• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

ASSAMESE SECTION / Bhupen Hazarika

by Editor
September 6, 2026
in Bhupen Hazarika, Cultural, Music, Politics, Special Report
Reading Time: 3 mins read
0
Soliloquy of a Song: The birth of Buku hom hom kore…
Share on FacebookShare on TwitterShare on LinkedIn

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

ড° ভূপেন হাজৰিকা

bhupen2

সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী হোৱাৰ কোনো আশা বা সপোন মোৰ কোনো কাহানিও নাই।

মই পলিটিকেল চাইন্সত এম. এ. পাছ কৰিছো ৰাজনীতি জানিবৰ কাৰণে। তাৰ পাচত বিধান সভাৰ মজিয়ালৈ সোমাইছোঁ। অল ইণ্ডিয়া ৰেডিঅ’ৰ টকৰ (Talk) বিষয়া হিচাপে শ্বিলঙৰ বিধান সভাৰ ভিতৰত সোমাই ইমান জঘন্য কিছুমান ব্যক্তি দেখাৰ সৌভাগ্য ঘটে যে তালৈ কোনো দিনে বিধায়ক ৰূপে সোমোৱাৰ ইচ্ছা নাছিল।
ৰেডিঅ’ৰ বাবে এই ডাঙৰ ডাঙৰ ৰাজনীতিজ্ঞ-সকলৰ ইংৰাজী যেতিয়া শুধৰাই দিবলগীয়া হয়, তেতিয়া ভাবোঁ : ইচ্ ৰাম, এইবিলাক মানুহ কেনেকৈ বিধায়ক হৈছে? গতিকে কোনো লোভেই নাছিল বিধান সভালৈ অহাৰ।

                 ১৯৬৬ চনত মই লক্ষীমপুৰলৈ গৈছিলোঁ। কিছু তথ্য বিচাৰি ‘মিৰি জীয়ৰী’ ছবিৰ সম্পৰ্কত। লক্ষীমপুৰৰ ডেকা-গাভৰুসকলে তাত মোক ক’লে – “ইলেকচন আহিল। আমাক মানুহ লাগে। — আমাৰ কথা কোৱা, সংস্কৃতিৰ কথা কোৱা মানুহ৷”

মই ক’লোঁ, এইবোৰ মিছা কথা। ইলেকচন খেলিবৰ বাবে সমষ্টি লাগিব। মোৰ বাবে সমষ্টি ক’ত?

              “কিয়, গুৱাহাটী কিম্বা লক্ষীমপুৰ।” ডেকা গাভৰুহঁতে ক’লে।

              তাৰ পৰা গুৱাহাটী আহি পালোঁ। হঠাৎ দেউতা ঢুকাই থাকিল। ঢুকোৱাৰ আগদিনা মোক ক’লে, ‘তই সম্পাদকলৈ চিঠি’ হৈয়েই থাকিবি নেকি আর্টৰ জগতত? বিধান সভাৰ মজিয়ালৈ যাব লাগে, গৈ তাত দৃষ্টি আকর্ষণ কৰিলেহে সি আইন হ’ব,বিধান হ’ব। বাহিৰৰ পৰা চিঞৰিলে কি হ’ব?” তাৰ পাচত দেউতাৰ শ্ৰাদ্ধলৈ ফণী বৰাদেউ আহি ক’লে- আপুনি এইবাৰ ইলেকচনত উঠক।”

                    বিষ্ণু ককাইদেৱে আহি ক’লে – “আমি কিছুমান আর্টিষ্ট যাব লাগে। মইতো উঠিমেই তেজপুৰৰ পৰা।” দেউতাৰ কথাৰ সূত্র ধৰি মোক এঘণ্টামান বক্তৃতা দিলে। বিষ্ণুদাৰ ধমকতে ময়ো ভাবিলো- ঠিক আছে, চাওঁচোন পাঁচটা বছৰ। — কেনেকৈনো চৰকাৰটো চলে, মোৰ জ্ঞানত অন্ততঃ আৰু অলপ যোগ হ’ব।

                দেউতাৰ কথাখিনিয়ে ইতিমধ্যে মোক ভবাই তুলিছিল। তাতে বাকীসকলৰ কথাই মোক আৰু উৎসাহ যোগালে। এনেতে ফণী বৰাদেউৱে মোক ক’লে- “ভূপেন, তুমি নাওবৈচা সমষ্টিৰপৰা উঠিব লাগিব। — সমষ্টিটো খালী ।”

          নাওবৈচালৈ মই কাহানিও যোৱা নাই। মোক কোনে চিনি পাব? আকৌ যেতিয়া লক্ষীমপুৰলৈ গ’লোঁ, তেতিয়া এই সকলোবোৰ যোগ হ’ল। ইমান হাজাৰ হাজাৰ ল’ৰা-ছোৱালীৰ এটি মৰমৰ দাবী শুনিলোঁ আৰু মই ভাবিলোঁ —ঠিক আছে, চাওঁচোন পাঁচটা বছৰ। কেনেকৈনো চৰকাৰটো চলে। মোৰ জ্ঞানত অন্ততঃ আৰু অলপ যোগ হ’ব।

তাত থকা এচ. ডি. অ’. বি. পি. সিং (আই,এ,এচ) এ ক’লে –“দাদা, খেলিয়ে না। নাটকটো বহুত খেলে হ্যাই। আপ নামিনেচন পেপাৰ দে দীজিয়ে, ওচকে বাদ ফিৰ উইড্রো কৰি লীজিয়ে। দে তো দীজিয়ে।” ধেমালিৰ মাজতে লক্ষীমপুৰ ক’ৰ্টত গৈ নমিনেচন পেপাৰত চহী কৰি দিলোঁ। তাৰ পাচত গোটেই ভাৰতবৰ্ষত নিউজ ওলাই গ’ল। ষ্টেটছমেনৰ প্রথম পৃষ্ঠাত লিখিলে যে ভূপেন হাজৰিকাই এইবাৰ ইলেকচন খেলিব। এটা হুলস্থূল নিউজ হৈ গ’ল।

মই ভাবি থৈছোঁ। — উইড্রো কৰিবৰ দিনা মই উইড্রো কৰিম। সেইদিনা মই পুৱা গা পা ধুই উইড্রো কৰিম বুলি গৈছে। গৈ দেখোঁ — মোৰ পিছফালে হাজাৰ হাজাৰ ল’ৰা-ছোৱালী। সকলোৰে দাবী – আপুনি উইড্রো কৰিব নোৱাৰে। আৰু সেই বি. পি. সিংএ ক’লে–“আপুনি উইড্রো কৰিব নোৱাৰে। নাটক খেলিয়ে না। নাটকৰ মানুহ,নাটক কৰকনা।”

মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

তেতিয়া নাওবৈচাৰ ৰাইজেও ক’লে,”আপুনি উঠিবই লাগিব। আৰু আপুনি জিকিব। আমি আছোঁ আপোনাৰ কাৰণে। সকলো ভাষা-ভাষী মানুহে আপোনাক সহায় কৰিব।’ মোৰ উইড্ৰো কৰা নহ’ল। নাওবৈচালৈ গৈ এখন বিৰাট সভাত ক’লোঁ,যদি মই হাৰি যাওঁ,মই ক’ম— ৰাইজে মোক নুবুজিলে। আৰু যদি মই জিকো, তেন্তে মই ক’ম — মই মন্ত্রী হ’বলৈ নাযাওঁ। মই ৰাইজৰ শোক দুখখিনি বিৰাধী পক্ষৰ পৰা ভূপেন হাজৰিকা হিচাপে চৰকাৰক কমগৈ। কাৰণ, মই দলীয় ৰাজনীতিৰ ভৃত্য নহওঁ। কিমানখিনি আনি দিব পাৰিম ক’ব নোৱাৰোঁ। কিয়নো,মই ক্ষমতাৰ আসনত নাথাকিম।

            পাঁচটা বছৰ। বিশেষকৈ এটা ফিল্ম ষ্টুডিঅ, এটা আর্ট গেলেৰী, এটা জাতীয় নাট্যশালা গঢ়াত মই যথেষ্ট যুঁজিছিলোঁ। এটা নন-প্রফিট ফিল্ম ষ্টুডিঅ’ লাগে —যিটো নন-প্রফিট হ’ব। এটা হস্পিটেলৰ দৰে। মই যিমান পাৰোঁ সম্বল গোটাই ‘গতি’ নামৰ আলোচনীখনৰ দ্বাৰা এটা আন্দোলন সৃষ্টি কৰিলোঁ। চলিহাদেৱৰ মেজ ওপচাই দিলোঁ। চলিহাদেৱে ক’লে – “মই চেণ্ট্ৰেল গৱৰ্ণমেণ্টক এইখিনি সম্বল দেখুৱাই কিবা কৰিব পাৰিম চাগৈ।’

