ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা
মানস প্রতিম দত্ত
অসম আৰু অসমীয়াৰ জন-জীৱন, সমাজ-সংস্কৃতি-ঐতিহ্যৰ এচোৱা সময় প্রতিনিধিত্ব কৰি অসমৰ জীয়া ছবি তুলি ধৰা সমাজ-বিজ্ঞানীজনেই হ’ল জনতাৰ শিল্পী, সুধাকণ্ঠ, গণকণ্ঠ ভূপেন হাজৰিকা।
সকলোৰে বাবে – ভূপেন দা। তেখেতৰ উদাত্ত কণ্ঠ, সুকোমল গীত, কথা সুকোমল অথচ তীক্ষ্ণ আৰু দৃঢ়।
ড০ ভূপেন হাজৰিকাৰ গীত-মাত, চিন্তনত পৰিৱেশ সচেতনতা আৰু পৰিৱেশ চিন্তন মনকৰিবলগীয়া। ভূপেন হাজৰিকাৰ গীত-মাতত প্রকৃতিৰ বর্ণনা আৰু প্রকৃতি-মানুহৰ সম্পর্ক বোধৰ সাধনাই বহনক্ষম পাৰিপার্শ্বিক জীৱনশৈলীৰ বাস্তৱ ৰূপ ফুটাই তোলে। কেৱল গীত-মাতৰ ৰূপমা বা উপমা হিচাপে নহয়, বৰং সংৰক্ষণ আৰু বাস্তৱ চিন্তনেৰে জনসচেতনতা গঢ়াত এই গীত-মাতৰ ভূমিকা অপৰিহার্য।
তেওঁ প্রকৃতি আৰু জীৱনচর্যাৰ উপলব্ধি লক্ষ্য কৰিলে পোনচাটেই প্রকৃতি গায়ক বা প্রকৃতি কবি হিচাপে অভিহিত কৰিব পাৰি। কাৰণ প্রকৃতি সাহিত্য হৈছে সেইবোৰ সাহিত্য য’ত কেৱল প্রাকৃতিক উপাদানৰ বর্ণনাই নহয়, সেই উপাদানসমূহৰ সংৰক্ষণ চেতনাৰ অনুৰণনো থাকে, যিটো ভূপেন হাজৰিকাৰ গীতত বাংময় হৈ উঠিছে।
উদ্ভিদকুলৰ অপৰূপ সৌন্দর্য, মনোৰম নৈসর্গিকতা, অৰণ্যৰ মোহনীয় সুবাস, বোৱতী নদীৰ কল্লোলিত ধ্বনি, হালি-জালি ফুলি উঠা ফুলৰ সুগন্ধি, পক্ষীৰ কাকলি আদিৰ অকৃত্রিম প্রাকৃতিক শব্দালাপে তেওঁক মনোমুগ্ধ কৰি তুলিছিল। পথাৰৰ সেউজ উপবনত ধাননিৰ মাজত হেৰাই যোৱা বগলীটোক বিচৰাত উদ্বাউল হোৱা ভূপেন হাজৰিকাই ৰং কিনিবা কোনে শীর্ষক গীতটোত গাইছে-
সেউজীয়া থোৰ মেলা ধাননিতে
বৰ আকাশৰ নীলা নীলা সীমাখিনিতে
উৰি ফুৰা বগটি হেৰালে;
বগ পাখিৰ বগা বিচাৰি খালোঁ মই হাবাথুৰি
বগটি কেনিবা লুকালে ?
ডাঠ-পাতল সেউজ বোলত
লুকাই থকা বগটিয়ে হাঁহি মাৰি ক’লে;
মোৰ পাখিৰ বগা কিনা, নাপাবা সঘনে।
পাহাৰ সেউজ আভৰণে প্রেমত পেলায় মানুহক। তাকেই গীতেৰে প্রাণ টানি নিয়া সুৰ জুৰি ভূপেন হাজৰিকাই ‘ৰং ৰং নানা ৰং’ গীতটিতগাইছে –
শাৰী শাৰী পাহাৰৰে সেউজ ৰং চোৱা
গঙা চিলনীৰ পাখী—-কেনে মোহনীয়া
সৰিয়হ ফুলনি চোৱাঁ—মিঠা হালধীয়া
আমাৰ এই যাত্ৰা চোৱাঁ—-নানা ৰহণীয়া
(আমি) ৰঙৰ পৃথিৱীখনি হাততে যে পাওঁ
সেই ৰং পৃথিৱীলৈ’ পুনু ছটিয়াওঁ।
সজাৰ চৰাইজাক চোৱাঁ—মুকলি যে হ’ল
বিশাল আকাশলৈ চোৱাঁ—পাখি মেলি মেলি গ’ল
পক্ষীৰ কাকলিৰ মোহত বন্দী হয় সময়। ঠিক মায়াময় জীৱনৰ দৰে । অথচ হেঁপাহ অথবা অপেক্ষাৰ ধীৰ বাটত থমকি ৰৈ অনাগত খোজ-
ৰিণিকি ৰিণিকি
শুনিছোঁ দূৰণিত
প্ৰভাতী পখীয়ে গীত গায়,
প্ৰভাতী পখীয়ে কিয় গায়?
প্ৰকৃতি চিন্তন আৰু মননৰ অধিকাৰী হোৱা বাবেই ভূপেন হাজৰিকাই কেৱল প্রাকৃতিক উপাদানৰ বর্ণনাই নহয়, মৰুভূমিতো মানৱতাৰ গীত গাবলৈ চেষ্টা কৰিছিল। সূক্ষ্ম পর্য্যৱেক্ষণনবোধেৰে কৰি তেওঁ কাজিৰঙা শীৰ্ষক গীতত গাইছে-
কাজিৰঙা, কাজিৰঙা
কাজিৰঙা ভয়াবহ নহয়
নহয় ই অভয়াৰণ্য
ইয়াতকৈও ভয়াবহ জানা
পৃথিৱীৰ জনঅৰণ্য।
অৰণ্য সৃষ্টিৰ প্রতীক। অৰণ্যৰ কোলাতেই তাহানিতে আৰম্ভ হৈছিল শিক্ষাৰ আদিপাঠ। পৰম্পৰাগত শিক্ষাৰ দূৱাৰদলি, অৰণ্যৰ সুকোমল ভূমি ভাৰতবর্ষ। সেয়ে তেওঁ আকৌ গাইছে-
অৰণ্যই যুগে যুগে জন্ম দিলে
সাধনাব্ৰতী ঋষি-মুনি
কত শত জ্ঞানৰ আদৰ্শ দিলে
দিলে কত মনিষী গুণী।
সেয়ে ভাৰত আজি হ’ল ধন্য।
কাজিৰঙাক প্রাণভৰি ভালপাইছিল ভূপেন হাজৰিকাই। সেয়ে ১৯৬৯ চনত তেখেতে কাজিৰঙাৰ বাগৰিৰ ওচৰৰ কুঠৰীত নিগাজিকৈ থাকিবলৈ লৈছিল। তাৰেই অনুৰণন শুনা যায় গীতটোত-
কাজিৰঙা মোৰ সেউজ সপোন
আপোন কঁহৰা বাগৰী
সীমাৰ লুইত আৰু ডিফলু আপোন
আপোন মৰমী কুঠৰী।
মোৰ কাজিৰঙাখনি অনন্য।
কাজিৰঙা কেৱল মাথোঁ অৰণ্য নহয়। ই উদ্ভিদ আৰু প্রাণী প্রজাতিৰ আৱাসভূমি।
কাজিৰঙাৰ চিৰসেউজ পৰিবেশ
হস্তী-ব্যাঘ্ৰৰে বাস
এক খড়্গৰ গঁড় পৃথিৱীয়ে চায়
পখীৰ সুৱদী প্ৰাকাশ।
মোৰ কাজিৰঙা নহয় যে বন্য।
কাজিৰঙাত জীৱ-জন্তুৰ আত্মপ্রীতি আৰু আপোন মগন জীৱনশৈলী মনকৰিবলগীয়া। য’ত হিংস্র জন্তুৰ পৰা আৰম্ভ কৰি নিশকতীয়া জন্তুৱে একে বনতে বাস কৰে। মানুহ নিজৰ স্বাৰ্থৰ মায়াত অহংকাৰকেন্দ্ৰিক হৈ পৰিছে আৰু প্ৰকৃতিৰ আহ্বানৰ প্রতি কাণসাৰ নকৰি পৰিৱেশকেন্দ্ৰিক জীৱনক প্রত্যাহ্বান জনাইছে।
অথচ সেই বন্য জীৱৰ জীৱনশৈলী আৰু মিলাপ্রীতি শিকিব পৰা নাই মানুহে। তাতেই নাৰাজ হৈ পৰিছে ভূপেন হাজৰিকা। ফলত তেখেতৰ কণ্ঠৰে নিগৰি আহিছে-
কাজিৰঙাত মিলিজুলি খেলে
গঁড় আৰু হৰিণীৰ জাক
(পিচে) জনৰ অৰণ্যত হিংস্ৰজনে
কাহানি শিকিবনো তাক।
সভ্য মানুহ হেনো মান্য!!
পাহাৰ আৰু ভৈয়াম একেটা মুদ্রাৰে দুটাৰে পিঠি। অথচ পাহাৰ-ভৈয়ামৰ মাজত একতাৰ বান্ধোনো আজি ক্রমশ: নিশকতীয়া হৈ আহিছে। সন্ত্ৰাসবাদ আৰু ৰক্তপাতৰ ভয়াবহ ছবি দেখি তেওঁ মোহভংগ হৈছে।তাৰেই চিন্তনৰ ৰেঙণি দেখা যায় ‘পাহাৰ ভৈয়ামৰ সংগম থলীতে(১৯৮৯) শীর্ষক গীতটোত-
ওখ ওখ শালবনৰ
ছাঁয়াৰ দেশত
মেঘ আৰু কুঁৱলীৰ
কোমল খেলাৰ
মায়াৰ দেশত
গোন্ধ বাৰুদৰ কত
নিহত জনৰ
কেঁচা তেজেৰে দেখোঁ
পৃথিৱী ৰঙীন।
কেনিবা হায় উৰি গʼল
সোণালী সুদিন।
ড° হাজৰিকাই অনুভৱ কৰিছিল যে ঔদ্যোগীকৰণ ব্যাপক বনাঞ্চল ধ্বংস, বনভূমিৰ প্রতি গুৰুত্বহীনতা, সাংৰক্ষণকামী চিন্তাৰ অভাৱে কেৱল মানৱ জাতিৰ অস্তিত্ব বিপন্ন কৰাই নহয়, বিশ্বৰ উদ্ভিদ আৰু প্ৰাণীৰ অস্তিত্বকো বিৰাট প্ৰত্যাহ্বান জনাইছে।
এনে পৰিস্থিতিত তেওঁ অনুভৱ কৰিছিল যে মানুহৰ মাজত পৰিৱেশ সচেতনতা গঢ় দিয়াৰ লগতে জনসচেতনতা আৰু জনতাৰ অংশগ্রহণেৰেহে পৰৱৰ্তী প্ৰজন্মৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলা সম্ভৱ। তেওঁ মানৱ জাতিক বনাঞ্চল সংৰক্ষণৰ বিষয়ে সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যেৰে শুনা শুনা হে শীর্ষক গীতটিত গাইছে-
শুনা শুনা হে
শুনা পাতি কাণ,
বিজ্ঞানসন্মত বনভূমিৰ অৱদান।।
দূৰৈৰ বন ভূমিত সৌ
সুৰুয ভৈলা দৃষ্ট
সূৰুযৰ জ্যোতিৰে বন
ভৈলা পৰিপুষ্ট।।
গছ-বন কেৱল ছাঁ দিয়াৰ উৎসই নহয়। ই কার্বন- ডাই- অক্সাইড শোষণ কৰাৰ লগতে অক্সিজেন যোগান দি জীৱ সমুদায়ৰ প্রাণবায়ু বর্তাই ৰাখে। এই বৈজ্ঞানিক মনস্কতাৰ পৰিচায়ক কথাংশক গীতৰ মাধ্যমেৰে তেওঁ তুলি ধৰিছে এনেদৰে-
বন এক কাৰখানা
জ্যোতি প্ৰপাতৰ
অম্লজান বাষ্প সৃষ্টি
কৰে নিৰন্তৰ।।
প্ৰকৃতিৰ পৰা বনে অʼ
কৰে আহৰণ
বৈজ্ঞানিক উপাদান
কৰি মন্থন
তেনে ভাবে তৰু তৃণে
স্ৰজে শ্বেতসাৰ
সেহি খাদ্যত পায় জীৱে
জীৱনৰ আহাৰ।।
গীতটিত বনাঞ্চল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ গুৰুত্বতাক গণমুখী কৰাৰ লগতে সংৰক্ষণ চেতনাৰ বীজ প্রোথিত কৰাৰ উদ্দেশ্যে ফুটাই তুলিবলৈ যত্ন কৰা হৈছে-
বনভূমি সেৱাৰ থলী হে
মানৱ কল্যাণৰ
বন সংৰক্ষণ হওক
চিন্তা সমাজৰ।।
কুঁৱলী প্রকৃতিৰ অনুপম সৃষ্টি। ই শাৰদী পুৱাক ন-ৰূপ দিয়ে। ঢাকি ৰাখে বগা কপাহী আৱৰণেৰে। ঠিক মানুহেও ডূব যায় পাহৰণিৰ কুঁৱলীত। কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি গীতটিত সেই অনুভৱক নিটোল ৰূপত প্রকাশ কৰিছে-
কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি ।
অক্সিজেনৰ অভাৱৰ বেলিকা আমাৰ মনলৈ আহিছে গছৰ কথা। বিশুদ্ধ অক্সিজেনৰ ভাণ্ডাৰ বন-বননিৰ কথা। নিৰ্বনীকৰণৰ ভয়াৱহতাই কেনেকৈ তিলতিলকৈ আমাক তুলাধনা কৰিবলৈ আগবাঢ়িছে তাকেই বুজাইছে প্ৰকৃতিয়ে, ধৰিত্ৰীয়ে। মানুহ ধৰিত্ৰীৰ সন্তান।
সেয়েহে ড° ভূপেন হাজৰিকাই কৃষক আৰু মানুহৰ সম্পৰ্কৰ কথাৰে লিখিছিল-
অ মোৰ ধৰিত্ৰী আই
চৰণতে দিবা ঠাই
খেতিয়কৰ নিস্তাৰ নাই
মাটি বিনে অসহায়
দয়া কৰা দয়াশীলা আই।
অপৰূপা অৰুণাচলৰ বোৱতী নদীয়ে ভূপেন হাজৰিকাৰ মন-প্রাণ ভৰাই তুলিছিল। কামেং, চিয়া, লোহিত, টিৰাপ, সোৱণশিৰীৰ নিভাঁজ স্বৰৰ প্রেমত পৰি তেখেতে লিখিছিল অৰুণ কিৰণ শীষ ভূষণ। নেফাৰ পৰা অৰুণাচল নামেৰে পৰিচিত হোৱাৰ দিনা অর্থাৎ ১৯৭২ চনৰ ২০ জানুৱাৰী তাৰিখে তেখেতৰ কল্লোলিত কণ্ঠৰে নিগৰি উলাইছিল অৰুণাচলৰ জাতীয় সংগীতটি-
অৰুণ কিৰণ শীষ ভূষণ,
অৰুণ কিৰণ শীষ ভূষণ,
কণ্ঠ হিম কী ধাৰা,
প্ৰভাত সূৰজ চুম্বিত দেশ,
অৰুণাচল হামাৰা,
অৰুণাচল হামাৰা,
ভাৰত মা কা ৰাজদুলাৰা
ভাৰত মা কা ৰাজদুলাৰা
অৰুণাচল হামাৰা!
সুবিশাল আকাশৰ দৰে বিশাল ব্যক্তিত্ত্বৰ অধিকাৰী গণকণ্ঠ ভূপেন হাজৰিকাই গীত-মাতেৰে সাংস্কৃতিক সুৰক্ষাই নহয় পৰিৱেশ সুৰক্ষাৰ গণসংগ্রামখনলৈ চিৰস্মৰণীয় অৱদান আগবঢ়াই থৈ গৈছে। গীত, কথা আৰু শব্দৰে সকীয়াই থৈ গৈছে অসম আৰু অসমীয়াক।
তেখেতৰ সৃষ্টি চেতনা, প্রগতিশীল চিন্তা আৰু আলোকৰ বাটেৰে আমিয়েই আগবঢ়াই আমাৰ উত্তৰসূৰীসকলক আগবঢ়াই নিয়াৰ দায়িত্ব এতিয়া আমাৰ। এই নৈতিক দায়িত্ব কান্ধ পাতি লৈ প্রকৃতি সংৰক্ষণৰ ক্ষেত্রখনতো সকলোৱে সহযোগিতাৰে খোজ পেলাব বুলি আমি আশাবাদী।
ৰতনপুৰ বাগিচাত
লহ্পহীয়া হাতেৰে কোনেনো ছিঙিলে
অʼ কোনেনো ছিঙিলে?
এন্ধাৰ কলা চুলিৰে
জবা ফুলৰ পাহিৰে
পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে
অʼ কোনেনো হাঁহিলে?
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)