ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : কনকলতাৰ প্ৰসংগত
ড০ হিৰুমনি কলিতা

ভাৰতৰ স্বাধীনতা আন্দোলনত অৰিহণা যোগোৱা স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ আধাৰত ৰচিত নাটসমূহৰ ভিতৰত নাট্যকাৰ ভৱেন বৰুৱাৰ কনকলতা অন্যতম৷
এই নাটকখন অনিৰ্বাণ থিয়েটাৰত ১৯৮৩ চনত মঞ্চস্থ হৈছিল৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংশ ভাৰত ত্যাগ আন্দোলনে অসমৰো গাওঁ-ভূই স্পৰ্শ কৰাৰ সময়ত ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে গহপুৰ থানা দখল কৰি থানা গৃহৰ ওপৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ দিহা কৰা হৈছিল৷

এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে আগভাগ লোৱা ছয়দুৱাৰৰ কনকলতা বৰুৱা পুলিচৰ গুলীত শ্বহীদ হয়৷ এই কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত হৈছে ভবেন বৰুৱাৰ কনকলতা নাটকখন৷ কনকলতা নাটকখন নটা নাট্যক্ষণ বা দৃশ্যৰে সম্পূৰ্ণ হৈছে৷
নাট্যকাৰ ভবেন বৰুৱাৰ কনকলতা নাটকখনত বহু চৰিত্ৰৰ সমাবেশ ঘটিছে যদিও অসমৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাৰ জীৱনালেখ্যই নাটকখনৰ মুখ্য উপজীৱ্য৷ কনকলতা—অসমৰ ইতিহাসৰ এক ব্যতিক্ৰমী চৰিত্ৰ৷ নাট্যকাৰে বুৰঞ্জীৰপৰাই তুলি আনি চৰিত্ৰটিক ৰূপ দিছে৷
কনকলতা—অসমৰ ইতিহাসৰ এক সাহসী আৰু শক্তিশালী নাৰী চৰিত্ৰ৷ পৰম্পৰাগত সমাজৰ নাৰীৰ প্ৰতি থকা ধাৰণাৰ বিপৰীতে কনকলতা এক বিপ্লৱী প্ৰতিবাদী সত্তা৷ নাটকখনত নাট্যকাৰে অনুৰূপ গুণেৰেই কনকলতাক চিত্ৰিত কৰিছে৷
অতি কম বয়সতে মাতৃহাৰা হোৱা কনকলতাক মাহীমাক জোনাকী বৰুৱাই নিজ সন্তানৰদৰেই আদৰ যত্নৰে ডাঙৰ কৰিছে৷ পিতৃ-মাতৃহাৰা হৈও কনকলতা মাহীমাকৰ চেনেহ আদৰেৰে পুষ্ট৷ সৰুৰেপৰা কনকলতা মানৱদৰদী গুণসম্পন্না৷ দুখীয়া-নিচলা গঞাৰ দুখে কনকলতাক ব্যথিত কৰি তোলে৷ সেয়ে, নিজৰ সাধ্যানুসৰি তাই আনক সহায় কৰে৷
নাটকখনৰ দ্বিতীয় নাট্যক্ষণত অকণিয়ে যেতিয়া টকাৰ অভাৱত ৰুগীয়া মাকৰ চিকিৎসা কৰিব নোৱাৰি কান্দি আছে কনকলতাই তাইক যথাসাধ্যে সহায় কৰিছেঃ
কনকা : অকণি এইফালে আহ৷ মোৰ হাতৰ খাৰু এপাট লৈ যা৷
অকণি : কনকা৷
কনকা : মহাজনৰ তাত বেছি যি টকা পাৱ তাৰে কবিৰাজ আনগৈ৷ হু ল [দিয়ে]… হাতত নেদেখিলে মোক নিশ্চয় সুধিব কিন্তু যেতিয়া আচল কথাটো কৈ দিম তেতিয়া একো নকয়৷ অকণি যা খাৰুপাট লৈ যা৷ একো চিন্তা নকৰিৰি, মাৰ নমৰে যা৷
বৰুৱা, ভবেন৷ কনকলতা, দ্বিতীয় নাট্যক্ষণ, পৃ. ১৯
কনকলতা চৰিত্ৰৰ মৰমিয়াল, দয়ালু দিশটো মোলোকাৰ সংলাপৰ মাজেৰে সুন্দৰকৈ পৰিস্ফুট হৈছে :
