• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ভিৰৰ মাজৰ নিসঙ্গতা!!

ASSAMESE SECTION / Opinion

by Sanjeev Kumar Nath
April 3, 2026
in Special Report
Reading Time: 5 mins read
0
ভিৰৰ মাজৰ নিসঙ্গতা!!
Share on FacebookShare on TwitterShare on LinkedIn

ভিৰৰ মাজৰ নিসঙ্গতা!!

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

নাইজেৰিয়াৰ লেখক চিনুৱা এচেবেৰ প্রথম উপন্যাস থীংছ ফল এপার্টৰ আৰম্ভণিৰ ফালে ইব’ জনগোষ্ঠীৰ এখন গাঁৱত অনুষ্ঠিত হোৱা এক মল্লযুদ্ধৰ বর্ণনা আছে।

গাওঁখনৰ মাজৰ এখন মুকলি পথাৰত হোৱা এই মল্লযুদ্ধ চাবলৈ ডেকা, বুঢ়া, ল’ৰা, পুৰুষ-মহিলা সকলো আহিছে আৰু দুই মল্লযোদ্ধাক চাবলৈ হেঁতা ওপৰা কৰা সেই ভিৰে যুদ্ধখন ইমানেই তীব্র একাগ্রতা আৰু উৎকণ্ঠাৰে উপভোগ কৰিছে যে এনে লাগে যেন অংসখ্য মানুহৰ সলনি তাত মাত্র এটা প্রকাণ্ড জীৱইহে মল্লযুদ্ধ চাইছে, মানুহবোৰে উশাহ লওঁতেও এনে লাগে যেন এটা জীৱইহে উশাহ লৈছে।

ভিৰৰ মাজৰ নিসঙ্গতা
সাধাৰণতে এনে একাত্মতাক মানুহৰ এটা গোটৰ, এটা জাতিৰ, এখন গাৱঁৰ, এখন দেশৰ এটা ডাঙৰ শক্তি বুলি বুজা যায়। কিন্তু ভিৰৰ একাত্মতা সমাজৰ বা ব্যক্তিৰ বাবে সদায় কল্যাণকাৰী হয় জানো?

নিজৰ বিবেক-বুদ্ধি ব্যৱহাৰ কৰা এজন ব্যক্তিয়ে সকলো ধৰণৰ ভিৰৰ সৈতে একাত্ম হ’ব পাৰিব জানো?

“কৌতুহল বশত এবাৰ ভিৰৰ মাজলৈ চকু গ’ল আৰু দেখিলো এখন মটৰ চাইকেল পৰি আছে আৰু কাষতে পৰি আছে এটা নিথৰ শৰীৰ। ক’লা ৰাস্তাটোত ৰঙা তেজ বৈ গৈছে, গোট মাৰি আছে। ভিৰ কৰি থকা মানুহবোৰৰ বহুতে জুমা জুমি কৰি ফটো লৈছে। কি কৰিব এই ভীষণ দুর্ঘটনাৰ ফটোৰে? সেই অচিনাকি মৃত মানুহজনৰ ফটো কিয় লাগে তেওঁলোকক? ভয়ানক দূর্ঘটনাত পতিত সেই দূর্ভগীয়া মানুহজনৰ মৃত্যুত বাৰু তেওঁলোকে দুখ কৰিছে নে তেওঁলোকে সেই ক্ষত-বিক্ষত নিথৰ শৰীৰৰ দৃশ্য “উপভোগ” কৰিছে?”

ভিৰ একেধৰণৰ নহয়; ভিন ভিন ভিৰ আছে। আকৌ যিদৰে বিভিন্ন ধৰণৰ ভিৰ থাকে সেইদৰে প্রত্যেক ভিৰৰ এটা মন থাকে। সাধাৰণতে এজন ব্যক্তিৰ মনৰ যিবোৰ জাবৰ-জোঁথৰ সমাজত প্রকট নহয় বা তেওঁ সেইবোৰ প্রকট হ’বলৈ নিদিয়ে, ভিৰৰ মাজত সেইবোৰ জাবৰ-জোঁথৰ সহজে প্রকট হৈ যায় (হজম কৰিব পৰা পৰিমাণতকৈ অধিক সুৰা সেৱন কৰিলে যিদৰে মনৰ সতর্কতা, সাৱধানতা আদি শেষ হৈ যায়)।

