ভূমিপুত্ৰৰ মৰ্মবেদনা
প্ৰণামীকা বৰা
১৯৮০-৮১ চনত ‘‘সাপ্তাহিক জনতা’’ কাকতত ‘‘ভূমিপুত্ৰৰ মৰ্মবেদনা’’ নাম-শিতানত ‘‘গিৰিজাচৰণ দাস’’ গুপ্তনামত ‘৺ গৌৰীশংকৰ ভট্টাচাৰ্য্য’ (১৮৯৭-১৯৫৫) দেৱৰ এলানি প্ৰৱন্ধ প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত পাঠকৰ প্ৰৱল দাবীত এই প্ৰৱন্ধলানি তেখেতে এশখন গ্ৰন্থৰ ৰূপত ‘ভূমিপুত্ৰৰ মৰ্মবেদনা’ নামেৰে ১৯৮৫ চনত প্ৰথম প্ৰকাশ কৰে।
১৯৮০ চনৰ অসমৰ পটভূমিত ৰচনা কৰা গ্ৰন্থখন ৺ গৌৰীশংকৰ ভট্টাচাৰ্য্য দেৱৰ এখন সমাজ বিষয়ক গ্ৰন্থ।
‘ভূমিপুত্ৰৰ মৰ্মবেদনা’ শীৰ্ষক গ্ৰন্থখনৰ প্ৰকাশভংগী সেই বয়সৰ অসমৰ পৰিস্থিতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল, নিৰ্ণীত হৈছিল। ভূমিপুত্ৰ বা থলুৱাৰ সমস্যা সমূহক গ্ৰন্থখনত সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে। গ্ৰন্থখনত উল্লেখ থকা বিষয়সমূহ হৈছে—
(ক) ভূমিপুত্ৰ বা থলুৱা কোন
(খ) নাগৰিকত্বৰ প্ৰশ্ন
(গ) বহিৰাগতৰ সমস্যা
(ঘ) চাহ খেতিৰ সম্প্ৰসাৰণ
(ঙ) পথৰুঘাটৰ ৰণ
(চ) ফুলগুৰিৰ ধাবা
(ছ) অসমলৈ প্ৰৱজনৰ সোঁত
(জ) অসমীয়াসকল বঙালী বিৰোধী নহয়
(ঝ) অসহযোগ আন্দোলন আৰু অসম
(ঞ) অতীত যুগৰ আৰু ইংৰাজী আমোলৰ প্ৰৱজনৰ পাৰ্থক্য
(ট) ‘আসাম এছোচিয়েচন’ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ
(ঠ) কানিৰ প্ৰচলন আৰু ইংৰাজৰ অৱদান
(ড) মূলান চাহাবৰ ৰিপোৰ্ট
(ঢ) ১৯৩৫ চনৰ পাছত
(ণ) ভাৰত চৰকাৰে নিজে কোৱা কথা
‘ভূমিপুত্ৰ বা থলুৱা কোন?’
এই বিষয়ত তেওঁ উল্লেখ কৰিছে যে ব্ৰিটিছ অহাৰ আগলৈকে অসমত ভূমিপুত্ৰৰ বা থলুৱাৰ সমস্যাৰ সৃষ্টি হোৱা নাছিল। এই ক্ষেত্ৰত পুঁজিবাদী শোষণৰ ঐক্যকেন্দ্ৰিক ৰাষ্ট্ৰযন্ত্ৰ, ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰৰ মধ্যমণি বৃহৎ পুজিপতি শ্ৰেণীৰ ভূমিকা উল্লেখ কৰা হৈছে। আঞ্চলিক স্বায়ত্তশাসনৰ দাবী ‘‘আঞ্চলিকতাবাদ’’ নহয় বুলি গ্ৰন্থখনত উল্লেখ কৰা হৈছে। জাতিতত্ত্বৰ বৈজ্ঞানিক ব্যাখ্যাৰ ক্ষেত্ৰত ভট্টাচাৰ্য্যদেৱে জাতিতত্ত্বৰ শ্ৰেষ্ঠ ব্যাখ্যাকাৰ ষ্টালিনে জাতি আৰু জাতিৰ প্ৰকৃতিক কৰা বৰ্ণনা উল্লেখ কৰিছে—
‘‘ইতিহাসৰ স্বাভাৱিক গতিৰদ্বাৰা গঠিত, বহুকাল ধৰি একে ভাষাৰে কথা কোৱা, একে সংলগ্ন ভূমিখণ্ডত বাস কৰা, একে অৰ্থনীতিৰ সূত্ৰৰে আৱদ্ধ আৰু একে সংস্কৃতিৰ মাজেৰে মানসিক ধ্যান ধাৰণা, আশা আকাংক্ষা প্ৰকাশ কৰা জনপদসমূহৰ সমষ্টিৰদ্বাৰা একোটা জাতি গঠিত হয়।’’
