• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

মই অসমীয়া

-চৈয়দ আব্দুল মালিক

by Anjan Sarma
June 24, 2021
in Poetry
Reading Time: 4 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-চৈয়দ আব্দুল মালিক |

সুদুৰ পশ্চিম এৰি

এৰি থৈ স্বপ্নপুৰী ৰাজঅন্তঃপুৰ

বিজয় সপোন দেখি আহিলোঁ যিদিনা

উজনি সোঁতত মেলি ভটিয়নি ভূৰ

বিজয়ৰ তৃষা লৈ গৌৰৱৰ কৰি অভিধান

লুইত পাৰত গাঁলো দিপ্ত উচ্ছাসত

আপোনাৰ বিজয়ৰ গান ৷

ভৰি দিলোঁ – অসমৰ সেউজীয়া দুবৰি বনত-

সেই দিন – যিদিনা অসম-ৰাজ অসমৰ সিংহ-অসমত ৷

বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন,

প্ৰান্তে প্ৰান্তে বাজে মাথোঁ গৌৰৱৰ, বিজয়ৰ

মুক্তগীত বিৰাম বিহীন ৷

সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল

মোগলৰ বিজয়ী শকতি,

দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি ৷

অসমৰ মজিয়াত মশ্লেমৰ মুক্তৰাজ কৰিম থাপনা,

অসম আমাৰ হ’ব, কামৰূপ হ’ব মোগলৰ

কায়মনে কৰিলোঁ কামনা ৷

যিদিনা নামিলোঁ আহি অসমৰ সমৰ-থলীত,

মিনাকৰা বনৰ বুকুত,

অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত ৷

পুৰুষ-তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু

থিয় দিলে ৰণ-প্ৰাংগনত,

ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ-নাৰী

বুকুপাতি নামিল ৰণত ৷

ক’তনো লুকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ

অসমৰ সমৰ-থলীত,

ক’ৰ অত বল অসমৰ সেনানীয়ে

শুকান সান্দহ আৰু পানী আঁজলিত !!

বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান

বিজয়ৰ গৌৰৱ আৰতি,

মোগলে এবাৰ গালে, শকতিৰ নৱ পৰিচয়

দেশ-প্ৰাণ , মুক্ত-প্ৰাণ , অসমৰ স্বদেশ ভকতি ৷

পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত

অসমৰ বিনন্দীয়া ৰূপ ,

ভক্তি-প্ৰেম সৌন্দৰ্য্যৰ খনি,

কাণত পৰিল আহি মুক্ত-প্ৰাণ অসমৰ

উচ্ছৃসিত সংগীতৰ সুমধুৰ ধ্বনি ৷

মোগলে উভতি চালে–

এয়েই অসম, চৌদিশে ধূসৰ পাহাৰ,

প্ৰতিটো বনৰ পাত জাংফাই,মিনাকৰা, ৰূপ জাতিষ্কাৰ ৷

দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গচকত ভাগে মৰকত,

হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,

ভৰি ধোৱে পোৱালৰ ভৰা দলঙত ৷

বাঘ-নখ পিন্ধে খাৰু, ভৰিৰৰ ভাঙঠি, ম’হ শিং পেঁপাটি বজাই,

হাঁহ কণী চাউলৰে অসমৰ স্বৰ্গদেৱে দেউল সজাই।

নদীৰ বালিত ভৰা সোণ চেকুৰীয়া

গুড়ি হয় গচকত ভাগি,

পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া

ভেকুলীয়ে ফোঁট লৈ সজাই সুৱাগী

নিষ্কৰ্মা ধোদৰ দলে বান্ধে ৰাজ আলি

দ’ল সাজে ঢালি পিঠা গুড়ি

বাৰটি ‘সাগৰ’ খনি, ৰচে বননিত

ৰংঘৰ, কাৰেংঘৰ দীপ্ত স্বৰ্গপূৰী

সোণৰ অসম ই যে, হীৰা মনি মৰকত ধূলিত বাগৰে

মাটিৰ চৰুত জুখি, সোণচৰু, ৰূপচৰু দিয়ে ঘৰে ঘৰে

মুখৰ মাতত সৰে মৰমৰ মউ,

গীত শুনি শিল পমি যায়,

এয়ে অসম দেশ জগতত আৰু

এনুৱা অসম দেশ, এনুৱা ৰূপেৰে

নাই ক’তো নাই।

মোহ গল দূৰণিৰ মোগল

অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া

অসমত বন্দী হল, অসমৰ ৰূপ মুগ্ধ

দূৰৰ মোগল আহি হল অসমীয়া।

আহোম আমাৰ ৰজা, সেই দিন ধৰি

মোৰ দেশ এই কামৰূপ।

অসমৰ হকে যুঁজি, অসমৰ হকে মৰোঁ

জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ

সেই দিন ধৰি মই অসমীয়া

ধৰ্ম মোৰ,জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন ।

বিকশি উঠিল মোৰ অসমৰ দুবৰিতে

নন্দনৰ বিনন্দীয়া সুখৰ সপোন ।

জীয়াই থাকোঁতে মই এই পৃথিৱীত

চিৰদিন ইয়াৰে অসমীয়া

মৰিলেও অসমৰে মই ।

মৰাৰ পিছতো যদি আহোঁ পুনু কেতিয়াবা

আহিম ইয়ালৈ ঘূৰি ,

স্মিৰিতিৰ ইতিহাস হৈ

অসমৰে অসমীয়া হৈ ।

অসমীয়া ভাষা মোৰ,কথা মোৰ,গীত মোৰ,

অসমৰ প্ৰকৃতিয়ে ৰচা,

বিহগ কিন্নৰ য’ত শুনিলে নিৰৱ হয়

অসমীয়া গীত মোৰ মোৰ হৃদয় ওপচা।

জনমৰ লগে লগে সুৱদি অসমে মতে

অসমীক চিঞৰিলো -‘আই’

যিদিনা মুদিম চকু সিদিনাও ‘যাওঁ’ বুলি

কৈ যাম অসমীক দু-ওঁঠ কঁপাই ।

সৰগত কেতিয়াবা থাকোঁতে সুখৰ ভোল

স্মৃতিহীন আলোক পুৰত,

মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ

অসমৰ সুৱাদীয়া তোমাৰ ভাষাৰ সুৰত ।

চিনি পাম, বুজি পাম আমৰণ সৰৰতো

মোৰ এই ভাষা অসমীয়া,

সৰগৰ গীত এৰি,শুনিম দুকাণ পাতি

অসমৰ গীতটি সুৰীয়া ।

জীৱনে-মৰণে মই চিৰদিন অসমীয়া,

অসমীয়া দেহ-প্ৰাণ-মন,

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,

মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ। 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চৈয়দ আব্দুল মালিকমই অসমীয়া
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
মই খটখটী

মই খটখটী

April 11, 2026
নাম শুনিলেই যাৰ….

নাম শুনিলেই যাৰ….

January 26, 2026
‘কা’: মই লিখিম কাৰ নাম?

‘কা’: মই লিখিম কাৰ নাম?

December 9, 2025
গুৱাহাটী এখন ধুনীয়া ঠাই

গুৱাহাটী এখন ধুনীয়া ঠাই

October 29, 2025
মায়াৱী কুকুৰা

মায়াৱী কুকুৰা

September 16, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d