কোৱা যায় যে ভিৰত যদি কেইজনমান সাধাৰণ ভাবে জ্ঞানী মানুহ থাকে আৰু কেইটামান মূর্খ থাকে, ভিৰৰ মনটো হেনো নিয়ন্ত্রিত হয় সেই মূর্খহঁতৰ মতে। বা বোধকৰোঁ ক’ব পাৰি যে ভিৰত থকা ব্যক্তিসকলৰ ভিতৰত যিজনৰ মন আটাইতকৈ তল খাপৰ, তেওঁৰ মনেই ভিৰৰ স্বভাৱ নিয়ন্ত্রণ কৰে।

জ্ঞানী ব্যক্তি ভিৰত অজ্ঞানী হৈ পৰে, কিন্তু অজ্ঞানী জ্ঞানী নহয়। যিজন জ্ঞানী মানুহে ভিৰৰ “নীচ” মনৰ ওচৰত নিজৰ জ্ঞান-বুদ্ধি জলাঞ্জলি দিব নোৱাৰে তেওঁ ভিৰৰ সদস্য হ’ব নোৱাৰে। তেওঁ হৈ পৰে অকলশৰীয়া, নিসঙ্গ। ভিৰৰ মাজত থাকিবলগীয়া পৰিস্থিতিতো তেওঁ ভিৰৰ সৈতে একাত্ম হ’ব নোৱাৰে।

গুৱাহাটীৰ ব্যস্ত জি এছ ৰোডেৰে গাড়ী চলাই গৈ আছো। ভঙাগড়ৰ উৰণ সেতুত উঠি নামিছো। প্রায় শেষ অংশ পাইছোগৈ য’ত উৰণ সেতু মিলিছেগৈ সাধাৰণ বাটটোত। কিছু দূৰৰ পৰাই মন কৰিছোঁ যে মানুহে জুম পাতি আছে। ওচৰ চাপি দেখোঁ যে গাড়ী পাৰ কৰি নিবলৈকে অসুবিধা—মানুহেই মানুহ। পুলিছে হুইছেল বজাই, চিঞৰি বাখৰি গাড়ীবোৰ যাবলৈ বাট উলিয়াই দিছে, আৰু সেই সুবিধাতে এক্সিলেটৰত লাহে লাহে ভৰি দি মানুহে ঠাহ খাই থকা ঠাইকণ পাৰহৈ গৈছোঁ।

কৌতুহল বশত এবাৰ ভিৰৰ মাজলৈ চকু গ’ল আৰু দেখিলো এখন মটৰ চাইকেল পৰি আছে আৰু কাষতে পৰি আছে এটা নিথৰ শৰীৰ। ক’লা ৰাস্তাটোত ৰঙা তেজ বৈ গৈছে, গোট মাৰি আছে। ভিৰ কৰি থকা মানুহবোৰৰ বহুতে জুমা জুমি কৰি ফটো লৈছে। কি কৰিব এই ভীষণ দুর্ঘটনাৰ ফটোৰে?

সেই অচিনাকি মৃত মানুহজনৰ ফটো কিয় লাগে তেওঁলোকক?

ভয়ানক দূর্ঘটনাত পতিত সেই দূর্ভগীয়া মানুহজনৰ মৃত্যুত বাৰু তেওঁলোকে দুখ কৰিছে নে তেওঁলোকে সেই ক্ষত-বিক্ষত নিথৰ শৰীৰৰ দৃশ্য “উপভোগ” কৰিছে?

