• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

ভূপেন হাজৰিকা আৰু লুইত

ASSAMESE SECTION / Bhupen Hazarika

by Rezaul Karim
September 8, 2025
in Bhupen Hazarika, ASSAM, ASSAMESE SECTION, Literature
Reading Time: 4 mins read
0
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন
Share on FacebookShare on TwitterShare on LinkedIn

ভূপেন হাজৰিকা

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

নদী হৈছে সংস্কৃতিৰ বোৱঁতী সুঁতি। নদীৰ পাৰতে পৃথিৱীৰ পুৰণি সভ্যতা গঢ়ি উঠিছে। বাস্তৱিকতে নদী হৈছে সংস্কৃতিৰ আয়ুস ৰেখা। নদীয়ে যিদৰে জীৱন গঢ়ে একেদৰে প্ৰাণ হৰে। বোৱঁতী পানী এচলুৰ মাজতে এটা জাতিয়ে নিজৰ প্ৰতিচ্ছবি দেখিবলৈ পায়। নৈপৰীয়া মানুহ সেই বাবে ধন্য।

অসমীয়া জাতি জন্মগতভাৱেই সম্পদশালী। অসমীয়া সংস্কৃতিৰ প্ৰাণ হৈছে নদী আৰু সেউজীয়া প্ৰকৃতি। বৰলুইত, লুইত, বুঢ়ালুইত অথবা ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ প্ৰাণ। অসমৰ সোঁ-মাজেৰে বৈ যোৱা লুইতেই গঢ়িছে পলসৰ কোষে কোষে বিচিত্ৰ সংস্কৃতিৰ বাৰে-ৰহণীয়া স্মাৰক। কবি, সাহিত্যিক, গীতিকাৰ, চিত্ৰকৰ কোনেও আজি লুইতক স্মৰণ নকৰাকৈ থাকিব নোৱাৰে।

সেইবাবেই সুযোগ্য মাতৃৰ সুযোগ্য সন্তানৰ দৰে ভূপেন হাজৰিকায়ো লুইতক সৃষ্টিৰ চেৰাশালি হিচাপে গণ্য কৰি আহিছে। সংস্কৃতিৰ ৰাষ্ট্ৰদূত অসমৰ বৰসন্তান ভূপেন হাজৰিকাৰ লুইতৰ সৈতে সম্পৰ্ক অতি নিবিড়। শদীয়া, ধুবুৰী, তেজপুৰ, গুৱাহাটী সকলোতে ভূপেন হাজৰিকাই লুইতক অতি ওচৰৰপৰা পাইছে। লুইতক লৈ যিমান কল্পনা কৰিব লাগে তাতোকৈ অধিক নিকট সম্বন্ধ আছিল ভূপেন হাজৰিকাৰ।

সেইবাবে লুইতৰ গহীন-গম্ভীৰ ৰূপৰপৰা সংহাৰী ৰূপলৈ সকলোতে ভূপেন হাজৰিকাৰ সম্বন্ধ আছিল অতি নিবিড়। লুইতক গালি পাৰিবলৈ হ’লে প্ৰথমে ভালো পাব শিকিব লাগিব। লুইতক অভিশাপ বুলি ক’বলৈ সাহস গোটোৱাৰ আগত আশীৰ্বাদৰ ৰূপো উপলব্ধি কৰিব লাগিব।

ভূপেন হাজৰিকা আৰু লুইতৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিব খোজাটো এটা ধৃষ্টতা। কাৰণ, ভালপোৱাক বৰ্ণনাৰে জীপাল আৰু ৰসাল কৰিব পাৰি যদিও উপলব্ধি আৰু অনুভূতিৰ প্ৰকৃত প্ৰকাশ সম্ভৱ নহয়। লুইতখন দেখিবলৈ কেনেকুৱা বাৰু? এই প্ৰশ্নৰ উত্তৰো মন আৰু মানুহ ভেদে ভিন্ন হ’ব।

কাৰণ, কোনোবাই খৰালি কালৰ জীৰ্ণ-শীৰ্ণ লুইতখন দেখি দিব খোজা বৰ্ণনা আৰু আন কোনোবাই ভৰ বাৰিষাৰ সংহাৰী ৰূপৰ লুইত দেখি দিব খোজা বৰ্ণনা কেতিয়াও একে নহয়। একেদৰে ধুবুৰীৰ নেতাই ধুবুনী ঘাটত দেখা লুইতৰ চেহেৰা আৰু ফাঁচীবজাৰৰ লুইতৰ চেহেৰা একে নহয়। এজন মানুহৰ দৃষ্টিয়ে সাঙুৰি লোৱা দূৰত্বৰ লুইতৰ বৰ্ণনাও ভিন ভিন।

