• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Bhupen Hazarika

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

ASSAMESE SECTION /Bhupen Hazarika

by Manas Pratim Dutta
September 8, 2025
in Bhupen Hazarika, ASSAMESE SECTION, Music, Nature
Reading Time: 9 mins read
0
ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা
Share on FacebookShare on TwitterShare on LinkedIn

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

মানস প্রতিম দত্ত

Manas Pratim Dutta
মানস প্রতিম দত্ত

    অসম আৰু অসমীয়াৰ জন-জীৱন, সমাজ-সংস্কৃতি-ঐতিহ্যৰ এচোৱা সময় প্রতিনিধিত্ব কৰি অসমৰ জীয়া ছবি তুলি ধৰা সমাজ-বিজ্ঞানীজনেই হ’ল জনতাৰ শিল্পী, সুধাকণ্ঠ, গণকণ্ঠ ভূপেন হাজৰিকা।

সকলোৰে বাবে – ভূপেন দা। তেখেতৰ উদাত্ত কণ্ঠ, সুকোমল গীত, কথা সুকোমল অথচ তীক্ষ্ণ আৰু দৃঢ়।

ড০ ভূপেন হাজৰিকাৰ গীত-মাত, চিন্তনত পৰিৱেশ সচেতনতা আৰু পৰিৱেশ চিন্তন মনকৰিবলগীয়া। ভূপেন হাজৰিকাৰ গীত-মাতত প্রকৃতিৰ বর্ণনা আৰু প্রকৃতি-মানুহৰ সম্পর্ক বোধৰ সাধনাই বহনক্ষম পাৰিপার্শ্বিক জীৱনশৈলীৰ বাস্তৱ ৰূপ ফুটাই তোলে। কেৱল গীত-মাতৰ ৰূপমা বা উপমা হিচাপে নহয়, বৰং সংৰক্ষণ আৰু বাস্তৱ চিন্তনেৰে জনসচেতনতা গঢ়াত এই গীত-মাতৰ ভূমিকা অপৰিহার্য।

তেওঁ প্রকৃতি আৰু জীৱনচর্যাৰ উপলব্ধি লক্ষ্য কৰিলে পোনচাটেই প্রকৃতি গায়ক বা প্রকৃতি কবি হিচাপে অভিহিত কৰিব পাৰি। কাৰণ প্রকৃতি সাহিত্য হৈছে সেইবোৰ সাহিত্য য’ত কেৱল প্রাকৃতিক উপাদানৰ বর্ণনাই নহয়, সেই উপাদানসমূহৰ সংৰক্ষণ চেতনাৰ অনুৰণনো থাকে, যিটো ভূপেন হাজৰিকাৰ গীতত বাংময় হৈ উঠিছে।

উদ্ভিদকুলৰ অপৰূপ সৌন্দর্য, মনোৰম নৈসর্গিকতা, অৰণ্যৰ মোহনীয় সুবাস, বোৱতী নদীৰ কল্লোলিত ধ্বনি, হালি-জালি ফুলি উঠা ফুলৰ সুগন্ধি, পক্ষীৰ কাকলি আদিৰ অকৃত্রিম প্রাকৃতিক শব্দালাপে তেওঁক মনোমুগ্ধ কৰি তুলিছিল। পথাৰৰ সেউজ উপবনত ধাননিৰ মাজত হেৰাই যোৱা বগলীটোক বিচৰাত উদ্বাউল হোৱা ভূপেন হাজৰিকাই ৰং কিনিবা কোনে শীর্ষক গীতটোত গাইছে-

সেউজীয়া থোৰ মেলা ধাননিতে

বৰ আকাশৰ নীলা নীলা সীমাখিনিতে

উৰি ফুৰা বগটি হেৰালে;

বগ পাখিৰ বগা বিচাৰি খালোঁ মই হাবাথুৰি

বগটি কেনিবা লুকালে ?

ডাঠ-পাতল সেউজ বোলত

লুকাই থকা বগটিয়ে হাঁহি মাৰি ক’লে;

মোৰ পাখিৰ বগা কিনা, নাপাবা সঘনে।

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

পাহাৰ সেউজ আভৰণে প্রেমত পেলায় মানুহক। তাকেই গীতেৰে প্রাণ টানি নিয়া সুৰ জুৰি ভূপেন হাজৰিকাই ‘ৰং ৰং নানা ৰং’ গীতটিতগাইছে –

