ভোগালীৰ পৰিবর্তিত ৰূপ : অসমীয়াৰ অগ্রগতি ?
সঞ্জীৱ কুমাৰ নাথ

কেইদশক মান আগৰ আৰু এতিয়াৰ ভোগালী বিহুৰ মাজত যি পার্থক্য দেখা যায় তাৰ পৰা বাৰু অসমীয়া জাতিৰ অগ্রগতিৰ কথা বুজা যায় নে অন্য কিবা?
ভোগালী বিহুৰ কেইদিন মান আগৰ পৰা গাঁৱৰ ডেকাহঁত গোট খাই বৰ মেজি, সৰু মেজিৰ বাবে খৰি-খেৰ যোগাৰ কৰাত লাগিছিল। বহুতে নিজৰ বাৰীৰ ঢাপত বা কাঠনি, বাঁহনিত থকা গছ, বাঁহ সিহঁতক লৈ যাবলৈ দিছিল। কিছুমান গৃহস্থৰ ডাঙৰ গছৰ ডাল কটা হৈছিল।
তেনেকৈয়ে দুয়োটা মেজিৰ বাবে খৰি যোগাৰ হৈ গৈছিল। ডেকাহঁতে সেই খৰি কাটি মেজি সাজিছিল। খুব বেছি আড়ম্বৰ নাছিল; ঘোষিত বা অঘোষিত প্রতিযোগিতা নাছিল।

উৰুকাৰ সন্ধিয়া সৰু মেজি জ্বলোৱা হৈছিল। ক’বলৈহে সৰু মেজি। ৰাতিটো জ্বলে। অৱশ্যে মাজে মাজে ৰাতি তাত পুনৰ খৰি আদি দি থকা হয়। জ্বলি থকা গোটা বাঁহ একোটা মাজে মাজে ফুটি ডাঙৰ শব্দ কৰে। পথাৰত ভেলাঘৰ সাজি ডেকাহঁতে ৰাতি তাতে কাটে। নৰা আৰু বাঁহেৰে সজা সাধাৰণ পঁজাৰ আকৃতিৰ ভেলাঘৰ সজা হৈছিল।
আজিকালি দুর্গা পূজাৰ পেণ্ডেলবোৰ বহু লাখ টকা খৰচ কৰি একো একোটা “থীম”লৈ সজা হয়। সেই “থীম”ৰ পৰা কিমানজনে জ্ঞান লভিলে, কিমানজনৰ চৰিত্র পৰিবর্তন হ’ল, সমাজৰ কিমান উপকাৰ হ’ল–এইবোৰৰ কেতিয়াবা কোনোৱে হিচাপ কৰিছে নেকি নাজানো, কিন্তু বছৰি পেণ্ডেলৰ খৰচ বাঢ়ি গৈ আছে, বছৰি নতুন নতুন থীমেৰে চকুত লগা পেণ্ডেল সৃষ্টি হৈ আছে।
আৰু চাৰি বা পাঁচদিনৰ পিছত দেৱীৰ প্রতিমা গৈ পৰেগৈ ইতিমধ্যে প্রদূষিত, পানী কমি যোৱা নদীত, আৰু বহু লাখ টকীয়া পেণ্ডেলো সোমাইগৈ পাহৰণিৰ গর্ভত।
অনুকৰণত বিশ্ব-ৰেকর্ডধাৰী অসমীয়াই এতিয়া ভেলাঘৰ সাজে একো একোটা থীমলৈ। কেবা লাখ নহলেও কেবা হাজাৰ টকা খৰছ কৰি প্রকাণ্ড ৰংঘৰ, কাৰেংঘৰহেন ভেলাঘৰ সাজে। গাঁৱৰ ডেকাহঁতে মিলি নহয়, নির্দিষ্ট কাৰিকৰ মাতি আনি সেই কাম কৰোৱা হয়। ৰাইজে টেলিভিজনৰ কেমেৰাৰ সমুখত ভেলাঘৰৰ ওচৰত হুঁচৰি মাৰে। ৰঙালী বিহুৰ হুঁচৰিক আনি ভোগালী বিহুৰ ভেলাঘৰৰ সমুখ পোৱালেহি সদা সৃষ্টিশীল, সদা পৰিবর্তনকামী অসমীয়াই।
জৈৱ-বৈচিত্রৰ লগতে আহাৰৰো বৈচিত্রৰে ভৰা আমাৰ অসম। ভোগালীত যদি মাছ-মাংস, পিঠা-পনা খোৱাৰ আনন্দ লোৱা হয়, ৰঙালীতো খোৱাৰ আনন্দ কম নহয়। গৰু-বিহুৰ দিনা ৰাতি যে এশ এবিধ শাকৰ আঞ্জা ৰন্ধা হয় (হৈছিল?) সেয়া প্রকৃততে বিশ্বৰ কম ঠাইতহে সম্ভৱ হ’ব। এশ এবিধ শাক পাব ক’ত? গতিকে অসমীয়া মানুহৰ খাদ্যাভ্যাসতো বৈচিত্রতা আছে। অসমীয়া মানুহ ভোজন-বিলাসী হোৱাটো একো আচৰিত কথা নহয়।
কিন্তু অসমীয়াৰ ভোগ-বিলাসৰ ধৰণ কৰণ এতিয়া সলনি হৈছে। ভোগালীৰ সমুহীয়া ভোজ কেৱল বিধে বিধে খোৱাৰ প্রতিযোগিতা নাছিল। সুন্দৰকৈ ৰন্ধা আহাৰ সকলোৱে একেলগে খোৱাৰ আনন্দত গুৰুত্ব আছিল। এতিয়া বহুত ঠাইত প্রতিযোগিতা হয়। কোনে কিমান পাৰ, কুকুৰা, হাঁহ, ছাগলী, গাহৰি খালে তাৰ প্রতিযোগিতা। চৰাকাৰে ৰাজহ বঢ়াবলৈ লাইচেঞ্চ দিয়া দোকানৰ পৰা কিনা বিধৰ কথা নকলোৱেই বা।
ভোজন-বিলাসত বিশ্বৰ ভিতৰতে নাম আছে ফৰাচী সকলৰ। ইংৰাজ আৰু ফৰাচী সকলে পৰস্পৰক শত্রু গণ্য কৰি যুদ্ধ বিগ্রহত লিপ্ত থকা সময়তো বহুতো অভিজাত ইংৰাজ পৰিয়ালৰ ৰান্ধনিশালত ফৰাচী ৰান্ধনি নিযুক্ত হৈ আছিল। এই ভোজন-বিলাসী ফৰাচী সকলৰ সৈতে আমৰ খাৰ খোৱা সকলৰ এটা মিল আছে। বিশ্বৰ অনেক ঠাইতে “অখাদ্য” হিচাপে পৰিগণিত পাৰ চৰাই অসমীয়াৰদৰে ফৰাচী সকলৰো অতি প্রিয় খাদ্য।
ফৰাচী gourmet (ইংৰাজীত সাধাৰণতে “গুৰমেই” এইদৰে উচ্চাৰণ হয়; ফৰাচীত ইয়াৰ উচ্চাৰণ কেবা ধৰণৰ) আৰু gourmand (ইংৰাজীত সাধাৰণতে “গুৰমান্দ”) শব্দ দুটাৰ অর্থৰ প্রার্থক্য মন কৰিব লগীয়া। যি gourmet তেওঁ সুন্দৰ ৰুচি সম্পন্ন খাদ্য ৰসিক। সুন্দৰকৈ ৰন্ধা বিভিন্ন আহাৰৰ জুতি লৈ তেওঁ ভাল পায়। আৰু যি gourmand তেওঁ খাদ্য-ধ্বংসকাৰী মেচিনৰ দৰে–এফালৰ পৰা খাই যায়, আৰু বহুত খায়।
জৈৱ-বৈচিত্রতাৰে ভৰা ধুনীয়া অসমৰ বৈচিত্রময় খাদ্যৰ জুতি লোৱা একালৰ gourmet সকলৰ নাতিপুতি বোৰৰ বহুতেই এতিয়া একো একোটা ভয়ংকৰ gourmand। কেইবছৰমান আগতে এপল’ চেন্নাই আৰু চি এম চি ভেল্লোৰলৈ যাব লগা হৈছিল। চেন্নাইতনে ভেল্লোৰত পাহৰিলোঁ, এজন কথা-চহকী অট’ ৰিক্সা চালকে এঠাইলৈ লৈ যাওঁতে হঠাত সুধিলে, “চাব, আপলোগ আছামীজ ঔৰ বেংগলী লোগ ইতনা য্যাদা কিওঁ আতে হেঁ বিমাৰ দিখানে কে ৱাস্তে? আপলোগো কা খানা বহুত খৰাব হে ক্যা?”
আমাৰ আহাৰ বেয়া নহয়। পাৰম্পৰিক অসমীয়াৰ আহাৰ অতি উত্তম আহাৰ। কিন্তু আমাৰ খাদ্যাভ্যাসৰ সলনি হৈছে; অসমীয়াৰ স্বভাৱ সলনি হৈছে। গতিকে অট’ৱালাৰ থীয়ৰী মুঠেই অর্থহীন বুলি ক’ব নোৱাৰি।
মাঘ বিহুৰ দিনা কাহিলি পুৱা সোনকালে বৰ মেজি জ্বলোৱাটো এটা ধর্মীয় অনুষ্ঠান। কিন্তু মাঘ বিহুৰ ধর্মীয়, আধ্যাত্মিক দিশ এটা আছে বুলিও বোধকৰোঁ আজিৰ gourmand সকলৰ বহুতে নাজানে।

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.