মোলোকা : ঈশ্বৰ কোনহে? ঈশ্বৰৰ চৈধ্য পুৰুষে তাইক কুশলে ৰাখিব লাগিব৷ বুজিছা এনে ছোৱালী মাত্ৰ কৃষ্ণইহে জন্ম দিব পাৰে৷ কৃষ্ণ মানে মই ভগৱান কৃষ্ণৰ কথা কোৱা নাই৷ কলিৰ বাপেক কৃষ্ণকান্তৰ কথাহে কৈছোঁ৷ বুজিছা এনে ছোৱালী ছয় দুৱাৰৰ মুলুকত নহয়, গোটেই জিলাতে পাবলৈ নাই৷ বাটেৰে বাটৰুৱা গ’লে তাই মাতি আনি কল-গাখীৰ খুৱাই পঠিয়ায়৷
— কনকলতা, প্ৰথম নাট্যক্ষণ, পৃ. ৮

গোটেই নাটকখনতে নাট্যকাৰে কনকলতাৰ বিপ্লৱী প্ৰতিবাদী ৰূপটো ফুটাই তুলিবলৈ যত্ন কৰিছে৷ কনকলতাৰ সংলাপৰ মাজেৰে চৰিত্ৰটিৰ মনৰ এই দিশটোৰ উমান পোৱা যায় :
কনকা : এইখন আমাৰ দেশ৷ ইয়াৰ প্ৰতি ইঞ্চি মাটিত আমাৰ অধিকাৰ আছে৷ বগা বঙালে বেপাৰৰ সুবিধা লৈ আমাৰ শাসনভাৰ ললে আৰু শাসনভাৰ লৈয়ে আমাৰ ওপৰত অত্যাচাৰ চলাই আছে৷ এইবোৰ আমি কোনোপধ্যে সহ্য নকৰোঁ৷
মনে : সহ্য নকৰি কি কৰিবি?
গংগা : সহ্য নকৰিলে মৰিব লাগিব৷
কনকা : নহয়৷ আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব৷ আমি শুই থাকিম, আমাৰ বুকুৰ ওপৰত তেওঁলোকে বুট জোতাৰে গচকিব এইবোৰ কেনেকৈ হ’ব? অসম্ভৱ মনেশ্বৰ কাই৷ তোমালোকে ইয়াৰ প্ৰতিবাদ কৰিবই লাগিব৷ অকল প্ৰতিবাদেই নহয় তোমালোকে মূৰ দাঙি থিয় হৈ ইহঁতক কব লাগিব এইখন দেশ আমাৰ৷
— কনকলতা, প্ৰথম নাট্যক্ষণ, পৃ. ৭

নাটকখনত কনকলতাই য’তেই নীতিবহিৰ্ভূত কথা শুনিছে তাতেই প্ৰতিবাদ কৰিছে৷ ককাদেউতাকে তাইক পৰম্পৰা সোঁৱৰাই ঘৰৰ ছোৱালী ঘৰৰ ভিতৰত থাকিবলৈ কওঁতেও তাই প্ৰতিবাদ কৰিছে :
কনকা : ককাদেউতা৷ গাঁৱৰ দুখীয়া মানুহবোৰৰ ওচৰত ইংৰাজ চিপাহীবোৰে সদায় অত্যাচাৰ-উৎপীড়ন চলাই আছে৷ নিজৰ দেশত নিজেই আমি পৰাধীন হৈ আছোঁ৷ পৰাধীনতাৰ শিকলিৰে বান্ধ খাই থাকিও আমি সিহঁতৰ অত্যাচাৰ সহি থাকিবলগীয়া হৈছে৷ এনেবোৰ অত্যাচাৰৰ যদি আমি প্ৰতিবাদ নকৰোঁ, মাৰ বান্ধি থিয় নিদিওঁ, তেন্তে সিহঁতে আমাক কোবাই কোবাই শেষ কৰি পেলাব৷ আমাৰ অস্তিত্ব নাইকিয়া কৰিব৷
— কনকলতা, প্ৰথম নাট্যক্ষণ, পৃ. ১৩

কনকলতা প্ৰগতিবাদী চিন্তাৰ অধিকাৰী৷ পৰম্পৰা বুলিয়েই সকলো কথা নিৰ্বিবাদে মানি লোৱাৰ পৰিৱৰ্তে কনকলতা নতুন পথত বিশ্বাসী৷ ককাক ঘনকান্ত বৰুৱাক তেওঁ সন্মান কৰে, ভাল পায়৷ কিন্তু, ককাকৰ নিৰ্দেশ অনুসৰি নিজৰ বিচাৰ বুদ্ধিক বিসৰ্জন দি উচিত-অনুচিত বিচাৰ নকৰাকৈ চলিবলৈ তাই সন্মত নহয় :
কনকা : মা৷ ককাদেউতা পুৰণি দিনৰ মানুহ৷ বংশ মর্যাদা, জাতিৰ সন্মান, এইবোৰক লৈ গৌৰৱ কৰি থকাৰ সময় এতিয়া নাই৷ আমি পৰাধীন হৈ আছো এটা বণিজ জাতিৰ হাতত৷ সিহঁতে আমাৰ ইয়াত বণিজ কৰিবলৈ আহি লাখ লাখ টকা নিজৰ দেশলৈ পঠাইছে, আমাক শোষণ কৰি তিল-তিলকৈ হত্যা কৰিছে৷ তেনেস্থলত আমি জানো মনে মনে থকাটো উচিত হ’ব মা? পৰাধীনতাৰ শিকলিৰ বান্ধ, শোষণৰ বুট জোতাৰ গজালৰ আঁচোৰ, এইবোৰ জানো নিৰৱে সহি থাকিব পাৰি?
