ভিন্ন দৃষ্টিভংগীৰে নাৰীবাদ
মনস্বিনী শৰ্মা

বিংশ শতিকাত সৃষ্টি হোৱা ‘নাৰীবাদ’ শীৰ্ষক দৰ্শনে পুৰুষৰ সমকক্ষভাৱে নাৰীৰ স্বাধীনতা,সমতা,অধিকাৰক বুজায়। ইংৰাজী ‘Feminism’ শব্দটো লেটিন ভাষাৰ ‘Femina’ ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ‘নাৰী’।
ইৰিচ কৰ্মী ফ্ৰেনচেচ পাৱাৰ ক’বলে ১৮৮৪ চনত ‘নাৰীবাদ’ শব্দৰ পোন প্ৰথমে ব্যৱহাৰ কৰিছিল। ১৮৩৭ খ্ৰীষ্টাব্দত ফৰাচী দাৰ্শনিক তথা ইউটোপীয় সমাজবাদী চাৰ্লস ফুৰিয়ে প্ৰথম ‘নাৰীবাদ’ শব্দটিৰ আনুষ্ঠানিক ব্যৱহাৰ কৰিছিলে বুলি ধাৰণা কৰা হয়।
অসমীয়া ভাষাত ‘নাৰীবাদ’ শব্দটো পোন প্ৰথমে সমালোচক গোবিন্দ প্ৰসাদ শৰ্মাই ব্যৱহাৰ কৰিছিল।
নাৰীবাদৰ সূচনা হোৱাৰে পৰা বৰ্তমান পৰ্যন্ত সময়ে সময়ে বিভিন্ন প্ৰকাৰৰ নাৰীবাদৰ উদ্ভৱ হৈছে। ভিন্ন দৃষ্টিভংগীৰে নাৰীবাদৰ ধাৰণাটিক অধ্যয়ন কৰা হৈছে। ইয়াৰে প্ৰথম আৰু প্ৰাচীন ৰূপটো হৈছে উদাৰবাদী নাৰীবাদ (Liberal Feminism)।

অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা উদাৰতাবাদ আৰু নাৰীবাদ এই দুয়োটা আদৰ্শ সংমিশ্ৰিত হৈ পোন প্ৰথমে ইউৰোপত এই উদাৰতাবাদী নাৰীবাদ দৰ্শনৰ সৃষ্টি হৈছিল। কিন্তু উদাৰতাবাদৰ সকলো ভাৱধাৰা নাৰীবাদৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল। সেই সময়ত ধ্ৰুপদী উদাৰতাবাদীসকলে যুক্তি দৰ্শাইছিল যে যিহেতু নাৰীসকলৰ নিজা বিচাৰ-বিবেচনা কৰাৰ শক্তি নাথাকে সেয়ে তেওঁলোকে ৰাজহুৱা খণ্ডৰ কাম-কাজত অংশগ্ৰহণ কৰিবলৈ সক্ষম আৰু উপযুক্ত নহয়।
এই সংকীৰ্ণ চিন্তাৰ প্ৰতি প্ৰত্যাহ্বান জনাই উদাৰতাবাদী নাৰীবাদৰ আৰম্ভণি হৈছিল। উদাৰতাবাদী নাৰীবাদে পুৰুষ-নাৰীৰ সম অধিকাৰ,স্বাধীনতা আৰু সুযোগ-সুবিধাৰ পোষকতা কৰাৰ লগতে নাৰী-পুৰুষৰ মাজৰ কোনোধৰণৰ প্ৰভেদক অস্বীকাৰ কৰে। উদাৰবাদী নাৰীবাদৰ মূল ধাৰণা ব্যক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত। উদাৰবাদী নাৰীবাদী দৃষ্টিভংগী অনুসৰি সম অধিকাৰ অবিহনে নাৰীয়ে সুখো লাভ কৰিব নোৱাৰে।
নাৰীসকলৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চয়তাইহে তেওঁলোকৰ সুখ লাভৰ নিশ্চয়তা প্ৰদান কৰে। উদাৰতাবাদী নাৰীবাদৰ মূল প্ৰবক্তাসকল হ’ল: জন ল’ক,কঁডচে,ৰুছো,মাৰ্গাৰেট ফুলাৰ,জন ষ্টুৱাৰ্ট মিল, হেৰিয়েট টেইলৰ,হিলাৰী ক্লিণ্টন,ৰেবেকা ৱাকাৰ,এলিজাবেথ ইত্যাদি। উদাৰতাবাদী নাৰীবাদী চিন্তাবিদসকলে নাৰীৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ দাবীৰ লগতে নাৰীৰ মৰ্য্যদাৰ উৎকৰ্ষ সাধনৰ বাবে কেতবোৰ স্বতন্ত্ৰ নাৰীবাদী সংগঠনৰ জন্ম দিয়ে।
সেইসমূহ হ’ল: The National Organization for Women (NOW), The national Women’s Political Cauces (NWPC),The Women’s Equality Action League (WEAL), Feminist Majority Foundation (FMF) আদি। উদাৰতাবাদী নাৰীবাদৰ মৌলিক নীতিসমূহ আছিল: সংস্কাৰবাদী,পুৰুষ-নাৰীৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ,নাৰীৰ ৰাজহুৱা ভূমিকাক স্বীকাৰ,শিক্ষা আৰু নিয়োগৰ সুবিধা,ব্যক্তিগত খণ্ডত পুৰুষ-নাৰীৰ ভূমিকা, ব্যক্তিগত স্বতন্ত্ৰতাৰ পোষকতা,শ্ৰমৰ লিংগ বিভাজনৰ বিৰোধী।
পুঁজিবাদী ব্যৱস্থাৰ ঘোৰ বিৰোধিতা কৰি আত্মপ্ৰকাশ কৰা আন এটা দৃষ্টিভংগী হৈছে মার্ক্সবাদী নাৰীবাদ (Marxist Feminism)। এই নাৰীবাদ অনুসৰি এক সামাজিক বিপ্লৱৰ জৰিয়তেহে সকলোদিশৰ পৰা সমতাপূৰ্ণ এখন সমাজ প্ৰতিষ্ঠা কৰাটো সম্ভৱ। অৰ্থনৈতিক ক্ষেত্ৰত নাৰীসকলে সন্মুখীন হৈ অহা বৈষম্যসমূহে আন আন ক্ষেত্ৰসমূহতো বৈষম্যৰ সূচনা কৰিছে। এই নাৰীবাদৰ মতে সমাজত নাৰীৰ স্থান দুটা খণ্ডৰ লগত জড়িত হৈ থাকে- ঘৰুৱা খণ্ড আৰু ৰাজহুৱা খণ্ড।

মার্ক্সবাদী নাৰীবাদৰ প্ৰবক্তাসকল হ’ল: কাৰ্ল মার্ক্স,এঞ্জেলছ,অ’গাষ্ট বেবেল,আলেকজেণ্ডাৰ কল’ণ্টাই ইত্যাদি। এই দৃষ্টিভংগী মতে, পুঁজিপতি শ্ৰমিকৰ মাজৰ সম্পৰ্কৰ দৰে পুৰুষ -নাৰীৰ মাজতো এক অসমতাই বিৰাজ কৰে। পুৰুষ-নাৰীৰ সম্পৰ্ক শোষণ আৰু অৱদমনৰ ভিত্তিত প্ৰতিষ্ঠিত। নাৰীৰ ওপৰত পুৰুষে চলোৱা শোষণ হৈছে সামাজিক অগ্ৰগতিৰ সময়ত হোৱা এক সামাজিক পৰিঘটনা।
পুঁজিবাদী ব্যৱস্থাত নাৰীসকলৰ নিজস্ব চিন্তাধাৰা,ভাৱ,আৱেগ-অনুভূতিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয়। নাৰীসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে গণ্য কৰা হয়। পুৰুষ-মহিলাৰ মাজৰ পাৰিশ্ৰমিকৰ ব্যৱধানে শ্ৰেণী বৈষম্যৰ সূচনা কৰিছে। এই দৃষ্টিভংগীৰ নীতিসমূহ হ’ল: নাৰী-পুৰুষৰ মাজত অৰ্থনৈতিক সমতা স্থাপন,ব্যক্তিগত সম্পত্তিৰ উচ্ছেদকৰণ,শ্ৰেণী বৈষম্যহীন সমাজ স্থাপন,নাৰীৰ কৰ্মৰ অধিকাৰ,সন্তান জন্মৰ ক্ষেত্ৰত নাৰীক স্বাধীনতা প্ৰদান।
ষাঠী-সত্তৰ দশকত গঢ় লৈ উঠা আন এক দৃষ্টিভংগী হৈছে চৰম বা উগ্ৰ নাৰীবাদ (Radical Feminism)। চৰম বা উগ্ৰ নাৰীবাদী দৃষ্টিভংগী অনুসৰি নাৰীয়ে পুৰুষৰ লগত বিবাহপাশত আৱদ্ধ হোৱা মানেই নাৰীৰ সকলো স্বাধীনতা বিসৰ্জন দিয়া। এই দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকল হ’ল: ভাৰ্ছিনিয়া উলফ,কেট মিলেট, কিনছন,জাৰ্মেইন গ্ৰীয়েৰ ইত্যাদি।
ইয়াৰ মৌলিক নীতিসমূহ হ’ল: সকলো মানৱ সমাজত পুৰুষতন্ত্ৰৰ অৱস্থিতি থকাৰ বিশ্বাস,লিংগ অসমতাক সমাজত আনুষ্ঠানিকীকৰণ কৰা,বিবাহ ভিত্তিক পাৰিবাৰিক সম্পৰ্কত নাৰীৰ আচৰণ পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত,নাৰীৰ মুক্তি শিল্প আৰু প্ৰযুক্তিগতভাৱেহে সম্ভৱ,পৰম্পৰাগত স্বামী-স্ত্ৰী ভিত্তিক পৰিয়াল প্ৰথাৰ বিৰোধিতা কৰা।
নাৰীবাদী দৃষ্টিভংগীৰ এক নতুন ভাৱধাৰা হৈছে তৃতীয় বিশ্বৰ নাৰীবাদ (Third World Feminism)। তৃতীয় বিশ্বৰ মহিলাসকলে পূৰ্বৰ পৰাই পিতৃতান্ত্ৰিক পৰিয়ালৰ নিয়ন্ত্ৰণাধীন হোৱা বাবেই কোনো অধিকাৰ লাভ কৰিব পৰা নাছিল। সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে অংশগ্ৰহণৰ সুবিধা লাভ কৰা নাই। পশ্চিমীয়া নাৰীবাদৰ প্ৰতিক্ৰিয়া হিচাপে ১৯৮০ চনত তৃতীয় বিশ্বৰ নাৰীবাদে গা কৰি উঠিছিল।
এই দৃষ্টিভংগীৰ প্ৰবক্তাসকল হ’ল: বন্দনা চিভা,সৰোজিনী চাহু,এঞ্জেলা গিলিয়ন,উমা নাৰায়ণ ইত্যাদি। এই দৃষ্টিভংগীৰ নীতিসমূহ হ’ল: মহিলাৰ ৰাজনৈতিক দিশতকৈ সামাজিক দিশৰ সমস্যাসমূহত অধিক গুৰুত্ব দিয়া, কেৱল ঔপনিৱেশিক শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ নাৰীৰ সমস্যাৰাজিৰ লগত জড়িত হোৱা।
বিংশ শতিকাত মার্ক্সবাদী নাৰীবাদৰ পৰা সৃষ্টি হোৱা আন এক দৃষ্টিভংগী হৈছে সমাজবাদী নাৰীবাদ(Socialist Feminism)। এই নাৰীবাদে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰৰ উভয়ৰে বিলুপ্তিকৰণৰ দাবী জনায়। ইয়াৰ চিন্তাবিদসকল আছিল: ফ্ৰেডৰিক এঞ্জেলচ, হেইডি হাৰ্টমেন,জুলিয়েট মিছেল আদি।
বহুলভাৱে চৰ্চিত আন এক নাৰীবাদী দৃষ্টিভংগী হৈছে ইছলামিক নাৰীবাদ (Islamic Feminism)। এই নাৰীবাদে ইছলামিক সমাজ ব্যৱস্থাত মুছলমান নাৰীৰ অধিকাৰ আৰু পুৰুষ-নাৰীৰ সম অধিকাৰ আৰু সমতাৰ প্ৰতিষ্ঠাৰ হকে চলোৱা বৌদ্ধিক, সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামৰ কথাকে সূচায়। এই দৃষ্টিভংগী অনুসৰি ইছলামিক পুৰুষতান্ত্ৰিক কৰ্তৃত্বই ‘কোৰাণ’ক অৱলম্বন কৰি নাৰীৰ ওপৰত আধিপত্য চলাই আহিছে।
গতিকে ‘কোৰাণ’ত নাৰীক যি অধিকাৰ আৰু সমতা দিয়া হৈছে সেয়া মুছলমান নাৰীকো প্ৰদান কৰিব লাগে। এই দৃষ্টিভংগীৰ প্ৰবক্তাসকল হ’ল: ফেটিমা মেৰীনেছী,আমিলা ৱাদুদ,লেইলা আহমেদ আদি।
আন এক নাৰীবাদী দৃষ্টিভংগী হৈছে কৃষ্ণাংগ নাৰীবাদ (Black Feminism)। এই নাৰীবাদে ক’লা বৰ্ণৰ নাৰীসকলৰ ওপৰত চলোৱা শোষণ আৰু অৱদমনৰ বিৰোধিতা কৰে। অন্যান্য নাৰীৰ তুলনাত কৃষ্ণাংগ নাৰীৰ অৱস্থা কিছু পৰিমাণে সুকীয়া। গতিকে নাৰীবাদীসকলে এই বিষয়টোক পৃথকে গ্ৰহণ কৰিব লাগে। এই নাৰীবাদৰ চিন্তাবিদসকল হ’ল: এঞ্জেলা ডেভিছ,বেল হুকছ, পেট্ৰিচিয়া হিল কলিনচ আদি।
ভিন্ন নাৰীবাদী দৃষ্টিভংগীৰে ভিন্ন প্ৰেক্ষাপটত নাৰীৰ স্থিতি, অধিকাৰ,সমতা, স্বাধীনতা আদি বিষয়ক তুলি ধৰিছে। সূচনা হোৱা প্ৰতিটো নাৰীবাদী দৃষ্টিভংগীৰ পৃথক তথা প্ৰয়োজনীয় অৰ্থ আছে।
কিন্তু,সাম্প্ৰতিক সময়ত নাৰীবাদ শব্দটোৱে পুৰুষৰ সৈতে নাৰীৰ সমতা বজাই ৰখাৰ পৰিৱৰ্তে পুৰুষক পাছলৈ ঠেলি নাৰী আগবাঢ়ি যাবলগীয়া অৰ্থ প্ৰকট কৰিবলৈ লৈছে যিয়ে নাৰীবাদৰ প্ৰকৃত দৃষ্টিভংগীক দুৰ্বল কৰিছে। নাৰীবাদ মানে পুৰুষৰ সৈতে সকলো ক্ষেত্ৰত সমানে আগবঢ়া,পুৰুষক পাছত ৰাখি নহয়।
(মনস্বিনী শৰ্মা শিৱসাগৰৰ এগৰাকী যুৱ লেখিকা)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.