‘নাগৰিকত্বৰ প্ৰশ্নৰ’ ক্ষেত্ৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ বিষয়ে উল্লেখ কৰিছে। ‘ৰিফিউজি’ অৰ্থাৎ আশ্ৰয় প্ৰাৰ্থীসকলৰ সাংবিধানিক স্থিত; বহিৰাগতৰ সমস্যা, বহিৰাগতৰ সমস্যাৰ মূল কাৰক সাম্ৰাজ্যবাদৰ বিষয়ে উল্লেখ কৰা হৈছে।
‘চাহখেতিৰ সম্প্ৰসাৰণ’ আৰু অসমত তাৰ প্ৰভাৱৰ স্পষ্ট ছবি দাঙি ধৰা হৈছে।
‘‘পথৰুঘাটৰ ৰণ’’ আৰু নগাওঁ জিলাৰ ‘‘ফুলগুৰি’’ৰ উদাহৰণেৰে থলুৱা তথা ভূমিপুত্ৰৰ বাবে সৃষ্টি হোৱা সমস্যা আৰু পৰিণামৰ বিষয়ে গ্ৰন্থখনত উল্লেখ আছে। অসমলৈ প্ৰব্ৰজনৰ সোঁত, জনসংখ্যা বিস্ফোৰণ আৰু অসমীয়া বঙালীসকলৰ মাজত সৃষ্টি হোৱা অঘোষিত দন্দৰ বিৱৰণ, কাৰণ উল্লেখ কৰা হৈছে।
অসহযোগ আন্দোলন আৰু অসম, অসমত বঙলা ভাষা সংস্কৃতিৰ স্থান, অতীত যুগৰ আৰু ইংৰাজী আমোলৰ প্ৰব্ৰজনৰ পাৰ্থক্যৰ উপৰিও ‘আসাম এছোচিয়েচন’ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভূমিকাৰ বিষয়েও উল্লেখ কৰা হৈছে। কানিৰ প্ৰচলনৰ জৰিয়তে ইংৰাজসকলে কিদৰে অসমৰ বাণিজ্য ক্ষেত্ৰ দখল কৰি লৈছিল সেই বিষয়ে উল্লেখ কৰা হৈছে।
‘‘ইতিহাসৰ স্বাভাৱিক গতিৰদ্বাৰা গঠিত, বহুকাল ধৰি একে ভাষাৰে কথা কোৱা, একে সংলগ্ন ভূমিখণ্ডত বাস কৰা, একে অৰ্থনীতিৰ সূত্ৰৰে আৱদ্ধ আৰু একে সংস্কৃতিৰ মাজেৰে মানসিক ধ্যান ধাৰণা, আশা আকাংক্ষা প্ৰকাশ কৰা জনপদসমূহৰ সমষ্টিৰদ্বাৰা একোটা জাতি গঠিত হয়।’’
১৯৩১ চনৰ লোকপিয়ল আৰু বিশেষকৈ সেই চনৰ অসম সম্পৰ্কীয় প্ৰতিৱেদনৰ জৰিয়তে মূলান চাহাবে অসমৰ আগন্তুক দিনৰ কিছুমান মৌলিক বিপদ আৰু সম্ভাৱনাৰ বিষয়ে কিছুমান তথ্য আৰু তত্ত্ব দাঙি ধৰিছিল। সেই তথ্য আৰু তত্ত্বসমূহৰ উল্লেখ গ্ৰন্থখনত কৰা হৈছে—
(ক) জন বিন্যাস আৰু প্ৰব্ৰজন ৭ম লোকপিয়ল অনুসৰি
(খ) চুক্তিবদ্ধ চাহ-মজদুৰ শোষণৰ এটা নগ্ন ৰূপ
(গ) থলুৱা বনুৱা শোষণকাৰীৰ কাৰণে বিপজ্জনক
(ঘ) অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বোচ্চ হোৱাৰ কাৰণ
মৈমনসিঙীয়া পমুৱাৰ সোঁতৰ বিৰুদ্ধে মূলাণৰ সকীয়নিৰ কথাও গ্ৰন্থখনত উল্লেখ আছে। মূলানৰ মন্তব্যৰ বিষয়ে লেখকে মন্তব্য প্ৰদান কৰিছে যে—
বহিৰাগত প্ৰশ্নত তেওঁৰ কঢ়া মন্তব্যই বেলেগ বেলেগ ধৰণৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু আজিও তাৰ জেৰ চলি আছে। মূলানৰ ৰিৰ্পোটে পৰিসংখ্যা আৰু গতি বিধিৰ ফালৰপৰা এটা দিক নিৰ্ণয় দি অসমীয়া মনটোক বিপদ সম্পৰ্কে সচেতন কৰিব পাৰিছিল। কিন্তু মূলানৰ ৰিৰ্পোটে অসমীয়া সমাজ আৰু জাতিটো শলঠেকত পৰাৰ মূল কাৰণটো ফহিয়াই কোৱা দূৰৰ কথা, উল্লেখেই কৰা নাই। বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰেম-প্ৰীতি আৰু সমন্বয়ৰ ওপৰত ভিত্তি কৰিহে শান্তি আৰু সমৃদ্ধিৰ সুন্দৰ অসম গঢ়ি তুলিব পৰা হ’ব।
১৯৩৫ চনৰ পাছত অসম তথা ভাৰতৰ পৰিস্থিতি, বিয়াল্লিছৰ বিপ্লৱৰ সময়ত অসমৰ জাতীয় নেতৃত্বৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰা হৈছে।
‘ভাৰত চৰকাৰে নিজে কোৱা কথা’ বিষয়ত পূব পাকিস্তানৰ পৰা অনুপ্ৰৱেশ, মুক্ত সীমান্ত, প্ৰব্ৰজন জাল প্ৰমাণপত্ৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিয়া মন্তব্যসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।
গ্ৰন্থখনৰ সামৰণিত ৰাষ্ট্ৰ গাঁথনি, নাগৰিকৰ অধিকাৰ, কৃষি আৰু কৃষক, শিল্প আৰু শ্ৰমিক, ব্যৱসায়, শিক্ষা, জাত পাত আৰু সামাজিক বৈষম্য, বৈদেশীক নীতি, অসমৰ বিশেষ অৰ্থনৈতিক অৱস্থা আৰু কৰ্মসংস্থানৰ সমস্যা, জনগণৰ সংগ্ৰামী ঐক্যৰ বৰ্ণনা দিয়া হৈছে।
১৯৮০ চনৰ অসমৰ পটভূমিত ৰচনা কৰা ‘ভূমিপুত্ৰৰ মৰ্মবেদনা’ গ্ৰন্থখনৰ জৰিয়তে গৌৰীশংকৰ ভট্টাচাৰ্য্যদেৱে অসমৰ থলুৱাসকলৰ সমস্যাৰ ইতিহাস, বিৱৰণ, সামাজিক পটভূমিত সমস্যাসমূহে গা-কৰি উঠাৰ কাৰণৰ সুন্দৰ উপস্থাপন কৰিছে।
গ্ৰন্থখনত যদিও সমস্যাসমূহ উল্লেখ কৰা হৈছে, সমাধানৰ সঠিক পথ প্ৰকাশত গ্ৰন্থখন সফল হ’ব পৰা নাই। ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ‘সমাগত সময়’ গ্ৰন্থৰ সৈতে এইগ্ৰন্থৰ বিষয় বস্তুৰ সাদৃশ্যতা দেখা পোৱা যায়।
লেখক ৺ গৌৰীশংকৰ ভট্টাচাৰ্য্যদেৱে যি সমস্যাৰ পটভূমিত গ্ৰন্থখন ৰচনা কৰিছিল সেই সমস্যাৰ আজিও বিশেষ পৰিৱৰ্তন হোৱা নাই। অসমৰ ভূমিপুত্ৰসকলৰ অস্তিত্ব আৰু বিকাশৰ যিসমূহ সমস্যা, সেইবোৰ এতিয়াও জলন্ত হৈয়ে আছে। বৰং বহু ক্ষেত্ৰত অধিক জটিল হৈহে পৰিছে। লেখক গৌৰীশংকৰ ভট্টাচাৰ্য্যই এই গ্ৰন্থখন প্ৰণয়ন কৰিছিল যাতে অস্তিত্বৰ সংকটত ভোগা অসমৰ ভূমিপুত্ৰসকলে তেওঁলোকৰ সমস্যাসমূহ যথাযথভাৱে মূল্যাংকন কৰি সেইবিলাক সমাধানৰ পথ নিৰূপণ কৰিব পাৰে। বৰ্তমান সময়ত, অসমীয়া ভাষা-সংস্কৃতি, অসমীয়া জাতীয়তাবাদৰ ৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে গ্ৰন্থখনত উল্লেখ নাথাকিলেও গ্ৰন্থখনত উল্লেখ থকা পূৰ্বৰ অসহযোগ আন্দোলনৰ সময়ৰ অসমৰ অৱস্থা বা অসমীয়া জাতীয়তাবাদৰ বিষয়ে অধ্যয়ন কৰি পথ নিৰ্ধাৰণ কৰিব পৰা যায়। অসমৰ জনসাধাৰণে আজিও নিজৰ অস্তিত্ব আৰু বিকাশক লৈ শংকিত আৰু জৰ্জৰিত, আৰু সেইবাবেই ‘‘ভূমিপুত্ৰৰ মৰ্মবেদনা’’ গ্ৰন্থখন আজিও প্ৰাসংগিক।
•(শ্ৰীমতী প্ৰণামীকা বৰা,দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাট)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.