ভূমিকম্পৰ ফলত ৫ মিটাৰ আতৰি গ’ল তুৰস্ক
দিলীপ দৈমাৰী

তুৰস্কৰ ভয়ংকৰ ভূমিকম্পৰ ফলত অন্ততঃ ১০ মিটাৰ বহি গৈছে সেই দেশৰ টেকটনিক প্লেট।
কম্পনৰ উৎসস্থল তুৰস্কৰ অৱস্থান একে ধাক্কাত প্ৰায় ৬ মিটাৰ আতৰি গৈছে -এই মত পোষণ কৰিছে ভূতত্ত্ববিদসকলে। কিন্তু পৰৱৰ্তী সময়ত তথ্য পালে এই সংখ্যা হেৰফেৰ হ’ব বুলি অনুমান কৰা হৈছে।
প্ৰাথমিক তথ্যৰ পৰা বিশেষজ্ঞসকলে দাবী কৰিছে যে ভূগৰ্ভস্থ ক্ষেত্ৰত তুৰস্কৰ ক্ষয়-ক্ষতি অধিক হৈছে। মাটিৰ উপৰিভাগৰ পৰা কম দূৰত্বত উৎসস্থল হোৱা হেতুকে ধাৰাবাহিক ভাবে একাধিক ভূমিকম্প হৈছে বুলি বিশেষজ্ঞ সকলে অনুমান কৰিছে।
ইটালীৰ ভূতত্ত্ব বিশেষজ্ঞ বা চিচম’লজিষ্ট কাৰ্লো ডগলিওনিয়ে এনে ঘটনাক ‘শ্যালো ট্ৰান্সকাৰেন্ট‘ বুলি কৈছে। সহজ অৰ্থত ভূগৰ্ভত বা ভূপৃষ্ঠৰ অতি গভীৰত প্লেটত ভাঙোন ধৰিছে। ইয়াৰ ফলত ছিৰিয়াৰ তুলনাত তুৰস্ক পশ্চিমদিশে ৫ মিটাৰৰ পৰা ৬ মিটাৰ আতৰি গৈছে।
প্ৰাথমিক তথ্য অনুসৰি এনে অনুমান কৰা হৈছে। আগন্তুক দিনবোৰত উপগ্ৰহৰ ছৱি পোৱাৰ পিছত এইবিষয়ে বিস্তাৰিত ভাবে অধিক জানিব পৰা যাব। এনেধৰণৰ কম্পনৰ বাবে টেকটনিক প্লেট অতি বিপদজনক ভাবে লৰচৰ হয়। তাৰবাবে ভয়ানক সংঘৰ্ষ হয় ভূগৰ্ভৰ অভ্যন্তৰত।
তুৰস্কৰ ক্ষেত্ৰত মাত্ৰ ৯ ঘন্টাৰ ব্যৱধানত দুবাৰ সজোৰে টেকটনিক প্লেটে ধাক্কা খায়। সেইবাবেই কম সময়ৰ ভিতৰতে বাৰম্বাৰ শক্তিশালী ভূমিকম্প হৈছে তুৰস্কত।

ভূমিকম্পৰ ফলত কি কি ক্ষতি হ’ব পাৰে, সেই সম্পৰ্কে ব্যাখ্যা দি কাৰ্লোই কৈছে, ‘১৯০ কিলোমিটাৰ দীঘল আৰু ২৫ কিলোমিটাৰ বহল এলেকাত ভয়ংকৰ কম্পন হৈছে। ৯ ঘন্টাৰ ব্যৱধানত দুবাৰ কম্পন চৰমসীমাত উপনীত হৈছিল। এতিয়াও মাটি কঁপি আছে। ৰিখটাৰ স্কেলত এই কম্পনৰ মাত্ৰা ৫ অৰ পৰা ৬ আছিল।’

তেওঁ কয় যে দুখন টেকটনিক প্লেটে ইখনে সিখনৰ পিনে আগবাঢ়ি আহিছে। অৰ্থাৎ, তুৰস্কৰ আৰবিয়ান প্লেট দক্ষিণ- পশ্চিমে আতৰি গৈছে। এনেই তুৰস্ক হাই-চেচমিক বা প্ৰৱল ভূমিকম্পপ্ৰৱণ অঞ্চল হিচাপে চিহ্নিত – যি ভূমধ্যসাগৰৰ অন্যতম ভয়ংকৰ এলেকা।
আগতেও তুৰস্কত এনেধৰণৰ ভয়ংকৰ ভূমিকম্প হৈছিল।
ইয়াৰে লগতে হু হু কৈ বাঢ়িছে মৃতকৰ সংখ্যা।
শেহতীয়া খবৰ অনুসৰি তুৰস্ক আৰু ছিৰিয়াত মৃতকৰ সংখ্যা এই লেখাৰ সময়লৈ ২১০০০ সংখ্যা অতিক্ৰম কৰিছে ( CNN) আৰু দ্যা গাৰ্জিয়ান ( The Guardian)ৰ মতে মৃতকৰ সংখ্যা বৃদ্ধি হৈ ২২৭৬৫ হৈছে।

11-02-2023 [Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)