• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, April 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

ভেলেন্টাইন ডে’ উদযাপন

পৰিস্মিতা বৰদলৈ

by Anjan Sarma
February 14, 2024
in Literature, Short Stories
Reading Time: 3 mins read
0
beautiful dark red flowers in pot on white table

Photo by Karolina Grabowska on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

ভেলেন্টাইন ডে’

পৰিস্মিতা বৰদলৈ

Parismita Bordoloi
পৰিস্মিতা বৰদলৈ

উন্মেষা গুৱাহাটীৰে ছোৱালী ৷

এখন অৱস্থাপন্ন ঘৰৰ জীয়ৰী উন্মেষাৰ জীৱনটো সম্পৰ্কে ধাৰণা একেবাৰেই সৰল ৷ দুখ,কষ্ট,দাৰিদ্ৰতা,অভাৱে কোনোদিনে সংস্পৰ্শ নকৰা এটা আৰামদায়ক বিলাসী জীৱন যাপনৰ অধিকাৰী তাই ৷মহানগৰীৰে প্ৰখ্যাত ব্যৱসায়ী ৰাজদ্বীপ বৰুৱাৰ একমাত্ৰ দুহিতা উন্মেষা ৷

RelatedPosts

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

April 4, 2026
From Lice DNA to Lost Civilizations: How Clothing Shaped Human Survival 170,000 Years Ago

From Lice DNA to Lost Civilizations: How Clothing Shaped Human Survival 170,000 Years Ago

April 1, 2026

কিন্তু এই উন্মেষাৰে প্ৰেমাস্পদ ডাঃ অভিজ্ঞান ভূঞা এটা অনাৰম্বড়পূৰ্ণ সহজ সৰল জীৱন যাপনৰ অধিকাৰী ৷ পেচাত চিকিৎসক, টকা পইছাৰ ক্ষেত্ৰত অভাৱ তেওঁৰো নাই যদিও অনাহক বিলাসী জীৱন এটা কটোৱাৰ পৰিপন্থী তেওঁ ৷

ইয়াকে লৈ পিছে উন্মেষা আৰু অভিজ্ঞানৰ মাজত কোনোদিনেই বিবাদ হোৱা নাই ৷ দুয়ো নিজৰ নিজৰ জীৱন প্ৰণালী স্বাধীনচিতীয়া ভাৱে পালনৰ ক্ষেত্ৰত কোনো এজনেই  হেঙাৰ হ’ব নোখোজে আনজনৰ৷এনেকৈয়ে সিহঁতৰ দিনবোৰ গৈ আছে৷

 উন্মেষাৰ অভিজ্ঞানৰ ওচৰত এটাই মাথো আপত্তি৷সেইটো হৈছে ১৪ ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ বিশ্বজুৰি “ভেলেন্টাইন ডে” উদযাপিত হয় ৷ তাইৰে বন্ধু বৰ্গ সকলোৱেই নিজৰ নিজৰ প্ৰেমাস্পদৰ লগত দিনটো বিভিন্ন ধৰণেৰে উদযাপন কৰে ৷ ৰেষ্টুৰেন্ট,পাৰ্ক,কেন্দেল লাইট ডিনাৰ,আউটিং,ডেটিং,শ্বপিং,কেক কাটিং আদিৰ লগতে বিভিন্ন উপহাৰৰ আদান প্ৰদানৰ পয়োভৰ তাই দেখা পাইছে ৷

যদিও এই বিশেষ দিনটোৰ শিপা ডাল পশ্চিমীয়া দেশসমূহৰ পৰা আহিছে তথাপি ইয়াৰ জনপ্ৰিয়তা ভাৰততো,অসমতো আজিকালি বৃদ্ধি পাব ধৰিছে ৷ বিশেষকৈ ভেলেন্টাইন ডেৰ এসপ্তাহমান আগৰেপৰা  মহানগৰীৰ বিভিন্ন সৰু ডাঙৰ ষ্টলবোৰ,শ্বপিং মলবোৰ সজাই পৰাই তোলা হয়৷

red flower photography
Photo by Jess Bailey Designs on Pexels.com

উন্মেষা আধুনিকা ৷ তাইৰো নিজৰ প্ৰেমাস্পদৰ লগত ভেলেন্টাইন ডেৰ দিনা অলপ বিশেষভাৱে কটাবলৈ মন যোৱাটো একো অস্বাভাৱিক নহয় ৷ কিন্তু ডাঃ অভিজ্ঞান ভূঞাৰ মতে প্ৰেমৰ বাবে এটা বিশেষ দিনৰ প্ৰয়োজন নাই ৷ প্ৰেমৰ দিন উদযাপনৰ প্ৰাসংগিকতা ক’ত ! যিহেতু ভালপোৱাই আমাক প্ৰতিদিন,প্ৰতিমুহূৰ্ততে আৱৰি ৰাখিছে ৷

তাৰ অকাট্য যুক্তিৰ ওচৰত তাই হাৰ মানে আৰু মানি লয় তাৰ কথাৰ গভীৰতা ৷ ইমানখিনি বুজাপৰা তাইৰো আছে ৷ পিছে এইবাৰ শেনৰ এজাত৷তাইক আচৰিত কৰি ডাঃ অভিজ্ঞান ভূঞাই  ভেলেন্টাইন ডে উদযাপনৰ প্ৰস্তাৱ ডাঙি ধৰে তাইৰ আগত আৰু তায়ো সেইমতেই সাজু হয় আবেলিপৰলৈ ৷ তাৰ পৰিকল্পনা মতে তাইকে সি মেডিকেলৰ ওচৰলৈ মাতি পঠিয়ায় ৷ কিয়নো পেচেন্টৰ সময়ৰ লগত তাৰ ব্যক্তিগত সময়ৰ তাল মিলাই সি চলিবই লাগিব ৷

তাই বুজি পায় ইমানখিনি ৷ তাই তাৰ প্ৰিয় আকাশী ৰঙৰ লং গাউনটো পিন্ধি চকুৰ পতাত পাতল  নীলা ৰঙৰ আইশ্বেডো আৰু মুখত সামান্য প্ৰসাধন কৰি ঘৰৰ পৰা ওলাই যায় ৷ নীলা পৰী এজনীৰ দৰে লাগে তাইক ৷ বাটতে ৰঙা গোলাপৰ তোড়া এটা লৈ লয় তাই৷কিন্তু লুকুৱাই ৰাখে সেইটো ডাঙৰ বেগটোৰ ভিতৰতে ৷ জীৱনত প্ৰথমবাৰৰ বাবে এইদৰে ভেলেন্টাইন ডে পালন কৰিবলৈ আহিছে ৷

মনটো কিবা এক ভাললগা অনুভূতিৰে উপচি পৰে তাইৰ ৷ মেডিকেলৰ গেটৰ ওচৰতে অভিজ্ঞানক তাৰ গাড়ীখনৰ কাষতে ৰৈ থকা দেখা পায় ৷ তাইক দেখি সি হাত জোকাৰে ৷ তায়ো আগবাঢ়ি যায়৷এইবাৰ তাই ড্ৰাইভিং চিটৰ কাষৰ চিটটোত বহি পৰে ৷ গাড়ীখনে গতি কৰে আৰু এটা সময়ত আহি “হলি অৰফেনজ্ হোম“ৰ সমুখত ৰয়হি ৷

pink rose
Photo by Jonas Kakaroto on Pexels.com

তাই একো বুজি পোৱাৰ আগতেই সি নামি আহি পিচৰ চিটত অনা মিঠাই আৰু ফলমূল বোৰ লৈ আগবাঢ়ি যায় ৷ আশ্চৰ্যাম্বিত তাই মন্ত্ৰমুগ্ধৰ দৰে তাক অনুসৰণ কৰে আৰু অভিজ্ঞানে মিঠাই আৰু ফলমূল বিলাই দিয়া ল’ৰা ছোৱালীবোৰৰ মাজত তায়ো লুকুৱাই নিয়া গোলাপৰ তোড়াটোৰ পৰা এপাহ এপাহকৈ গোলাপ ফুল উলিয়াই প্ৰত্যেকটি শিশুৰ হাততে তুলি দিয়ে ৷

তাই অনুভৱ কৰে জীৱনৰ প্ৰথম ভেলেন্টাইন ডে উদযাপনৰ দিনটো তাইৰ বাবে শ্ৰেষ্ঠ ও চিৰস্মৰণীয় হৈ ৰ’ব ৷ অভিজ্ঞানৰ দৰে মানৱপ্ৰেমৰ দীক্ষাৰে দীক্ষিত মানুহ এজনক প্ৰেমাস্পদ হিচাপে পাই তাই নিজৰ জীৱনটো ধন্য হৈ যোৱা যেন অনুভৱ হয় ৷ তাই ঘূৰি আহোতে তাৰ হাত এখনত জোৰেৰে খামুচি ধৰে ৷

গভীৰ প্ৰত্যয়েৰে সি তাইৰ দুচকুলৈ চায় ৷ দুয়ো পৰস্পৰক বুজি উঠে আৰু এইবাৰৰ ভেলেন্টাইন ডেৰ দৰে প্ৰত্যেকবাৰেই এনেকুৱা মানৱপ্ৰেমৰ বাবে কিবা এটা কৰাৰ বাবে দুয়ো মনে মনে বদ্ধপৰিকৰ হয় ৷

person holding red rose
Photo by Hassan OUAJBIR on Pexels.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ভেলেন্টাইন ডে
Anjan Sarma

Anjan Sarma

Related Posts

মৃতদেহৰ আকৌ অংগহানি কিহৰ?
ASSAMESE SECTION

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

by Anjan Sarma
April 6, 2026
0

মৃতদেহৰ আকৌ অংগহানি কিহৰ? অঞ্জন শৰ্মা প্ৰথম মহাসমৰৰ অন্তত পৃথিৱীৰ যিবোৰ স্থানত পাৰমাণৱিক শক্তিৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হৈছিল, সেই স্থানবোৰৰ...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

April 4, 2026
From Lice DNA to Lost Civilizations: How Clothing Shaped Human Survival 170,000 Years Ago

From Lice DNA to Lost Civilizations: How Clothing Shaped Human Survival 170,000 Years Ago

April 1, 2026
Why the Pacific Ocean Is Called ‘Peaceful’: History, Myths, and the World’s Most Powerful Ocean Explained

Why the Pacific Ocean Is Called ‘Peaceful’: History, Myths, and the World’s Most Powerful Ocean Explained

March 31, 2026
What Is Persia and How Did It Shape the World We Live In Today?

What Is Persia and How Did It Shape the World We Live In Today?

March 25, 2026
Lachit Borphukan: Architect of Assam’s Resistance and Legacy of Valor

শৰাইঘাটৰ ৰণৰ ৩৫৫ বছৰ : অসমীয়াৰ প্ৰতিৰোধ আৰু সাহসৰ অমৰ ইতিহাসৰ সাক্ষী

March 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

April 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d