-অসীম তালুকদাৰ |
খুব সম্ভৱ তেতিয়া মই তৃতীয় শ্ৰেণীত পঢ়ি আছিলো ৷ বাৰিষাৰ সময়ৰ কথা ৷ সেই বছৰ আহাৰ-শাওণ মাহত খুব বৰষুণ হৈছিল ৷ প্ৰায় দেৰমাহ মানলৈ প্ৰায় প্ৰতিদিনেই বৰষুণ হৈ আছিল ৷ ডাঙৰ বৰষুণ নহলেও কিনকিনিয়া বৰষুণ আহিয়েই আছিল ৷ গাওঁৰ ৰাস্তাঘাটৰ অৱস্থা নাই ৷ বোকা পানী আদিৰে চাৰিওফালে পূতিগন্ধময় পৰিবেশ ৷ আমাৰ পদূলিৰ সন্মুখতে ৰাস্তাত ইমান বোকা হৈছিল যে ৰাস্তাৰে যোৱা কোনোবা মানুহে “এইখন গাওঁলৈ যমৰাজো নাহে” বুলি কোৱা মই নিজ কাণেৰে শুনিছিলো ৷ স্বাভাৱিকতে শাক-পাচলি বজাৰত পাবলৈ নাইকিয়া হৈছিল ৷ সৰু কালৰ মোৰ অপৰিপক্ক মনটোৱে বুজিব পৰা নাছিল ৷ মোৰ ভাব হৈছিল বতৰ কেতিয়াও ভাল নহব ৷ আনকি সেয়া ভগৱানৰ মৎস অৱতাৰৰ পুনৰাম্ভণিহে বুলিহে শংকা হৈছিল ৷ কিন্তু এদিন বতৰ মুকলি হ’ল, ৰ’দ ওলাল ৷ ৰাস্তা ঘাট ভাল হ’ল আৰু পৃথিৱীখন আগৰ দৰে হৈ পৰিল ৷
বৰ্তমান মানৱজাতিয়ে সন্মুখীন হোৱা অভাৱনীয় পৰিস্থিতিক মই আগৰ উদাহৰণটোৰ সৈতে ৰিজাব খোজা নাই ৷ কিন্তু ইমান কঠিন সময়ৰ অন্তত ভাল সময়ে আমাৰ কাৰণে অপেক্ষা কৰি আছে বুলি ভাবিবলৈ বিচাৰো ৷ এই কথা সত্য যে বহুত দিন মানৱজাতিয়ে অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই ৷ কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা মই কথাখিনি লিখি থকা সময়লৈ এক নিযুতৰো অধিক বুলি প্ৰকাশ পাইছে আৰু ইতিমধ্যে প্ৰায় পঞ্চাছ হাজাৰৰো আধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ আমাৰ অসমতো আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বাঢ়িছে ৷ এই সময়ত ভয় লগা নাইবা ঋণাত্মক চিন্তা মনলৈ অহাটো স্বাভাৱিক ৷ কিছুমানে আনকি এয়া মানৱজাতি নিৰ্মূল হোৱাৰ প্ৰাৰম্ভিক পদক্ষেপ বুলিও আশংকা কৰিছে ৷ কিন্তু মই আশাবাদী যে এই মাৰাত্মক ভাইৰাছক আমি পৰাভূত কৰিব পাৰিম ৷ অতি সোনকালেই কিবা প্ৰতিষেধক ওলাব ৷ ইতিমধ্যে কেইটামান নিৰ্ভৰযোগ্য বাতৰি প্ৰতিষ্ঠানে এই বিষয়ে চলি থকা গৱেষণাৰ উদ্ধতি দি কৰ’নাৰ নিৰাময় আৱিষ্কাৰ হবলৈ বেছিদিন নাই বুলি প্ৰকাশ কৰিছে ৷ হয়তো আৰু দুমাহ বা তিনিমাহ ৷ সৃষ্টিশীল মগজটো ভাল কামত খটালে