• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍‘কনকলতা’ৰ প্ৰসংগত

by Editor
August 15, 2024
in News
Reading Time: 5 mins read
0
ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍‘কনকলতা’ৰ প্ৰসংগত
Share on FacebookShare on TwitterShare on LinkedIn

ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍কনকলতাৰ প্ৰসংগত

ড০ হিৰুমনি কলিতা

Hirumani Kalita
ড০ হিৰুমনি কলিতা

ভাৰতৰ স্বাধীনতা আন্দোলনত অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ আধাৰত ৰচিত নাটসমূহৰ ভিতৰত নাট্যকাৰ ভৱেন বৰুৱাৰ কনকলতা অন্যতম৷

এই নাটকখন অনিৰ্বাণ থিয়েটাৰত ১৯৮৩ চনত মঞ্চস্থ হৈছিল৷ ভাৰতৰ স্বাধীনতা  আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংশ ভাৰত ত্যাগ আন্দোলনে অসমৰো গাওঁ-ভূই স্পৰ্শ কৰাৰ সময়ত ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে গহপুৰ থানা দখল কৰি থানা গৃহৰ ওপৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ দিহা কৰা হৈছিল৷

ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍‘কনকলতা’ৰ প্ৰসংগত

এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে আগভাগ লোৱা ছয়দুৱাৰৰ কনকলতা বৰুৱা পুলিচৰ গুলীত শ্বহীদ হয়৷ এই কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত হৈছে ভবেন বৰুৱাৰ কনকলতা  নাটকখন৷ কনকলতা নাটকখন নটা নাট্যক্ষণ বা দৃশ্যৰে সম্পূৰ্ণ হৈছে৷

নাট্যকাৰ ভবেন বৰুৱাৰ কনকলতা  নাটকখনত বহু চৰিত্ৰৰ সমাবেশ ঘটিছে যদিও অসমৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাৰ জীৱনালেখ্যই নাটকখনৰ মুখ্য উপজীৱ্য৷ কনকলতা—অসমৰ ইতিহাসৰ এক ব্যতিক্ৰমী চৰিত্ৰ৷ নাট্যকাৰে বুৰঞ্জীৰপৰাই তুলি আনি চৰিত্ৰটিক ৰূপ দিছে৷

কনকলতা—অসমৰ ইতিহাসৰ এক সাহসী আৰু শক্তিশালী নাৰী চৰিত্ৰ৷ পৰম্পৰাগত সমাজৰ নাৰীৰ প্ৰতি থকা ধাৰণাৰ বিপৰীতে কনকলতা এক বিপ্লৱী প্ৰতিবাদী সত্তা৷ নাটকখনত নাট্যকাৰে অনুৰূপ গুণেৰেই কনকলতাক চিত্ৰিত কৰিছে৷

        অতি কম বয়সতে মাতৃহাৰা হোৱা কনকলতাক মাহীমাক জোনাকী বৰুৱাই নিজ সন্তানৰদৰেই আদৰ যত্নৰে ডাঙৰ কৰিছে৷ পিতৃ-মাতৃহাৰা হৈও কনকলতা মাহীমাকৰ চেনেহ আদৰেৰে পুষ্ট৷ সৰুৰেপৰা কনকলতা মানৱদৰদী গুণসম্পন্না৷ দুখীয়া-নিচলা গঞাৰ দুখে কনকলতাক ব্যথিত কৰি তোলে৷ সেয়ে, নিজৰ সাধ্যানুসৰি তাই আনক সহায় কৰে৷

নাটকখনৰ দ্বিতীয় নাট্যক্ষণত অকণিয়ে যেতিয়া টকাৰ অভাৱত ৰুগীয়া মাকৰ চিকিৎসা কৰিব নোৱাৰি কান্দি আছে কনকলতাই তাইক যথাসাধ্যে সহায় কৰিছেঃ