সেয়ে, লুইতক চাবলৈ আৰু লুইতৰ দেহৰ ভাঁজ উপলব্ধি কৰিবলৈ নীলা আকাশৰ ওপৰৰপৰাহে চাব লাগিব। ভূপেন হাজৰিকাই ‍‘আকাশী যানেৰে…’ বোলা গীতটোত তেজপুৰলৈ আহি থাকোতে ওপৰৰপৰা লুইতৰ অৱয়ৱ দেখি এনেদৰে কৈছিল—

‘…অকোৱা-পকোৱা গামোচা এখন

যেন বালিত মেলি থোৱা আছে

সেইখন গামোচা বৰহমপুত্ৰ

শীততে ৰ’দহে পুৱাইছে…’

এৰা, শীতৰ বালিচৰত মেলি থোৱা অকোৱা-পকোৱা গামোচাখনৰ দৰে দেখিবলৈ আমাৰ প্ৰাণৰ লুইতখন।

bhupen2

এইখন লুইতৰ পাৰত যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল তেতিয়া বিশ্ববিদ্যালয়খনৰ গুণ-গৰিমা গাবলৈ ভূপেন হাজৰিকাই কৈছিল, গাইছিল আৰু লিখিছিল, ‍‘জিলিকাব লুইতৰে পাৰ…’। লুইত অসমৰ গৌৰৱ, অসমৰ ঐশ্বৰ্য।

এই লুইতক যদি কোনোবাই মহীয়ান কৰি ৰাখিব লাগে তেনেহ’লে গুৱাহাটী বিশ্ববিদ্যালয়েই ৰাখিব। এতিয়া এই লুইতৰে পাৰত গঢ়ি উঠিছে আই. আই.টি.খনো। জানিয়ে হওক অথবা অজানিতেই হওক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কান্ধত লুইতৰ বুকু গর্বত ওফোন্দাই ৰখা দায়িত্বও পৰিছে।

লুইতৰ সৌন্দৰ্য বাৰু কেনেকুৱা? প্ৰকৃতিৰ সৌন্দৰ্য যেনেদৰে ঋতুভেদে ভিন ভিন হয় একেদৰে দিন-ৰাতিৰ সময়ভেদেও ভিন ভিন হয়। দিনান্তৰ পৰিশ্ৰমৰ পাছত ঘৰমুখী চৰাইজনীয়ে আবেলি বেলিটোৰ হেঙুলীয়া ৰং সানি লয়। চৰাইজনী হৈ পৰে কাব্যিক বৰ্ণনাৰ পাত্ৰ। ভূপেন হাজৰিকায়ো আবেলিৰ সূৰুয পোহৰত লুইতক মহাকাব্যিক কৰি তুলিছে এনেদৰে—

অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী

বৈয়ে যায়, বৈ যায় বৈ যায়।

কোন সুন্দৰৰ শিল্পীয়ে পদুম ফুলৰ নাৱেৰে

ময়ূৰ পংখী ৰহণবোৰ দিয়ে ছটিয়াই।

নৈৰ সৈতে মানৱ প্ৰেমৰ সম্পৰ্ক প্ৰাচীন। লুইত আৰু প্ৰেম অসমীয়া সমাজৰ আন এক অনন্য ৰূপ। বিহু, বনভোজ, বিৰিণা, কঁহুৱা, সকলোতে আছে প্ৰেমৰ মিঠা মিঠা আমেজ। লুইতত সাঁতোৰাৰো আছে প্ৰেমৰ অমল উৎস। ভূপেন হাজৰিকাই প্ৰেমিকাক মনত পেলাই দিছিল লুইতত সাঁতোৰাৰ কথা। তাকো ভৰা লুইত নহয়। বহাগ মাহৰ লুইতহে। লুইতৰ অনেক সৌন্দৰ্যৰ লগত বহাগৰ লুইতৰ সৌন্দৰ্যও নিশ্চয় অতি আৱেগ সনা।

সেই বাবে তেওঁ গাইছিল—

বহাগ মাহৰ লুইতখনিত

দুয়ো সাঁতোৰা মনত আছে।

brahmaputra

নদীয়ে নদীৰ কাষলৈ যায়। আৰু বিলীন হয় সাগৰ, মহাসাগৰত। কিন্তু যি ব্যক্তিয়ে মহাসাগৰৰ সান্নিধ্য লাভ কৰে সেই ব্যক্তি হৈছে বিশ্ব মানৱ। মানৱ সভ্যতাত সেই বাবে ভূগোলে প্ৰাচীৰ হৈ থিয় দিব নোৱাৰে। ভূপেন হাজৰিকা লুইতপৰীয়া হ’লেও মিচিচিপি, ভল্গা, গংগা, যমুনা, পদ্মা কোনো কালেও তেওঁৰ পৰ নাছিল।