— কনকলতা, তৃতীয় নাট্যক্ষণ, পৃ. ২৮
নাটকখনত যিখন সমাজ চিত্ৰিত হৈছে তাত নাৰী ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ পৰম্পৰা প্ৰচলিত৷ কিন্তু, তেনে পৰিবেশতে ডাঙৰ-দীঘল হৈও কনকলতা এক শক্তিশালী নাৰী চৰিত্ৰ৷ তেওঁ নাৰীক পুৰুষৰ সমান বুলি বিশ্বাস কৰে আৰু নাৰীক দুৰ্বল বুলি ভবা মানসিকতাৰ বিৰোধিতা কৰে৷ তলৰ সংলাপখিনিলৈ মন কৰিলেই কনকলতাৰ সবল মনৰ পৰিচয় পোৱা যাব :
কনকা : তোমালোকে নাৰীক ইমান লেহুকা, ইমান ভয়াতুৰ বুলি কিয় ভাবিছা? নাৰী কিহৰ বাবে লেহুকা, কিহৰ বাবে ভয়াতুৰ মোক ক’ব পাৰিবা? তোমালোকে কোনেও ক’ব নোৱাৰা৷ নাৰীৰ ওপৰত ভ্ৰান্ত ধাৰণা ৰাখি তোমালোক পুৰুষবোৰে যুগ যুগ বছৰ ধৰি নাৰীৰ ওপৰত বিৰূপ মন্তব্য দি আহিছা৷ কিন্তু ককাইদেউ৷ নাৰী পুৰুষতকৈ কোনো গুণেই কম নহয়৷
গিৰিধৰ : সেইবুলি ইমান দীঘন শোভাযাত্ৰাৰ একেবাৰে সম্মুখত কোনো ছোৱালী থাকিব নোৱাৰে৷
কনকা : কিয় নোৱাৰে?
গিৰিধৰ : নোৱাৰে মানে, বাটত চিপাহীয়ে আক্ৰমণ কৰিলে তহঁত আগতে পলাবি৷
কনকা : কিয় পলাম? আমাৰ সাহস নাই নেকি?
গিৰিধৰ : নাই কাৰণেতো কৈছো৷
কনকা : নহয়, তুমি আৰু নক’বা৷ প্ৰতিজনী নাৰীৰ অন্তৰত দেশাত্মবোধ আছে৷ তেওঁলোকে নিজৰ দেশক, নিজৰ জাতিক প্ৰাণভৰি ভাল পায় আৰু সেইকাৰণে বেলি ওলোৱাৰ আগতে ঘৰৰপৰা ওলাই আহিছে৷
–কনকলতা, অষ্টম নাট্যক্ষণ, পৃ. ৬৮

কনকলতাৰ এনে সবল মানসিকতাৰ আৰত আছে বেউলা, কমলাকুঁৱৰী, জয়মতী, মূলাগাভৰুৰ ত্যাগ, সাহসৰ আদৰ্শ৷ কনকাৰ সংলাপৰ মাজেৰে সেই কথা প্ৰতিভাত হৈছে :
কনকা : নাই পাহৰা৷ মই বেউলা, কমলাকুঁৱৰী, জয়মতী আৰু মূলাগাভৰুৰ দেশৰ জীয়ৰী৷ বেউলা এখন সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী হৈও নিজৰ আৰাধ্য দেৱতাৰবাবে স্বৰ্গত নৰ্তকী হৈছিল৷ কমলাকুঁৱৰীয়ে পিয়াহত আতুৰ হোৱা ৰাইজৰ কাৰণে পুখুৰীত নামি নিজক বিসৰ্জন দিছিল৷ জয়মতীয়ে ১৬ দিন জীয়াতু ভুগিও প্ৰজাৰ কাৰণে স্বামীক ৰক্ষা কৰিছিল৷ মূলাগাভৰুৱে নাৰী হৈও ঘোঁৰাত উঠি শেষ মুহূর্তত যুদ্ধত জঁপিয়াই পৰিছিল৷ মই—মই সেইখন দেশৰ জীয়ৰী ককাইদেউ৷
— কনকলতা, অষ্টম নাট্যক্ষণ, পৃ. ৬৯-৭০
স্বদেশৰ প্ৰতি কনকলতাৰ অন্তৰত আছিল অনাবিল ভালপোৱা৷ স্বদেশৰবাবে বুকুত গুলি পাতি লৈ আত্মবলিদান দি কনকলতাই চিৰকালৰবাবে স্বদেশপ্ৰেমৰ সাহসী নিদৰ্শন ৰাখি থৈ গৈছে৷ তেওঁৰবাবে দেশৰ স্বাৰ্থ আগত, তাৰপিছতহে ব্যক্তিগত চিন্তা৷ সেয়ে, গহপুৰলৈ যাবলৈ ওলাওঁতে ককাকৰ যোৱা-থোৱা অৱস্থা হোৱা বুলি মোলোকাই খবৰ দিওতে কনকাই কৈছে :
কনকা : তথাপি এই ত্ৰিৰংগ পতাকা এৰি মই যাব নোৱাৰো৷ মই যাম গহপুৰৰ ইংৰাজৰ কবলত থকা পুলিচ থানালৈ, তাতেই পতাকা স্থাপন কৰি দেশমাতৃক পূজাৰ অৰ্চনা দিম৷ মোলোকাই, তুমি যোৱা, ককাদেউতাক তুমি ক’বা, এখন বৃহৎ দেশৰ স্বাধীনতাৰ স্বাৰ্থৰবাবে মই হেজাৰ ৰাইজৰ সম্মুখত যাত্ৰা কৰিম৷ এই সময়ত মোৰ ঘৰ, মোৰ ভাই-ভনী, মা-দেউতা, ককাদেউতা কাৰো প্ৰতি মোৰ মায়া-মমতা নাই, কেৱল দেশৰ প্ৰতি মায়া আৰু দেশৰ মানুহৰ প্ৰতি মমতা, এয়ে মোৰ এতিয়াৰ আদৰ্শ৷ ৰাইজ৷ আগবাঢ়ি বলক৷
— কনকলতা, অষ্টম নাট্যক্ষণ, পৃ. ৭২

স্বদেশপ্ৰেমৰ অফুৰন্ত নিদৰ্শনৰ লগতে ভাৰতীয় পতাকাৰ প্ৰতিও কনকলতাই নাটকখনত সন্মান প্ৰদৰ্শন কৰি গৈছে৷ কনকলতাৰ সাহসৰ তুলনা নাই৷ তেওঁৰ ভীতিহীনতা আৰু অদম্য সাহস নাটকখনত সুন্দৰকৈ প্ৰকাশিত হৈছে৷
নাট্যকাৰে চৰিত্ৰটিক সাধাৰণৰপৰা অসাধাৰণলৈ উন্নীত কৰিছে৷ কনকলতা কামে-কাজে নিপুণ৷ বোৱা-কটা, ৰন্ধা-বঢ়া, পিঠা-পনা প্ৰস্তুতকৰণ প্ৰভৃতি কাম-কাজতো কনকলতা আগবঢ়া৷ এগৰাকী সাধাৰণ অসমীয়া গাভৰুৰ সকলো গুণেৰে পৰিপূৰ্ণ কনকলতাই নিজৰ অসাধাৰণ চিন্তা-চৰ্চা, সাহস আৰু বীৰতাৰে পৰৱর্তী প্ৰজন্মলৈ স্বদেশপ্ৰেমৰ নিদৰ্শন দেখুৱাই থৈ গৈছে৷ নাট্যকাৰে বুৰঞ্জীৰপৰা বুটলি আনি চৰিত্ৰটিক তেজে-মঙহে জীৱন্ত ৰূপ দি কনকলতাক অসাধাৰণ ৰূপত তুলি ধৰাত সাৰ্থকতা লাভ কৰিছে৷
ভাৰতলৈ বণিজ কৰিবলৈ আহি ভাৰতৰ শাসনযন্ত্ৰ নিজৰ হাতলৈ নি ভাৰতৰ লগতে অসমীয়া মানুহৰ ওপৰত কৰা অত্যাচাৰে সমগ্ৰ দেশৰ লগতে অসমীয়া মানুহকো অতীষ্ঠ কৰি তুলিছিল৷ মহাত্মা গান্ধীৰ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অসমৰ সাধাৰণ জনতায়ো পূৰ্ণদমে অংশগ্ৰহণ কৰিছিল৷ অসমৰ তেনে এগৰাকী বীৰাংগণা কনকলতা বৰুৱাই আন্দোলনৰ অংশৰূপে গহপুৰ থানাত ব্ৰিটিছৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হয়৷
