-কৰিশ্মা পাটৰ |
২০১০ চনৰ কথা,মই উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হৈ মেডিকেল আৰু ইঞ্জিনীয়াৰিং-অৰ ‘কোচিং’ লৈ আছিলো ভঙাগড়ৰ স্কলাৰ্চ একাডেমিত… সেইখিনি সময়ত হেঙেৰাবাৰীৰ এটা ঘৰত আমি ‘পেয়িং গেষ্ট’ হিচাপে আছিলো আৰু তাতেই বহু কেইজনী ছোৱালীক লগ পাইছিলো- যিসকলে “এয়াৰ হোষ্টেছ”ৰ প্ৰশিক্ষণ লৈ আছিল ‘Frankfinn’ আৰু ‘Jettwings’ ইনষ্টিটিউটত। তেতিয়া ‘Frankfinn’ ইনষ্টিটিউট খন গণেশগুৰি উৰণীয়া সেতুখনৰ তলতে আছিল। প্ৰশিক্ষণ লোৱা তেওঁলোকে ইমান ধুনীয়াকৈ সাজি পাৰি গৈছিল যে তেওঁলোকক চাইয়েই মোৰ খুব ভাল লাগিছিল,মই ভাবিছিলোঁ এইবোৰ ইনষ্টিটিউটত প্ৰশিক্ষণ কৰা সকলোৱেই ভাবে-ভঙ্গীয়ে ইতিমধ্যে এয়াৰ হোষ্টেছ হৈছেই। কিবা সুধিলেই সিহঁতে মোক সদায় হাঁহি হাঁহি কৈছিল যে এইটো job ধুনীয়া ছোৱালীৰ কাৰণেহে হয়, আমাৰ কাৰণে নহয় !…বহুত বস্তু ‘কম্প্ৰোমাইজ’ কৰিব লগীয়া হয়, তুমি নোৱাৰিবা, যি কৰিব আহিছা সেয়াই কৰা । মইও ‘হোলাৰ ভাই মোলা’ , ভাবিলো সঁচাই কৈছে ; আমি নো কত ঢুকি পাম আৰু! বাদ দিয়াই ভাল । গণেশগুৰিৰ বজাৰখনত
লৈ গ’লে সদায় “Frankfinn” ইনষ্টিটিউটখনৰ তলত অলপ সময় থিয় হৈ চাওঁ আৰু ভাবি থাকো, মইও যদি ইয়াতে নাম ভৰ্তি কৰিব পাৰিলোহেতেন…….!
২০১৫ চনত ইঞ্জিনীয়াৰিং শেষ কৰি বাঙ্গালোৰলৈ গলো । এটা সৰু কোম্পানীত কামত সোমালো । বৰ ‘ডিপ্ৰেছিং’ দিন আছিল সেই কামৰ সময়ছোৱা…’এম – জি ৰোড, বাঙ্গালোৰৰ বাছ আস্থানটোৰ ওচৰতে এখন ডাঙৰ ‘বেনাৰ’ সদায় দেখিছিলো। সেইখন আছিল ‘স্পাইচ-জেটৰ’ …আকৌ ভাবিবলৈ আৰম্ভ কৰিলো যে বাঃ, কি সুন্দৰ জীৱন ইহঁতৰ…সদায় উৰি ফুৰে, ঘূৰি ফুৰে, বেলেগ বেলেগ নগৰ -চহৰ-দেশ- বিদেশত! বাঃ, কি ‘লাইফ ষ্টাইল’ ইহঁতৰ। মই বাছত সদায় ধূলি খাই খাই ইমান ডিপ্ৰেছিং জীৱন এটা পাবলৈয়ে অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িলোঁ নেকি……সেই ‘বেনাৰ’ খন চাই চাই নিজকে নিজে শাও দি থাকিছিলো ।
কেইদিন মানৰ পাছত,,,সেই দিনটো দেওবাৰ আছিল,মই ‘এফ-এম’ শুনি থাকোতে শুনা পালোঁ যে ‘স্পাইচ-জেট’ৰ ‘ৱাকিং ইন্টাৰভিউ’ চলি আছে…শুনিয়েই গুচি গলো , একো নাভাবিলো,কিন্তু নিৰ্দিষ্ট স্থান পাই ভাবিলো কিয় আহিলো ,ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ , সম্পূৰ্ণ ‘কোৰ্ছ’ শেষ কৰি আহিছে ,’ৱেল গ্ৰুম্ড্’। ভাবিলো, আহিলোঁ যেতিয়া এটা ৰাউন্ড দি যাওগৈ আৰু। তাৰপিছত এটাৰ পাছত এটাকৈ যেতিয়া ‘ক্লিয়েৰ’ কৰিলোঁ , ‘কন্ফিডেন্স’ বাঢ়ি গৈছিল আৰু শেষত ৫১০ জন প্ৰাৰ্থীৰ মাজত ১০ জন নিৰ্বাচিত হৈছিল আৰু তাৰে ভিতৰত মইও আছিলো। মইয়ে অকলে আছিলো- যিজনীয়ে একো প্ৰশিক্ষণ বা ‘কোৰ্ছ’ নকৰাকৈ একদম বেলেগ ক্ষেত্ৰৰ পৰা আহি ইন্টাৰভিউ দিছিল। সেই কামটো পাবলৈ অলপো পইচা খৰছ কৰিবলগীয়া হোৱা নাছিল,ওলোটাই আমাক হে দিছিল।
আৰু তেনেকৈয়ে মোৰ ‘Aviation Field’-অত জীৱনটো আৰম্ভ হৈছিল। চাওঁতে চাওঁতে চাৰিটা বছৰ বহুত ভালকৈ গল। আজি মই ভাৰতৰ ৰাষ্ট্ৰীয় সংস্থা “Air India”ত কাম কৰি আছো। বহুত বস্তু শিকিলো আৰু দেখিলো । কেইমাহমানৰ আগত মুম্বাইৰ “ফ্ৰেন্কফিন “ত অতিথি প্ৰবক্তা হিচাপেও গৈছিলো, যিটো কৰ্মৰ বিষয়ে এদিন মই সপোন দেখিছিলোঁ….আৰু এই একেখিনি কথাই মই প্ৰবক্তা হিচাপে কৈছিলো আৰু বহুত হাঁহিছিলো।
বাকীবোৰৰ কথা নাজানো কিন্তু এতিয়াও কিছুমান ভিতৰুৱা ঠাইৰ লৰা ছোৱালীৰ কাৰণে এই চাকৰিটো সপোনসদৃশ। মই নিজৰ উদাহৰণ হে দিছো। মই এখন সৰু ঠাইৰ সাধাৰণ ঘৰৰ ছোৱালী। বহুত লৰা ছোৱালী এতিয়াও আছে, যিসকলে মোক সোধে কেনেকৈ মই আহিলো,কেনেকৈ কি কৰিব লাগে? তেওঁলোকক মই সদায় সহায় কৰোঁ, নিজে যিমান পাৰো। কাৰণ সেইখিনি অভিজ্ঞতা মোৰ হৈছে।
বিঃদ্ৰঃ – ‘লক-ডাউন‘ৰ সময়ছোৱাত নতুনকৈ অসমীয়াত লিখিবলৈ শিকিছোঁ ,বানান ভুল হলে দায়-দোষ নধৰে যেন।