– লিপিকা দাস |
সাম্প্ৰতিক গোলকীয় প্ৰেক্ষাপটত সংস্কৃতিৰ আদান প্ৰদান অনস্বীকাৰ্য যি সম্ভৱপৰ হৈ উঠিছে বিশ্বায়নৰ ফলশ্ৰুতিত । তেনে এক মুহূৰ্তত দিনে দিনে জনপ্ৰিয় হৈ পৰা ভেলেণ্টাইন দে’ৰ প্ৰাসংগিকতা আৰু অসমৰ দৰে ৰাজ্য এখনত ইয়াৰ প্ৰয়োজনীয়তা—সঁচাই এক বিচাৰ্য বিষয় । বিষয়টো সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে ভেলেণ্টাইন দে নো কি, সেই বিষয়ে আমাৰ এক সম্যক জ্ঞান বা ধাৰণা থকাটো নিত্যান্তই প্ৰয়োজন ।
“ভেলেণ্টাইন দে” হৈছে পশ্চিমীয়া সংস্কৃতিৰ দান যি পালন কৰা হয় চেইণ্ট ভেলেণ্টাইনৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি । চেইণ্ট ভেলেণ্টাইন আছিল তৃতীয় শতিকাৰ এনে এজন ব্যক্তি যিয়ে সেই সময়ৰ সম্ৰাট ক্ল’ডিয়াছ ড’ চেকেণ্ডৰ দ্বাৰা সমগ্ৰ ৰোমত প্ৰৱৰ্তিত বিবাহ বিৰোধী নীতিৰ বিৰোধিতা কৰিছিল । সম্ৰাটৰ ধাৰণা অনুযায়ী সেইসকল ডেকাই নিজৰ ৰাষ্ট্ৰৰ প্ৰতি নিজৰ সকলো স্বাৰ্থবর্জন কৰি কাম কৰিব পাৰে, যিসকল অবিবাহিত । অন্যথা ঘৰ সংসাৰৰ মায়াত তেওঁলোক আবদ্ধ হৈ ৰয় । কিন্তু চেইণ্ট ভেলেণ্টাইন আছিল প্ৰেমৰ পূজাৰী । তেওঁ অনুভৱ কৰিছিল যে এনেকৈ হলে প্ৰেমহীন হৈ পৰিব সমগ্ৰ ৰোম সাম্ৰাজ্য যি হব সৃষ্টি বিৰোধী । গতিকে তেওঁ সৈনিক তথা ডেকা সকলৰ গোপন বিবাহৰ প্ৰচলন কৰিলে কিন্তু বেছিদিনলৈ তেওঁ ৰজাঘৰীয়াৰ শেনদৃষ্টিৰ পৰা বাছি নাথাকিল । তেওঁক আটক কৰা হ’ল আৰু কাৰাগাৰত বন্দী কৰি ৰখা হ’ল । কিংবদন্তি অনুসৰি বন্দী কালছোৱাত তেখেত জেইলৰৰ অন্ধ জীয়ৰীৰ প্ৰেমপাশত আবদ্ধ হয় আৰু তেওঁক মৃত্যদণ্ডৰে দণ্ডিত কৰা হয় ১৪ ফেব্ৰুৱাৰী ২৭০ খ্ৰীষ্টাব্দত । কোৱাবহুল্য যে তেখেতৰ মৃত্যুৰ প্ৰায় ২০০ বছৰৰ পিছত হে তেওঁৰ প্ৰতি উচৰ্গা কৰি তেওঁৰ মৃত্যু দিনটো তেখেতৰ নামেৰে পালন কৰা হ’বলৈ ধৰিলে । ইংৰাজী সাহিত্যত পোন প্ৰথমবাৰৰ বাবে তেওঁৰ আদর্শক ব্যৱহাৰ কৰি লিখিছিল মধ্য যুগীয় লিখক তথা ইংৰাজী সাহিত্যৰ পিতৃ জিও’ফ্ৰে চ’চাৰে । তাৰ পিছতেই বিভিন্ন কবি, সাহিত্যিকৰ লিখনিত জনপ্ৰিয় হৈ উঠে “Courtly Love” আৰু তাৰেই ফলস্বৰূপে সমগ্ৰ ইউৰোপ জুৰি পালিত হ’বলৈ ধৰিলে “ভেলেণ্টাইন দে” । সেই দিনটো তেওঁলোকে পালন কৰিছিল প্ৰেমাস্পদৰ প্ৰতি ৰচনা কৰা নিজৰ কবিতা পাঠ কৰি নতুবা অন্য কোনো অনুষ্ঠানৰ জৰিয়তে ।