মানুহে অসাধ্য সাধন কৰিব পাৰে ৷ যদি আমি সাৱধান হওঁ, এটা ভাইৰাছে মানৱজাতি বিলুপ্ত কৰিব নোৱাৰে ৷ পূৰ্বতেও কিছুমান বেমাৰে মহামাৰীৰ ৰূপ লৈ ধ্বংসলীলা চলাইছিল ৷ কলেৰা, গ্ৰহণী আদি ৰোগত আমাৰ অসমতেই আগতে ইখনৰ পাছত সিখন গাওঁ উছন হৈছিল ৷ ইতিহাসৰ পাত লুটিয়াই চালে বহুত এনে ধৰণৰ উদাহৰণ পোৱা যাব ৷ স্পেনিছ উপনিবেশকাৰী সকলে নতুন পৃথিৱীৰ আজটেক সাম্ৰাজ্যক পৰাভূত কৰাৰ কৃতিত্ব আচলতে তেওঁলোকে কঢ়িয়াই নিয়া বৰআইৰ (স্মলপক্স) ভাইৰাছকহে দিয়া হয় ৷ উনৈশ শতিকাৰ দ্বিতীয়ভাগত লণ্ডনত হোৱা কলেৰা মহামাৰীত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল ৷ সেই বেমাৰ তেওঁলোকে পানী যোগানৰ কাৰণে নতুনকৈ স্থাপন কৰা ভূগৰ্ভস্থ পাইপৰ জৰিয়তে বিয়পা বুলি চিনাক্ত কৰি ৰোধ কৰিবলৈ সক্ষম হৈছিল ৷ মই বিশ্বাস কৰো যে কৰ’নাৰো সমাধান ওলাব ৷ উল্লেখযোগ্য যে চীন, পশ্চিম এচিয়া আৰু ইউৰোপক সংযোগ কৰি ব্যৱসায় বাণিজ্যৰ কাৰণে স্থাপিত হোৱা চিল্কৰোডৰ জৰিয়তে অতীততো চীন দেশৰ পৰা ডায়েৰিয়া আদি বিভিন্ন বেমাৰ অন্য দেশলৈ বিয়পিছিল ৷ য়ুহানৰ পৰা ইটালীলৈ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণ যেন সেই ইতিহাসৰেই পুনৰাবৃত্তি ৷ বিশ্ব স্বাস্থ্য সংস্থাই আশংকা কৰা মতে কমেও এক নিযুত মানুহৰ কৰ’নাত মৃত্যু হোৱাৰ সম্ভাৱনা আছে ৷ হয়তো আমি বহুতেই হেৰুৱাম কোনোবা আপোনজনক নাইবা কোনোবা বন্ধু-বান্ধৱক ৷ কিন্তু ইমান বেছি মূল্যৰ পাছতো নৱপ্ৰজন্মৰ কাৰণে এখন কৰ’নামুক্ত অথবা কৰ’নাক ৰোধ কৰিব পৰা ক্ষমতা আহৰণ কৰা পৃথিৱী এখন এৰি থৈ যাব পাৰিম বুলি মই আশাবাদী ৷
কৰ’নাই সৰু-ডাঙৰ, ধনী-দুখীয়া কাকো ৰেহাই দিয়া নাই ৷ স্পেইনৰ ৰাজপৰিয়ালৰ সদস্যই যদি কৰ’নাৰ বলি হব পাৰে আমি সাধাৰণ মধ্যবিত্তসকল কিহৰ কুটা ? চিকিৎসা সেৱা পৃথিৱীৰ ভিতৰতেই উন্নত বুলি দাবী কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আজি কৰ’নাৰ সন্মুখত আঠু লব লগা অৱস্থা ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মতেই দেৰ-দুই লাখ আমেৰিকাবাসী কৰ’নাৰ বলি হব পাৰে ৷ আজিৰ তাৰিখত প্ৰায় দুই লাখ আমেৰিকাবাসী কৰ’নাত আক্ৰান্ত