কনকা : অকণি এইফালে আহ৷ মোৰ হাতৰ খাৰু এপাট লৈ যা৷

অকণি : কনকা৷

কনকা : মহাজনৰ তাত বেছি যি টকা পাৱ তাৰে কবিৰাজ আনগৈ৷ হু ল [দিয়ে]… হাতত নেদেখিলে মোক নিশ্চয় সুধিব কিন্তু যেতিয়া আচল কথাটো কৈ দিম তেতিয়া একো নকয়৷ অকণি যা খাৰুপাট লৈ যা৷ একো চিন্তা নকৰিৰি, মাৰ নমৰে যা৷

বৰুৱা, ভবেন৷ কনকলতা, দ্বিতীয় নাট্যক্ষণ, পৃ. ১৯

কনকলতা চৰিত্ৰৰ মৰমিয়াল, দয়ালু দিশটো মোলোকাৰ সংলাপৰ মাজেৰে সুন্দৰকৈ পৰিস্ফুট হৈছে :

মোলোকা : ঈশ্বৰ কোনহে? ঈশ্বৰৰ চৈধ্য পুৰুষে তাইক কুশলে ৰাখিব লাগিব৷ বুজিছা এনে ছোৱালী মাত্ৰ কৃষ্ণইহে জন্ম দিব পাৰে৷ কৃষ্ণ মানে মই ভগৱান কৃষ্ণৰ কথা কোৱা নাই৷ কলিৰ বাপেক কৃষ্ণকান্তৰ কথাহে কৈছোঁ৷ বুজিছা এনে ছোৱালী ছয় দুৱাৰৰ মুলুকত নহয়, গোটেই জিলাতে পাবলৈ নাই৷ বাটেৰে বাটৰুৱা গ’লে তাই মাতি আনি কল-গাখীৰ খুৱাই পঠিয়ায়৷

— কনকলতা, প্ৰথম নাট্যক্ষণ, পৃ. ৮

ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍‘কনকলতা’ৰ প্ৰসংগত

গোটেই নাটকখনতে নাট্যকাৰে কনকলতাৰ বিপ্লৱী প্ৰতিবাদী ৰূপটো ফুটাই তুলিবলৈ যত্ন কৰিছে৷ কনকলতাৰ সংলাপৰ মাজেৰে চৰিত্ৰটিৰ মনৰ এই দিশটোৰ উমান পোৱা যায় :

কনকা :    এইখন আমাৰ দেশ৷ ইয়াৰ প্ৰতি ইঞ্চি মাটিত আমাৰ অধিকাৰ আছে৷ বগা বঙালে বেপাৰৰ সুবিধা লৈ আমাৰ শাসনভাৰ ললে আৰু শাসনভাৰ লৈয়ে আমাৰ ওপৰত অত্যাচাৰ চলাই আছে৷ এইবোৰ আমি কোনোপধ্যে সহ্য নকৰোঁ৷

মনে :      সহ্য নকৰি কি কৰিবি?

গংগা :     সহ্য নকৰিলে মৰিব লাগিব৷

কনকা :    নহয়৷ আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব৷ আমি শুই থাকিম, আমাৰ বুকুৰ ওপৰত তেওঁলোকে বুট জোতাৰে গচকিব এইবোৰ কেনেকৈ হ’ব? অসম্ভৱ মনেশ্বৰ কাই৷ তোমালোকে ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব৷ অকল প্ৰতিবাদেই নহয় তোমালোকে মূৰ দাঙি থিয় হৈ ইহঁতক কব লাগিব এইখন দেশ আমাৰ৷

— কনকলতা, প্ৰথম নাট্যক্ষণ, পৃ. ৭

ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍‘কনকলতা’ৰ প্ৰসংগত

        নাটকখনত কনকলতাই য’তেই নীতিবহিৰ্ভূত কথা শুনিছে তাতেই প্ৰতিবাদ কৰিছে৷ ককাদেউতাকে তাইক পৰম্পৰা সোঁৱৰাই ঘৰৰ ছোৱালী ঘৰৰ ভিতৰত থাকিবলৈ কওঁতেও তাই প্ৰতিবাদ কৰিছে :