সেই বাবে তেওঁ লুইত আৰু পদ্মাৰ যুগলবন্দী সৃষ্টি কৰিছিল এনেদৰে—

‘লুইততে নাও মেলিও পদ্মাত ভাটিয়ালি ৰচো।

ৰাজহংস পাখি মেলি অ’ মই দুই নদীতে নাচো

একে প্ৰেম একে আশা একে হাঁহি একে ভাষা

সুখ-দুখৰ বুকুৰ মাজত একেই যন্ত্ৰণা।’

অসমৰ সকলো জনগোষ্ঠী মিলি বৰঅসম গঢ়ি উঠিছে। সেই বৰঅসমৰ এনাজৰীডাল কোনে বান্ধি ৰাখিছে বাৰু? পাহাৰ, ভৈয়াম পৃথক পৃথক হৈ গ’লেও অসমীয়াৰ সংজ্ঞাৰ সলনি হ’লেও আশাৰ শেষ ৰেঙণিকণ এতিয়াও লুইতৰ বুকুতে দেখা যায়। সেই বাবে ভূপেন হাজৰিকাই—

‘মই অসমৰ, মই ভাৰতৰ

ময়ে ডেকা ল’ৰা অগ্নিগড়…’

বুলি কৈ অসমৰ সকলো জাতি জনগোষ্ঠীক বৰ লুইতত একাকাৰ কৰি দিছে। সেই বাবেই তেওঁ কৈছিল–

‍‘মই কত পর্বতৰ কত ভৈয়ামৰ

কত শত নিজৰাৰ ধাৰ

হিল-দল ভাঙি বৈ আহি আহি

বৰ লুইতত হৈ যাওঁ একাকাৰ…’

জাতিৰ সংকট কালত মহাবাহুৰ গাত ভেজা দি ভূপেন হাজৰিকাই অসমীয়া জাতিটোৰ সাহখিনি সকলোৰে আগত দাঙি ধৰিছিল। তেতিয়াই চাগে’ তেওঁ মহাবাহুক মিলনৰ তীৰ্থ আখ্যা দিছিল।

মহাবাহু ব্ৰহ্মপুত্ৰ

মহামিলনৰ তীৰ্থ

কত যুগ ধৰি আহিছে প্ৰকাশি

সমন্বয়ৰ অৰ্থ।

কিন্তু লুইতৰ বিধ্বংসী ৰূপ অতি নিষ্ঠুৰ। সেই নিষ্ঠুৰতাই মানুহক নিঃস্ব কৰে; সৰ্বহাৰা কৰে। তেতিয়া লুইত হৈ পৰে অভিশপ্ত। সেই অভিশপ্ত ৰূপক যাদুৰ কাঠিৰে সংযত কৰিব নোৱাৰি। বলিয়া হাতীক বশ কৰিবলৈ নিজেও হাতীৰ বল অৰ্জন কৰিব লাগিব। ভালপোৱাৰ কোমল চাৱনিক খঙৰ ৰঙা চকুলৈ ৰূপান্তৰ কৰিব লাগিব। হ’ব লাগিব খঙাল।

ভূপেন হাজৰিকাই বলিয়া লুইতক লুইতৰ পাৰতে প্ৰত্যাহ্বান জনাইছিল এনেদৰে—

লুইতৰ বলিয়া বান

তই ক’লৈনো ঢাপলি মেলিছ?

………………

পানীৰ পাৰতে জনম আমাৰ

পানীয়েই পিতৃ শক্তি আমাৰ

……………….

তোৰ শক্তিক কাঢ়ি কাঢ়ি আনি তোকেই আমাৰ ভৃত্য কৰিম।

লুইত অসমীয়াৰ হৃদয়-ৰেখা। লুইতে ভাঙে, গঢ়ে, প্ৰেৰণা দিয়ে। প্ৰকৃতিৰ অনৱদ্য অৱদান অসমৰ লুইত। সৰু মাছমৰীয়াজনৰপৰা আৰম্ভ কৰি জনঅৰণ্যত বাস কৰা বিশাল ব্যক্তিত্বৰ লোকলৈকে সকলোৰে হৃদয় আন্দোলিত কৰে লুইতে। লুইতৰ পাৰত বহি সমুখলৈ চাই পঠিয়ালে জীৱনটো অৰ্থৱহ হৈ পৰে। সেই বাবে লুইত প্ৰেৰণাৰ উৎস। লুইতক ভালপোৱাজনে লুইতৰ পাৰতে ওৰেটো জীৱন কটাবলৈ আশা কৰে। ভূপেন হাজৰিকাৰো ইচ্ছা আছিল—

‘লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰো। জন্ম ল’লো ইয়াতেই, ইয়াতে যেন মৰো।’

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ভূপেন হাজৰিকা আৰু লুইত
Rezaul Karim

Rezaul Karim

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 4, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33992 shares
    Share 13596 Tweet 8498
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15167 shares
    Share 6067 Tweet 3792
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    532 shares
    Share 213 Tweet 133
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3801 shares
    Share 1520 Tweet 950
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d