-অৰবিন্দ ৰাভা |
[ ধনী দেশবোৰে লাখ লাখ ডোজ ভেকচিন ক্ৰয় কৰাৰ আগতীয়া চুক্তি ইতিমধ্যে সমাপ্ত কৰিছে। ]
এতিয়াও বজাৰলৈ ভেকচিন অহা নাই, আৱিষ্কাৰেই হোৱা নাই; ‘ট্ৰায়েল’ হে চলি আছে। কিন্তু ইতিমধ্যে ভেকচিনৰ প্ৰয়োজনীয় ‘ডোজ’ৰ লাখ লাখ ‘বুকিং’ সমাপ্ত! বিশাল ধনৰাশিৰ বিনিময়ত ধনী দেশবোৰে আগতীয়াকৈ এই কামফেৰা শেষ কৰি থৈছে। এইবিষয়ে ‘অক্সফাম’ নামৰ এক সংস্থাৰ সমীক্ষাৰ জৰিয়তে জানিব পৰা গৈছে। এই ভেকচিন অইন একো নহয়, ই হ’ল ‘কোভিড-১৯’ৰ ভেকচিন ! অক্সফামৰ প্ৰতিবেদন অনুসৰি কিছুমান ধনী দেশে, জনসংখ্যাৰ হিচাবত যিসকলৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ মাত্ৰ ১৩% , সম্ভাৱ্য কৰোনা-টিকাসমূহৰ আধাতকৈও বেছি ‘ডোজ’ তেওঁলোকে ইতিমধ্যে ক্ৰয় কৰিবলৈ বিশাল ধনৰ বিনিময়ত ‘বুকিং’ পৰ্ব সাং কৰিছে। মূলতঃ ৫ টা ঔষধ প্ৰস্তুতকাৰক সংস্থাৰ সম্ভাৱ্য ভেকচিন ‘ক্লিনিকেল ট্ৰায়েল’ৰ অন্তিম পৰ্যায়ত আছে। এই কোম্পানী সমূহ হ’ল – এস্ট্ৰাজেনেকা, গ্যামালিয়া, মডাৰ্ণা, ফাইঝাৰ আৰু চিনোভ্যেক। সমীক্ষাত কোৱা হৈছে যে এই কোম্পানীসমূহৰ সৈতে লাখ লাখ ডোজৰ ভেকচিন ক্ৰয় কৰাৰ আগতীয়া চুক্তি ধনী দেশসমূহে সম্পূৰ্ণ কৰিছে। সমীক্ষা অনুসৰি এই ৫ টা সংস্থাই মুঠ ৫৯০ কোটি ডোজৰ ভেকচিন তৈয়াৰ কৰিবলৈ সক্ষম। এইপৰ্যন্ত ৫৩০ কোটি ‘ডোজ’ৰ সৰবৰাহ নিশ্চিত হৈছে। ইয়াৰ মাজতে ২৭০ কোটি ‘ডোজ’ (৫১%) আগতীয়াকৈ কিনিছে আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয়ান ইউনিয়ন, অষ্ট্ৰেলিয়া, হংকং, ম্যাকাউ, জাপান, চুইজাৰলেণ্ড আৰু ইজৰাইলে। বাকী ২৬০ কোটি ‘ডোজ’ৰ সামান্য কিনিছে চীনে। ভাৰত, আৰু দুখনমান দুখীয়া দেশেও একেবাৰে অলপ ক্ৰয় কৰিছে – যদিও ভাৰতৰ জনসংখ্যাই সকলোৰে চকু কপালত তোলে !
ভেকচিন ওলোৱাৰ লগে লগেই ধনী দেশবোৰে নিজৰ জিম্মাত ৰাখি থব বুলি আশংকা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাই বাৰম্বাৰ সতৰ্ক কৰি আছে যে কেৱল ধনী দেশবোৰেহে যদি ভেকচিন পায়, তেনেহলে পৃথিৱী কৰ’নামুক্ত হ’ব কিদৰে? পৃথিৱীত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৩ কোটি পাৰ হ’ল। ৯ লাখ ৪৬০০০+ মৃত্যু! সংক্ৰমণৰ হাৰ ইউৰোপত কমি গৈছিল, কিন্তু এতিয়া হু হু কৈ পুনৰ বাঢ়িবলৈ ধৰিছে! এনে সময়ত ভেকচিনক লৈ ধনী দেশবোৰে গ্ৰহণ কৰা কাৰ্যৰ ফলত ভাৰতৰ দৰে দৰিদ্ৰ দেশত, নিবনুৱাৰ দেশত, ২০২২ চনৰ আগতে সৰ্বসাধাৰণৰ বাবে ভেকচিন হয়তো হৈ ৰব আকাশৰ তৰা! গতিকে কৰ’নাক লৈ আৰু ডেৰটামান বছৰ অসমৰ বাসিন্দাইও আতংকৰ মাজেৰেই পাৰ কৰিব লাগিব; আৰু একেসময়তে অৰ্থনৈতিক দুৰাৱস্থাৰ কাঁড়েবোৰেও অহৰহ আঘাত কৰি জীৱন্তে আধামৰা কৰিব! এনে পটভূমিত ৰাজনৈতিক নেতাৰ লম্ফ-জম্ফ, টি-ভি ৰ পৰ্দাত দেখা ‘বিশেষজ্ঞ’ৰ ভাষণ, সেইবোৰ কাণত নুসুমোৱা হৈছে। ইমান তীব্ৰ সংকট, অথচ মোডীৰ জন্মদিন পালন কৰাৰ বাবে কি যে ব্যস্ততা!