এয়া হ’ল ভেলেণ্টাইন দেৰ আৰম্ভনি আৰু প্ৰচলন সম্পৰ্কে এটি চমু আলোকপাত । এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে পশ্চিমীয়া জগতখনত ভেলেণ্টাইন দেৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি । আকৌ বিশ্বায়নে গোলকীয় গাওঁলৈ পৰিৱৰ্তন কৰাৰ সময়ছোৱাত সাংস্কৃতিক আদান প্ৰদানৰ বাবে এনে এক দিৱসৰ প্ৰয়োজনীয়তা নথকা বুলিও ক’ব নোৱাৰি । কিন্তু প্ৰাচ্যৰ এখন ৰাজ্য হিচাপে অসম আৰু অসমীয়া জাতীয় জীৱনত এই দিৱসৰ প্ৰয়োজনীয়তা কিমান, সেইক্ষেত্ৰত চিন্তাৰ যথেষ্ট থল আছে ।
ভাৰতবর্ষৰ পূৰ্ব দিশত অৱস্থিত এখন ৰাজ্য হৈছে অসম যাৰ আছে নিজস্ব বাৰে ৰহনীয়া সংস্কৃতি । এই সংস্কৃতিয়ে আগুৰি লৈছে বিভিন্ন জাতি উপজাতি তথা বিভিন্ন লোক উৎসৱ । তাৰোপৰি অসমৰ জাতীয় উৎসৱ চেনেহৰ বিহুটি আছেই । অসম বুৰঞ্জীত চকু ফুৰালেই আমি দেখা পাওঁ যে পাশ্চাত্যৰ ৰোমিও জুলিয়েটৰ লেখীয়াকৈ অসম ইতিহাস ও ঠাহ খাই আছে ৰংদৈ ৰঙিলী, ধনবৰ ৰতনী, জঙ্কি পানৈৰ দৰে অনেক প্ৰেমিক যুগলৰ কাহিনীৰে যি মুহূৰ্তত ভেলেণ্টাইন দে সদৃশ কোনো উৎসৱ নাছিল । আছিল প্ৰাণৰ বিহু, আলি আই লিগাং আদি উত্সৱবোৰ য’ত ইজনে সিজনক বিহুৱান যাচি, হিয়াৰ আকুণ্ঠ মৰমেৰে জীৱন ভৰাই ৰাখিছিল । কিন্তু কথা হ’ল, প্ৰেম মানে জানোঁ কেৱল এহাল ডেকা গাভৰুৰ মাজৰ সম্পৰ্ককেই বুজা যায়? নিশ্চয় নহয় । প্ৰেম হৈছে এক শ্বাস্বত, স্বৰ্গীয় অনুভূতি যাৰ বাবেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড বৰ্তি আছে । অন্যথা প্ৰেমহীন জগত হৈ পৰিব হিংসা, বিদ্বেষেৰে পৰিপূৰ্ণ এখন মৰিশালি । কিন্তু প্ৰেমৰ এই বিশাল অৰ্থ উঠি অহা চামে ভালদৰে নুবুজা বাবেই গা কৰি উঠিছে পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণ জাতীয় এক সমস্যা যাৰ ফলত নৱ প্ৰজন্ম হৈ পৰিছে পশ্চাদগামী । প্ৰেম বিশেষ উৎসৱ ভেলেণ্টাইন দে উদযাপন কাৰ্যক অসমত সমৰ্থন কৰিব পৰা গ’লহেঁতেন যদিহে বৰ্তমান প্ৰজন্মই ইয়াৰ সঠিক ব্যৱহাৰ কৰিলেহেঁতেন । প্ৰেম মানে যিহেতু বিশ্বজনীন অনুভূতি, গতিকে এই দিৱসটোৰ লগত সংগতি ৰাখি ইয়াক আমি সদব্যৱহাৰ কৰিব পাৰোঁ । সেয়া লাগিলে কোনোবা বাটৰ ভিকহুক এসাঁজ ভালদৰে খুৱাই তাক সেই বিশেষ দিনটোত এযোৰ কাপোৰ উপহাৰ দিয়েই হওঁক নতুবা কোনোবা অনাথৰ জীৱনৰ এটি সন্ধ্যা বিশেষ কৰি তুলিয়েই হওঁক । কিন্তু সেয়া দেখোন পৰিলক্ষিত নহয় । তাৰ পৰিৱৰ্তে দেখিবলৈ পাওঁ দামী দামী গিফ্ট আৰু হোটেল ৰেষ্টৰাৰ চুকে কোনে অশালীন আলিংগণৰ পোহাৰ । তাৰোপৰি সমসাময়িক প্ৰজন্ম ব্যস্ত হৈ পৰে ভেলেণ্টাইন দেৰ নামত গোটেই সপ্তাহ জুৰি উদযাপিত ভেলেণ্টাইন উইক পালনৰ নামত । আজি ৰ’জ দে, কাইলৈ হাগ দে, পৰহিলৈ কিছ দে ইত্যাদি দেৰ নামত । বৰ্তমান এচামৰ বাণীয়েই হৈছে প্ৰপ’জ দেত প্ৰপ’জ দি ছোৱালী পটোৱা আৰু ভেলেণ্টাইন দেৰ পিছদিনা ব্ৰেক আপ দি সম্পৰ্ক ছেদ কৰি ব্ৰেক আপ দে উদযাপন কৰা । এয়া নিশ্চয়কৈ আমাৰ আগন্তুক প্ৰজন্মৰ বাবে অশুভ লক্ষণ । কিয়নো প্ৰেমৰ দৰে মধুৰ অনুভূতি এটাক এনেবোৰ দিৱস পালনৰ দ্বাৰা সস্তীয়া ৰূপলৈ পৰিবৰ্তন হে কৰা হৈছে । গ্ৰীটিংছ কাৰ্ড খনৰ সলনি নিজ হাতে বৈ দিয়া বিহুৱান খনত জমা হৈ থাকে অধিক বেছি মৰম, চেনেহ । আকৌ বজাৰৰ পৰা কিনি আনি দিয়া প্লাষ্টিকৰ গোলাপটোৰ সলনি নিজ হাতে প্ৰেয়সীৰ চুলিটাৰীত গুজি দিয়া কপৌফুল পাহিত থাকে অনেক বেছি আবেগ । তেনেস্থলত, চেইণ্ট ভেলেণ্টাইনে আমাক শিকাই থৈ যোৱা প্ৰেমৰ নীতিশিক্ষাবোৰ পাহৰি, প্ৰেমৰ বাণীবোৰ পাহৰি, সেই বিশেষ দিনটোৰ আচল অৰ্থ নুবুজি নিজকে বেপাৰোৱা সজোৱাৰ যুক্তি ক’ত? আৰু প্ৰেম মানেই তো জীৱন । তেন্তে এটা বিশেষ দিনলৈ সীমিত কৰি নাৰাখি সর্বদা প্ৰেমময় হৈ থকাতহে জীৱনৰ সাৰমৰ্ম লুকাই আছে । তেন্তে কেৱল ভেলেণ্টাইন দে লৈকেই আমাৰ প্ৰেম সীমিত কিয় হৈ থাকিব ? যদি আমি প্ৰকৃতাৰ্থত নিজৰ সংস্কৃতিৰ বিলোপ নিবিচাৰোঁ, পশ্চিমৰ অন্ধ অনুকৰণ কৰি নিজক বেপাৰোৱা সজাব নোখোজোঁ আৰু চেইণ্ট ভেলেণ্টাইনে দি যোৱা বাণী অৱলম্বন কৰিব খোজোঁ তেন্তে মই ভাবোঁ যে প্ৰেমৰ কাৰণে কোনো বিশেষ দিন পালনৰ প্ৰয়োজন নাই । নিজক ভাল পাওঁক লগতে ভালপোৱা বোৰ বিলাই দিবলৈ প্ৰয়াস কৰক, দেখিব জীৱনৰ প্ৰতিটো দিনেই সৰ্বাঙ্গ সুন্দৰ আৰু প্ৰেমময় হৈ পৰিছে । তেতিয়া জীৱনৰ প্ৰতিটো দিন, প্ৰতিটো ক্ষণ আপোনাৰ সন্মুখত ভেলেণ্টাইন দে হৈ ধৰা দিব ।