ভেলেণ্টাইন ডে’ৰ ইতিহাস,তাৎপৰ্য আৰু সজাগতা
মনস্বিনী শৰ্মা
“প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি।
নিশ্বাসৰ দৰে নিশব্দে যেন বিচাৰি ফুৰে
শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস |”
– হীৰেন ভট্টাচাৰ্য
স্বৰ্গীয় অনুভূতিৰ এপাহি পাৰিজাত পুষ্প হৈছে প্ৰেম।
সাধনাৰে লাভ কৰা এই পুষ্প ফুলি থাকে ৰ’দ সিঁচি দিয়া সত্তাটিৰ বুকুত,আলিঙ্গনেৰে আকোঁৱালি ৰখা হৃদয়ৰ কাৰেঙত। জীৱন জী থাকে,জীৱন আগবাঢ়ে এই ফুলৰ সুবাসেৰে। এই পৱিত্ৰ প্ৰেমৰ ফুলপাহিক সযতনে ৰাখিবলৈ হেঁপাহৰ ৰাগীত আয়োজন চলি থাকে প্ৰতিটো প্ৰভাতৰ পৰা নিশাৰ ৰজনীগন্ধালৈ।
হৃদয়ৰ বাগিচাত সযতনে ৰোৱা প্ৰেমৰ গোলাপ পাহিৰ বাবে প্ৰয়োজন নাথাকে একোটা বিশেষ দিনৰ। তথাপিও এটি এটি দিন উৎসৰ্গা হয় প্ৰেমৰ থাপনালৈ। এনে এটি দিন হৈছে ১৪ ফেব্ৰুৱাৰী। অৰ্থাৎ ‘ভেলেণ্টাইন ডে’ বা ‘প্ৰেমৰ দিৱস‘। এই দিনৰ আছে এক ইতিহাস, তাৎপৰ্য আৰু বৰ্তমান দিনৰ বাবে সজাগতা।
১৪ ফেব্ৰুৱাৰী প্ৰেমিক যুগলে আশাৰে বাট চাই থকা এটা দিন। সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস হ’ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়।
এই দিৱসটো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃ পূঃ ত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়।হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
ভেলেণ্টাইন দিৱসত গুৰুত্ব লাভ কৰা ১১ টা কাহিনী হ’ল দেৱদাস-পাৰু, ছাহজাহান-মমতাজ, ৰোমিঅ’ -জুলিয়েট, ছেলিম -আনাৰকলি,মেৰী-পীয়েৰ কুৰী,লেইলা-মজনু, কিঅ’পেট্ৰা- মাৰ্ক এণ্টনী,লেস্নলট-গুণিভেৰ, ট্ৰীষ্টান- ইছ’লড, পেৰিছ-হেলেনা আৰু জংকী-পানেই। এই ১১ টা কাহিনীতে সোমাই আছে পৱিত্ৰ প্ৰেমৰ ত্যাগৰ গাঁথা।
ইউৰোপ আৰু আমেৰিকাৰ সমাজ ব্যৱস্থাত বিবাহৰ ধাৰণাটোক গ্রহণ কৰাৰ পূর্বে গৰিষ্ঠসংখ্যক লোকে বিবাহ অবিহনে ততোধিক বিপৰীত লিংগৰ লোকৰ সৈতে সম্পর্ক ৰখাৰ এটা পৰম্পৰাত বিশ্বাসী আছিল।কিন্তু তাৰ মাজতেই মাজে সময়ে ইউৰোপত কিছুমান মানুহে এনে পৰম্পৰাৰ বিৰোধিতা কৰিছিল আৰু এনে নিকৃষ্ট ব্যৱস্থাৰ সমালোচনা কৰিছিল৷
