• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ভূপেন হাজৰিকা: নিজকে সমালোচনা কৰাৰ সময়

ASSAMESE SECTION / Bhupen Hazarika

by Editor
September 8, 2025
in Bhupen Hazarika, Special Report
Reading Time: 4 mins read
0
ভূপেন হাজৰিকা: নিজকে সমালোচনা কৰাৰ সময়
Share on FacebookShare on TwitterShare on LinkedIn

ভূপেন হাজৰিকা : নিজকে সমালোচনা কৰাৰ সময়

ড০ ভূপেন হাজৰিকা

নিজকে সমালোচনা কৰাৰ সময়

(অসম আন্দোলনৰ পটভূমিত ড০ ভূপেন হাজৰিকাই ১৯৮০ চনত মহাবাহু আলোচনীত লেখা এটা উল্লেখযোগ্য প্ৰবন্ধ পাঠক সমাজৰ বাবে দাঙি ধৰিলো...)

এই ১৯৮০ৰ ছেপ্টেম্বৰ মাহৰ অসমত দেখিছো কি?

বৰ লুইতৰ বান।

উত্তৰ-পূৰ্ব ভাৰতৰ সকলো নিজৰা, সকলো নৈ বৈ আহি বৰ লুইতক ওফন্দাই তুলিছে। আনহাতে বৰ লুইতৰ পানী সোমাই পৰ্বতৰ জান-জুৰিকো সাগৰ কৰি তুলিছে। সিফালে মানুহৰ সমাজৰ লুইতখনিক ভাগ ভাগকৈ থাকিবলৈ, ভাগ ভাগকৈ ভাবিবলৈ, ভাগ ভাগকৈ চিন্তা কৰিবলৈ ভাঙোনমুখী সমাজবিৰোধীসকলৰ অপচেষ্টাৰ বোমা ক’ৰবাত ক’ৰবাত ফুটোৱা হৈছে।

তাৰপিনে আঙুলিয়াই অসমৰ বাহিৰত সংবাদ-পত্ৰসমূহে চিঞৰিছে—‍‘দেখিছানে দিল্লী, অসমত সকলোৱে একেলগে একেটা কথাকে ভবা নাই—একেটা কথাকে বিচৰা নাই—।’

দিল্লীয়েও সেই একে কথাকে প্ৰতিধ্বনিত কৰি মাকোৱানাসকলৰদ্বাৰা মক্-মকোৱাইছেহি। এইবোৰ হ’ল ক্ষন্তেকীয়া। মোৰ মতে।


ধৰক, আজি বড়োসকলে, মিচিংসকলে, দেউৰীসকলে, শ্যামসকলে, ৰাভাসকলে, চাহ মজদুৰসকলে, ন-অসমীয়া মৈমনসিঙীয়াসকলে, বঙালী হিন্দুসকলে—একোখন একোখন জিলাতে নিজৰ নিজৰ একোখন একোখন ৰাজ্য পাতি ল’লে। ধৰক, দিল্লীয়ে তাতে অসমীয়াসকলক ‍‘ৰাক্ষস’ বুলি ধৰি লৈ সহায়ো কৰি দিলে। তেতিয়া সেই ফৰ্মূলা মতে সমান্তৰালভাৱে, বংগদেশতো উত্তৰৰ পিনে গোৰ্খালেণ্ড, ঝাৰখণ্ড, উত্তৰখণ্ড, ত্ৰিপুৰাত ত্ৰিপুৰীসকলৰ একোখন ৰাজ্য হ’বও লাগিব।

তেতিয়াই সকলোৰে সকলো সমস্যা সমাধা হৈ যাব নেকি?

অসমীয়াই যদি বঙালীৰ ‍‘বঙালীয়ানা’ক ভয় কৰিছে বুলি কয়, তেতিয়া অসমীয়া বুদ্ধিজীৱীয়েই অসমীয়াক ‍‘ফেচিষ্ট, শ্বভিনিষ্ট’ বুলি অসমৰ বাহিৰৰ কাকতত লিখা দেখো। অসমৰ বড়ো ভাইসকলক বঙালীসকলেহে অসমীয়াৰ অত্যাচাৰৰপৰা হেনো বচাব। অন্ততঃ কলিকতীয়া কাকতসমূহত বড়ো নেতাসকলক বৰ আসন দিয়া আমাৰ চকুত সদায় পৰি আহিছে।

সেইটোৱেই যদি হয়, তেন্তে উত্তৰ বংগত চি.পি.এম.এলৰ সন্তোষ ৰাণা আদিয়ে ঝাৰখণ্ড বিচাৰি কিয় কয়—‍‘আমি বঙালী নহওঁ, আমি আমিহে।’ ধৰি থকা বৈধ বঙলাভাষী নাগৰিকসকলে—ত্ৰিপুৰাত দেৱবৰ্মণসকলে কিয় কয়—‍‘আমাৰ অস্তিত্ব আমাক ওভতাই দিব লাগে।’ বঙালীৰ শ্বভিনিজম আছে নেকি? অসমীয়াই অসমৰ জনজাতিসকলক শ্বভিনিজম দেখুৱাই আহিছে নেকি?

হয়তো আমাৰ পুৰণিচামে আমাৰ জনজাতিসকলক যিমান সন্মান দেখুৱাব লাগিছিল, যিমানখিনি প্ৰাপ্য দিব লাগিছিল—সেইখিনিৰপৰা বঞ্চিত কৰিছিল আংশিকভাৱে। কিন্তু এতিয়াৰ নতুন পুৰুষৰ এই দীঘলীয়া আন্দোলনৰ ইতিবাচক দিশটোত এটা নতুন সত্য আমি দেখা নাইনে? দিল্লীয়ে দেখা নাইনে? উত্তৰ-পূৰ্বাঞ্চলৰ সাতভনীৰ বুজাবুজিৰ নিজৰাবোৰ লুইতলৈ ফেনে-ফোটোকাৰে বৈ অহা দেখা নাইনে?

আৰু ই যে ক্ষণস্থায়ী নহয়—এই কথা, এই সত্য মস্তিষ্কবিহীন এজনেও নুই কৰিব পাৰিবনে? আমাৰ সকলোৰে—স্ব-বিশ্লেষণৰ সময় আহিছে। বঙালীসকলৰো সময় আহিছে। এতিয়াই বিশ্লেষণ নকৰিলে বিষ্ণু ৰাভাসকলৰ জীৱন-পণ আৰু মৃত্যু অথলে যাব। অথলে মহাসত্যক যাবলৈ দিব নোৱাৰি। সত্য অগ্নি হ’লেও সত্য।

নিজকে সমালোচনা কৰাৰ সময়

ব্ৰিটিছ সাম্ৰাজ্যবাদক আমি ঘিণ কৰো। কিন্তু শ্বেক্সপীয়েৰ বা শ্বেলীক আমি সন্মান কৰো। এজন খাচিয়ে শ্বিলঙত বিষ্ণুপুৰ পতাটোক ঘিণ কৰিব পাৰে, টিৰোট সিঙৰ নামত এখন পুৰ নপতাটোক ঘিণ কৰিব পাৰে—কিন্তু অসমীয়া কবিৰ এটি সুন্দৰ কবিতাক সন্মান কৰি আহিছে।


কিন্তু ‍‘উচ্চমন্যতা’? কোনেও কাৰো উচ্চমন্যতাক আজিকালি সন্মান নকৰে। এজন বড়োই এজন ৰাভাৰ ওপৰত যদি ‍‘উচ্চমন্যতা’ দেখুৱায়—তেতিয়া ৰাভাজনেও সহ্য নকৰিব। নকৰে। সেয়ে আমি অসমবাসীসকলে নিজৰ নিজৰ ‍‘উচ্চমন্যতা’সমূহ বিশ্লেষণ কৰাৰ সময় আহিছে।