আৰু প্ৰায় চাৰি হেজাৰৰ ইতিমধ্যেই মৃত্যু হৈছে (এখন দেশৰ কাৰণে এই পৰিসংখ্যা সৰ্বাধিক ) ৷ অহা দুসপ্তাহত পৰিস্থিতি আৰু অধিক শোচনীয় হোৱাৰ সম্ভাৱনা আছে ৷ ইটালীৰ লগতে স্পেইন, ইংলেণ্ড, জাৰ্মেনী আদি দেশৰ অৱস্থাও তথৈৱচ ৷ বেলেগ দেশৰ কথা কব নোৱাৰিম, কিন্তু আমেৰিকাত ইমান বেছি লোক আক্ৰান্ত হোৱাৰ এটা প্ৰধান কাৰণ হৈছে যে সাধাৰণ মানুহৰ দৌৰাত্ম, ইয়াতে কৰ্মসূত্ৰে বাস কৰা হেতুকে সেয়া নিশ্চিতকৈ কব পাৰিম ৷ “আমি গণতন্ত্ৰত বাস কৰো আৰু আইন অমান্য নকৰাকৈ মই কি কৰো তাত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে” – আমেৰিকানৰ এই মনোভাবৰ কাৰণেই আজি তেওঁলোকৰ ত্ৰাহি মধুসুধন সুঁৱৰিব লগা অৱস্থা ৷ মাৰ্চৰ আৰম্ভণিতে যেতিয়া সামাজিক দূৰত্বকৰণৰ উপদেশ দিয়া হৈছিল, তেতিয়া হাজাৰ হাজাৰ কলেজীয়া ল’ৰা-ছোৱালী ফ্লৰিডাৰ সাগৰ-তীৰত বসন্তৰ বন্ধ উদযাপনত আৰু লাখ লাখ মানুহ নিউ-ওৰলিয়েন্সত মাৰ্দি-গ্ৰাছ উৎসৱত মত্ত আছিল ৷ এনেকৈয়ে কিছুমান মানুহৰ মুৰ্খামিয়ে আজি সমগ্ৰ পৃথিৱীৰ লাখ লাখ মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷
বিগত এমাহৰো অধিক সময়ৰ ঘটনাৱলীয়ে অন্য কিছুমান কথাও ভাবিবলৈ বাধ্য কৰাইছে ৷ আমি মানৱজাতিয়ে নিজৰ অপকৰ্মৰ জৰিয়তে নিজৰ কাৰণে বিপদ চপাই অনা নাই নে ? কিমান দিন আৰু প্ৰকৃতিৰ ওপৰত এইদৰে অত্যাচাৰ চলাই যাম ? আমি অলপ সংযত হোৱাৰ সময় হোৱা নাই নে ? বৰ্তমানৰ দুঃসময়ে যেন সেই বাৰ্তাও আমাৰ কাৰণে কঢ়িয়াই আনিছে ৷ এটা কথা আমি সকলোৱে উপলব্ধি কৰা উচিত যে এজনো মানুহ নাথাকিলেও পৃথিৱীৰ একো হানি নহয় ৷ আমাৰ পূৰ্বপুৰুষে চাৰিখন ভৰিৰ পৰিবৰ্তে দুখন ভৰিত থিয় হবলৈ শিকি আফ্ৰিকাৰ সমভূমিৰ পৰা মধ্যপ্ৰাচ্য, ভাৰত, চীন, ইউৰোপ আদিলৈ খোজ লোৱা কেই নিযুত বছৰমানহে হৈছে ৷ ইয়াৰ বিপৰীতে পৃথিৱীৰ আয়ুস হৈছে চাৰিশ পঞ্চাছ কোটি বছৰৰো অধিক ৷ যদি পৃথিৱীৰ আয়ুস এদিন বুলি ধৰা হয় – ধৰক আজি দুপৰীয়া ১২:00 বজাত পৃথিৱীখন সৃষ্টি হৈছে, তেতিয়া প্ৰথম মানৱ সভ্যতা আৰম্ভ হোৱাৰ সময় হব কাইলৈ দিনৰ ১১ বাজি ৫৯ মিনিট আৰু ৫৯ চেকেণ্ডৰো পাছত ৷ ইমান দিলে আই ধৰিত্ৰী ঠিকেই চলি আছে ৷ আমি প্ৰকৃতিৰ তুলনাত কিমান নগণ্য সেই কথা যিমানেই সোনকালে উপলব্ধি কৰিম, সিমানেই মংগল ৷ এতিয়া হয়তো আমি প্ৰকৃতিক শ্ৰদ্ধা কৰিবলৈ শিকিম, পৃথিৱী মাতৃক ভাল পাবলৈ শিকিম ৷ ইমান দুৰ্যোগৰ মাজতো কিছুমান খবৰে মনলৈ অলপ প্ৰশান্তি কঢ়িয়াই আনে ৷ উদ্যোগ আৰু যান-বাহনবোৰ বন্ধ হোৱাৰ পাছত দিল্লীবাসীয়ে হেনো বহু কেইবছৰৰ অন্তত নীলা আকাশখন দেখিবলৈ পাইছে ৷ প্ৰদূষণৰ বিষয়ে সচেতন হোৱাত চাগে ই আমাক সহায় কৰিব ৷ সেয়ে মই আশাবাদী ৷ পৰিস্থিতি শাম কটাৰ পাছত আহক আমি সকলোৱে বৃক্ষৰোপণ কৰো আৰু আমাৰ খাদ্যাভ্যাস অলপ সলনি কৰো ৷
ঘৰত আটায়ে কি কৰিছে বাৰু ? কাকো উপদেশ দিয়াৰ ধৃষ্টতা মোৰ নাই ৷ আশা কৰিছো এমাহ-দুমাহ-তিনিমাহ যিমান দিন ঘৰত থাকিব লাগে, সময়খিনি অলপ ফলপ্ৰসূ হোৱাকৈ কটাব ৷ অন্যথাই দুই-তিনি মাহে একো গঠনমূলক কাম নকৰিলো বুলি আক্ষেপ কৰিব লাগিব ৷ অকল ফেছবুক, ইনষ্টাগ্ৰাম, টিকটক ভিডিও, হোৱাটছ-এপ আদিত সময় কটোৱাতকৈ ভাল কিতাপ কেইখনমান পঢ়ক, ভাল গান কিছুমান শুনক ৷ পৰিয়ালৰ মানুহৰ লগত ভালকৈ মৰমৰ সময় কিছু কটাওক ৷ ঘৰত সৰু ল’ৰা-ছোৱালী আছে যদি সিহঁতৰ লগতে পঢ়ক আৰু পঢ়ুৱাওক ৷ কাগজ, কলম লৈ কিবা এটা লিখক – গল্প, কবিতা, নাটক, উপন্যাস যি ভাল লাগে তাকে লিখক ৷ মনত পেলাওক – এতিয়া অভ্যাস নাথাকিলেও আগতে স্কুলত থকা সময়ত নিশ্চয় আপোনাৰ লিখা অভ্যাস আছিল ৷ হোৱাটছ-এপত মেছেজ ফৰৱাৰ্ড কৰি থকাৰ পৰিবৰ্তে ফোনত কথা পাতক বন্ধু-বান্ধৱৰ লগত ৷ কোনোবা বন্ধু-বান্ধৱী, যাৰ লগত বছৰ বছৰ ধৰি কথা পতা নাই, তেওঁক ফোন এটা কৰক ৷ “সি বা তাইয়ো ইমান দিনে ফোন কৰা নাই” বুলি ধৰি নাৰাখিব ৷ কাৰোবাৰ লগত যদি ভুল বুজাবুজি হৈছিল, সেয়া নাইকিয়া কৰাৰ চাগে ই উপযুক্ত সময় ৷ আগতে যদি কেতিয়াও একো বনোৱা নাই, কিবা বনাবলৈ শিকক ৷ ৰাতিৰ আকাশখনৰ ফালে যদি বহুত দিন চোৱা নাই, নিজৰ ঘৰৰ সীমাৰ ভিতৰতে থাকি এদিন চাওঁক ৷ সেউজীয়া গছ-গছনি আৰু চৰাই চিৰিকটি বিলাকৰ ফালেও চাওক ৷ নিশ্চয়কৈ ভাল লাগিব ৷ এনেকুৱা অভাৱনীয় সংকটৰ মাজতো আমি ইজনে সিজনক ভালকৈ জানিবলৈ সুযোগ আহিছে বুলি মই ভাবো ৷ সেয়ে মই আশাবাদী ৷
