-জুমন বৰা |
আমেৰিকাৰ আত্মাক আলোড়িত কৰা এক দেশৰ নাম ভিয়েটনাম । ভিয়েটনাম এক কৰুণ অথচ গৌৰৱোজ্জল বিপ্লৱৰ গাঁথা ৷ এই ভিয়েটনামৰ চৰকাৰী নাম ভিয়েটনাম সমাজতান্ত্রিক প্রজাতন্ত্র । ইন্দো চীন উপদ্বীপৰ পূর্ব উপকূলত অবস্থিত এখন ৰাষ্ট্র হ’ল ভিয়েটনাম । ভিয়েটনামৰ উত্তৰে ৰঙা ড্ৰেগনৰ দেশ চীন, পশ্চিমে লাউছ আৰু কম্বোদিয়া, দক্ষিণ আৰু পূর্বে দক্ষিণ চীন সাগৰ অৱস্থিত । হানয় ভিয়েটনামৰ ৰাজধানী ।
ভিয়েটনামৰ ভৌগোলিক গঠন সৰু আৰু দীঘলীয়া । ইয়াৰ ভূমিৰূপ বিচিত্ৰ । উত্তৰ প্ৰান্ত আৰু মধ্য ভিয়েটনাম পাহাৰ-পৰ্বতময় । উত্তৰৰ উচ্চভূমিভাগ ক্ৰমান্নয়ে হেলনীয়াহৈ পূৱদিশৰ বহল, নদীবহুল উপকূলীয় সমভূমিৰ লগত মিলি গৈছে । সমভূমিভাগত বিস্তৰ কৃষিকাৰ্য কৰা হয় আৰু বহু শতাব্দী ধৰি ভিয়েটনামীসকলে ইয়াত অনেক বান্ধ তৈয়াৰ কৰি আৰু খাল খান্দি কৃষি আৰু বান নিয়ন্ত্ৰণৰ ব্যবস্থা গঢ়ি তুলিছে । মধ্য ভিয়েটনাম দেশৰ সবাতোকৈ সৰু অংশ; ইয়াৰ পৰ্বতসমূহ সমুদ্ৰতীৰৰ নিচেই কাষত অৱস্থিত, আনকি কোনো কোনো ঠাইত এইবোৰ সাগৰৰ একেবাৰে কাষতেই আছে । দক্ষিণ ভিয়েটনাম মূলতঃ মেকং নদীৰ অৱবাহিকাৰ দ্বাৰা গঠিত বিস্তৃত, উৰ্বৰ সমভূমি । ইয়াত প্ৰচুৰ কৃষিকাৰ্য হয়, আৰু মূলতঃ ধানউৎপাদন কৰা হয় ।
ভিয়েটনাম এখন কৃষিভিত্তিক সমাজ হিচাপে গঢ়ি উঠিছে । এতিয়াও ইয়াৰ অধিকাংশ লোক গাঁওত বাস কৰে । ২০০৩ চনৰ হিচাপ অনুযায়ী মাত্ৰ ২৬% লোকহে চহৰত বাস কৰে । বৰ্তমান চহৰমুখী জনসংখ্যাৰ পৰিমাণ ক্ৰমে বাঢ়িছে, ফলত হো চি মিন চিটি, হানয় আৰু অন্যান্য এলেকাৰ জনসংখ্যা বৃদ্ধি পাইছে ।
ভিয়েটনামত প্ৰায় ৫০টা মান ভিন্ন জাতিগত আৰু ভাষাগত গোষ্ঠীৰ লোক বাস কৰে । তাৰ ভিতৰত ভিয়েট বা ভিয়েটনামীয় জাতিৰ লোকেই সৰ্বতোভাবে সংখ্যাগৰিষ্ঠ । ভিয়েটনামীয় জাতিৰ লোক আদিতে লোহিত নদীৰ উপত্যকাত বাস কৰিছিল । নদীখন দক্ষিণ চীনত উৎপত্তি লাভ কৰি উত্তৰ ভিয়েটনামৰ মধ্য দিশলৈ প্ৰবাহিত হৈ টোনকিন উপসাগৰত পৰিছে । খ্ৰীষ্টপূৰ্ব ২য় শতিকাত চীনে অঞ্চলটো দখল কৰে । চীনৰ আধিপত্যেৰ বিৰুদ্ধে ভিয়েটনামবাসীৰ প্রতিৰোধ বিক্ষিপ্তভাবে চলি থাকে । অৱশেষত ঙো কুইনৰ নেতৃত্বত ৯৩৯ খ্রীষ্ট্ৰাব্দত ভিয়েটনামবাসীয়ে চীনৰ আধিপত্য শেষ কৰি দিবলৈ সক্ষম হয় । নতুন ৰাজবংশৰ আৰম্ভ হয় । কিন্তু কিছুদিনৰ পাছতে সেয়া ভংগ হ’বলৈ ধৰে । ইয়াৰ কিছুদিন পাছতে গৃহযুদ্ধৰ সময়ত ১০১০ চনত লি ৰাজবংশ প্রতিষ্ঠিত হয় । ৰাজ্যৰ নাম হয় ধাই ভিয়েট । ১২২৫ চনৰ পৰা আৰম্ভ হয় ট্রান ৰাজবংশৰ শাসন । এই সম্পূৰ্ণ সময় চোৱাত তেওঁলোকে চীন ৰজা সকলৰ লগত যুঁজিব লগা হৈছে । ত্রয়োদশ শতকত মঙ্গোলৰাই চীন দখল কৰি ইউয়ান ৰাজবংশৰ সূচনা কৰে, তেতিয়া ভিয়েটনামটো আক্রমণ চলায়, তথাপিও সফল নহ’ল । ইয়াৰ মাজতে দক্ষিণে অৱস্থিত চাম্পা ৰাজ্য দখলে ভিয়েটনাম ৰাজ্যৰ ভয়াবহতা বৃদ্ধি কৰে । ১৪০৭ চনত চীনা মিং ৰাজবংশই ভিয়েটনাম দখল কৰে । তথাপিও দুই দশকৰ ভিতৰত ভিয়েটনামবাসীয়ে স্বাধীনতা পুনৰুদ্ধাৰ কৰে । আৰম্ভ হ’ল ৰাজবংশৰ শাসন । এওঁলোকে প্রায় তিন শতাব্দী কাল শাসন কৰে । তাৰ পাছত সপ্তদশ শতাব্দীত ৰাজ্যখন প্রশাসনিকভাৱে কার্যত দুটা ভাগত ভাগ হৈ যায় । যি ইউৰোপীয় শক্তিৰ আধিপত্যবিস্তাৰত সহজ কৰি দিয়ে । ১৮৬০ চনত ইন্দোচায়নাই দখল কৰাৰ পাছত ভিয়েটনাম দখল কৰাৰ চেষ্টা চলাই থাকে ফ্রান্সে ৷ ইয়াৰ বাবে ফ্রান্সে ৩০ বছৰ অপেক্ষা কৰিব লগা হয় ৷ ফ্রান্সৰ শাসন কালত ১৯০০ চনৰ ওচৰে-পাজৰে ভিয়েটনাম তিন ভাগত বিভক্ত হৈ পৰে উত্তৰে টঙ্কিন, মধ্যাঞ্চল আন্নাম আৰু দক্ষিণে কোচিন চীন নামেৰে ৷ ইয়াৰ পাছত লাহে লাহে ভিয়েটনাম পুনৰ সংগঠিত হ’বলৈ আৰম্ভ কৰিলে ৷ ১৯২৯ চনত ভিয়েটনামত বহু মার্ক্সবাদী-লেনিনবাদী পার্টিৰ উদ্ভব হয় ৷ পিছৰ বছৰত হো চি মিঙৰ নেতৃত্বত সকলো ইন্দোচায়না কমিউনিষ্ট পার্টি নামেৰে একত্রিত হয় ৷ পৰৱর্তীকালত দলটো তিন ভাগত বিভক্ত হৈ বিশেষভাবে লাউছ, কম্বোডিয়া আৰু ভিয়েটনামত কাম চলায় যায় ৷ ১৯৭৬ চন পর্যন্ত দলটো ভিয়েটনাম শ্রমিক পার্টি নামেৰে পৰিচিত হলেও পৰৱর্তীকালত কমিউনিষ্ট পার্টি অফ ভিয়েটনাম (চিপিভি) নাম ধাৰণ কৰে ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভিয়েটনামৰ কমিউনিষ্ট সকলে জাপানক প্রতিৰোধ কৰিবলৈ মিত্রশক্তিক সহযোগিতা কৰে ৷ ১৯৪১ চনত হো চি মিঙে ভিয়েট মিং বা স্বাধীনতা লীগ প্রতিষ্ঠা কৰে ৷ (লক্ষ্য কৰিব ভিয়েটনাম আৰু ভিয়ট মিঙৰ অর্থ সুকীয়া ৷) বিশ্বযুদ্ধত জাপানৰ পৰাজয়ৰ পাছত দেশত ভিয়েট মিঙে ব্যাপক জনপ্রিয়তা অর্জন কৰে ৷ তেওঁলোকৰ এটা শক্তিশালী সেনাবাহিনী আছিল ৷ ১৯৪৫ চনৰ আগষ্টত ভিয়েটনামত গণঅভ্যুত্থান সংঘটিত হয় ৷ দুই সপ্তাহৰ পাছত হ্যানয় দখলকাৰী বিদ্রোহী সকলে ভিয়েটনামৰ স্বাধীনতাৰ ঘোষণাপত্র প্রচাৰ কৰে ৷ ইয়াৰ পাছত তেওঁলোকে ভিয়েটনামক প্রজাতন্ত্র ঘোষণা কৰে ৷ ৰাজা বাও দাই পদত্যাগ কৰিবলৈ বাধ্য হয় ৷ তেওঁক নতুন শাসন ব্যবস্থাৰ উপদেষ্টাৰ পদ গ্রহণ কৰিবলৈ প্রস্তাৱ দিয়া হয় ৷ ১৯৪৬ চনৰ মার্চত ভিয়েটনাম চৰকাৰক ফ্রান্সে স্বীকৃতি দিয়ে আৰু ফৰাচী ইউনিয়নৰ অধীনত ভিয়েটনামক স্বতন্ত্ৰ দেশ হিচাপে স্বীকাৰ কৰে ৷ আৰু জুন মাহত ফ্রান্সৰ পূৰ্বৰ ৰজা বাও দাইক ৰাষ্ট্রৰ প্রধান ঘোষণা কৰে ৷ ভিয়েট মিঙে তেতিয়া গেৰিলা যুদ্ধৰ আৰম্ভ কৰে ৷ ১৯৪৬ চনৰ পৰা ১৯৫৪ চনলৈকে দীর্ঘ ৯ বছৰ যুদ্ধ কৰাৰ পাছত ১৯৫৪ চনত দিন বিয়ে ফু সামৰিক ঘাঁটিত ফৰাচী বাহিনীক পৰাজিত কৰি ভিয়েট মিং চূড়ান্তভাবে বিজয়ী হয় ৷ এই যুদ্ধক কোৱা হয় প্রথম ইন্দোচীন যুদ্ধ । এই যুঁজৰ পৰিসমাপ্তিৰ অন্তত ভিয়েটনাম ফৰাচী সকলৰ কবলৰ পৰা মুক্ত হয় । কিন্তু ইয়াৰ পাছত ভিয়েটনামক উত্তৰ আৰু দক্ষিণ নামে দুটা ভাগত বিভক্ত হয় । এই বিভাজনত সমাজতান্ত্ৰিক ভাবধাৰাৰে পুষ্ট দলটোৱে উত্তৰ ভিয়েটনামলৈ নিমন্ত্ৰণ পায় । অন্য দিশে দক্ষিণ ভিয়েটনামলৈ সমাজতন্ত্ৰ বিৰোধী দলটোৱে নিমন্ত্ৰণ পায় । উত্তৰ ভিয়েটনাম শাসকীয় দলটোৱে উভয় ভিয়েটনামক একত্ৰিত কৰি এখন অখণ্ড ভিয়েটনাম গঠনৰ চেষ্টা আৰম্ভ কৰিছিল । সেই সময়তে উত্তৰ ভিয়েটনামৰ এই উদ্যোগক মাৰ্কিন যুক্তৰাষ্ট্ৰই যিকোনো প্ৰকাৰে বাধা দিয়াৰ চেষ্টা কৰে । মাৰ্কিন যুক্তৰাষ্ট্ৰই লক্ষ্য কৰিছিল যে, যদিহে উভয় ভিয়েটনাম মিলিত হৈ এক শক্তিশালী সমাজতান্ত্ৰীক ৰাষ্ট্ৰ গঠন হয় তেতিয়া সমাজতন্ত্ৰ দক্ষিণ পূৱ এছিয়াৰ অন্যান্য দেশলৈ বিয়পি পৰিব । তেতিয়া এই সূত্ৰে এই অঞ্চল সমূহত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰভুত্ব কমি আহিব আৰু সমান্তৰাল ভাৱে ছোভিয়েট ৰাছিয়া আৰু চীনৰ প্ৰভাৱ বৃদ্ধি পাব । এই কথা ভাবি মাৰ্কিন যুক্তৰাষ্ট্ৰই দক্ষিণ ভিয়েটনাম চৰকাৰক সহায় কৰাৰ আৰম্ভ কৰে যদিও দক্ষিণ ভিয়েটনামৰ সাধাৰণ মানুহৰ এক বিশাল অংশ সমাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি অনুৰক্ত আছিল । দক্ষিণ ভিয়েটনাম চৰকাৰে সমাজতান্ত্ৰিক মনোভাৱাপন্ন মানুহৰ ওপৰত নিপীড়নমূলক আচৰণ আৰম্ভ কৰে । ইয়াৰ প্ৰতিবাদত দক্ষিণ ভিয়েটনামত আন্দোলন আৰম্ভ হয় ।
১৯৬০ চনত দক্ষিণ ভিয়েটনামত চৰকাৰ উৎখাত লক্ষ্যৰে “নেচনেল লিবাৰেশ্যান ফ্ৰন্ট” নামৰ এটি দলৰ গঠন হয় । লাহে লাহে এই বিৰোধিতা যুদ্ধলৈ পৰিণত হয় । প্ৰায় পাঁচ বছৰ চলা ভিয়েটনামৰ এই আভ্যন্তৰীণ সংঘাতৰ পাছত দক্ষিণ ভিয়েটনামৰ পৰাজয় স্পষ্ট হৈ উঠে । ১৯৬৫ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰই দক্ষিণ ভিয়েটনাম চৰকাৰৰ পতন ৰোধ কৰিবলৈ দক্ষিণ ভিয়েটনামলৈ সেনা প্ৰেৰণ কৰে । যাৰ ফলত এই যুদ্ধই দীৰ্ঘস্থায়ী ৰূপ লয় । প্ৰথম অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰই দক্ষিণ ভিয়েটনামৰ উল্লেখযোগ্য অঞ্চল সমূহ নিজৰ দখললৈ আনিছিল যদিও পিছলৈ বামপন্থী গেৰিলাৰ আক্ৰমণৰ সন্মুখীন হয় । মাৰ্কিন সৈন্যৰ ব্যাপক ক্ষতি সাধন হয় ।
১৯৬৮ চনত নিক্সন আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাৰ পাছত ভিয়েটনামত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৃশংসতাই বৃদ্ধি পায় । এই সময়ত মাৰ্কিন সৈন্যই গণহত্যাৰ আৰম্ভ কৰে । এই যুদ্ধত মার্কিন বিমানবাহিনীয়ে নাপাম বোমা নিক্ষেপ কৰি, চৰম নৃশংসতাৰ পৰিচয় দিয়ে । এই বছৰৰে ১৬ মার্চত দক্ষিণ ভিয়েতনামৰ মাই লাই গাওঁত মার্কিন সেনাবাহিনীয়ে গণহত্যা চলায় । ধাৰণা কৰা হয়, সেই সময়ত প্রায় পাঁচশ লোক তাত নিহত হয় ।