ভিৰৰ মাজৰ নিসঙ্গতা

আজিকালি বহুতে এক জানুৱাৰীত ধর্মীয় স্থানত ভিৰ কৰে। আমাৰ তেনে কোনো অভ্যাস নাই, কিন্তু এইবাৰ এক জানুৱাৰীত মাদুৰাইত থাকি দুই জানুৱাৰীত কেৰেলালৈ যোৱাৰ বাবেহে সাজু হৈ গৈছিলোঁ, আৰু মীনাক্ষী মন্দিৰৰ বেছ ওচৰতে আছিলো বাবে ভাবিলো মন্দিৰত সোমাইয়েই যাওঁ। মীনাক্ষী দেৱীৰ সুন্দৰ মূর্ত্তি গঢ়া হৈছে এটা সেইজীয়া পান্না পাথৰৰ পৰা । শুনিছোঁ আৰিতৰ সময়ত সেই মূর্ত্তিৰ পৰা এক ধুনীয়া সেউজীয়া আভা ওলায়।

কুৰি শতিকাৰ এজন শ্রেষ্ঠ অদ্বৈতী ৰমণ মহর্ষিৰ সান্নিধ্যলৈ অহা অনেকেই লিখি থৈ গৈছে যে মহর্ষিৰ চকুৰ চাৱনিত তেওঁৰ অকৃত্তিম, অতুলনীয় কৰুণা দেখা পোৱা গৈছিল। বহুতো যুক্তি-তর্কত পার্গত নাস্তিকে মহর্ষিৰ ফালে মাত্র এবাৰ চোৱাৰ পিছতে তেওঁৰ ভৰিত দীঘল দিয়াৰ কাহিনী আছে। মহর্ষিৰ চকুৰ এই পৰম কৰণাৰ উৎস হেনো মাদুৰাইৰ মীনাক্ষী দেৱী।

১৭ বছৰ বয়সতে এটা বিশেষ আধ্যাত্মিক অভিজ্ঞতাৰ পিছত ভেঙ্কটৰমণে (পিছলৈ ৰমণ মহর্ষি) যেতিয়া মীনাক্ষী দেৱীৰ মূর্ত্তিৰ সমুখত অশ্রুসিক্ত নয়নেৰে নীৰৱে ঠিয় দি থাকে, তেতিয়াই হেনো দেৱীয়ে তেওঁৰ কৰুণাপূর্ণ দৃষ্টি ৰমণক দিছিল আশীর্বাদ হিচাপে। শঙ্কৰাচার্যয়েও দেৱীক “কৰুণাপূর্ণসুধাবদ্ধে” বুলি কৈছে।

loneliness2

মন্দিৰত সোমাবলৈ লৈ দেখিলো বৃহৎ ভিৰ। ভয় লগা ধৰণৰ ডাঙৰ ভিৰ।

দীঘল, দীঘল, পাক লোৱা শাৰী বোৰত ঠিয় দি থকা মানুহবোৰৰ মাজত শিশু, তৰুণ-তৰুণী, বৃদ্ধ-বৃদ্ধা সকলো আছে, কিন্তু ইমান দীঘল, বেহুৰ দৰে পাক লৈ ঘূৰি থকা শাৰীৰ শেষ ক’ত?

বাহিৰৰ পৰা চালে আদি অন্তহীন যেন লাগে। ভাবিলে ভয় লাগে – এবাৰ সোমালে ওলাব নোৱৰা, বাঁহ, কাঠ, লোহাৰে বন্ধা সেই শাৰীৰ পৰা যদি কাৰোবাৰ ওলাব লগীয়া হয়, কি কৰিব তেওঁ?

মানুহৰ শৰীৰহে।

বহুতে পুৱাৰে পৰা অনাহাৰে সেই শাৰীত কেবাঘন্টা ধৰি ৰৈ আছে, গৈ আছে, কিন্তু যদি শৌচ-প্রসাৱৰ সমস্যা হয়? কেনেকৈ ওলাব?