শাৰী শাৰী পাহাৰৰে সেউজ ৰং চোৱা

গঙা চিলনীৰ পাখী—-কেনে মোহনীয়া

সৰিয়হ ফুলনি চোৱাঁ—মিঠা হালধীয়া

আমাৰ এই যাত্ৰা চোৱাঁ—-নানা ৰহণীয়া

(আমি) ৰঙৰ পৃথিৱীখনি হাততে যে পাওঁ

সেই ৰং পৃথিৱীলৈ’ পুনু ছটিয়াওঁ।

সজাৰ চৰাইজাক চোৱাঁ—মুকলি যে হ’ল

বিশাল আকাশলৈ চোৱাঁ—পাখি মেলি মেলি গ’ল

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

পক্ষীৰ কাকলিৰ মোহত বন্দী হয় সময়। ঠিক মায়াময় জীৱনৰ দৰে । অথচ হেঁপাহ অথবা অপেক্ষাৰ ধীৰ বাটত থমকি ৰৈ অনাগত খোজ-

ৰিণিকি ৰিণিকি

শুনিছোঁ দূৰণিত

প্ৰভাতী পখীয়ে গীত গায়,

প্ৰভাতী পখীয়ে কিয় গায়?

প্ৰকৃতি চিন্তন আৰু মননৰ অধিকাৰী হোৱা বাবেই ভূপেন হাজৰিকাই কেৱল প্রাকৃতিক উপাদানৰ বর্ণনাই নহয়, মৰুভূমিতো মানৱতাৰ গীত গাবলৈ চেষ্টা কৰিছিল। সূক্ষ্ম পর্য্যৱেক্ষণনবোধেৰে কৰি তেওঁ কাজিৰঙা শীৰ্ষক গীতত গাইছে-

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

কাজিৰঙা, কাজিৰঙা

কাজিৰঙা ভয়াবহ নহয়

নহয় ই অভয়াৰণ্য

ইয়াতকৈও ভয়াবহ জানা

পৃথিৱীৰ জনঅৰণ্য।

অৰণ্য সৃষ্টিৰ প্রতীক। অৰণ্যৰ কোলাতেই তাহানিতে আৰম্ভ হৈছিল শিক্ষাৰ আদিপাঠ। পৰম্পৰাগত শিক্ষাৰ দূৱাৰদলি, অৰণ্যৰ সুকোমল ভূমি ভাৰতবর্ষ। সেয়ে তেওঁ আকৌ গাইছে-

অৰণ্যই যুগে যুগে জন্ম দিলে

সাধনাব্ৰতী ঋষি-মুনি

কত শত জ্ঞানৰ আদৰ্শ দিলে

দিলে কত মনিষী গুণী।

সেয়ে ভাৰত আজি হ’ল ধন্য।

কাজিৰঙাক প্রাণভৰি ভালপাইছিল ভূপেন হাজৰিকাই। সেয়ে ১৯৬৯ চনত তেখেতে কাজিৰঙাৰ বাগৰিৰ ওচৰৰ কুঠৰীত নিগাজিকৈ থাকিবলৈ লৈছিল। তাৰেই অনুৰণন শুনা যায় গীতটোত-

কাজিৰঙা মোৰ সেউজ সপোন

আপোন কঁহৰা বাগৰী

সীমাৰ লুইত আৰু ডিফলু আপোন

আপোন মৰমী কুঠৰী।

মোৰ কাজিৰঙাখনি অনন্য।

কাজিৰঙা কেৱল মাথোঁ অৰণ্য নহয়। ই উদ্ভিদ আৰু প্রাণী প্রজাতিৰ আৱাসভূমি।

কাজিৰঙাৰ চিৰসেউজ পৰিবেশ

হস্তী-ব্যাঘ্ৰৰে বাস

এক খড়্গৰ গঁড় পৃথিৱীয়ে চায়

পখীৰ সুৱদী প্ৰাকাশ।

মোৰ কাজিৰঙা নহয় যে বন্য।

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

কাজিৰঙাত জীৱ-জন্তুৰ আত্মপ্রীতি আৰু আপোন মগন জীৱনশৈলী মনকৰিবলগীয়া। য’ত হিংস্র জন্তুৰ পৰা আৰম্ভ কৰি নিশকতীয়া জন্তুৱে একে বনতে বাস কৰে। মানুহ নিজৰ স্বাৰ্থৰ মায়াত অহংকাৰকেন্দ্ৰিক হৈ পৰিছে আৰু প্ৰকৃতিৰ আহ্বানৰ প্রতি কাণসাৰ নকৰি পৰিৱেশকেন্দ্ৰিক জীৱনক প্রত্যাহ্বান জনাইছে।

অথচ সেই বন্য জীৱৰ জীৱনশৈলী আৰু মিলাপ্রীতি শিকিব পৰা নাই মানুহে। তাতেই নাৰাজ হৈ পৰিছে ভূপেন হাজৰিকা। ফলত তেখেতৰ কণ্ঠৰে নিগৰি আহিছে-

কাজিৰঙাত মিলিজুলি খেলে

গঁড় আৰু হৰিণীৰ জাক

(পিচে) জনৰ অৰণ্যত হিংস্ৰজনে

কাহানি শিকিবনো তাক।

সভ্য মানুহ হেনো মান্য!!