সাহসী, বিপ্লৱী, কৰ্মঠ, মানৱদৰদী কনকলতাই স্বদেশপ্ৰেমৰ নিদৰ্শন ৰাখি আত্মবলিদান দিয়ে৷ কনকলতাৰ অনুকৰণীয় ব্যক্তিত্ব, স্বাধীনতা সংগ্ৰামত তেওঁৰ ভুমিকা তথা স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ হকে নির্ভীকতাৰে বুকুত গুলি পাতি লৈ পৰৱর্তী প্ৰজন্মৰ বাবে ৰাখি যোৱা নিদৰ্শনেই নাটকখনৰ নাট্য-আবেদন৷
স্বীকাৰ্য যে কনকলতা পোন্ধৰ-ষোল্ল বছৰীয়া এগৰাকী গাভৰু হিচাপে তেওঁৰ দীঘলীয়া জীৱনালেখ্য নোহোৱা সত্ত্বেও নাট্যকাৰ ভৱেন বৰুৱাই প্ৰাক্ স্বাধীনতাকালীন অসমীয়া গ্ৰাম্য সমাজৰ প্ৰতিফলনৰ মাজেৰে কনকলতা চৰিত্ৰটিৰ পুনৰ্নিৰ্মাণ কৰিছে৷ নাটকখনৰ মাজেৰে উদ্ভাসিত হৈছে স্বাধীনতা সংগ্ৰামৰ ছবি, য’ত নিজৰ শৰীৰক তুচ্ছ জ্ঞান কৰি ভাৰতীয় মানুহে বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি স্বদেশপ্ৰেমৰ নিদৰ্শন দি থৈ গৈছে৷
নাটকখনত প্ৰতিফলিত সামাজিক চিত্ৰই এই চেতনাক প্ৰতিফলিত কৰাৰ লগতে স্বাধীনতাৰ পূৰ্বৰ অসমীয়া ৰক্ষণশীল সমাজৰ ধ্যান-ধাৰণা, নাৰীৰ প্ৰতি মনোভাৱ, অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য আদি অইন কেতবোৰ দিশকো দাঙি ধৰিছে৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামক চিত্ৰিত কৰি কনকলতাৰ জীৱন আধাৰিত নাটক ৰচনাতেই নাট্যকাৰে সাৰ্থকতা লাভ কৰিছে৷ নাট্যকাৰৰ জাতীয়তাবোধ এইক্ষেত্ৰত সততে লক্ষণীয়৷

গ্ৰন্থপঞ্জী
মুখ্য সমল :
বৰুৱা, ভবেন৷ কনকলতা ৷ উপচন্স প্ৰিণ্টার্ছ, ১৯৮৯৷
গৌণ সমল :
গোস্বামী, ভূপেন, সম্পা.৷ নাট্যচিন্তা নাট্যচৰ্চা৷ চয়নিকা, ২০১৬৷
চেতিয়া, যোগেন৷ আধুনিক নাট্যকলা ৷ যোগেন চেতিয়া, ১৯৯৩৷
–––৷ নাটকৰ ৰূপ ৰীতি আৰু মঞ্চায়ন৷ তিলোত্তমা চেতিয়া, ২০০৩৷
চেতিয়া সন্দিকৈ, স্মৃতিৰেখা৷ আধুনিক অসমীয়া নাট্য চিন্তন৷ পূৰ্বাঞ্চল প্ৰকাশ, ২০০৯৷
পাটগিৰী, জগদীশ৷ নাট্য আৰু চেতনা৷ চতুৰংগম, ২০০৫৷
–––৷ নাটকৰ ব্যৱহাৰিক দিশ ৷ অসম সাহিত্য সভা, ২০০৫৷
ড০ হিৰুমনি কলিতা, সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ, ভট্টদেৱ বিশ্ববিদ্যালয়, বজালী
15-08-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.