কষ্ট কৰি বাঁহ-কাঠ-লোহাৰ বান্ধ পাৰহৈ ওলালেও যাব ক’ত?

crowd

মন্দিৰ পৰিসৰৰ বাহিৰৰ কেইটামান নির্দিষ্ট ঠাইত শৌচাগাৰ-স্নানাগাৰ আছে, কিন্তু মন্দিৰ পৰিসৰৰ ভিতৰৰ দীঘল, পাক খোৱা শাৰীৰ পৰা সেয়া বহু দূৰত। এইটো সঁচাকৈ এটা ডাঙৰ সমস্যা, কিন্তু সকলো সমস্যা আওকাণ কৰি ডেকা-বুঢ়া-শিশুৰ দলৰ পিছত দলে সেই শাৰীত যোগ দিয়েই আছে, দিয়েই আছে। আমি দেৱী-দর্শন নকৰাকৈয়ে মাদুৰাই ত্যাগ কৰিলোঁ।

নিজকে বুজনি দিলোঁ যে আদি শংকৰাচার্যই তেওঁৰ অতি সুন্দৰ ৰচনা “মীনাক্ষী পঞ্চৰত্নম”ত মীনাক্ষীক “তত্ত্ব-স্বৰূপাম্”, “শিৱাম্”, “পৰাত্পৰতৰাম্”, “নানর্থতত্ত্বাত্মিকাম্” বুলি কওঁতে কেৱল মন্দিৰৰ ভিতৰৰ মূর্ত্তিৰ কথা কোৱা নাই। সেই মূর্ত্তি অতি সুন্দৰ, সন্দেহ নাই, কিন্তু লগতে মীনাক্ষী হ’ল সম্পূর্ণ তত্ত্ব স্বৰূপা অর্থাৎ আত্মস্বৰূপা। সেই অর্থত মই তেওঁৰ “দর্শন” নিজৰ হৃদয়তে কৰিব পাৰোঁ।

হৃদয়ত ঈশ্বৰ-দর্শন সুলভ, সহজ, শ্রেষ্ঠ দর্শন। কিন্তু মাদুৰাইৰ পৰা কেৰেলালৈ যোৱাৰ বাটত দেখিলো ভিৰ আৰু ভিৰ : বছৰৰ সেই সময়ত বিশেষকৈ কেৰেলাৰ শবৰীমালা পাহাৰত থকা ভগৱান আয়াপ্পাৰ মন্দিৰলৈ হেজাৰ হেজাৰ যান বাহনেৰে যোৱা আৰু তাৰ পৰা উভতি অহা লাখ লাখ ভক্তৰ ভিৰ। লগতে আছিল তিৰুপতিলৈ যোৱা আৰু তাৰ পৰা উভতি অহা তীর্থযাত্রীৰ ভিৰ।

শবৰীমালালৈ যোৱা সকলৰ চিনাকি তেওঁলোকে পিন্ধা ক’লা ধুতি আৰু তিৰুপতিৰ পৰা অহা সকলৰ বহুতৰে চিনাকি তেওঁলোকৰ টকলা মূৰ। বাটে পথে দেখা এই ধার্মিক মানুহ সকলৰ ভিৰ দেখি তেওঁলোকৰ শ্রদ্ধা, ভক্তিৰ কথা ভাবি তেওঁলোকক নীৰৱে শলাগিছিলো। তীর্থ-ভ্রমণত বিভিন্ন শাস্তি আওকাণ কৰি একেৰাহে কিমান দিন যে তেওঁলোকে ঘৰৰ পৰা বাহিৰত আছে, ঘূৰি ফুৰিছে। আমাৰ দেখোন ঘৰৰ সুখ-আৰামবোৰ বাহিৰতো নাপালে নহয়েই।

সেই বাবে কেনিবা যাব লগীয়া হ’লে বহুত আগৰ পৰা ভাল থকা ঠাই, হোটেল আদি বিচৰা যায়, বুক কৰা যায়। এওঁলোকে বহুত কষ্ট কৰি এই যাত্রা বোৰ কৰে। শবৰীমালা আৰু তিৰুপতিলৈ যোৱা আৰু তাৰ পৰা উভতি অহাৰ বাটত অনেক অন্য তীর্থস্থানো দর্শন কৰে। ডিচেম্বৰ-জানুৱাৰী মাহত দক্ষিণ ভাৰতলৈ গ’লে প্রায়ে এই তীর্থযাত্রীসকলৰ ভিৰ দেখা পোৱা যায়। আমাৰ অসমত তীর্থযাত্রীৰ ইমান ডাঙৰ ভিৰ দেখা পোৱা নাযায়।

