• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত

by Anjan Sarma
November 8, 2023
in Travel, Tourism
Reading Time: 3 mins read
0
ভূটানৰ পৰা শিকিবলগা কিঞ্চিত
Share on FacebookShare on TwitterShare on LinkedIn

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

কেইদিনমান আগতে পূব ভূটানৰ এখন সৰু চহৰ ছামদ্ৰূপ জংখাৰলৈ গৈছিলো।

চহৰখন সৰু। কভিড মহামাৰীৰ পাছত এতিয়া ব্যৱসায় মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিছে। চহৰখনত প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাহিৰে মানুহে সজা বা আন কোনো বৰ বিশেষ আকৰ্ষণীয় একো নাই বুলিব পাৰি।

কিন্তু চহৰখনৰপৰা আমাৰ শিকিবলগীয়া কিছু কথা আছে। সেৰেঙা জনবসতিৰ এই চহৰখন ৰঙিয়াৰপৰা উত্তৰ দিশে প্ৰায় চল্লিছ কিলোমিটাৰ দূৰত অৱস্থিত। কোনোবাই ইচ্ছা কৰিলে গুৱাহাটীৰ পৰা ৰাতিপুৱা গৈ আবেলি ঘূৰি আহিব পাৰে।

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত

ছামদ্ৰূপ জংখাৰ নামৰ সৰু চহৰখনৰ বাট-পথ যথেষ্ট আহল-বহল আৰু পৰিষ্কাৰ। বাটত ক’তোৱেই কোনো জাবৰ জোথৰ বা পেলনীয়া কাগজ আদি পৰি থকা নেদেখিলো। মানুহৰ সমাগম সেৰেঙা হ’লেও কোনো মানুহে বাটৰ মাজভাগেৰে খোজ কাঢ়ি যাব নোৱাৰে। খোজ কাঢ়িবলৈ আহল-বহল ফুট পাথ আছে। আনকি মন গ’লেই ৰাস্তাৰ মাজেৰে ৰাস্তাটো পাৰহৈ যাব নোৱাৰি। ৰাস্তা পাৰ হ’বলৈ নিৰ্দিষ্ট ঠাইত জেব্ৰা ক্ৰছিঙৰ বাহিৰে অইন ঠাইৰে ৰাস্তা পাৰ হোৱাটো নিষেধ।

এইটো এটা সু-শৃংখল জীৱন-যাপন নমুনা। যিহেতু যান জঁট নাই, মানুহৰ উপস্থিতিও সেৰেঙা এনে ক্ষেত্ৰত এই কঠোৰ নিয়ম নাথাকিলেও একো অসুবিধা নহ’লহেঁতেন। কথা প্ৰসংগত বন্ধু এজনে কৈছিল যে, আমাৰ যান-জঁট আৰু ঘন বসতিৰ ঠাইত এনে নিয়ম কাৰ্য্যকৰী কৰিব নোৱাৰিব। কিন্তু কথাটো তেনেকুৱা হয় জানো?

ভূটানৰ ৰজাই তেওঁৰ দেশৰ প্ৰজাক এটা সুশৃংখল জীৱনত অভ্যস্ত কৰিবলৈ এনে নিয়ম প্ৰৱতৰ্ন কৰিছে। ভূটানৰ শিশু এটাই জন্মৰে পৰাই এই জীৱন আৰু নিয়ম-নীতিৰ সৈতে পৰিচিত। গতিকে এইবোৰ তেওঁলোকে পৃথিৱীৰ যিকোনো ঠাইলৈ কঢ়িয়াই নিব। কিন্তু আমাৰ ক্ষেত্ৰত আমি নিয়ম ভঙা কাৰবাৰবোৰ দেখিয়েই ডাঙৰ হওঁ। গতিকে নেতিবাচক যুক্তি দি হ’লেও নিজৰ বেয়াটোকে বাহাল ৰাখো।

Samdrup Jongkhar2
Orange market in Bhutan. Samdrup Jongkhar, . Photo: DAVID TALUKDAR.

