• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Short Stories

ভেলেন্টাইন ডে’ উদযাপন

- পৰিস্মিতা বৰদলৈ

by Admin
June 15, 2021
in Literature, Short Stories
Reading Time: 1 min read
0
beautiful dark red flowers in pot on white table

Photo by Karolina Grabowska on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– পৰিস্মিতা বৰদলৈ |

উন্মেষা গুৱাহাটীৰে ছোৱালী৷এখন অৱস্থাপন্ন ঘৰৰ জীয়ৰী উন্মেষাৰ জীৱনটো সম্পৰ্কে ধাৰণা একেবাৰেই সৰল৷দুখ,কষ্ট,দাৰিদ্ৰতা,অভাৱে কোনোদিনে সংস্পৰ্শ নকৰা এটা আৰামদায়ক বিলাসী জীৱন যাপনৰ অধিকাৰী তাই৷মহানগৰীৰে প্ৰখ্যাত ব্যৱসায়ী ৰাজদ্বীপ বৰুৱাৰ একমাত্ৰ দুহিতা উন্মেষা৷কিন্তু এই উন্মেষাৰে প্ৰেমাস্পদ ডাঃ অভিজ্ঞান ভূঞা এটা অনাৰম্বড়পূৰ্ণ সহজ সৰল জীৱন যাপনৰ অধিকাৰী৷পেচাত চিকিৎসক টকা পইছাৰ ক্ষেত্ৰত অভাৱ তেওঁৰো নাই যদিও অনাহক বিলাসী জীৱন এটা কটোৱাৰ পৰিপন্থী তেওঁ৷ইয়াকে লৈ পিছে উন্মেষা আৰু অভিজ্ঞানৰ মাজত কোনোদিনেই বিবাদ হোৱা নাই৷দুয়ো নিজৰ নিজৰ জীৱন প্ৰণালী স্বাধীনচিতীয়া ভাৱে পালনৰ ক্ষেত্ৰত কোনো এজনেই  হেঙাৰ হ’ব নোখোজে আনজনৰ৷এনেকৈয়ে সিহঁতৰ দিনবোৰ গৈ আছে৷

RelatedPosts

কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
চিলাৰায় ক’ত, চিলাৰায়?

চিলাৰায় ক’ত, চিলাৰায়?

February 2, 2023

 উন্মেষাৰ অভিজ্ঞানৰ ওচৰত এটাই মাথো আপত্তি৷সেইটো হৈছে ১৪ ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ বিশ্বজুৰি “ভেলেন্টাইন ডে” উদযাপিত হয়৷তাইৰে বন্ধু বৰ্গ সকলোৱেই নিজৰ নিজৰ প্ৰেমাস্পদৰ লগত দিনটো বিভিন্ন ধৰণেৰে উদযাপন কৰে৷ৰেষ্টুৰেন্ট,পাৰ্ক,কেন্দেল লাইট ডিনাৰ,আউটিং,ডেটিং,শ্বপিং,কেক কাটিং আদিৰ লগতে বিভিন্ন উপহাৰৰ আদান প্ৰদানৰ পয়োভৰতা তাই দেখা পাইছে৷যদিও এই বিশেষ দিনটোৰ শিপা ডাল পশ্চিমীয়া দেশসমূহৰ পৰা আহিছে তথাপি ইয়াৰ জনপ্ৰিয়তা ভাৰততো,অসমতো আজিকালি বৃদ্ধি পাব ধৰিছে৷বিশেষকৈ ভেলেন্টাইন ডেৰ এসপ্তাহমান আগৰেপৰা  মহানগৰীৰ বিভিন্ন সৰু ডাঙৰ ষ্টলবোৰ,শ্বপিং মলবোৰ সজাই পৰাই তোলা হয়৷