মার্কিন সৈন্যই নির্মমভাবে গেৰিলা আৰি সাধাৰণ মানুহৰ উপৰত অত্যাচাৰ চলাইও এই যুদ্ধ নিয়ন্ত্রণলৈ অনাত ব্যর্থ হয় । এই যুদ্ধ পৰা বাহিৰলৈ অহাৰ লক্ষ্যৰে মার্কিন যুক্তৰাষ্ট্রই আলোচনাৰ যোগে দি এক সন্মানজনক উপায়েৰে বাহিৰ কৰাৰ চেষ্টা কৰে । এই লক্ষ্যেৰে মার্কিন যুক্তৰাষ্ট্রই সমাজতান্ত্রিক যোদ্ধাৰ সতে ১৯৬৯ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত প্ৰকাশ্য আৰু গোপনে বহু কেইখন বৈঠক অনুষ্ঠিত হয় । ১৯৭০ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা আলোচনাৰ মাধ্যমে এক সিদ্ধান্তলৈ অহাৰ চেষ্টা কৰা হয় । লেই সময়ত ভিয়েটনামৰ পক্ষৰ হৈ জুয়ান থুই, লি ডাক থো আৰু মার্কিন যুক্তৰাষ্ট্রৰ প্রতিৰক্ষামন্ত্রী হেনৰি কিছিঞ্জাৰে আলোচনা কৰে । এই বৈঠকৰ ফলশ্রুতিতে ১৯৭৩ চনৰ ২৩ জানুৱাৰীত পেৰিচত এক শান্তি চুক্তি স্বাক্ষৰিত হয় । চুক্তিত ৮০দিনৰ ভিতৰত মার্কিন যুদ্ধবন্দী সকলক মুক্তি দিয়া, যুদ্ধবিৰতি কার্যকৰ কৰা আৰু দক্ষিণ ভিয়েটনামত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে দুই পক্ষ ঐক্যমতলৈ আহে । ২৩ জানুৱাৰীত শান্তি চুক্তি স্বাক্ষৰিত হলেও, কিছু অঞ্চলত তেতিয়াও যুদ্ধ চলি আছিল । ইতিমধ্যে ২৯ মার্চৰ ভিতৰত মার্কিন যুক্তৰাষ্ট্রই তেওঁলোকৰ সেনা প্রত্যাহাৰ কৰে । কিন্তু উত্তৰ ভিয়েটনামত বোমাবর্ষণ অব্যাহত আছিল । এই সূত্রে উভয় পক্ষই যুদ্ধবিৰতি উলঙ্ঘণ কৰে । ১৯৭৩ চনৰ মে আৰু জুন মাহ পর্যন্ত কিছিঞ্জাৰ আৰু থো শান্তি চুক্তিৰ উত্তৰণৰ প্রচেষ্টা চলি থাকে । ১৯৭৩ চনৰ ১৩ জুনত মার্কিন যুক্তৰাষ্ট্র আৰু উত্তৰ ভিয়েটনামে যৌথভাবে পেৰিচ চুক্তিৰ পূর্ণাঙ্গ বাস্তৱ কৰাৰ লক্ষ্যেৰে স্বাক্ষৰ কৰে । এই যুদ্ধত আমেৰিকাৰ ভয়াবহ ক্ষতিৰ সন্মুখীন হয়, যি আমেৰিকাৰ অর্থনীতিত বিৰূপ প্রভাৱ পেলায় । ভবিষ্যতৰ ক্ষতিৰ কথা চিন্তা কৰি ‘Paris Peace Accords Act’- ৰ আওতাত ২৯ মার্চ, ১৯৭৩ চনত আমেৰিকাই ভিয়েটনাম ত্যাগ কৰে । ১৯৭৫ চনত সাম্যবাদী শাসনৰ অধীনত দুই ভিয়েটনাম একত্রিত হয়। ১৯৭৬ চন ভিয়েটনামে চৰকাৰীভাবে ভিয়েটনাম সমাজতান্ত্রিক প্রজাতন্ত্র নাম ধাৰণ কৰে ।
এই যুদ্ধত প্রায় ৩২ লক্ষ ভিয়েটনামী নিহত হয় । ইয়াৰ লগতে আৰু প্রায় ১০ পৰা ১৫ লক্ষ লাউ আৰু কম্বোদিয়া জাতিৰ লোকো যুদ্ধৰ বলি হয় । মার্কিন যুক্তৰাষ্ট্র পক্ষৰ প্রায় ৫৮ হাজাৰ সেনা নিহত হয় ।
ভিয়েটনাম যুদ্ধৰ সময়ত সপ্তম যুদ্ধজাহাজ ব্যবহাৰ কৰা হৈছিল । বিশেষ কৈ এই যুদ্ধজাহাজৰে পৰিচালিত হৈছিল ভিয়েটনামৰ অভ্যন্তৰত বিমান আক্রমণ । ভিয়েটনামৰ পাহাৰ জঙ্গলময় অঞ্চলত সৈন্য সৰবৰাহ, সৈন্য সকলৰ সা-সুবিধা যোগান, সুনির্দিষ্টভাবে কোনো ঠাইত আঘাত সনাৰ বাবে ব্যবহাৰ কৰা হয় নানা ধৰণৰ প্রায় ১২,০০০ হেলিকপ্টাৰ । অবশ্য প্রায় ৫,০০০ হেলিকপ্টাৰ ভিয়েটনামী গেৰিলাই ধ্বংস কৰি দিছিল ।
ভিয়েটনাম যুদ্ধ। সঁচাকৈয়ে ভিয়েটনাম যুদ্ধত আমেৰিকাৰ পৰাজয়ে ইতিহাসৰ গতিধাৰা বহু পৰিমাণে সলনি কৰি দিলে । সেইখন যুদ্ধত আমেৰিকা জয়ী হোৱা হ’লে এছিয়াৰ ৰাজনৈতিক দৃশ্যপট কেনেকুৱা হ’লহেঁতেন আৰু বিশ্ব ৰাজনীতিত তাৰ কেনেকুৱা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিলহেঁতেন সেই কথা কল্পনা কৰিবলৈ খুউব বেছি বুদ্ধিমত্তাৰ প্রয়োজন নাই ।
ভিয়েটনাম যুদ্ধই আমেৰিকাৰ আত্মাকো এনেকৈ আলোড়িত কৰিছিল যে সেই বিষয়ে চিনেমাৰ পিছত চিনেমাৰ সৃষ্টি কৰি বা কিতাপৰ পিছত কিতাপ লিখি আমেৰিকানসকলে আজিও শেষ কৰিব পৰা নাই । ইফালে ভিয়েটনাম যুদ্ধই ভিয়েটনামী সকলৰ মনত যি সাঁচ বহুৱালে সেয়া যুদ্ধ শেষ হোৱাৰ ৪৪ বছৰ পাছতো আজিও ভিয়েটনামী সকলে পাহৰিব পৰা নাই যুক্তৰাষ্ট্ৰৰ বর্বৰতাক । মার্কিন প্রশাসনৰ নামটো ভিয়েটনামীসকলৰ স্মৃতিত ঘৃণা হৈ ৰৈছে আজিও ।
ভিয়েটনাম এতিয়া দক্ষিণ-পূৱ এছিয়াৰ এটি গতিশীল সভ্যতাত পৰিণত হয় আৰু উপকূলকে ধৰি দক্ষিণ দিশলৈ বিস্তাৰ লাভ কৰে । ইয়াৰ নেতৃত্বই বৰ্তমান অৰ্থনৈতিক উন্নতিৰ উদ্দেশ্যে বজাৰ অৰ্থনীতিৰ বিভিন্ন দিশ বাস্তবায়ন কৰা আৰম্ভ কৰিছে ।