ভূটানৰ মানুহবোৰেই অসমীয়া মানুহৰ নিচিনাকৈ তামোল-পাণ খায়। দোকানত পলিথিনৰ পেকেটত তামোল-পাণ পোৱা যায়। আমি ছামদ্ৰূপ জংখাৰত বাটত বা কোনো চুকত তামোলৰ পিক্ দেখা পোৱা নাই। ইয়াৰ বিপৰীতে অসমৰ বাটে-পথে তামোলৰ পিক্ দেখিয়াই আমাৰ পৰিচয় বিচাৰি লওঁ। বাটে-পথে, উৰণ সেঁতুত, অভাৰ ব্ৰীজ আদিত শিখৰ খাই পিক্ পেলাই জঘন্য লেতেৰা কৰা বিষয়বোৰক লৈ মাজে সময়ে সৰৱ আলোচনা হৈ থাকে।

কেতিয়াবা আৰক্ষীকো এনে কাম কৰা লোকক ধৰা পেলাবলৈ দায়িত্ব দিয়া বুলি শুনা যায়। হ’লে কি হ’ব। এবাৰ দিছপুৰ থানালৈ গৈ দুমহলীয়া বিয়াগোম থানাখনৰ ভিতৰৰ চুক-কোণবোৰত তামোলৰ পিকৰ যি কদৰ্য্য ৰূপ দেখিছিলো, সেইবোৰ দেখি তেতিয়াই পতিয়ন গৈছিলো যে সৰিয়হৰ ডুলিতে ভূতটো আছে।

থানাখনৰ প্ৰথম মহলাত থকা এখন বন্ধ হৈ থকা দুৱাৰ নে লিফটৰ দুৱাৰ মুখখনত তামোলৰ পিকৰ যি কদৰ্য্য ৰূপ দেখিছিলো যদি এতিয়াও ঠাইখিনি তেনেদৰে আহে তেনেহ’লে কোনোবাই গ’লে আজিও দেখিবলৈ পাব। তাৰমানে আমি এনেবোৰ জঘন্য স্বভাৱ মনত স্থায়ী কৰি লৈছো বাবে দুই এটা আলোচনা, সমালোচনাই আমাৰ বিবেক দংশন নকৰে।

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত
Beopjusa Temple, Hall of Eight Pictures

ছামদ্ৰূপ জংখাৰৰ প্ৰায় সকলো দোকানতে মদ কিনিবলৈ পোৱা যায়। ইয়াত মদ আৰু পেট্ৰল, ডিজেল সস্তা। ইয়াত সকলোতে মদ পোৱা গ’লেও বাটে-ঘাটে মাতাল মদাহী নেদেখিলো। অসমৰ কথা ভাবি চাওকচোন। এই সৰু চহৰখনত দুটা তেলডিপো আছে। এটা ভাৰত-ভূটান সীমান্তৰ গেটৰ একেবাৰে ওচৰত। আনখন ডেৰ কিলোমিটাৰমান দূৰত। দোকান এখনত তেলডিপোৰ কথা সোধোতে কৈছিল যে গেটৰ কাষতে আছে, কিন্তু খুব ভীৰ। দীঘলীয়া শাৰী দিনটো থাকে।

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত

তালৈ গৈ দেখিলো সঁচাকৈ দীঘলীয়া শাৰী। গাড়ীবোৰ অসমৰ। কিছুলোক চাগে ফুৰিবলৈ আহি তেল ভৰাইছে আৰু আন কিছুলোকে অসমৰ পৰা অকল তেল ভৰাবলৈ আহিছে। আমি দীঘলীয়া শাৰীটোৰ পোন্ধৰ নম্বৰত আছিলো। দুই এজনৰ সৈতে কথা পাতি গম পালো যে, অসমৰ পৰা তেল কিনিবলৈ অহা গাড়ীবোৰৰ অধিকাংশই হেনো তেলৰ টেংকীটো নতুনকৈ মোডিফাই কৰি বেছি তেল ধৰিব পৰাকৈ ডাঙৰকৈ বনাই লয়।

এওঁলোকে হেনো ভূটানৰপৰা সস্তাত তেল কিনি গেটৰ বাহিৰৰ দোকানত বেছি দামত বিক্ৰী কৰি অধিক মুনাফা লাভ কেৰ। এই কথা কোৱা মানুহ এজনে ইয়াকো ক’লে যে, এখন সৰু মাৰুতি কাৰৰ তেলৰ টেংকী ডাঙৰকৈ বনাই সত্তৰ-আশী লিটাৰ তেল ভৰাব পৰা কৰি লয় হেনো। কথাবোৰ বিশ্বাসযোগ্য যেন নালাগে যদিও অবিশ্বাস কৰিবলৈও প্ৰমাণ নাই।

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত

দীঘলীয়া শাৰীত ৰৈ তেল নভৰাই দ্বিতীয় তেল ডিপোটোলৈ গৈছিলো। তাত ভূটানৰ গাড়ীত তেল দিলে যদিও মোক তেল নাই বুলিহে ক’লে। মই তেল নভৰালো। কিন্তু মনতে ভাবিলো, এইটো এটা কিবা ক্ষোভৰ আৰম্ভণি নেকি?

ছামদ্ৰূপ জংখাৰৰ দোকান দুখনমানত সোমাই ইটো সিটো বস্তু চাওতে কেইটামান আচাৰৰ টেমা চকুত পৰিল। ভূটানৰ স্থানীয় আচাৰ। কিছুমান আচাৰৰ টেমাত আচাৰ প্ৰস্তুত কৰা মহিলা ব্যৱসায়ী অথবা সংগঠনৰ নামৰ লগতে চৰকাৰৰপৰা পোৱা পুৰস্কাৰ অথবা কোনো প্ৰদৰ্শনীত ভাগ লৈ পোৱা পুৰস্কাৰৰ কথাও লিখা আছে।

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত

এই কথাটোৱে মোক বৰকৈ আকৰ্ষণ কৰিলে। কাৰণ, আমি ইয়াত Vocal for Local বুলি বিজ্ঞাপন দিও, ভাষণ দিও, প্ৰৱন্ধ লিখো। কিন্তু ভূটানতহে ইয়াক কাৰ্য্যকৰী হোৱা দেখিলো।

আমাৰ ৰাজ্যখনত থলুৱাভাৱে অনেক বস্তু উৎপাদন কৰা হয়, বিভিন্ন খোৱা-পিন্ধা বস্তু প্ৰস্তুত কৰা হয় আৰু বিক্ৰী কৰিবলৈ বছৰটোত গোটেই অসমৰ জুৰি বাণিজ্য মেলাও হয়। বিভিন্ন খোৱা বস্তু আৰু আন উৎপাদিত বস্তু থলুৱাভাৱে উৎপাদন কৰাৰ পাছত সংশ্লিষ্ট চৰকাৰী বিভাগে যদি এটা বাক্য লিখি দিয়ে তেনেহ’লে উৎপাদনকাৰীসকলে উৎসাহিত হোৱাৰ লগতে গ্ৰাহকসকলেও গুণগত মান সম্পৰ্কে অধিক আকৰ্ষিত হ’ব। এনেদৰেই স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’ব আৰু Localৰ প্ৰতি মানুহো Vocal হ’ব।

ভূটানৰ পৰা শিকিবলগা কিঞ্চিত

ছামদ্ৰূপ জংখাৰৰপৰা উভতি আহি ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু উল্লিখিত কথাবোৰে মনত দোলা দি আছিল। চহৰৰ ভীৰ আৰু যান্ত্ৰিকতাৰপৰা মুক্ত হৈ এদিনৰ বাবে ৰাতি কটাই উভতি আহিব পৰাকৈ ছামদ্ৰূপ জংখাৰ এখন সৰু মনোমোহা ঠাই।

ৰেজাউল কৰিম(ফোন : ৮৭২০৯৩৯৩১৮)

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells
Travel

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

by Pradakshina Sarmah
September 5, 2026
0

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells PRADAKSHINA SARMAH The tinkling sound of thousands of bells makes up...

Read moreDetails
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Transcend Ethnic Barriers, Build Social Bridges

August 29, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

April 21, 2026
woman sitting on the car s window

Why it is Important to Travel?

April 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d