গতিকে এম.এল.এ. হৈ থাকোঁতে মই ষ্টুডিঅ’ৰ আধাৰশিলা স্থাপন কৰোৱালোঁ। এই কাৰণেই আধাৰশিলা স্থাপন কৰালোঁ যে তাক শেষ কৰিব লাগিব। মই জানো আজিৰ ফিল্মৰ ধাৰা ষ্টুডিঅ’ৰ ভিতৰত নহয়,গোটেই দেশখনেই ষ্টুডিঅ’ হৈছে। বাস্তৱলৈ যন্ত্র যাব। যন্ত্রৰ ওচৰলৈ বাস্তৱ নাহে।

কিন্তু, যিসকলে উপলুঙা কৰি কয়– আমাৰ ইয়াত ষ্টুডিঅ’ কৰি কি হ’ব? সেইসকলক মই সুধিম – এইটো চিত্ৰবনৰ সময় নেকি যে এক্সপ’জ নিগেটিভখিনি বাল্টি ধুব? এক্সপজ নিগেটিভখিনি ক’ত এডিট কৰিব? এক্সপজ নিগেটিভখিনি তুলিবলৈ যন্ত্রপাতিখিনি ক’ত থাকিব? পৃথিৱীৰ চাৰিওফালে ষ্টুডিঅ’ আছে, যদিও ষ্টুডিঅ’ৰ ভিতৰত কৰা কামখিনিৰ সংখ্যা কমি গৈছে। কিয়নো, বাস্তৱলৈ ই গতি কৰিছে।

আজি সাগৰ আঁকি নলয়, সাগৰৰ ওচৰলৈ কেমেৰা যায়। আজি বাস্তৱবাদৰ যুগ যেতিয়া নৱ-বাস্তৱবাদ,বস্তুবাদ। — যি বাদেই নহওক কিয়,সকলো কিন্তু বাস্তৱমুখী। সেইখিনি কৰিবলৈ হ’লেও আমাক মিনিমাম সামগ্ৰীখিনি ৰাখিবৰ কাৰণে এটা মন্দিৰ লাগে। সেইটো নন-প্রফিট হ’ব লাগিব। সেইটো কোনোবা বণিয়াই চলাব নালাগিব, সেইটো চলাব বনুৱাই।

সেয়ে ভাৰতবৰ্ষত আমি প্রথম ষ্টুডিঅ’ পাতিবলৈ সমর্থ হৈছিলোঁ। সেইটো বিধান সভাত গালি পাৰিয়েই হওক, যুক্তি দেখুৱাই হওক, আমি কৰিছোঁ। মোৰ সৈতে এই ক্ষেত্ৰত পূর্ণ সহযোগিতাত আছিল বিষ্ণু ৰাভাদেউ।

            ষোল্ল লাখ টকাৰে ৰবীন্দ্ৰ ভৱন নহয় হে নহয়, ষোল্ল বছৰমান লাগিল। তথাপি শেষ নহয়। ইটো নাই, সিটো নাই বুলি বছৰ বাগৰিল। গালি পাৰি অৱশেষত সেইটো সম্পূর্ণ কৰা হ’ল। জাতীয় নাট্যশালাৰ কাৰণে এখন সমিতি গঠন কৰা হ’ল। পিছে সমিতিৰ সদস্যসকলে সুন্দৰভাৱে কাজিয়া-পেচাল কৰিলে। বিধান সভাৰ সদস্য হিচাপে মই খুউব লাজ পালোঁ। ক’তা, পিপুলৰ কমিটি এটা গঠন কৰি দিয়া হ’ল, তেওঁলোকে কাজিয়া-পেচাল কৰি আছে।

এনেতে অচ্যুত লহকৰ নামেৰে এজন বিৰাট সাহসী মানুহ মোৰ ওচৰলৈ আহি ক’লে – “ফিল্ম কৰোঁ নে নাটক কৰো? এখন ভ্ৰাম্যমান থিয়েটাৰ ট্ৰাকত উলিয়াম, তাত সকলো আধুনিক সা-সৰঞ্জাম থাকিব, টেপৰেকৰ্ডাৰ থাকিব, গাঁৱে-ভূঞে চহৰে-নগৰে ইয়াক জিলিকাই তুলিম।” মই ক’লো : অতি সুন্দৰ কথা। তুমি আৰম্ভ কৰা। কৰিলে নটৰাজ থিয়েটাৰ।

মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

নটৰাজৰ জন্মৰ কথাও মই জানো। পাছত মই এখন গাঁৱত নটৰাজ থিয়েটাৰ চাবলৈ গৈ সম্মান জনাই থৈ আহিছোঁ। তাৰ পাচত অহংকাৰ কৰি বঙ্গৰ বিখ্যাত অভিনেতা শম্ভু মিত্র, উৎপল দত্তক দেখুৱাবলৈ লৈ আহিছে। তেওঁলোকে কৈছে— “গোটেই ভাৰতবৰ্ষতে এনে উদাহৰণ বিৰল।”

ইফালে, আমাৰ জাতীয় নাট্যশালাৰ বুদ্ধিজীৱীসকলে কৰা সমিতিখনো ভাগি গ’ল আৰু সিফালে গাঁৱৰ কিছুমান মানুহে ধুনীয়াকৈ ভ্ৰাম্যমাণ থিয়েটাৰ দল উলিয়াই আজি গৌৰৱময় এক ইতিহাস ৰচনা কৰিলে। আজি কেৱল গাঁৱৰ শিল্পীয়েই নহয়,আনকি চহৰৰ শিল্পীয়েও এমুঠি ভাত খাবলৈ পাইছে, নিৰাপত্তা পাইছে। সেই ভ্ৰাম্যমাণ থিয়েটাৰ দলক ট্রাক দিবৰ বাবে বিধান সভাত চেষ্টা কৰিছিলোঁ।

             আমাক এটা আর্ট গেলাৰী লাগে । কওঁতে ক’লে – ৰবীন্দ্ৰ ভৱনৰ বাৰাণ্ডাতে আর্ট গেলেৰী হ’ব। হ’লো। পিছে, মোৰ মনঃপূত আজিও হোৱা নাই। আমাক কমাৰ্চিয়েল আর্ট গেলেৰী লাগে। য’ত এখন বজাৰ থাকে, আমাৰ শিল্পীয়ে আঁকিয়েই ছবিখন যাতে তাত দিব পাৰে ৰজা, প্ৰজাইও যাতে সহজতে কিনিব পাৰে।

           তাৰ পাচত আহিল সংহতি সংস্কৃতি আৰু সংহতিৰ ব্যৱহাৰ কৰিবৰ কাৰণে যিবিলাক উপাদান আছিল তাকে লৈ সক্রিয় কৰি তুলিছিলোঁ। তাৰ মাজতে নাওবৈচাক মই পাহৰা নাছিলোঁ। বিৰোধী পক্ষৰ সদস্য হিচাপে তাৰ স্কুলকেইখন, মথাউৰি আৰু বিজুলীবাতি উন্নতিকৰণ হ’ল। কিছু কিছু কাম নহ’ল। কিছু কিছু হ’ল। বিধানসভাৰ পৰা বিদায় ল’বৰ দিনা মই মোৰ ভাষণত কৈছিলো, নিশ্চয় সেইটো গেজেটত আছে।

মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?
...There is nothing honourable about the honourable members – there is nothing august about this august house and parliamentary system in a country, where there are lot of people who are illiterate, it is nothing but a delaying technique for getting what about the people needs.

ৰাইজে বিচৰা প্রাপ্যখিনিক পলম কৰিব পৰা বিধান সভাখন হ’ল এবিধ মুখৰ খেল। আৰু আমি বহুতো বিধায়ক বৰ শ্ৰদ্ধেয় নহয়। এইখিনি অন্ততঃ বুজি পালোঁ পাঁচ বছৰ থাকি। সক্রিয় ৰাজনীতিত যদিও মই নাই,ৰাজনীতিক বাদ দি কেনেকৈ আমি জীয়াই থাকিম ?

এজন মানুহে যদি কলৰ পানী বিচাৰে, এজন মানুহে টেক্স দি উঠি ৰাস্তাটো ভাল কৰি দিব লাগে, কিয় ভাল কৰি দিয়া নাই বুলি যদি প্রশ্ন সোধে, সেইটো পলিটিক্স কৰা নহয়। সেইটো সমাজ সচেতনতা। সেই সমাজ সচেতনতা লৈয়েই মই জন্ম গ্রহণ কৰিছোঁ, সেই সমাজ সচেতনতা লৈ মই সৃষ্টি কৰি যাম আৰু সমাজ সচেতনতা লৈয়েই মই চকু মুদিম।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: বিধানসভালক্ষীমপুৰ
Editor

Editor

Related Posts

The River That Sang Through Bhupen Hazarika
Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

by Kakali Das
September 7, 2026
0

The River That Sang Through Bhupen Hazarika KAKALI DAS At a time when the Brahmaputra is increasingly spoken of through...

Read moreDetails
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d