্কুলৰ শিক্ষক সকলৰ উপৰিও গাওঁৰ গোটেই ৰাইজ খনেই গৌৰব কৰিছিল । ডাঙৰ হৈ ভবিষ্যতে  সি নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোৰে যে নাম উজলাব সেই বিষয়ত কাৰো বিন্দুমাত্র সন্দেহ নাছিল ।

তেনেতে এদিন অকস্মাৎ মানুহ জনৰ সংসাৰলৈ নামি আহিছিল বিপদৰ কলীয়া ডাৱৰ। স্কুলৰ পৰা ঘূৰি আহাৰ পাচত লৰাটোৱে অলপ খোৰাই খোৰাই খোজ কাঢ়া দেখি মাকে প্ৰথমতে বিশেষ চিন্তা কৰা নাছিল । ভাবিছিল হয়তো স্কুলত লগৰীয়াৰ সতে দৌৰি ঢাপৰি খেলা মেলা কৰোতে কৰবাত কিবা দুখ পাইছে । লৰা মানুহৰ কথা । পাচত এনেয়ে ঠিক হৈ যাব ।

কিন্তু ঠিক নহল । লৰা জনৰ ভৰিৰ বিষটো ক্ৰমান্বয়ে বাঢ়ি আহা দেখি ৰাতিয়েই মানুহ জনে লৈ গল ১৫ কিলোমিটাৰ দূৰৈত থকা চৰকাৰী চিকিৎসালয় খনৰ একমাত্ৰ ডাক্তৰ জনৰ ওচৰলৈ।

village

এম.বি.বি.এচ. পাচ কৰি উঠি ভিতৰুৱা গাওঁত প্ৰথম চাকৰিত যোগদান কৰা ডেকা ডাক্তৰ জনে বেমাৰৰ লক্ষণ দেখি কৰা অনুমান একেবাৰে নিৰ্ভুল আছিল । বিনাবাক্যব্যয়ে ডাক্তৰে ৰোগীক গুৱাহাটীৰ জি.এন.আৰ.চি. হস্পিটেললৈ তৎকালেই লৈ যাবলৈ পৰামৰ্শ দিছিল ।

জি.এন.আৰ.চি. আহি পায় মানে লৰা জনৰ শৰীৰৰ নিম্নাংশৰ ভালেখিনি অকামিলা হৈ পৰিছিল ।অভিজ্ঞ  চিকিৎসক ডা: নোমল বৰা চাৰে বেমাৰৰ লক্ষণ শুনিয়েই ৰোগ ধৰা পেলাইছিল । তেখেতে নিজে লৰা জনৰ চিকিৎসাৰ তত্বাবধান কৰিছিল ।

ঘটনা চক্ৰত সেই সময়ত মই আহি গুৱাহাটীত উপস্থিত হৈছিলো । মই তেতিয়া ভাৰতীয় তেল নিগমত ডিগবৈত কাম কৰি আছো।এই অসহায় পিতৃ জনৰ নিঠৰুৱা অবস্থাটো দেখি মোৰ অন্তৰ দহি গৈছিল। আশংকা আৰু দুশ্চিন্তাৰ লগতে আৰ্থিক সংকটেও তেখেতক খুলি খুলি খাইছিল । মোৰ ফালৰ পৰা দহ হাজাৰ টকা দি তেখেতক সহায় কৰাটো বৰ এটা ডাঙৰ কথা নাছিল ।

বেমাৰ আজাৰৰ একো ভূ ভা নোপোৱা পিতৃ জনে ডাক্তৰ আৰু ভগবানকে ধিয়াই হস্পিটেলৰ কৰিডৰৰ এটা চুকত প্ৰস্তৰ মূৰ্তিৰ দৰে বহি ৰৈছিল ।

সেই সময়ত তাত কাম কৰি থকা মোৰ বন্ধু ডা: অনিল পান্নালাল আৰু নোমল বৰা চাৰৰ লগত মই নিজে কথা পাতিছিলো । গম পাইছিলো — এইটো এটা বিশেষ ধৰণৰ পেৰালাইছিচ । শৰীৰৰ কোনো এটা অংশত আৰম্ভ হোৱাৰ পাচত দ্ৰুত গতিত শৰীৰৰ আন অংশলৈ বিয়পে। আন কথাত কবলৈ গলে শৰীৰটো এফালৰ পৰা মৰি মৰি আহে । ওপৰৰ জনাৰ বাহিৰে আন কোনেও ইয়াক প্ৰতিহত কৰিব নোৱাৰে ।

GNRC

উপায়হীন হৈ আমি সকলোৱে ওপৰৰ জনাক প্ৰাৰ্থনা কৰিছিলো লৰাটোক কেনেবাকৈ বচাই দিয়ক বুলি ।

আমাৰ প্ৰাৰ্থনা অৰণ্য ৰোদনত পৰিণত হৈছিল ।

নিজৰ খেতি পথাৰ খনৰ এটা কোণত মানুহ জনে নিজ হাতে নিজৰ একমাত্ৰ পুত্রৰ নিথৰ দেহটো চিৰ দিনৰ বাবে শুৱাই দিছিল ।

সেয়া আজি বহুত বছৰ আগৰ কথা । ইতিমধ্যে মানুহজনে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে । শৰীৰো যথেষ্ট দুৰ্বল হল । দুৰ্বল দেহাৰেই সিদিনা হঠাতে মোৰ ঘৰ আহি ওলাল । নানা কথা পাতিলো যদিও সেই পুৰণি নিদাৰুণ প্ৰসংগৰ পৰা মই ইচ্ছা কৰিয়েই আতৰত থাকিলো ।

বিদায় লবৰ পৰত মানুহ জন যেন সহজ হব পৰা নাছিল । কিবা কথা কও কও বুলিও যেন মোক কব পৰা নাছিল — তেনেকুৱাহে ভাব হৈছিল মোৰ ।

মোৰ অনুমান ঠিকেই আছিল । বিদায় লোৱাৰ পাচত আমাৰ গেট খনৰ পৰা মানুহ জন মোৰ ওচৰলৈ ঘূৰি আহিছিল । নিজৰ হাত দুখন মোৰ কান্ধৰ ওপৰত থৈ বৰ কৰুণ স্বৰত কৈছিল –“বৰ মইনাক বচাবলৈ তইও কম চেষ্টা কৰা নাছিলি । কি কৰিবি ! মোৰেই দুৰ্কপাল ।”

শোকে মানুহ জনৰ অন্তৰত খুন্দা মাৰি ধৰিছিল। তেখেতে আৰু একো কব পৰা নাছিল । মোৰ হাতত কিবা কাগজ এখন গুজি দি তেখেতে তলমূৰ কৰি লৰালৰিকৈ আতৰি গৈছিল ।

দুৰ্বল দেহৰ এই মানুহ জনৰ অবস্থাটো দেখি মোৰ অন্তৰ খনেও হাহাকাৰ কৰি উঠিছিল । তেখেতে দি যোৱা কাগজ খন মই খুলি চাইছিলো । চাই মই থৰ লাগিছিলো ।

কাগজ খনৰ ভিতৰত আছিল পাচ খন দুহাজাৰ টকীয়া নোট । অৰ্থাৎ দহ হাজাৰ টকা ।

Rupees

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: জীৱন তোমাক অভিবাদন
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d