পাহাৰ আৰু ভৈয়াম একেটা মুদ্রাৰে দুটাৰে পিঠি। অথচ পাহাৰ-ভৈয়ামৰ মাজত একতাৰ বান্ধোনো আজি ক্রমশ: নিশকতীয়া হৈ আহিছে। সন্ত্ৰাসবাদ আৰু ৰক্তপাতৰ ভয়াবহ ছবি দেখি তেওঁ মোহভংগ হৈছে।তাৰেই চিন্তনৰ ৰেঙণি দেখা যায় ‘পাহাৰ ভৈয়ামৰ সংগম থলীতে(১৯৮৯) শীর্ষক গীতটোত-

ওখ ওখ শালবনৰ

ছাঁয়াৰ দেশত

মেঘ আৰু কুঁৱলীৰ

কোমল খেলাৰ

মায়াৰ দেশত

গোন্ধ বাৰুদৰ কত

নিহত জনৰ

কেঁচা তেজেৰে দেখোঁ

পৃথিৱী ৰঙীন।

কেনিবা হায় উৰি গʼল

সোণালী সুদিন।

ড° হাজৰিকাই অনুভৱ কৰিছিল যে ঔদ্যোগীকৰণ ব্যাপক বনাঞ্চল ধ্বংস, বনভূমিৰ প্রতি গুৰুত্বহীনতা, সাংৰক্ষণকামী চিন্তাৰ অভাৱে  কেৱল মানৱ জাতিৰ অস্তিত্ব বিপন্ন কৰাই নহয়, বিশ্বৰ উদ্ভিদ আৰু প্ৰাণীৰ অস্তিত্বকো বিৰাট প্ৰত্যাহ্বান জনাইছে।

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

এনে পৰিস্থিতিত তেওঁ অনুভৱ কৰিছিল যে মানুহৰ মাজত পৰিৱেশ সচেতনতা গঢ় দিয়াৰ লগতে জনসচেতনতা আৰু জনতাৰ অংশগ্রহণেৰেহে পৰৱৰ্তী প্ৰজন্মৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলা সম্ভৱ। তেওঁ মানৱ জাতিক বনাঞ্চল সংৰক্ষণৰ বিষয়ে সম্যক ধাৰণা দিয়াৰ উদ্দেশ্যেৰে শুনা শুনা হে শীর্ষক গীতটিত গাইছে-

শুনা শুনা হে

শুনা পাতি কাণ,

বিজ্ঞানসন্মত বনভূমিৰ অৱদান।।

দূৰৈৰ বন ভূমিত সৌ

সুৰুয ভৈলা দৃষ্ট

সূৰুযৰ জ্যোতিৰে বন

ভৈলা পৰিপুষ্ট।।

গছ-বন কেৱল ছাঁ দিয়াৰ উৎসই নহয়। ই কার্বন- ডাই- অক্সাইড শোষণ কৰাৰ লগতে অক্সিজেন যোগান দি জীৱ সমুদায়ৰ প্রাণবায়ু বর্তাই ৰাখে। এই বৈজ্ঞানিক মনস্কতাৰ পৰিচায়ক কথাংশক গীতৰ মাধ্যমেৰে তেওঁ তুলি ধৰিছে এনেদৰে-

বন এক কাৰখানা

জ্যোতি প্ৰপাতৰ

অম্লজান বাষ্প সৃষ্টি

কৰে নিৰন্তৰ।।

প্ৰকৃতিৰ পৰা বনে অʼ

কৰে আহৰণ

বৈজ্ঞানিক উপাদান

কৰি মন্থন

তেনে ভাবে তৰু তৃণে

স্ৰজে শ্বেতসাৰ

সেহি খাদ্যত পায় জীৱে

জীৱনৰ আহাৰ।।

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

গীতটিত বনাঞ্চল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ গুৰুত্বতাক গণমুখী কৰাৰ লগতে সংৰক্ষণ চেতনাৰ বীজ প্রোথিত কৰাৰ উদ্দেশ্যে ফুটাই তুলিবলৈ যত্ন কৰা হৈছে-