কনকা :    ককাদেউতা৷ গাঁৱৰ দুখীয়া মানুহবোৰৰ ওচৰত ইংৰাজ চিপাহীবোৰে সদায় অত্যাচাৰ-উৎপীড়ন চলাই আছে৷ নিজৰ দেশত নিজেই আমি পৰাধীন হৈ আছোঁ৷ পৰাধীনতাৰ শিকলিৰে বান্ধ খাই থাকিও আমি সিহঁতৰ অত্যাচাৰ সহি থাকিবলগীয়া হৈছে৷ এনেবোৰ অত্যাচাৰৰ যদি আমি প্ৰতিবাদ নকৰোঁ, মাৰ বান্ধি থিয় নিদিওঁ, তেন্তে সিহঁতে আমাক কোবাই কোবাই শেষ কৰি পেলাব৷ আমাৰ অস্তিত্ব নাইকিয়া কৰিব৷

— কনকলতা, প্ৰথম নাট্যক্ষণ, পৃ. ১৩

ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍‘কনকলতা’ৰ প্ৰসংগত

কনকলতা প্ৰগতিবাদী চিন্তাৰ অধিকাৰী৷ পৰম্পৰা বুলিয়েই সকলো কথা নিৰ্বিবাদে মানি লোৱাৰ পৰিৱৰ্তে  কনকলতা নতুন পথত বিশ্বাসী৷ ককাক ঘনকান্ত বৰুৱাক তেওঁ সন্মান কৰে, ভাল পায়৷ কিন্তু, ককাকৰ নিৰ্দেশ অনুসৰি নিজৰ বিচাৰ বুদ্ধিক বিসৰ্জন দি উচিত-অনুচিত বিচাৰ নকৰাকৈ চলিবলৈ তাই সন্মত নহয় :

কনকা :    মা৷ ককাদেউতা পুৰণি দিনৰ মানুহ৷ বংশ মর্যাদা, জাতিৰ সন্মান, এইবোৰক লৈ গৌৰৱ কৰি থকাৰ সময় এতিয়া নাই৷ আমি পৰাধীন হৈ আছো এটা বণিজ জাতিৰ হাতত৷ সিহঁতে আমাৰ ইয়াত বণিজ কৰিবলৈ আহি লাখ লাখ টকা নিজৰ দেশলৈ পঠাইছে, আমাক শোষণ কৰি তিল-তিলকৈ হত্যা কৰিছে৷ তেনেস্থলত আমি জানো মনে মনে থকাটো উচিত হ’ব মা? পৰাধীনতাৰ শিকলিৰ বান্ধ, শোষণৰ বুট জোতাৰ গজালৰ আঁচোৰ, এইবোৰ জানো নিৰৱে সহি থাকিব পাৰি?

— কনকলতা, তৃতীয় নাট্যক্ষণ, পৃ. ২৮

        নাটকখনত যিখন সমাজ চিত্ৰিত হৈছে তাত নাৰী ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ পৰম্পৰা প্ৰচলিত৷ কিন্তু, তেনে পৰিবেশতে ডাঙৰ-দীঘল হৈও কনকলতা এক শক্তিশালী নাৰী চৰিত্ৰ৷ তেওঁ নাৰীক পুৰুষৰ সমান বুলি বিশ্বাস কৰে আৰু নাৰীক দুৰ্বল বুলি ভবা মানসিকতাৰ বিৰোধিতা কৰে৷ তলৰ সংলাপখিনিলৈ মন কৰিলেই কনকলতাৰ সবল মনৰ পৰিচয় পোৱা যাব :

কনকা :    তোমালোকে নাৰীক ইমান লেহুকা, ইমান ভয়াতুৰ বুলি কিয় ভাবিছা? নাৰী কিহৰ বাবে লেহুকা, কিহৰ বাবে ভয়াতুৰ মোক ক’ব পাৰিবা? তোমালোকে কোনেও ক’ব নোৱাৰা৷ নাৰীৰ ওপৰত ভ্ৰান্ত ধাৰণা ৰাখি তোমালোক পুৰুষবোৰে যুগ যুগ বছৰ ধৰি নাৰীৰ ওপৰত বিৰূপ মন্তব্য দি আহিছা৷ কিন্তু ককাইদেউ৷ নাৰী পুৰুষতকৈ কোনো গুণেই কম নহয়৷

গিৰিধৰ :   সেইবুলি ইমান দীঘন শোভাযাত্ৰাৰ একেবাৰে সম্মুখত কোনো ছোৱালী থাকিব নোৱাৰে৷

কনকা :    কিয় নোৱাৰে?

গিৰিধৰ :   নোৱাৰে মানে, বাটত চিপাহীয়ে আক্ৰমণ কৰিলে তহঁত আগতে পলাবি৷

কনকা :    কিয় পলাম? আমাৰ সাহস নাই নেকি?

গিৰিধৰ :   নাই কাৰণেতো কৈছো৷

কনকা :    নহয়, তুমি আৰু নক’বা৷ প্ৰতিজনী নাৰীৰ অন্তৰত দেশাত্মবোধ আছে৷ তেওঁলোকে নিজৰ দেশক, নিজৰ জাতিক প্ৰাণভৰি ভাল পায় আৰু সেইকাৰণে বেলি ওলোৱাৰ আগতে ঘৰৰপৰা ওলাই আহিছে৷

–কনকলতা, অষ্টম নাট্যক্ষণ, পৃ. ৬৮

Kanaklata and Mukunda Kakati

কনকলতাৰ এনে সবল মানসিকতাৰ আৰত আছে বেউলা, কমলাকুঁৱৰী, জয়মতী, মূলাগাভৰুৰ ত্যাগ, সাহসৰ আদৰ্শ৷ কনকাৰ সংলাপৰ মাজেৰে সেই কথা প্ৰতিভাত হৈছে :

কনকা :    নাই পাহৰা৷ মই বেউলা, কমলাকুঁৱৰী, জয়মতী আৰু মূলাগাভৰুৰ দেশৰ জীয়ৰী৷ বেউলা এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী হৈও নিজৰ আৰাধ্য দেৱতাৰবাবে স্বৰ্গত নৰ্তকী হৈছিল৷ কমলাকুঁৱৰীয়ে পিয়াহত আতুৰ হোৱা ৰাইজৰ কাৰণে পুখুৰীত নামি নিজক বিসৰ্জন দিছিল৷ জয়মতীয়ে ১৬ দিন জীয়াতু ভুগিও প্ৰজাৰ কাৰণে স্বামীক ৰক্ষা কৰিছিল৷ মূলাগাভৰুৱে নাৰী হৈও ঘোঁৰাত উঠি শেষ মুহূর্তত যুদ্ধত জঁপিয়াই পৰিছিল৷ মই—মই সেইখন দেশৰ জীয়ৰী ককাইদেউ৷

— কনকলতা, অষ্টম নাট্যক্ষণ, পৃ. ৬৯-৭০

স্বদেশৰ প্ৰতি কনকলতাৰ অন্তৰত আছিল অনাবিল ভালপোৱা৷ স্বদেশৰবাবে বুকুত গুলি পাতি লৈ আত্মবলিদান দি কনকলতাই চিৰকালৰবাবে স্বদেশপ্ৰেমৰ সাহসী নিদৰ্শন ৰাখি থৈ গৈছে৷ তেওঁৰবাবে দেশৰ স্বাৰ্থ আগত, তাৰপিছতহে ব্যক্তিগত চিন্তা৷ সেয়ে, গহপুৰলৈ যাবলৈ ওলাওঁতে ককাকৰ যোৱা-থোৱা অৱস্থা হোৱা বুলি মোলোকাই খবৰ দিওতে কনকাই কৈছে :

কনকা :    তথাপি এই ত্ৰিৰংগ পতাকা এৰি মই যাব নোৱাৰো৷ মই যাম গহপুৰৰ ইংৰাজৰ কবলত থকা পুলিচ থানালৈ, তাতেই পতাকা স্থাপন কৰি দেশমাতৃক পূজাৰ অৰ্চনা দিম৷ মোলোকাই, তুমি যোৱা, ককাদেউতাক তুমি ক’বা, এখন বৃহৎ দেশৰ স্বাধীনতাৰ স্বাৰ্থৰবাবে মই হেজাৰ ৰাইজৰ সম্মুখত যাত্ৰা কৰিম৷ এই সময়ত মোৰ ঘৰ, মোৰ ভাই-ভনী, মা-দেউতা, ককাদেউতা কাৰো প্ৰতি মোৰ মায়া-মমতা নাই, কেৱল দেশৰ প্ৰতি মায়া আৰু দেশৰ মানুহৰ প্ৰতি মমতা, এয়ে মোৰ এতিয়াৰ আদৰ্শ৷ ৰাইজ৷ আগবাঢ়ি বলক৷

— কনকলতা, অষ্টম নাট্যক্ষণ, পৃ. ৭২

Kanaklata4

        স্বদেশপ্ৰেমৰ অফুৰন্ত নিদৰ্শনৰ লগতে ভাৰতীয় পতাকাৰ প্ৰতিও কনকলতাই নাটকখনত সন্মান প্ৰদৰ্শন কৰি গৈছে৷ কনকলতাৰ সাহসৰ তুলনা নাই৷ তেওঁৰ ভীতিহীনতা আৰু অদম্য সাহস নাটকখনত সুন্দৰকৈ প্ৰকাশিত হৈছে৷

        নাট্যকাৰে চৰিত্ৰটিক সাধাৰণৰপৰা অসাধাৰণলৈ উন্নীত কৰিছে৷ কনকলতা কামে-কাজে নিপুণ৷ বোৱা-কটা, ৰন্ধা-বঢ়া, পিঠা-পনা প্ৰস্তুতকৰণ প্ৰভৃতি কাম-কাজতো কনকলতা আগবঢ়া৷ এগৰাকী সাধাৰণ অসমীয়া গাভৰুৰ সকলো গুণেৰে পৰিপূৰ্ণ কনকলতাই নিজৰ অসাধাৰণ চিন্তা-চৰ্চা, সাহস আৰু বীৰতাৰে পৰৱর্তী প্ৰজন্মলৈ স্বদেশপ্ৰেমৰ নিদৰ্শন দেখুৱাই থৈ গৈছে৷ নাট্যকাৰে বুৰঞ্জীৰপৰা বুটলি আনি চৰিত্ৰটিক তেজে-মঙহে জীৱন্ত ৰূপ দি কনকলতাক অসাধাৰণ ৰূপত তুলি ধৰাত সাৰ্থকতা লাভ কৰিছে৷

        ভাৰতলৈ বণিজ কৰিবলৈ আহি ভাৰতৰ শাসনযন্ত্ৰ নিজৰ হাতলৈ নি ভাৰতৰ লগতে অসমীয়া মানুহৰ ওপৰত কৰা অত্যাচাৰে সমগ্ৰ দেশৰ লগতে অসমীয়া মানুহকো অতীষ্ঠ কৰি তুলিছিল৷ মহাত্মা গান্ধীৰ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অসমৰ সাধাৰণ জনতায়ো পূৰ্ণদমে অংশগ্ৰহণ কৰিছিল৷ অসমৰ তেনে এগৰাকী বীৰাংগণা কনকলতা বৰুৱাই আন্দোলনৰ অংশৰূপে গহপুৰ থানাত ব্ৰিটিছৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হয়৷

সাহসী, বিপ্লৱী, কৰ্মঠ, মানৱদৰদী কনকলতাই স্বদেশপ্ৰেমৰ নিদৰ্শন ৰাখি আত্মবলিদান দিয়ে৷ কনকলতাৰ অনুকৰণীয় ব্যক্তিত্ব, স্বাধীনতা সংগ্ৰামত তেওঁৰ ভুমিকা তথা স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ হকে নির্ভীকতাৰে বুকুত গুলি পাতি লৈ পৰৱর্তী প্ৰজন্মৰ বাবে ৰাখি যোৱা নিদৰ্শনেই নাটকখনৰ নাট্য-আবেদন৷

        স্বীকাৰ্য যে কনকলতা পোন্ধৰ-ষোল্ল বছৰীয়া এগৰাকী গাভৰু হিচাপে তেওঁৰ দীঘলীয়া জীৱনালেখ্য নোহোৱা সত্ত্বেও নাট্যকাৰ ভৱেন বৰুৱাই প্ৰাক্‌ স্বাধীনতাকালীন অসমীয়া গ্ৰাম্য সমাজৰ প্ৰতিফলনৰ মাজেৰে কনকলতা চৰিত্ৰটিৰ পুনৰ্নিৰ্মাণ কৰিছে৷ নাটকখনৰ মাজেৰে উদ্ভাসিত হৈছে স্বাধীনতা সংগ্ৰামৰ ছবি, য’ত নিজৰ শৰীৰক তুচ্ছ জ্ঞান কৰি ভাৰতীয় মানুহে বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি স্বদেশপ্ৰেমৰ নিদৰ্শন দি থৈ গৈছে৷

নাটকখনত প্ৰতিফলিত সামাজিক চিত্ৰই এই চেতনাক প্ৰতিফলিত কৰাৰ লগতে স্বাধীনতাৰ পূৰ্বৰ অসমীয়া ৰক্ষণশীল সমাজৰ ধ্যান-ধাৰণা, নাৰীৰ প্ৰতি মনোভাৱ, অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য আদি অইন কেতবোৰ দিশকো দাঙি ধৰিছে৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামক চিত্ৰিত কৰি কনকলতাৰ জীৱন আধাৰিত নাটক ৰচনাতেই নাট্যকাৰে সাৰ্থকতা লাভ কৰিছে৷ নাট্যকাৰৰ জাতীয়তাবোধ এইক্ষেত্ৰত সততে লক্ষণীয়৷

Kanaklata6

 

গ্ৰন্থপঞ্জী

মুখ্য সমল :

বৰুৱা, ভবেন৷ কনকলতা ৷ উপচন্স প্ৰিণ্টার্ছ, ১৯৮৯৷

গৌণ সমল :

গোস্বামী, ভূপেন, সম্পা.৷ নাট্যচিন্তা নাট্যচৰ্চা৷ চয়নিকা, ২০১৬৷

          চেতিয়া, যোগেন৷ আধুনিক নাট্যকলা ৷ যোগেন চেতিয়া, ১৯৯৩৷

          –––৷ নাটকৰ ৰূপ ৰীতি আৰু মঞ্চায়ন৷ তিলোত্তমা চেতিয়া, ২০০৩৷

          চেতিয়া সন্দিকৈ, স্মৃতিৰেখা৷ আধুনিক অসমীয়া নাট্য চিন্তন৷ পূৰ্বাঞ্চল প্ৰকাশ, ২০০৯৷

          পাটগিৰী, জগদীশ৷ নাট্য আৰু চেতনা৷ চতুৰংগম, ২০০৫৷

          –––৷ নাটকৰ ব্যৱহাৰিক দিশ ৷ অসম সাহিত্য সভা, ২০০৫৷

ড০ হিৰুমনি কলিতা, সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ, ভট্টদেৱ বিশ্ববিদ্যালয়, বজালী

15-08-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science
Opinion

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

by Olha Konsevych
July 12, 2026
0

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d