crowd2

মাদুৰাইৰ পৰা কুমিলিলৈ যোৱাৰ বাটৰ কাষত ৰখাই থোৱা আৰু বাটত গৈ থকা শবৰীমালা অভিমূখি শ শ সৰু-ডাঙৰ বাছ দেখিলোঁ। এই তীর্ধযাত্রীসকলৰ বাছ বা অন্য বাহন সমূহৰ চিনাকি হ’ল গাড়ীৰ সমুখত মালা আদিৰে সজাই লগাই থোৱা ভগৱান আয়াপ্পাৰ ছবি। এনেকৈ শ শ বাছৰ তীর্থযাত্রী অসমত কেতিয়াও দেখা নাই। (অৱশ্যে খানাপাৰাৰ খেল পথাৰত হোৱা ৰাজনৈতিক সভালৈ অহা শ শ বাছে গুৱাহাটীত যান-জঁট সৃষ্টি কৰা দেখিছোঁ।)

ধর্মস্থানত ভিৰ কৰা সকলো মানুহে যে ধর্মৰ মর্ম বুজে বা বুজিবলৈ চেষ্টা কৰে সেইটো নহয়। বহুতে ঈশ্বৰক প্রার্থনা কৰোঁতে, মন্দিৰ দর্শন কৰোঁতে ভগৱানক কেৱল এখন তালিকা দিবলৈ যায় – কি কি লাগে তাৰ তালিকা।

নির্বাচনত জিকিবলৈ, ভাল চাকৰি পাবলৈ, প্রেম বা বিয়াত সফল হ’বলৈ, অবসৰৰ পিছতো ভাল চাকৰি পাবলৈ, সন্তান বিচাৰি, সন্তানৰ বিয়া হোৱাতো বিচাৰি, অসুখ ভাল হোৱা বিচাৰি, মোকর্দমা জিকিব বিচাৰি, কিবা নহয় কিবা বিচাৰিয়েই বেছি ভাগ মানুহে ভগৱানক খাটনি ধৰে।

Picnic

আমাৰ যিহেতু প্রায়ে ডিছেম্বৰ-জানুৱাৰীত দক্ষিণলৈ যোৱা হয় গতিকে তাত তীর্থযাত্রীৰ ভিৰ দেখোঁ আৰু উভতি আহি প্রায় প্রত্যেকবাৰেই গুৱাহাটী বিমানবন্দৰৰ পৰা ঘৰলৈ যোৱাৰ বাটত অন্য এক ধৰণৰ ভিৰ দেখা পাওঁ — বনভোজলৈ যোৱা হুলস্থুলীয়া গাড়ীৰ ভিৰ। তেনেকুৱা অনেক গাড়ীৰ শাৰীৰ সৃষ্টি হয় বনভোজ স্থলীত। চিঞৰ-বাখৰ, কিৰিলি, নাচ-গাণ, হুলস্থুলত বনৰ পশু-পক্ষীবোৰ ভয়ত পেপুৱা লাগে; কিন্তু সেইবোৰলৈ মন কৰিবলৈ কাৰ সময় আছে?

এইবাৰ মাঘ বিহুৰ আগে আগে গুৱাহাটীত অন্য এক ভিৰ দেখিলোঁ—মাছ, হাঁহ, ছাগলী আদিৰ লটাৰীৰ ভিৰ। দুই এঠাইত দেখিলো মুখ বিকটাই থকা প্রকাণ্ড একোটা মাছ ওলোমাই থোৱা আছে—লটাৰী জিকা কোনোবা ভাগ্যবানৰ পুৰস্কাৰ।

bhogali Bihu

ভিৰে যুক্তি-শূন্য কাম কৰিব পাৰে। কৰোনা মহামাৰী খেদিবলৈ কাঁহী, টেমা বজোৱা ভিৰে জানো যুক্তিৰ কথা শুনিব?