উন্মেষা আধুনিকা৷তাইৰো নিজৰ প্ৰেমাস্পদৰ লগত ভেলেন্টাইন ডেৰ দিনা অলপ বিশেষভাৱে কটাবলৈ মন যোৱাটো একো অস্বাভাৱিক নহয়৷কিন্তু ডাঃ অভিজ্ঞান ভূঞাৰ মতে প্ৰেমৰ বাবে এটা বিশেষ দিনৰ প্ৰয়োজন নাই৷প্ৰেমৰ দিন উদযাপনৰ প্ৰাসংগিকতা ক’ত যিহেতু ভালপোৱাই আমাক প্ৰতিদিন,প্ৰতিমুহূৰ্ততে আৱৰি ৰাখিছে৷তাৰ অকাট্য যুক্তিৰ ওচৰত তাই হাৰ মানে আৰু মানি লয় তাৰ কথাৰ গভীৰতা৷ইমানখিনি বুজাপৰা তাইৰো আছে৷ পিছে এইবাৰ শেনৰ এজাত৷তাইক আচৰিত কৰি ডাঃ অভিজ্ঞান ভূঞাই  ভেলেন্টাইন ডে উদযাপনৰ প্ৰস্তাৱ ডাঙি ধৰে তাইৰ আগত আৰু তায়ো সেইমতেই সাজু হয় আবেলিপৰলৈ৷তাৰ পৰিকল্পনা মতে তাইকে সি কৰা মেডিকেলৰ ওচৰলৈ মাতি পঠিয়ায়৷কিয়নো পেচেন্টৰ সময়ৰ লগত তাৰ ব্যক্তিগত সময়ৰ তাল মিলাই সি চলিবই লাগিব৷তাই বুজি পায় ইমানখিনি৷তাই তাৰ প্ৰিয় আকাশী ৰঙৰ লং গাউনটো পিন্ধি চকুৰ পতাত পাতল  নীলা ৰঙৰ আইশ্বেডো আৰু মুখত সামান্য প্ৰসাধন কৰি ঘৰৰ পৰা ওলাই যায়৷নীলা পৰী এজনীৰ দৰে লাগে তাইক৷বাটতে ৰঙা গোলাপৰ তোড়া এটা লৈ লয় তাই৷কিন্তু লুকুৱাই ৰাখে সেইটো ডাঙৰ বেগটোৰ ভিতৰতে৷জীৱনত প্ৰথমবাৰৰ বাবে এইদৰে ভেলেন্টাইন ডে পালন কৰিবলৈ আহিছে৷মনটো কিবা এক ভাললগা অনুভূতিৰে উপচি পৰে তাইৰ৷মেডিকেলৰ গেটৰ ওচৰতে অভিজ্ঞানক তাৰ গাড়ীখনৰ কাষতে ৰৈ থকা দেখা পায়৷তাইক দেখি সি হাত জোকাৰে৷তায়ো আগবাঢ়ি যায়৷এইবাৰ তাই ড্ৰাইভিং চিটৰ কাষৰ চিটটোত বহি পৰে৷গাড়ীখনে গতি কৰে আৰু এটা সময়ত আহি “হলি অৰফেনজ্ হোম”ৰ সমুখত ৰয়হি৷তাই একো বুজি পোৱাৰ আগতেই সি নামি আহি পিচৰ চিটত অনা মিঠাই আৰু ফলমূল বোৰ লৈ আগবাঢ়ি যায়৷আশ্চৰ্যাম্বিত তাই মন্ত্ৰমুগ্ধৰ দৰে তাক অনুসৰণ কৰে আৰু অভিজ্ঞানে মিঠাই আৰু ফলমূল বিলাই দিয়া ল’ৰা ছোৱালীবোৰৰ মাজত তায়ো লুকুৱাই নিয়া গোলাপৰ তোড়াটোৰ পৰা এপাহ এপাহকৈ গোলাপ ফুল উলিয়াই প্ৰত্যেকটি শিশুৰ হাততে তুলি দিয়ে৷তাই অনুভৱ কৰে জীৱনৰ প্ৰথম ভেলেন্টাইন ডে উদযাপনৰ দিনটো তাইৰ বাবে শ্ৰেষ্ঠ ও চিৰস্মৰণীয় হৈ ৰ’ব৷অভিজ্ঞানৰ দৰে মানৱপ্ৰেমৰ দীক্ষাৰে দীক্ষিত মানুহ এজনক প্ৰেমাস্পদ হিচাপে পাই তাই নিজৰ জীৱনটো ধন্য হৈ যোৱা যেন অনুভৱ হয়৷তাই ঘূৰি আহোতে তাৰ হাত এখনত জোৰেৰে খামুচি ধৰে৷গভীৰ প্ৰত্যয়েৰে সি তাইৰ দুচকুলৈ চায়৷দুয়ো পৰস্পৰক বুজি উঠে আৰু এইবাৰৰ ভেলেন্টাইন ডেৰ দৰে প্ৰত্যেকবাৰেই এনেকুৱা মানৱপ্ৰেমৰ বাবে কিবা এটা কৰাৰ বাবে দুয়ো মনে মনে বদ্ধপৰিকৰ হয়৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ভেলেন্টাইন ডে
Admin

Admin

Related Posts

কমতাপুৰ ধ্বংস কাব্য
Poetry

কমতাপুৰ ধ্বংস কাব্য

by Admin
February 2, 2023
0

কমতাপুৰ শ্ৰীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত || কমতাপুৰ ধ্বংস কাব্য ||   শ্ৰীহিতেশ্বৰ বৰবৰুৱা প্ৰণীত।যোৰহাট, আসাম সন ইং ১৯১২ মূল্য পকা বন্ধা...

Read more
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
চিলাৰায় ক’ত, চিলাৰায়?

চিলাৰায় ক’ত, চিলাৰায়?

February 2, 2023
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

January 27, 2023
মনোমতী

মনোমতী

January 24, 2023
দন্দুৱা দ্ৰোহ

দন্দুৱা দ্ৰোহ

January 23, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: