ভূমিকম্পবিধ্বস্ত তুৰস্ক – ছিৰিয়া
চেডা হেউইট
দেওবাৰে পুৱাৰ নিশা আৰু ৰাতিপুৱা আমি ইজমিৰত দুটা ভূমিকম্প অনুভৱ কৰিলোঁ,মই তাত এখন মেলাৰ বাবে উপস্থিত আছিলো!
পিছদিনা ৰাতি ঠিক ট্ৰিগাৰৰ দৰেই আৰু ৭খন চহৰ কঁপি উঠিল। সঁচা কথা ক’বলৈ গ’লে আমি কি কৰিম নাজানো। আংকাৰা, ইজমিৰ, ইস্তানবুলৰ আটাইতকৈ ওচৰত আছিল।
কিছুদিনৰ পৰাইস্তানবুলত ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে গতিকে আমি মাত্ৰ অপেক্ষা কৰি আছো.. মই এই সকলোবোৰৰ মাজত, মোৰ চুবুৰীত প্ৰচণ্ড বৰফৰ বাবে ৰাস্তাবোৰ বন্ধ হৈ আছে, আমাক নিবলৈ শ্বাটল আহিব নোৱাৰে। আৰু মই কামলৈ যোৱাৰ আশা কৰা হৈছে। …
তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু সেই সংখ্যাই এই বাতৰি যুগুতোৱাৰ সময়লৈ ৩৮০০ অতিক্ৰম কৰিছে। চৰকাৰী হিচাপ মতে ভূমিকম্পৰ কৱলত পৰি হোৱা মৃত্যুৰ সংখ্যা হৈছে ৩৮৩০ জন। ইয়াৰে ২৩৭৯ জন হৈছে তুৰস্কৰ আৰু ছিৰিয়াৰ ১১৩৬ জন। আহতৰ সংখ্যা হাজাৰ হাজাৰ।
তুৰস্কৰ দুৰ্যোগ আৰু ব্যৱস্থাপনা বিভাগে কৈছে, তুৰস্কত কমেও ৫৬০৬ টা গৃহ ধ্বংসস্তূপত পৰিণত হৈছে। সেই ধ্বংসস্তূপত বহু মানুহ সোমাই আছে বুলি সন্দেহ কৰা হৈছে।
মৃত্যুপুৰীত পৰিণত হোৱা স্থানবোৰত এতিয়া মাথোঁ হাহাকাৰ। প্ৰাণ ৰক্ষা কৰাৰ তাগিদা আৰু প্ৰিয়জনৰ সন্ধান কৰাৰ তাগিদাৰ আৰ্তি সৰ্বত্ৰে পৰিলক্ষিত হৈছে। কিছুমান পৰিয়ালত শোক কৰিবলৈও কোনো জীয়াই থকা নাই। দুয়োখন দেশৰ চিকিৎসালয়বোৰত বিচনাৰ অভাৱ হৈছে।
চাৰিওফালে কান্দোনৰ ৰোল। বিৰাট বিৰাট দালানবোৰ কংক্ৰিত আৰু তীখাৰ দন্ডৰ ধ্বংসস্তূপ হৈ পৰিছে।
সোমবাৰে স্থানীয় সময়মতে ৰাতিপুৱা ৪ বজাত তুৰস্ক আৰু ছিৰিয়াত বিস্তীৰ্ণ অঞ্চল ভয়ানকভাবে কপি উঠে। ৰিখটাৰ স্কেল অনুসৰি সেই কম্পনৰ মাত্ৰা আছিল ৭.৮! কম্পনৰ উৎস আছিল দক্ষিণ তুৰস্ক। গাজিয়ানতেপ প্ৰদেশৰ পূৱদিশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূৱৰ ভূগৰ্ভৰ ১৮ কিলোমিটাৰ গভীৰত।
প্ৰথম কম্পনৰ ১১ মিনিটৰ পৰা ১৫ মিনিটৰ ভিতৰতে দ্বিতীয় বাৰৰ বাবে কপি উঠে লেবানন, ছিৰিয়া, চাইপ্ৰাছৰ বিভিন্ন স্থান। প্ৰায় ডেৰ মিনিট আছিল সেই কম্পন। সেই কম্পনৰ লগে লগে দালানবোৰ তাচপাতৰ ঘৰৰ দৰে পৰিবলৈ ধৰে। সেই ধাক্কা চম্ভালিবলৈ নৌ-পাওতেই পুনৰ দুবাৰ কপি উঠে ছিৰিয়া আৰু তুৰস্কৰ বিস্তীৰ্ণ অঞ্চল।
১৯৩৯ চনৰ পিছত এয়াই প্ৰথমবাৰৰ বাবে ইমান শক্তিশালী কম্পন তুৰস্কত অনুভূত হ’ল।
১৯৩৯ চনতো কম্পনৰ তীব্ৰতা আছিল ৭.৮! এৰকিনজান প্ৰদেশত সেইবাৰ মৃত্যুৰ সংখ্যা আছিল ৩৩০০০! ৭ কম্পনাংকৰ ভূমিকম্প বিগত ২৫ বছৰত ৭ বাৰ অনুভূত হৈছে তুৰস্কত।
[চেডা হেউইট, ইস্তানবুল, তুৰস্ক]
07-02-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)