এই ব্যক্তিসকলৰ মাজতে ৪৭৮ খ্রীষ্টাব্দত এজন ব্যক্তিয়ে এই অসামাজিক আৰু অব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল, নাম আছিল তেখেতৰ ‘ভেলেণ্টাইন’৷ তেখেতে কৈছিল যে ‘বহুগামিতাক আমি বর্জন কৰিব লাগে আৰু বিবাহ-ব্যৱস্থাক গ্রহণ কৰিব লাগে৷ তাৰ পাছতহে যৌন-সম্পর্ক স্থাপন কৰা উচিত আৰু এজন জীৱন-সংগীৰ ধাৰণাত বিশ্বাসী হোৱা উচিত৷’
ইটালিৰ টার্নি নগৰত জন্মলাভ কৰা ভেলেণ্টাইনে ৰোমৰ অলিয়ে-গলিয়ে ঘূৰি সকলোকে এই বিষয়ে সজাগ কৰাৰ চেষ্টা কৰিছিল৷ তেখেতে এটা গীৰ্জাত জড়িত হৈ গীৰ্জালৈ অহা লোকসকলকো এই বিষয়ে জ্ঞান দিছিল।তেখেতৰ কথাত যিসকলে সমৰ্থন জনাইছিল তেখেতে সেইসকলৰ মাজত বিবাহ কৰাই দিছিল।ভেলেণ্টাইনৰ সময়ত ৰোমান সম্রাজ্যৰ সম্রাট আছিল ক্ল’ডিয়াছ ৷
ক্ল’ডিয়াছৰ ধাৰণা হৈছিল যে ভেলেণ্টাইনে সমগ্র ইউৰোপৰ পৰম্পৰা ভংগ কৰিছে৷ বিবাহ অবিহনে সুন্দৰ জীৱন উপভোগ কৰা মানুহৰ মাজত বিবাহৰ ব্যৱস্থা সুমুৱাই দি অপসংস্কৃতিৰ জন্ম দিছে আৰু দেশৰ সংস্কৃতি বিনষ্ট কৰিছে ৷ সেয়েহে ক্ল’ডিয়াছে ভেলেণ্টাইনক আটক কৰাই আনি জে’ললৈ প্রেৰণ কৰিছিল ৷
জেলত থকা অৱস্থাতেই উক্ত জে’লৰ জেইলাৰৰ দুহিতাৰ সৈতে ভেলেণ্টাইনৰ প্রেম হৈছিল আৰু ভেলেণ্টাইনে নিজৰ প্রেমিকালৈ এখন পত্র লিখিছিল যাৰ শেষত লিখা আছিল ‘Your Valentine‘. এই শব্দ দুটাকেই অনুকৰণ কৰি আজিও প্রেমিক-প্রেমিকাসকলে ‘Your Valentine‘ বুলিয়েই নিজৰ প্রেমাস্পদলৈ পত্র লিখি প্রেমৰ প্রস্তাৱ আগবঢ়াই আহিছে ৷
কিন্তু ইয়াক লিখাৰ আগতে কোনেও এবাৰলৈও ভাবি চোৱা নাই যে ভেলেণ্টাইনৰ ঠাইত নিজৰ নামটো লিখিব লাগে ৷ এনেদৰেই এটা পৰম্পৰাৰ আৰম্ভ হ’ল ৷ কিন্তু এটা সময়ত সেইবিলাকৰ ওৰ পৰিল আৰু ইউৰোপত বিবাহে ৰাজহুৱা স্বীকৃতি লাভ কৰিলে ৷ পিছৰ পর্যায়ত ইউৰোপ আৰু আমেৰিকাৰ বিবাহ-প্রার্থীসকলে ভেলেণ্টাইনৰ মৃত্যুৰ স্মৃতিত ১৪ ফেব্রুৱাৰী দিনটোক ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিলে ৷
বিবাহ ব্যৱস্থাৰে পৰিচালিত আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত বহুতে ভেলেণ্টাইন ডেৰ বিৰোধিতা কৰে আৰু বহুলোকে উদ্যাপনও কৰে।