ভিৰ অতি নিষ্ঠুৰ হ’ব পাৰে, ভিৰ অন্ধ, কলা হ’ব পাৰে। সতী প্রথা চলি থাকোঁতে টানি আঁজুৰি জীৱিত মানুহ এগৰাকীক মৃত স্বামীৰ চিতাত উঠোৱা ভিৰে মানুহ গৰাকীৰ চিঞৰ নুশুনিছিল, তেওঁৰ প্রাণ কাতৰ কান্দোন শুনা নাছিল। গংগা সাগৰ মেলাত যেতিয়া “অদৰকাৰী” কন্যা শিশুক ঘৰিয়ালৰ মুখলৈ দলিওৱা হৈছিল, সেই সময়ত তাত সমবেত ভিৰে সেই দেৱ-শিশুৰ মৃত্যু দেখা নাছিল, মৰণ কাতৰ চিঞৰ শুনা নাছিল।

প্রাচীন ৰোমৰ “সভ্য” সমাজে গ্লেডিয়েটৰে আমৃত্যু যুদ্ধ কৰা দৃশ্য উপভোগ কৰিব পৰাকৈ অন্ধ আৰু কলা আছিল। বেলতলা বজাৰত এগৰাকী যুৱতীক টনা টনি কৰি বিবস্ত্র কৰা ভিৰৰ জানো চকু, কাণ, বিবেক আছিল? সৌ সিদিনা মনিপুৰত এগৰাকী যুৱতীক উলংগ কৰি ধর্ষণৰ বাবে নিয়া ভিৰৰ কথা কি কম? (“আমাৰ মহান গণতন্ত্রত স্বাধীনচিতীয়া, বিবেকী ব্যক্তিয়ে নহয়, ভিৰেহে নির্বাচনৰ ফলাফল নির্ধাৰণ কৰে” বিষয়টো তর্কৰ বাবে কেনে হ’ব বাৰু?)

crowd1

ভিৰ ভিন ভিন। দূর্ঘটনাত মৃত মানুহৰ ফটো লোৱাত ব্যস্ত মানুহৰ ভিৰ; তীর্থৰ সময়ত দক্ষিণ ভাৰতত কষ্ট সহি যাত্রা কৰা আৰু মন্দিৰ-দর্শন কৰা মানুহৰ ভিৰ; ৰাজনৈতিক নেতাৰ সভালৈ বুলি বাছে বাছে অহা মানুহৰ ভিৰ, বনভোজত মতলীয়া অসমীয়াৰ ভিৰ…..ভিন ভিন ভিৰ। মানুহ ভিন ভিন। ভিৰলৈ ভয় কৰা মানুহ আছে, ভিৰ ভাল পোৱা মানুহ আছে, ভিৰত মিলিব পৰা মানুহ আছে, ভিৰত থাকিও নিসঙ্গ হৈ থকা মানুহ আছে।

loneliness1

নিজৰ বক্তৃতাৰে চিকাগোৰ ধর্মসভাত বিভিন্ন দেশৰ, বিভিন্ন ধর্মগুৰু সকলৰ পৰা প্রশংসা পোৱা স্বামী বিবেকানন্দৰ বক্তৃতা শুনিবলৈ বিদেশত আৰু ভাৰতত মানুহৰ ভিৰ হৈছিল। আমেৰিকাৰ পৰা উভতি আহোঁতে তেওঁক চাবলৈ বৃহৎ ভিৰ হৈছিল। কিন্তু বিবেকানন্দই নিজে কোৱা কথা অনুসৰি তেওঁ সকলো ভিৰৰ মাজত আছিল সম্পূর্ণ নিসঙ্গ।

Swami Vivekananda

এইদৰে এক প্রকাৰৰ নিসঙ্গ স্থিতিত থাকিব পৰাটো হেনো আধ্যাত্মিক উন্নতিৰ এটা প্রধান সোপান; কিন্তু এই স্থিতিৰ বাবে মানুহৰ পৰা, ভিৰৰ পৰা আঁতৰি গৈ হিমালয়ৰ গুহাত সোমাবগৈ নালাগে। (অৱশ্যে আজিকালি হিমালয়ত শীত-তাপ নিয়ন্ত্রিত, স্নানাগাৰ-শৌচাগাৰ-সংলগ্ন, গুহা ভাড়াত পোৱা যায়!)

Images from different sources

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d