বঙালীসকলৰ ‍‘বঙালীয়ানা’ৰ বিশ্লেষণ মই কৰিলে পক্ষপাতিত্বৰ দোষত দোষী কৰিব পাৰে কোনোবাই। কিন্তু এজন স্বনামধন্য বঙালী বুদ্ধিজীৱীয়ে যদি নিজৰ বঙালীয়ানাক শাণিত, সত্য কটাৰীৰে প’ষ্টমৰ্টেম কৰে, তেন্তে অসমত যুগ যুগ নপঢ়িবনে? আমাৰ অসমৰ জনজাতিসকলে (অসমীয়াহে ‍‘শোষক’ বুলি হঠাতে ঘিণ কৰাসকলে) সেই বিশ্লেষণ পঢ়ি নেচাবনে?

আমি সকলোৱে অৰ্থনৈতিক আৰু সাংস্কৃতিক মুক্তিৰ সংগ্ৰামত আগুৱাই যাবই লাগিব। আমি জিলাই জিলাই একোখন হেন ৰাজ্য, তেন ৰাজ্য পাতি ল’লেও, কিম্বা বহুতো ছাব্-ডিভিজন আৰু ডিষ্ট্ৰীক্ট কাউন্সিল পাতি ল’লেও—ভৌগোলিকভাৱে এই পূৰ্ব-ভাৰতত বাস কৰিবই লাগিব। আমাৰ কোনো গৈ ঢাকা, কোচবিহাৰ বা মৰিচঝাপিত কল’নি পাতিবলৈ নেযায়। দৰকাৰো নাই।

উত্তৰ-পূৰ্বাঞ্চলৰ অভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীসকলক মাকোৱানাসকলে কান্ধত তুলি সাংবিধানিকভাৱেই ভাৰতৰ বাহিৰ কৰিবই লাগিব, নহ’লে সমগ্ৰ ভাৰততে ভগাই ল’ব লাগিবই। সেইটো বেলেগ কথা। কিন্তু আমাৰ বিষ্ণু ৰাভাৰ দেশত আমাৰ জনজাতীয়ই অসমীয়াক শ্বভিনিজমৰ দোষত সম্পূৰ্ণভাৱে দোষী কৰি, বঙালীসকলেহে তেওঁলোকৰ সংস্কৃতিক অধিক সন্মান দিয়ে বুলিলে—সমন্বয়প্ৰেমীসকলৰ দুখ লগা স্বাভাৱিক।

বঙালীসকলৰ স্ব-বিশ্লেষণ এটি মই হুবহু অনুবাদ কৰি দিয়াৰ লোভ সামৰিব নোৱাৰিলো। এতিয়াৰ পশ্চিমবংগৰ সবাতোকৈ ‍‘বঙালীয়ানা’ ভাল পোৱা দৈনিক আনন্দবাজাৰ পত্ৰিকাৰ (১৮-৭-৮০) সম্পাদকীয় পৃষ্ঠাত বৰ ডাঙৰ হৰফেৰে প্ৰকাশিত হোৱা শ্ৰীঅশোক ৰূদ্ৰৰ এই প্ৰবন্ধৰ অনুবাদটি পঠালো। অসমৰ জনজাতি আৰু অসমৰ বঙলাভাষীসকলৰ চিন্তাত ই কিছু সহায় কৰিব পাৰে।


‍‘আমাদেৰ বঙালীয়ানা’/অশোক ৰূদ্ৰঃ ‍‘আমি বঙালী বাস কৰো বৰদ বংগত। স্ব-জাত্যভিমান বেপাৰটো খুব অসাধাৰণ নহয়—মানৱ জাতিৰ অধিক ভাগ গোষ্ঠীয়েই নিজ শ্ৰেষ্ঠতা সম্বন্ধে নানাবিধ কাল্পনিক ধাৰণা পোষণ কৰি থাকে। কিঞ্চিৎ অভিমান বোধহয় দোষণীয় নহয়। একেবাৰে অভিমানবোধ নেথাকিলে স্বজাতি বা স্ব-গোষ্ঠীৰ উন্নতি সাধনত মানুহে বোধহয় আগুৱাই যাব নোৱাৰে। কিন্তু যেতিয়া গণ্ডগোল হয় তেতিয়া কোনো গোষ্ঠীয়ে বা জাতিৰ লোকে সঁচাকৈয়ে নিজ শ্ৰেষ্ঠতা সম্বন্ধে নিঃসন্দেহ হৈ উঠে।

‍‘কিমানদিনৰপৰা বঙালীসকল উচ্চমন্যতা ৰোগত ভুগিছে তাক অধিকভাৱে প্ৰকাশ কৰিব নোৱাৰি। গোখলেই যেতিয়া কৈছিল—“What Bengal thinks today, India thinks tomorrow;” তেতিয়াৰপৰাই ই প্ৰচলিত হৈ আহিছে। বোধহয় তাৰো আগৰপৰাই। বঙালীসকলেই পোনপ্ৰথমে গ্ৰহণ কৰে ইংৰাজী ভাষা, তাৰ ফলতেই ঊনবিংশ শতাব্দীতেই ইংৰাজসকলৰ প্ৰতিনিধি হৈ বঙালী লোকসকলে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন সামাজিক প্ৰসংগত আগৰণুৱাৰ ভূমিকা গ্ৰহণ কৰিছিল। এই ঐতিহাসিক ঘটনাতেই বোধহয় বঙালীসকলৰ উচ্চমন্যতাৰ প্ৰকাশ নিহিত হৈ আছে। প্ৰাক্ ব্ৰিটিছ যুগত বঙালীসকলৰ তেনে কোনো ভূমিকা নাছিল। বঙালীসকল নিজৰ শ্ৰেষ্ঠতা সম্পৰ্কে খুব যে সোচ্চাৰ আছিল, তাৰো কোনো প্ৰমাণ পোৱা নাছিল।

নিজকে সমালোচনা কৰাৰ সময়

‍‘মোৰ ধাৰণা আমাৰ সমাজ-জীৱনত যিবোৰ সমস্যা জড়িত হৈ আছে সেইবোৰৰ সমাধানৰ পথত অন্যতম বাধাৰ প্ৰাচীৰ গঢ়িছে আমাৰ উচ্চমন্যতাই। এই উচ্চমন্যতাৰ বাবে আমি আমাৰ সামাজিক সমস্যাবোৰৰ স্বৰূপ নিৰ্ণয় কৰাৰ চেষ্টা নকৰি এটা ‍‘‍‘চক্ৰান্ত থিয়ৰি’’ৰ আশ্ৰয় লওঁ। আৰু সমস্যাৰ সমাধানত বুদ্ধি আৰু উদ্যমৰ প্ৰয়োগ নকৰি চক্ৰান্তকাৰীসকলৰ বিৰুদ্ধে কান্দোনৰ গান গাই যাওঁ। এই থিয়ৰি অনুসৰি পশ্চিমবংগৰ যিমানবোৰ সমস্যা সেইবোৰৰ বেছিভাগৰেই মূল কাৰণ হ’ল ভাৰতবৰ্ষৰ সকলো অবঙালী দেশবাসীৰদ্বাৰা বঙালী লোকসকলক ক্ষতি কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা চক্ৰান্ত। বঙালীবোৰৰ অৰ্থনৈতিক সমস্যাৰ কাৰণ কেন্দ্ৰীয় চৰকাৰৰ বঙালীবিৰোধী মনোভাব। আকৌ অবঙালী পুঁজিপতিসকলৰ পশ্চিমবংগত পুঁজি নিয়োগ কৰাৰ আলস্য ভাব। বঙালীসকলৰ নিবনুৱা সমস্যাৰ কাৰণ বংগদেশত অবঙালী শ্ৰমজীৱী আৰু অফিচ কৰ্মচাৰীৰ প্ৰাচুৰ্য। ৰাজনৈতিক ক্ষেত্ৰত বঙালীসকলে মৰ্যাদা নোপোৱাৰ কাৰণ সৰ্বভাৰতীয় অবঙালী নেতাসকলৰ বঙালীসকলক দমাই ৰখাৰ দৃঢ়প্ৰতিজ্ঞা ইত্যাদি।

‍‘এই চক্ৰান্ত থিয়ৰিক শেষ কৰাৰ প্ৰয়োজন আছে। কাৰণ, এই থিয়ৰিৰ প্ৰভাৱৰপৰা মুক্ত হ’ব নোৱাৰিলে আমি আমাৰ সামাজিক সমস্যাৱলীৰ সমাধান কৰাত অসমৰ্থ হৈ ৰ’ম। অৱশ্যে পশ্চিমবংগৰ সমস্যাৱলীৰ কাৰণ কোৱা নাই। এই কথা একেবাৰেই বঙালীসকলৰ চাৰিত্ৰিক দোষত বিচাৰি পোৱা বাবে সেইটোও এটা ডাঙৰ ভুল হ’ব। পশ্চিমবংগৰ ভূখণ্ড যিহেতু ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত, পশ্চিমবংগৰ সমাজ, পশ্চিমবংগৰ যিকোনো সামাজিক আৰু অৰ্থনৈতিক সমস্যাৱলী বিশ্লেষণ কৰি ভু-ভা ল’বলৈ হ’লে তাৰ মাজলৈ ভাৰতবৰ্ষক আনিবই লাগিব। তেনেদৰে বিশ্লেষণ কৰিলে সমস্যাৱলীৰ কাৰণবোৰ জটিলভাৱে সমগ্ৰ ভাৰতীয় সমাজৰ ভিতৰতেই প্ৰসাৰিত হৈ থকা দেখা যাব।

‍‘কি কি বিষয়ত আমি বঙালীসকল নিজৰ শ্ৰেষ্ঠতা সম্বন্ধে নিঃসন্দেহ? ওলোটাই প্ৰশ্ন কৰিব পাৰি কি কি বিষয়ত নহয়? আমাৰ সংস্কৃতি সম্পৰ্কে আমি অজ্ঞান। এই সংস্কৃতি বুলিলে অৱশ্যে আমাৰ লোক-সংস্কৃতি নুবুজায়। বুজোৱা হয় ‍‘‍‘কলিকতীয়া কালচাৰ’’। কোনো বিদেশী পৰ্যটক বা অবঙালী ভাৰতবাসীয়ে ইয়ালৈ আহি যেতিয়া সবিস্ময়ে প্ৰশ্ন কৰে, এই ভাঙি-ছিঙি পৰা আৱৰ্জনাৰ স্তূপত নিমজ্জিত হৈ থকা কলিকতা চহৰত কিদৰে মানুহে বাস কৰে? তেতিয়া কলিকতাবাসী বঙালীসকলে সগৌৰৱে উত্তৰ দিয়ে—‍‘‍‘ইয়াত আগ্ৰাৰ তাজমহল নাই, দিল্লীৰ কুতুবমিনাৰ নাই, ইয়াত সেইবোৰৰ কাৰণে নাহিব, ইয়াত আছে ‍‘কালচাৰেল লাইফ’। এই ‍‘কালচাৰেল লাইফ’ৰ কাৰণেই আমি কলিকতাত বাস কৰি ভাল পাওঁ। এনেকুৱা ঠাই ভাৰতবৰ্ষৰ অন্য ক’তো আপুনি নাপাব।