বিশ্বায়নৰ দিনত আমাৰ সমাজ ব্যৱস্থা এনেকুৱা হৈছে যে আনৰ সংস্কৃতিৰ ভাললগা অংশবোৰ আনি আমি নিজৰ সংস্কৃতিৰ সৈতে সংলগ্ন কৰো,আনৰ সংস্কৃতিক অনুসৰণ কৰো। অৱশ্যে ইয়াক একেবাৰে বেয়া বুলি ক’ব নোৱাৰি। যদি নিজৰ শিপাডালক আঘাত নসনাকৈ খামুচি ধৰি নতুনত্ব একোটাক সন্মান জনাই আকোঁৱালি লোৱাটো অপৰাধ হ’ব নোৱাৰে।
সেইদৰে প্ৰেম হৈছে স্বৰ্গীয় অনুভূতি।প্ৰেম অবিহনে জীয়াই থকাটো কঠিন।এই পৱিত্ৰ অনুভূতিক যদি এটি বিশেষ দিনেৰে সজাই তুলিছে সেয়া গ্ৰহনযোগ্য নোহোৱাকৈ থকাটোহে অনুচিত।প্ৰেম হৈছে হৃদয়ে হৃদয়ক বান্ধি ৰাখিব পৰা এডাল জৰী। যি অৱস্থাত আছে সেই অৱস্থাতে গ্ৰহন কৰি সুখৰ বান্ধোনেৰে বুকুত সামৰি ল’ব পৰাটোৱেই প্ৰেম।
মৰিব খোজা এজনক জীয়াই থাকিবলৈ শিকোৱা,ভাগি পৰাজনৰ বাবে সাহস হোৱা,বাট হেৰুৱাজনৰ বাবে পোহৰ হোৱাটেই প্ৰেম।ত্যাগৰ মহিমাৰে জিলিকি ৰোৱাতে প্ৰেমৰ শ্বাশ্বত সত্য।প্ৰেমৰ প্ৰকৃত তাৎপৰ্যৰে এটি দিন উদ্যাপন কৰিবলৈ লোৱাটো ভাল।
কিন্তু আজিৰ একাংশ নৱপ্ৰজন্মই ভেলেণ্টাইন ডেৰ প্ৰকৃত অৰ্থক অনুধাৱন নকৰি অপপ্ৰয়োগ কৰে।প্ৰেমৰ নামত উচ্চৃংশলতা, অশ্লীলতা,যৌনতাক অধিক প্ৰাধান্য দি প্ৰেমক শাৰীৰিক খেলালৈ ৰূপান্তৰ কৰে।হৃদয়ৰ অনুভূতিক নুবুজি শৰীৰৰ প্ৰতি অধিক আৰ্কষিত হয়। তাৰোপৰি অপ্ৰিয় হ’লেও সত্য যে আজিৰ নৱপ্ৰজন্মৰ সৰহ সংখ্যকে যিকোনো প্ৰকাৰে সম্পৰ্কত বান্ধ খাই থাকিব বিচাৰে।সম্পৰ্কবিহীনভাৱে থকাটো এক বিৰহ হিচাপে গণ্য কৰে।
প্ৰেমৰ সম্পৰ্কবোৰ ইমান জটিল আৰু ঠুনুকা যে এই গঢ়িলে,এই ভাঙিলে।বৰ্তমান সময়ত প্ৰকৃত সঁচা প্ৰেম পোৱাটো সৌভাগ্যৰ কথা হৈ পৰিছে। সময়ৰ সোঁতত প্ৰেমৰ বিষয়টো জটিল আৰু মিছা হ’বলৈ ধৰিছে। বৰ্তমান সময়ত ভেলেণ্টাইন ডে’ৰ উদযাপনৰ বাবে প্ৰেমিক যুগল সাজু হয় যৌন সম্ভোগৰ বাবে। সেয়ে তথ্য অনুসৰি,ভেলেণ্টাইন ডে’ৰ পাছত গৰ্ভপাত (Abortion) কৰোৱাৰ সংখ্যাও বেছি হয়।
