ভোল মাছ
• নেকিব আলি শইকীয়া
ভোল মাছটোৰ দাম ৪ লাখ ৮০ হাজাৰ টকা! হয়, বাংলাদেশৰ বাগেৰহাটৰ শৰণখোলাত এজন মাছমৰীয়াৰ জালত বন্দী হোৱা এটা ২৫ কিলোগ্ৰাম ওজনৰ ভোল মাছৰ মূল্য হৈ পৰিল ৪ লাখ ৮০ হাজাৰ টকা!
যোৱা দেওবাৰে, অৰ্থাৎ ৬ মাৰ্চ (২০২২) তাৰিখে ৰাতিপুৱাই গভীৰ সাগৰত মাছটো সুন্দৰবন সংলগ্ন বঙ্গোপসাগৰৰ দুবলাৰ চৰ শুঁটকি পল্লিৰ মাছমৰীয়া শুকুৰ মীৰৰ জালত ধৰা পৰে।
সেইদিনাই দুপৰীয়া দুবলাৰ-চৰ নিউ মাৰ্কেট এলেকাত সম্ৰাট নামৰ খুলনাৰ এজন ব্যৱসায়ীয়ে নীলামৰ মাধ্যমেৰে ভোল মাছটো ক্ৰয় কৰে। প্ৰতি কিলোগ্ৰাম মাছৰ দাম পৰে বাংলাদেশৰ টকা অনুসৰি ১৯২০০ টকা!
মাছমৰীয়া শুকুৰ মীৰে কয় যে এইবাৰ মাছৰ সংখ্যা বৃদ্ধি পাইছে যদিও প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহুবাৰ মাছ নষ্টও হৈছে। কিন্তু এই মাছটো ধৰিব পাৰি মোৰ খুব লাভ হৈছে। মোৰ বহুত উপকাৰ হৈছে। একেলগে ৪ লাখ ৮০ হাজাৰ টকা পালো। এইকথা গম পাই মহাজনো খুব আনন্দিত হ’ব।
মাছটো ক্ৰয় কৰা সম্ৰাটে কয় যে মাছটো অত্যন্ত সুস্বাদু আৰু ঔষধি গুণ সম্পন্ন। সেইবাবেই মাছটোৰ দামো বহুত বেছি। সুন্দৰবন বন বিভাগৰ শৰণখোলা ৰেঞ্জৰ দুবলাৰ চৰ শুঁটকি পল্লীৰ ফৰেষ্ট কেম্পৰ ভাৰপ্ৰাপ্ত কৰ্মকৰ্তা প্ৰহ্লাদ চন্দ্ৰ ৰায়ে কয় যে এই বছৰ মাছমৰীয়াৰ জালত বহুকেইটা ডাঙৰ ডাঙৰ ভোল মাছ ধৰা পৰিছে আৰু চৰা মূল্যত বিক্ৰীও হৈছে।
১২-০৩-২০২২