assam movement book

‍‘কালচাৰেল লাইফ’ বুলিলে প্ৰথমে বঙালীৰ ভাষা আৰু সাহিত্যৰ কথা মনলৈ আহে। সাহিত্যত যে আমি ভাৰত-শ্ৰেষ্ঠ তাত আমাৰ কোনো সন্দেহ নাই। কাৰণ কি? ৰবীন্দ্ৰনাথৰ বাহিৰে ভাৰতত অন্য কোন সাহিত্যিকে সাহিত্যত ন’বেল পুৰস্কাৰ পাইছে? নাই। তেন্তে? কিন্তু কেৱল ৰবীন্দ্ৰনাথেই নহয়। আমাৰ আছে মাণিক বন্দোপাধ্যায়, বিভূতিভূষণ বন্দোপাধ্যায়, আমাৰ আছে সুধীন্দ্ৰনাথ দত্ত, জীৱনানন্দ দাস। এইসকলৰ সাহিত্য-কীৰ্তি যে সুমহান তাত সন্দেহ নাই। কিন্তু আমি বঙালীসকলে ধৰিয়েই লৈছো যে অন্যান্য ভাৰতীয় ভাষাত তুলনীয় কোনো সাহিত্য ৰচনা হোৱা নাই। আমি কেইজনে অন্য ভাষাৰ লগত সুপৰিচিত হৈ এই মত পোষণ কৰিছো? তাৰ বাহিৰে আমি সংস্কৃতি বুলিলে বুজো সেয়া মাত্ৰ যাত্ৰা-থিয়েটাৰ। সেই লেবেডেফ*ৰ দিনৰপৰাই আৰম্ভ হৈছে এই মঞ্চৰ ট্ৰেডিছন। কিন্তু আমাৰ এই মঞ্চ কিমানদূৰ চিত্তবিনোদনৰ উপায় আৰু কিমানদূৰ আমাৰ সামাজিক জীৱনৰ প্ৰকাশস্বৰূপ সেই প্ৰশ্ন আমি বৰকৈ ভাবি নাচাওঁ। যিদৰে ভুলতো হ’লেও আমি ভাৰতৰ অন্যান্য ঠাইৰ মঞ্চৰ লগত আমি আমাৰ মঞ্চক তুলনা নকৰো। বুদ্ধিৰ ক্ষেত্ৰত আমি দাবী কৰো আমি আধুনিক মনৰ অধিকাৰী বুলি। আৰু অতিশয় প্ৰগতিশীল বুলি। ৰেনেছাঁ, পৰৱৰ্তী যুগত ইউৰোপত যি বুদ্ধিনিৰ্ভৰ যুক্তিযুক্ত, সংস্কাৰমুক্ত বিদ্ৰোহী মনৰ জন্ম হৈছিল, ভাৰতবাসীৰ মাজত বঙালী বুদ্ধিজীৱীসকলেই হেনো একমাত্ৰ সেই মনৰ অধিকাৰী। এই কথা কৈছে—বুদ্ধদেৱ বসুৰ নিচিনা জ্ঞানী আৰু বুদ্ধিৱান এজন বঙালী বুদ্ধিজীৱীয়ে। তেওঁ আধুনিক বঙালী কবিতা প্ৰসংগত লিখিছে—

‍‘‍‘The rest of India, in those early days of disorder, was hostile, cold, crustaceous. Only Bengal observed Europe with a speed and thoughness that should be marked as a record in human relation. The truth of matter seems to be that the Bengali and English, severe stranges in appearence have an inner, a congenital affinity, an affinity which the accidents of history combined to make the best use of…the pundits found nineteenth century European nationalism acceptable… (An Acre Of Green Grass, 1948).


‍‘অৰ্থাৎ বুদ্ধদেৱ বসুৰ নিচিনা বঙালীসকল স্বভাৱতেই চাহাব, হিন্দু সভ্যতাৰ নহয়, গ্ৰীক আৰু খ্ৰীষ্টীয় সভ্যতাৰ উত্তৰাধিকাৰী।


‍‘বুদ্ধদেৱ বসুৱে বঙালীক শ্বেক্সপীয়েৰ আৰু ৰোজাৰ বেকনৰ বৰপুত্ৰৰ স্থান দিছে। পৰৱৰ্তী কালৰ মধ্যবিত্ত বঙালী বুদ্ধিজীৱীয়ে নিজকে কাৰ্লমাৰ্ক্সৰ মানসপুত্ৰ বুলি ভাবি লৈছে। কাৰ্লমাৰ্ক্সে মানৱজাতিৰ মুক্তিৰ বাবে যি স্বপ্ন দেখিছিল আমি বঙালী মধ্যবিত্তসকল স্বাভাৱিকভাৱেই হেনো সেই ভাবধাৰাৰে উদ্বুদ্ধ।

‍‘ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ দাবী, স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল এই পশ্চিমবংগৰেই মাটিত W.C. Banerjee, ক্ষুদিৰাম আৰু অন্যান্য অগ্নিযুগৰ শ্বহীদসকলৰ জীৱন বিসৰ্জনৰ মাজেৰে। শেষো  হৈছে এই মাটিতেই নেতাজী সুভাষ বসুৰদ্বাৰাই। যিসকলে বামপন্থাত বিশ্বাসী সেইসকলৰ কাৰণেতো পশ্চিমবংগ বামপন্থাৰ মক্কা। সেইসকলৰ মতে আমি বঙালীসকল অতিশয় বৈপ্লৱিক। প্ৰমাণ হিচাপে চাওক পশ্চিমবংগৰ সংসদত কিমানবোৰ আসন দখল কৰি বহি আছে কিমানটা কমিউনিষ্ট নামধাৰী দলে।

‍‘‍‘সূৰ্য পূবপিনে উদয় হয়’’—এই বাক্যৰ চীনা ব্যাখ্যা যিদৰে সম্ভৱ সেইদৰে ইয়াৰ এটা বঙালী ব্যাখ্যাও সম্ভৱ। ভাৰতত যে বিপ্লৱ আহিব, মই সমাজতান্ত্ৰিক বিপ্লৱৰ কথা কৈছো, সেয়া যে আমি বঙালী মধ্যবিত্তসকলেই কৰিম সেই বিষয়ে আমাৰ বঙালী মধ্যবিত্তসকলৰ মনত কোনো সন্দেহেই নাই।

‍‘ভয়ে ভয়েই কওঁ—এনেও হ’ব পাৰে যে এই ধাৰণাবোৰৰ বহুতাংশ ভুল। সাধুকথাত আছে এগৰাকী ৰাজকুঁৱৰী আছিল, যাৰ দৰে ৰূপহী বিশ্বব্ৰহ্মাণ্ডত আৰু নাছিল। কিন্তু সেই ৰূপহীয়েও নিজৰ ৰূপৰ শ্ৰেষ্ঠতা সম্বন্ধে সম্পূৰ্ণ নিশ্চিত হ’ব পৰা নাছিল। তেওঁ এখন মায়া-দৰ্পণৰ পিনে চাই প্ৰত্যেক দিনেই দৰ্পণখনকে প্ৰশ্ন কৰিছিল—‍‘‍‘কোৱাচোন, সবাতকৈ ৰূপহী কোন?’’ বঙালীৰ অভ্যাস নাই—আইনাত নিজৰ ফালে চাই নিজকে দেখা। সেই অভ্যাস থাকিলে, তেওঁৰ নিজৰ সম্বন্ধে ধাৰণা হয়তো কম ভ্ৰান্ত হ’লহেঁতেন। মন্তব্য নিষ্প্ৰয়োজন।’
(* লেবেডেফ = ৰাছিয়ান নাট্যকাৰ)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসম আন্দোলনবৰ লুইতৰ বান
Editor

Editor

Related Posts

The Dangote Effect and Nigeria’s Energy Transition
Climate Change

The Dangote Effect and Nigeria’s Energy Transition

by Aliu Akoshile
July 13, 2026
0

The Dangote Effect and Nigeria’s Energy Transition Aliu Akoshile The global conversation on energy transition has gained remarkable momentum in...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d