বনভূমি সেৱাৰ থলী হে

মানৱ কল্যাণৰ

বন সংৰক্ষণ হওক

চিন্তা সমাজৰ।।

কুঁৱলী প্রকৃতিৰ অনুপম সৃষ্টি। ই শাৰদী পুৱাক ন-ৰূপ দিয়ে। ঢাকি ৰাখে বগা কপাহী আৱৰণেৰে। ঠিক মানুহেও ডূব যায় পাহৰণিৰ কুঁৱলীত। কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি গীতটিত সেই অনুভৱক নিটোল ৰূপত প্রকাশ কৰিছে-

কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?

অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি ।

অক্সিজেনৰ অভাৱৰ বেলিকা আমাৰ মনলৈ আহিছে গছৰ কথা। বিশুদ্ধ অক্সিজেনৰ ভাণ্ডাৰ বন-বননিৰ কথা। নিৰ্বনীকৰণৰ ভয়াৱহতাই কেনেকৈ তিলতিলকৈ আমাক তুলাধনা কৰিবলৈ আগবাঢ়িছে তাকেই বুজাইছে প্ৰকৃতিয়ে, ধৰিত্ৰীয়ে। মানুহ ধৰিত্ৰীৰ সন্তান।

সেয়েহে ড° ভূপেন হাজৰিকাই কৃষক আৰু মানুহৰ সম্পৰ্কৰ কথাৰে লিখিছিল-

অ মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই

খেতিয়কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা দয়াশীলা আই।

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

অপৰূপা অৰুণাচলৰ বোৱতী নদীয়ে ভূপেন হাজৰিকাৰ মন-প্রাণ ভৰাই তুলিছিল। কামেং, চিয়া, লোহিত, টিৰাপ, সোৱণশিৰীৰ নিভাঁজ স্বৰৰ প্রেমত পৰি তেখেতে লিখিছিল অৰুণ কিৰণ শীষ ভূষণ। নেফাৰ পৰা অৰুণাচল নামেৰে পৰিচিত হোৱাৰ দিনা অর্থাৎ ১৯৭২ চনৰ ২০ জানুৱাৰী তাৰিখে তেখেতৰ কল্লোলিত কণ্ঠৰে নিগৰি উলাইছিল অৰুণাচলৰ জাতীয় সংগীতটি-

অৰুণ কিৰণ শীষ ভূষণ,

অৰুণ কিৰণ শীষ ভূষণ,

কণ্ঠ হিম কী ধাৰা,

প্ৰভাত সূৰজ চুম্বিত দেশ,

অৰুণাচল হামাৰা,

অৰুণাচল হামাৰা,

ভাৰত মা কা ৰাজদুলাৰা

ভাৰত মা কা ৰাজদুলাৰা

অৰুণাচল হামাৰা!

সুবিশাল আকাশৰ দৰে বিশাল ব্যক্তিত্ত্বৰ অধিকাৰী গণকণ্ঠ ভূপেন হাজৰিকাই গীত-মাতেৰে সাংস্কৃতিক সুৰক্ষাই নহয় পৰিৱেশ সুৰক্ষাৰ গণসংগ্রামখনলৈ চিৰস্মৰণীয় অৱদান আগবঢ়াই থৈ গৈছে। গীত, কথা আৰু শব্দৰে সকীয়াই থৈ গৈছে অসম আৰু অসমীয়াক।

তেখেতৰ সৃষ্টি  চেতনা, প্রগতিশীল চিন্তা আৰু আলোকৰ বাটেৰে আমিয়েই আগবঢ়াই আমাৰ উত্তৰসূৰীসকলক আগবঢ়াই নিয়াৰ দায়িত্ব এতিয়া আমাৰ। এই নৈতিক দায়িত্ব কান্ধ পাতি লৈ প্রকৃতি সংৰক্ষণৰ ক্ষেত্রখনতো সকলোৱে সহযোগিতাৰে খোজ পেলাব বুলি আমি আশাবাদী।

ভূপেন হাজৰিকাৰ গীতত পাৰিপাৰ্শ্বিক চেতনা

ৰতনপুৰ বাগিচাত

লহ্‌পহীয়া হাতেৰে কোনেনো ছিঙিলে

অʼ কোনেনো ছিঙিলে?

এন্ধাৰ কলা চুলিৰে

জবা ফুলৰ পাহিৰে

পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে

অʼ কোনেনো হাঁহিলে?

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d