ইয়াৰ মাজত যি প্ৰেম সত্যৰ ভেঁটিত স্থাপন হৈছে সেই প্ৰেম উদাহৰণ হৈ জিলিকিছে।আনহাতে প্ৰেমৰ প্ৰকৃত মহত্ব নজনাবোৰৰ মৃত্যু পৰ্যন্তলৈকে চূড়ান্ত ৰূপ পাইছে। সকলোৱে সম্পৰ্ক একোটাৰ সৃষ্টিৰ আঁৰৰ কথা ভাবি নাচায়।গঢ়ো বা ভাঙো বুলিয়ে যে সম্পৰ্ক একোটা সৃষ্টি নহয়।কাৰণ,প্ৰেমেই হৈছে এনেকুৱা এক আৱেগ যি এবাৰেই এজনৰ বাবে বহু প্ৰতীক্ষাৰ ফলত সৃষ্টি হয়।
অপৰিপক্ক বয়সৰ পৰা আমাৰ এচাম ল’ৰা-ছোৱালীয়ে ভেলেণ্টাইন ডে’ৰ নামত বিপথে পৰিচালিত হয়। প্ৰেম, ভালপোৱাৰ প্ৰকৃত অৰ্থ নজনাকৈ বিপৰীত লিংগকামিতাৰ কৱলত পৰি নিজৰ জীৱন ধ্বংস কৰে। মৃত্যু পৰ্যন্ত ঘটনাও ঘটে প্ৰেমৰ বাবে, ভালপোৱাৰ সম্পৰ্কৰ বাবে।
বৰ্তমান সময়ত সমাজত ভেলেণ্টাইন ডে’ৰ উদযাপনৰ এটি ধাৰা বিয়পিবলৈ ধৰিছে। পশ্চিমীয়া এই সংস্কৃতিক নিজৰ মাজত অধিক বিয়পাই তুলিবলৈ লৈছে। গতিকে এই দিৱসৰ অজুহাতেৰে ভুল দিশেৰে প্ৰেমৰ গতি আগবঢ়াৰ ক্ষেত্ৰত সজাগ হ’ব লাগে, সজাগ কৰিব লাগে।
এই গতিধাৰাৰ মাজত আমি কিছু ক্ষেত্ৰত সজাগ হ’বৰ হ’ল যে প্ৰেম কেতিয়াও এটা দিন বা দিৱসৰ মাজত সীমাবদ্ধ হৈ থাকিব নোৱাৰে। প্ৰেমৰ অৰ্থ কেৱল শাৰীৰিক সুখ নহয়। আত্মিক মিলনেৰে হৃদয়েৰে একাত্ম হৈ থকা পৱিত্ৰ সম্পৰ্কটোৱেই হ’ল প্ৰেম। গতিকে প্ৰেমৰ প্ৰকৃত অৰ্থৰে, উপযুক্ত দিশেৰে পৱিত্ৰ প্ৰেমক জীৱনৰ বাবে উৎসৰ্গা কৰিলে ভেলেণ্টাইন ডে’ৰ অৰ্থ বৰ্তি ৰ’ব।
প্ৰকৃত প্ৰেম সৃষ্টি হ’বলৈ যেনেদৰে সময় লাগে সেইদৰে পাহৰিবলৈও বহু সময় লাগে।প্ৰেমেই দিব পাৰে স্বৰ্গীয় সুখানুভূতি আৰু সেই প্ৰেমে গতি হেৰুৱালে আকৌ দিব পাৰে নৰকীয় যন্ত্ৰণা। সেয়ে ভেলেণ্টাইন দিৱসৰ নামত স্বৰ্গীয় প্ৰেমক ঠুনুকা নকৰি তাৎপৰ্যৰে উদ্যাপন কৰিব লাগে।
প্ৰেমক নিঃস্বাৰ্থ, সততা, বিশ্বাস আৰু মৰমেৰে জীয়াই ৰাখিব লাগে হৃদয়ৰ সজীৱ কোঠালিত।স্বৰ্গৰ এপাহি পৱিত্ৰ পাৰিজাত পুষ্প প্ৰেমক অপৱিত্ৰ নকৰি প্ৰকৃত প্ৰেমৰ আৰ্দশৰে জী থাকক প্ৰতিখন হৃদয়ৰ গৰাকী।
প্ৰেম আৰ্দশ হওঁক, উদাহৰণ হওঁক। জীৱনে গাই যাওক প্ৰেমৰ গীত, আৰাধনা হওঁক পৱিত্ৰ প্ৰেমৰ সুললিত প্ৰাৰ্থনা।
লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী
14-02-2024
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)