আহক এই সন্ধিক্ষণত আমি সচেতন নাগৰিকৰ ভূমিকা পালন কৰো ৷ অনুগ্ৰহ কৰি উৰাবাতৰি প্ৰচাৰত অৰিহণা নোযোগাব ৷ হোৱাটছ এপত কিবা মেছেজ আহিলেই নিজৰ কণ্টেক্ত লিষ্টত থকা আটাইলৈ ফৰৱাৰ্ড কৰা কামটো কৰ্তব্য বুলি গণ্য নকৰিব ৷ ফেছবুক, হোৱাটছ-এপত প্ৰচাৰ হোৱা সিংহভাগ কথাই মিছা হয় ৷ গতিকে এই সময়ত আমি যাতে সচেতন হওঁ ৷ মনটো প্ৰফুল্ল কৰি ৰাখিবলৈ চেষ্টা কৰক ৷ ঋণাত্মক চিন্তাৰে মনটো ভৰাই নেপেলাব ৷ আপোনাৰ ঋণাত্মক চিন্তাৰ পৰা পৰিবেশ অকণো সলনি নহব, কিন্তু আপুনি নিজৰ আপোনজনৰ ওপৰত যে বেয়া প্ৰভাৱ পেলাব সেয়া নিশ্চিত ৷ যুদ্ধ বা অনুৰূপ কঠিন সময়ৰ (বৰ্তমানৰ দৰে) মাজেৰে পাৰ হোৱা কিছুমান মানুহক পৰবৰ্তী সময়ত নৈৰাশ্যই গ্ৰাস কৰি পেলায় – নাইবা Post Traumatic Stress Disorder ৰো বলি হব পাৰে কিছুমান ৷ এনে ক্ষেত্ৰত ইজনে সিজনৰ সাৰথি হোৱাৰ গত্যন্তৰ নাই ৷
চিকিৎসা খণ্ড বা অত্যাৱশ্যকীয় সেৱাত কৰ্মৰত লোকক বাদ দি যি সকলক ঘৰত থাকিবলৈ কোৱা হৈছে – আহক সেয়া আমাৰ বৰ্তমান সময়ৰ কৰ্তব্য বুলি পালন কৰো ৷ বিনা কাৰণত বাহিৰলৈ গৈ দহৰ কাৰণে বিপদ মাতি হস্পাতালৰ বোজা বঢ়োৱাৰ কোনো যুক্তি নাই ৷ শেষত ডাক্তৰ, নাৰ্চ আৰু চিকিৎসা খণ্ড তথা অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছো ৷ আচলতে ধন্যবাদ, কৃতজ্ঞতা জনোৱা আদিৰ দ্বাৰা তেওঁলোকে আগবঢ়োৱা সেৱাৰ মূল্যায়ন কৰিব নোৱাৰি ৷ তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ৷ ভগৱানে শক্তি দিয়ক তেওঁলোকক ৷
সংকটৰ উপশম হব ৷ অৰ্থনীতিও দ্ৰুতগতিত উন্নত হব ৷ হয়তো আমাৰ প্ৰজন্মই বহুত ত্যাগ কৰিব লাগিব ৷ কিন্তু আমাৰ ভৱিষ্যত পুৰুষৰ কাৰণে এখন ভাল পৃথিৱী এৰি থৈ যাব পাৰিম বুলি মোৰ বিশ্বাস ৷ তদুপৰি মানৱতাক ধৰ্ম বুলি মানি নতুন প্ৰজন্মই প্ৰকৃতিৰ লগত আমাৰ ওতপ্ৰোত সম্পৰ্কৰ কথা অনুধাৱন কৰিব বুলিও মই আশাবাদী ৷
শেষত নিৰ্মলপ্ৰভা বৰদলৈৰ কথাৰে ভূপেন দাৰ গানটো মনত পেলাইছো …
মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্যশিখা,
এই ভয়াবহ যুগসন্ধিৰ নাশিবলে বিভীষিকা ৷
(লেখক আমেৰিকা যুক্তৰাষ্ট্ৰত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক)